উত্তৰ পূব বিকাশৰ ইঞ্জিন!


Image Description

প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, বিজেপিৰ সভাপতি সকলোৱেই সুযোগ পালেই কয় যে উত্তৰ পূব হেনো বিকাশৰ ইঞ্জিন হৈ পৰিছে।

অস্ত্ৰ লোৱা এচামে অস্ত্ৰ এৰিলে। সেয়া বিকাশৰ মাপকাঠি নহয়।

কেইখনমান জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা উঠাই ল'লে। সেয়া বিকাশৰ জোখ নহয়।

এটা বৃহৎ অংশৰ জনসাধাৰণৰ পৰা ধন আদায় কৰি আন এটা ডাঙৰ অংশক হিতাধিকাৰী সজাইছে। সেয়া বিকাশৰ বিপৰীত কাম।

গ্ৰাম্য সমাজৰ বহুতক নিজৰ উপাৰ্জনৰ পৰা পলায়নবাদী কৰিলে। সেয়া বিকাশ নহয়। বিনাশ।

পথাৰলৈ অন্ধকাৰ নামিল।

সেয়া বিনাশ। কৃষি মন্ত্ৰী অৱশ্যে সতেজ হৈ আছে।

স্কুলৰ সামান্য জমা ধনখিনিও চৰকাৰক লাগে। ই চৰকাৰৰ অধঃপতন। বিত্ত মন্ত্ৰীক দেখা নোপোৱা হ'ল।

গৰা খহনীয়া চাবলৈ সোণোৱাল আহি আছে। অৰ্থাৎ খহনীয়া চলি আছে। গৃহ মন্ত্ৰীয়ে আৰু পাঁচ বছৰ বিচাৰিছে। পাঁচ বছৰ বিনাশেই চলিব।

অৱশ্যে গৃহ মন্ত্ৰীৰ পুতেক অসমৰ চাহ বাগিছাৰ সম্পত্তিৰে চহকী হৈছে। আদানিয়ে ব্ৰহ্মপুত্ৰৰ পাৰ ল'লে। শুনিছোঁ আম্বানিৰ ভাগত চিৰিয়াখানা পৰিব। এইবোৰ অৱশ্যে বিকাশ।

ক'ৰবাত বাৰু তলে-তলে সাংঘাতিক ধৰণৰ বিকাশৰ সোঁত বৈ আছে নেকি? কেৱল আমিবোৰেহে নাজানোঁ!