স্বৰাজোত্তৰ অসম, ইন্টাৰনেট কৰ্তন আৰু কিছু কথা


Image Description

যোৱা ১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশে ৭৬ সংখ্যক স্বাধীনতা দিৱস বৰ উলাহেৰে পালন কৰিলে ৷ অৰ্থাৎ ইংৰাজ শাসনৰ ওৰ পেলাই ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বজাখনিয়ে নীলিম আকাশ বিয়পাই ৰাখি আমাক স্বাধীন ভাৰতৰ নাগৰিক বুলি সোঁৱৰাই দিয়াৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি সেইদিনা আমি বৰ উৎসাহেৰে পালন কৰিলোঁ৷

স্বাধীনতা দিৱস উদযাপনৰ এসপ্তাহ হ’ল কি নহ’ল, অসম চৰকাৰে ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী পদবীৰ বাবে যোৱা ২১ আগষ্ট তাৰিখে দুগুণ উৎসাহেৰে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিলে ।

নীতিনিয়ম কঠোৰ হ’ল, নিছিদ্ৰ নিৰাপত্তা তথা ৭/৮ ঘণ্টালৈ ইন্টাৰনেট সেৱা ৰাজ্যজুৰি কৰ্তন কৰাৰ ব্যৱস্থা কৰা হ’ল ৷ আৰু আজি ২৮ আগষ্ট তাৰিখেও একেটা ব্যৱস্থাপনাৰে পুনৰাবৃত্তি হ’ব ৷

পৰীক্ষাগৃহত পৰীক্ষাৰ্থীয়ে যাতে কোনো ধৰণৰ অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰে, তাৰবাবে এনে সকলো ধৰণৰ ব্যৱস্থা প্ৰশংসনীয়। স্বচ্ছ আৰু নিকাকৈ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাটো সকলোৰে কাম্য ৷

কিন্তু, চিন্তনীয় তথা সমালোচনাৰ বিষয়টো হ’ল এই যে ৭/৮ ঘন্টাজোৰা ইন্টাৰনেট সেৱা কালিৰ দিনটোত ব্যাহত কৰা হ’ল সেয়া কিমানদূৰ যুক্তিসংগত ? সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাও দেখোন এনে পন্থা অৱলম্বন নকৰাকৈয়ে অনুষ্ঠিত হৈ আহিছে। তেনেস্থলত চৰকাৰৰ এনে অতিৰঞ্জিত স্বেচ্ছাচাৰী সিদ্ধান্ত কিয়?

চিকিৎসাখণ্ডকে ধৰি আন আন কিমান কাম-কাজত ২১ আগষ্টৰ আৰু ২৮ আগষ্টৰ এই সিদ্ধান্তই বিৰূপ প্ৰভাৱ পেলাইছে, সেয়া বহলাই নক’লেও হ’ব ৷

ইন্টাৰনেট সেৱা ব্যৱহাৰ কৰাটো যে দেশৰ নাগৰিকৰ এক মৌলিক অধিকাৰ, সেয়া সৰ্বোচ্চ ন্যায়ালয়কে ধৰি আন কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায় প্ৰদান কৰিছে আৰু সংবিধানৰ অনুচ্ছেদ ২১ অনুসৰিও ইয়াৰ স্বাধীন তথা ন্যায়সংগত ব্যৱহাৰ নাগৰিকৰ ন্যায্য অধিকাৰ। তেনেস্থলত কালি আৰু ২৮ আগষ্টৰ দিনটোত ইন্টাৰনেট সেৱা ব্যাহত হোৱাটো সম্পূৰ্ণৰূপে চৰকাৰৰ হঠকাৰী আৰু জনবিৰোধী সিদ্ধান্ত ৷

কথা হ’ল- ৰাইজৰ দ্বাৰা গঠিত চৰকাৰ একোখনে এইদৰে ক্ষমতাৰ ৰাগীত ৰাইজৰ মৌলিক অধিকাৰৰাজি দিনক দিনে খৰ্ব কৰাৰ যি এক প্ৰক্ৰিয়া সম্প্ৰতি সহজলভ্য কৰি তুলিছে, ই এক ভয়াৱহ ভৱিষ্যতৰ সংকেতৰ বাহিৰে একো নহয়!

ৰাইজৰ প্ৰতিবাদী কণ্ঠস্বৰ, প্ৰতিবাদী সত্তাক যেন দিনক দিনে পাকে-প্ৰকাৰে নিঃশেষ কৰি নিজৰ ন্যায্য অধিকাৰৰ বাবে মাত মাতিব নোৱৰা একোটা পৰিস্থিতি সৃষ্টি কৰি ৰাইজক তাত অভ্যস্ত কৰি তোলাৰ এক অবাধ কুচকাৱাজ ৰাইজৰ আদেশতে গঠন হোৱা চৰকাৰে এতিয়া নৈমিত্তিকভাৱে কৰিব লাগিছে ৷ এয়া পৰিতাপৰ বিষয়। স্বেচ্ছাচাৰী ব্যৱস্থাপনাৰ কুফল অন্ততঃ স্বাধীন অসমৰ ৰাইজৰ নিশ্চয়কৈ কাম্য নহয়।।