বিবিটি (BTT) আৰু বিকল্প অৰ্থনীতি
- শিশিৰ দেৱ কলিতা
- /
- June 05, 2022

(১)
BTT মানে হৈছে Banking Transcation Tax। আপাতভাৱে সৰ্বসাধাৰণ মানুহে বুজি নোপোৱা যেন লগা এইটো কিন্তু তেনেই সাধাৰণ এটা বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানত প্ৰচলিত উক্তি।
বিটিটিৰ বিষয়ে কোৱাৰ আগতে আমি আমাৰ দেশৰ অৰ্থনৈতিক পৰিকাঠামোটো জানি ল'ব লাগিব। আমাৰ সকলোৰে জীৱনত বহুলভাৱে প্ৰচলিত দুটা শব্দ হ'ল আয়কৰ, আৰু পণ্য আৰু সেৱাকৰ যাক আমি সাধাৰণতে জিএছটি (GST) বুলি কওঁ।
আচলতে আমাৰ দেশৰ মুঠ জনসংখ্যাৰ ৫% লোকেহে, যাক আমি প্ৰত্যক্ষ কৰ বুলিও কওঁ, পৰিশোধ কৰে ৷ কিন্তু পণ্য আৰু সেৱা কৰ বা পৰোক্ষ কৰে দেশৰ প্ৰতিজন নাগৰিককে প্ৰভাৱান্বিত কৰে ৷
পণ্য আৰু সেৱাকৰ প্ৰৱৰ্তন হোৱাৰ আগতে আমাৰ দেশত পৰোক্ষ কৰ আছিল মূল্য সংযোজিত কৰ (VAT) বুলিও কোৱা হয় ৷ পৰোক্ষ কৰৰ সৰলীকৰণৰ অৰ্থে ২০১৭ চনৰ ১ জুলাই তাৰিখৰ পৰা ভাৰত চৰকাৰে পণ্য আৰু সেৱা কৰ আৰম্ভ কৰে।
কিন্তু অতি পৰিতাপৰ কথা যে পণ্য আৰু সেৱা কৰে ব্যৱসায় কৰা লোকসকলক সকাহ দিয়াৰ পৰিবৱৰ্তে অত্যধিক কষ্টহে দিলে। সেই বিষয়টোৰ সন্দৰ্ভত অন্য কেতিয়াবা আলোচনা কৰিম।
বিটিটিৰ কথা ক'বলৈ যাওঁতে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ কথাৰ প্ৰসংগ আনিবলগীয়া হৈছিল। বিটিটি প্ৰণয়ন কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ সময়ত এটা সোণালী সুযোগ পাইছিল । কিন্তু আমি আটায়ে জানো যে বিমুদ্ৰাকৰণে ভাৰতীয় অৰ্থনীতিত কেতিয়াও মোহাৰিব নোৱৰা এটা দাগ সানি থৈ গল।
বিমুদ্ৰাকৰণৰ সময়ত এহেজাৰটকীয়া নোটবোৰ বন্ধ কৰি দুহেজাৰটকীয়া নতুন নোট উলিওৱা হ’ল ৷ ভাৰতীয় অৰ্থনীতিত ইয়াতকৈ হঠকাৰী সিদ্ধান্ত অতীজত কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল ৷
বিমুদ্ৰাকৰণৰ সময়ত আয়কৰ বিভাগে এটা নতুন ধাৰা (২৬৯ এছটি) সংযোজন কৰিলে। এই ধাৰাৰ অধীনত ২ লাখতকৈ অধিক টকা নগদপ্ৰাপ্তি বা পৰিশোধ কৰিব নোৱাৰি ।
দুহেজাৰটকীয়া নোট উলিওৱা আৰু এই ধাৰাটোত নতুন অনুচ্ছেদ সংযোজন কৰাটো প্ৰকৃততে দুটা বিপৰীতধৰ্মী কথা । আচলতে মোৰ বোধেৰে আদৰ্শগত পৰিৱেশটো সৃষ্টি হ’লহেঁতেন যদিহে বিমুদ্ৰাকৰণৰ জৰিয়তে এহেজাৰটকীয়া নোট বন্ধ কৰি তাৰ পৰিৱৰ্তে ভাৰতীয় অৰ্থব্যৱস্থাত এশ টকা মূল্যৰ নোটখনেই সৰ্বোচ্চ প্ৰচলিত নোট হিচাপে বিবেচিত হ’লহেঁতেন ৷
ইয়াৰ লগতে আয়কৰ বিভাগৰ যিটো ধাৰাৰ দ্বাৰা ( ২৬৯ এছটি) নগদ লেনদেন ২ লাখ টকালৈকে কৰা হৈছিল, সেইটোক ২০ হাজাৰ টকালৈকে সীমিত কৰা উচিত আছিল। ভাৰতৰ অৰ্থনীতি সৱলীকৰণৰ ক্ষেত্ৰত এইটো এটা যুগান্তকাৰী পদক্ষেপ হ'লহেঁতেন।
পণ্য আৰু সেৱাকৰ আৰু বিমুদ্ৰকৰণৰ লগত বিটিটিৰ কি সম্বন্ধ?
সম্পৰ্ক সাংঘাতিকভাৱে আছে। আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থাটো সমৃদ্ধিশালী কৰাৰ লগতে দুৰ্নীতিনিবাৰণ তথা এখন সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে এখন সুন্দৰ সমাজ গঠন কৰাৰ বাবে বিটিটি হৈছে এটা এটা বিকল্প অৰ্থনৈতিক ব্যৱস্থা।
বিটিটিৰ দ্বাৰা কেৱল যে দুৰ্নীতি বা এখন সুন্দৰ সমাজ গঠন হ'ব তেনে নহয়, আমাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত বহুত সমস্যা তথা কুসংস্কাৰৰো অৱসান ঘটিব।।
(২য় খণ্ডত বিটিটিৰ সবিশেষ)