বিশ্ব প্ৰতিবেদনত ফাদিল মোডীৰ আচল নীতি 'খাওঙ্গা-খানে ডুঙ্গা'


Image Description

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত দেশৰ আকাশ-বতাহ কঁপাই প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰতিশ্ৰুতি দিছিল ' না খাউঙ্গা, না খানে ডুঙ্গা' ( 'নাখাওঁ, খাবলৈও নিদিওঁ') । মোডীৰ কথাত দেশবাসী পতিয়ন গৈ তেওঁক বিপুল ভোটত জয়ী কৰি প্ৰধান মন্ত্ৰীৰ আসনত বহুৱালে। ভাবিলে দেশত এইবাৰ দুৰ্নীতিৰ অন্ত পৰিব। মোডীৰ দৰে এগৰাকী নিকা ব্যক্তিৰ দ্বাৰাহে এনে কাম সম্ভৱ। তেওঁৱেইহে দেশত প্ৰকৃত লোকপাল আইন বলবৎ কৰিব পাৰিব।

মোডীয়ে দেশবাসীৰ সমুখত তেওঁৰ এনে এখন স্বচ্ছ ছবি দাঙি ধৰিবলৈ সক্ষম হৈছিল যাৰ দ্বাৰা তেওঁ নিজকে দেশৰ ভিতৰতে আটাইতকৈ স্বচ্ছ আৰু নিকা নেতা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে দেশত দুৰ্নীতি-ভ্ৰষ্টাচাৰে চৰমসীমা অতিক্ৰম কৰাৰ পিছতো এতিয়াও কিছু অন্ধভক্তই তেওঁ দুৰ্নীতিৰ আশ্ৰয় ল'ব পাৰে বুলি বিশ্বাস কৰিবলৈ টান পায়।

অথচ গাদীত বহিয়েই তেওঁ লোকপালৰ কথা পাহৰি গ'ল। বিদেশৰ বেংকৰ ক'লা ধন ঘূৰি নাহিল। ক্ষমতাৰ বাবে ইজনৰ পিছত সিজন দেশৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ নেতাসকলক নিজৰ দললৈ আনিলে। নিজকে নিজে সন্যাসী আখ্যা দিয়া মোদীয়ে প্ৰধান মন্ত্ৰী হৈয়েই ১৫ লাখ টকীয়া ছ্যুট পিন্ধি মাৰ্কিন ৰাষ্ট্ৰপতি অ'বামাক মুখ দেখুৱালে।

এই বয়সটো দিনটোত ঘণ্টাই ঘণ্টাই পোছাক সলাই থাকে। নিজে উঠি ফুৰিবলৈ ৯ হাজাৰ কোটিটকীয়া উৰাজাহাজ কিনিলে। দেশৰ সকলো লোকৰ আয় কমিল। কেৱল তেওঁৰ দুগৰাকী পৰম মিত্ৰ আম্বানী আৰু আদানীৰ আয় বহুগুণে বৃদ্ধি পালে। তথাপিও তেওঁ নিকা।

অৱশেষত সকলো গোমৰ ফাঁক হ'ল। ' না খাউঙ্গা, না খানে ডুঙ্গা' ৰ আচল অৰ্থ যে 'খাম আৰু খাবলৈ দিমহে' আছিল সেই কথা বিশ্ব প্ৰতিবেদনত ওলাই পৰিল। বিশ্বৰ ঘোচখোৰ দেশৰ সমীক্ষাকাৰী প্ৰতিষ্ঠান ট্ৰেছৰ বাৰ্ষিক প্ৰতিবেদন 'দা ট্ৰেছ ২০২১ ব্ৰাইবেৰী ৰিক্স মেট্ৰিক্স' তালিকাত ভাৰতত ব্যাপক হাৰত দুৰ্নীতি বৃদ্ধি পোৱাৰ তথ্য উন্মোচিত হৈছে।

এই তালিকাত ভাৰতৰ স্থান বিগত বৰ্ষতকৈও তললৈ অৱনমিত হৈছে। বিগত বৰ্ষত ঘোচখোৰ দেশৰ ৭৭ স্থানত থকা ভাৰতৰ স্থান চলিত বৰ্ষত অধিক অৱনমিত হৈ ৮২ স্থান পাইছে। এই তালিকাত বিশ্বৰ নিকা দেশৰ প্ৰথম স্থান লাভ কৰিছে ডেনমাৰ্কে। নৰৱে', ফিনলেণ্ড আৰু ছুইজাৰলেণ্ড, ইউৰোপৰ এই তিনিখন দেশে নিকা দেশৰ ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভুটানৰ স্থান ভাৰততকৈ বহু ওপৰত, ৪৬ নম্বৰ স্থানত আছে।

সকলো কথাতে দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীল নীতিৰ কথা ফুলজাৰি দৰে আওৰোৱা মোডী আৰু বিজেপি দলৰ প্ৰকৃত স্বৰূপ ট্ৰেছৰ প্ৰতিবেদনে উন্মোচিত কৰিলে।