খাদ্য নিৰাপত্তালৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহবান: থলুৱা শস্য ত্ৰাণকৰ্তা


Image Description

মানৱসৃষ্ট কাৰণৰ বাবে হোৱা জলবায়ুৰ পৰিৱৰ্তন এনে পৰ্য্যায় পাইছেগৈ যে কোনো প্ৰযুক্তিৰ দ্বাৰা সেয়া ৰোধ কৰিব পৰা নাযায়– এয়া নবেল বঁটাবিজয়ী পৰিৱেশবিদ তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি অলগ’ৰেৰে অভিমত৷

একাংশ পৰিৱেশবিদৰ মতে জলবায়ুৰ অৱনতিয়ে কিবা প্ৰকাৰে শুধৰণি গতি ল’লেও পূৰ্বৰ স্বাভাৱিক অৱস্থা পাবলৈ প্ৰায় এক শতিকা সময় লাগিব৷ গতিকে প্ৰতিকূল আৰু ক্ৰমাৎ অধিক বিপদজনক পৰিৱেশত কেনেদৰে জীৱন-যাপন কৰা যাব সেয়া গভীৰ চিন্তাৰ বিষয়৷ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় মৌলিক উপাদান– পানী, খাদ্য আৰু বিশুদ্ধ বায়ু- এই তিনিওটা ক্ৰমাৎ দুৰ্লভ হৈ আহিছে৷

বিশেষকৈ জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, স্থানীয় বতৰৰ সঘন চৰম অৱস্থা আদিয়ে কৃষি তথা খাদ্য নিৰাপত্তা থৰক-বৰক কৰি তুলিছে৷ বায়ুমণ্ডলৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত হোৱা অভূতপূৰ্ব খৰাং, অতিবৃষ্টি, অনাবৃষ্টি, অনিয়মীয়া বৃষ্টি আদি কৃষিখণ্ডৰ প্ৰতি বৃহৎ ভাবুকি৷

ধান খেতিয়ে হ’ল অসমৰ কৃষি অৰ্থনীতিৰ মেৰুদণ্ড৷ বাৰিষা বৰষুণ নহ’লে বা পৰ্য্যাপ্ত বৰষুণ নহ’লে নাইবা কাতি আঘোণৰ আবতৰীয়া বৰষুণ, ধুমুহা হ’লে ধান খেতিৰ ওপৰত মোক্ষম আঘাত পৰিব৷ এনে পৰিঘটনা এতিয়া মাজে মাজে হৈছে আৰু ভৱিষ্যতে সঘনে হ’ব৷ বতৰৰ প্ৰতিকূল পৰিস্থিতিত কৃষিকৰ্ম্ম কেনেকৈ চম্ভালিব সেই বিষয়ে আমাৰ কৃষক ৰাইজৰ পৰম্পৰাগত জ্ঞান কৌশল আছে৷ লগত আছে বিভিন্ন থলুৱা শস্যৰ সঁচ আৰু বিবিধ খাদ্য হিচাবে ব্যৱহৃত উদ্ভিদ প্ৰজাতি৷

ইবিলাকক সামগ্ৰিকভাৱে জৈৱিক সম্পদ বোলা হয় আৰু দুৰ্ভাগ্যক্ৰমে ইবিলাকৰ বহু বিলুপ্তিৰ পথত৷ কৃষক ৰাইজৰ পৰিচিত আহুধানসমূহ খৰাং পৰিস্থিতি সহনশীল৷ সচৰাচৰ ফেব্ৰুৱাৰী মাহত এই ধান সিঁচি মে মাহত, অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চপোৱা হয়৷ ইয়াৰ বাবে মাটি-বোকা কৰাৰ প্ৰয়োজন নাই৷

পূৰ্ব্বে সীমিত পৰিসৰত আহুধানৰ খেতি কৰা হৈছিল অতিৰিক্ত উৎপাদন, অতিৰিক্ত উপাদানৰ বাবে অৰ্থাৎ স্থানীয় খাদ্য নিৰাপত্তাৰ পৰিপূৰক হিচাবে৷ এতিয়া পৰিবৰ্তিত পৰিস্থিতিত পৰ্য্যায়ক্ৰমে মূল শস্যলৈ উন্নীত কৰিব লাগিব৷ পূৰ্ব্বে বানপানী পৰিচিত প্ৰাকৃতিক পৰিঘটনা আছিল; এতিয়াৰ দৰে ধবংসাত্মক নাছিল৷ বৰঞ্চ পলস পেলাই মাটি সাৰুৱাহে কৰিছিল৷

বানপানীৰ মাজতো খাদ্য নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আমাৰ পৰম্পৰাগত জ্ঞান-কৌশল আৰু জৈৱিক সম্পদ হ’ল বাওধান৷ বাৰিষাৰ তিনি চাৰিমাহ পৰ্য্যন্ত, ৭/৮ ফুট গভীৰ বানপানীৰ মাজত থাকিও স্বচ্ছন্দে

বদ্ধিৰ্ত হৈ উৎপাদন দিব পৰা শস্য বিৰল৷ কিন্তু বাওধানে সেয়া কৰিব পাৰে আৰু এতিয়া বাওধানৰ খেতিক অধিক গুৰুত্ব দিব লাগিব, যিহেতু ই বানপানী সহনশীল৷

গৱেষণালব্ধ তথ্যৰ পৰা জনা গৈছে যে বাওধানৰ বহু সঁচৰ খাদ্য গুণ অতি উচ্চখাপৰ আৰু লগত আছে প্ৰচুৰ এণ্টি-অক্সিডেণ্ট৷ আহুধানৰ খাদ্যগুণ বাওধানৰ সমান নহ’লেও ইয়াতো আছে প্ৰচুৰ এণ্টি-অক্সিডেণ্ট৷

স্বাস্থ্য সুৰক্ষা আৰু স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত এণ্টি-অক্সিডেণ্টৰ গুৰুত্ব এতিয়া সকলোৰে জ্ঞাত৷ ঔষধৰ বজাৰত উপলব্ধ আৰু বিজ্ঞাপনত সততে পৰিলক্ষিত এণ্টি-অক্সিডেণ্টতকৈ আমাৰ আহুধান, বাওধান বহু শ্ৰেষ্ঠ৷

জলবায়ু পৰিৱৰ্ত্তনৰ বাবে সমাগত দুৰ্দিনৰ প্ৰতি লক্ষ্য ৰাখি কৃষিকৰ্ম্ম আৰু কৃষিজাত শস্যৰ বিষয়ে আমাৰ ধ্যান-ধাৰণা কিছু সংশোধন কৰিব লাগিব৷ খাদ্যৰ বিষয়ে গতানুগতিক ধাৰণা কিছু সাল-সলনি কৰিব লাগিব৷

অসমত ধানৰ মুঠ উৎপাদনৰ ৭০-৮০ শতাংশ আহু শালিধানৰ খেতিৰ পৰা আকস্মিক বান, প্ৰলয়ঙ্কৰী বান, বতৰৰ অনিশ্চয়তা, কৃষিভূমি অ-কৃষি কামৰ বাবে ব্যৱহাৰ আদি বিভিন্ন কাৰকে শালি খেতিলৈ বদ্ধিৰ্ত ভাবুকি আনিছে৷।

(অহা সংখ্যাত সমাপ্ত)