বিক্ৰী যোৱা ২০০+ গৰাকী বিধায়ক, বিজেপি চৰকাৰ আৰু দেশৰ ৰাজনীতি


Image Description

প্ৰকৃততে এইখন গণতান্ত্ৰিক দেশৰ ৰাজনীতিত চলিছে কি ? যোৱা ১৪ ছেপ্টেম্বৰত গোৱাত পুনৰ কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে বিজেপি দলত যোগদান কৰাৰ দৰে পদক্ষেপে ২০১৪ বৰ্ষত মোডী চৰকাৰে থিতাপি লোৱাৰে পৰা এতিয়ালৈকে কংগ্ৰেছকে মুখ্য কৰি আন আন বিৰোধী দলৰ আনুমানিক ২০০+ গৰাকী বিধায়ক আৰু ৭ গৰাকীমান সাংসদে নিজ দলৰ প্ৰতি আস্থা অক্ষুণ্ণ ৰাখিম বুলি শপতবাক্য পাঠ কৰা সত্ত্বেও বিজেপিৰ সতে চামিল হৈছে। যেন আপাত দৃষ্টিত কংগ্ৰেছ দলেই বিজেপি বুলি নাম সলনি কৰিছে৷

বিজেপি চৰকাৰৰ ভঙা আৰু পতাৰ এই বৃটিছ নীতি সমগ্ৰ দেশৰ ৰাজনীতিৰ বাবেই ভয়াৱহ। ইয়াৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সমগ্ৰ প্ৰক্ৰিয়াৰ সতে জড়িত ধনৰ প্ৰসংগ। প্ৰশ্ন হয়, একো একোগৰাকী বিধায়ক কিনা-বেচাৰ যি এখন বজাৰ বিজেপি চৰকাৰে গঢ়ি তুলিছে সেই বজাৰলৈ ধনৰাশি প্ৰকৃততে আহিছে ক’ৰ পৰা? সেয়া ধন প্ৰকৃততে কাৰ? আৰু দলীয় মুনাফাৰ হকে সেই ধনৰাশিৰ এনে অপব্যৱহাৰৰ যুক্তিযুক্ততা কিমান?

উদাহৰণ স্বৰূপে, একোজন বিধায়কে যদি অতি কমেও ১০ লাখ টকাৰ বিনিময়ত নিজৰ বিবেক আৰু আত্মসন্মানক বন্ধকত থৈ দল বাগৰা কাৰ্য্যত লিপ্ত হৈ বিজেপিৰ শৰণাপন্ন হৈছে, তেন্তে ২০০ × ১০ = ২০০০ কোটি টকা কেৱল যোৱা ৮টা বছৰে বিধায়ক কিনা-বেচাতে খৰচ হৈছে ৷

চূড়ান্তভাৱে অপব্যৱহাৰ হোৱা এই বৃহৎ ধনৰাশি প্ৰকৃততে ৰাইজৰেই নহয়নে? জনসাধাৰণে নিজকে তথা চৰকাৰক প্ৰশ্ন কৰা উচিত।

ৰাইজৰ টকাৰে পোষকতা কৰা বিজেপি চৰকাৰৰ এই বৃটিছ নীতিয়ে, দেশৰ ৰাজনীতিৰ পৰিৱেশ কলুষিত কৰাৰ বাদে আন একো কৰিব নোৱাৰে ৷

বিজেপিয়েই হওক বা আন কোনো ৰাজনৈতিক দলেই হওক, এনে নীতিৰ পোষকতাই নৱপ্ৰজন্মৰ বাবে এক ধূসৰ, কুৎসিৎ ৰাজনৈতিক পৰিৱেশ আৰু ভৱিষ্যতৰ নিৰ্মাণৰ বাহিৰে আন একো কাৰ্য্য সিদ্ধি কৰিব নোৱাৰে। বিজেপিৰ এনে কাৰ্য্য গৰিহণাযোগ্য।।