গুৰুজনাৰ জন্মোৎসৱত হৰিনামৰ ধ্বনিৰে মুখৰিত অসম


Image Description

একশৰণ নাম ধৰ্মৰ আধ্যাত্মিক চেতনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্মজয়ন্তী ১৫ অক্ট'বৰত ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হয়। ৰাজ্যখনৰ সত্ৰ, নামঘৰ সকলো নাম-প্ৰসঙ্গ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হয়। গুৰুজনাৰ জন্মস্থান বটদ্ৰবা থান, সত্ৰভূমি মাজুলী, বৰপেটা সত্ৰ, বস্ত্ৰনগৰী শুৱালকুচিকে ধৰি ৰাজ্যখনৰ বেছিভাগ স্থানতে কেইবাদিনীয়া কাৰ্য্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। উল্লেখযোগ্য যে কলকাতাৰ শান্তি নিকেতনতো গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হয়।

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই জন্মজয়ন্তীৰ পবিত্ৰ দিনটোত বটদ্ৰবা থানত সেৱা আগবঢ়াই সাংবাদিকক কয় যে 'শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ জনক, তেখেতৰ আদৰ্শ, মানৱতাবাদী দৰ্শনৰ লগতে অসমীয়া জাতিলৈ অনা নৱজাগৰণৰ পথেৰে আজি অসমীয়া আগবাঢ়িছে। গুৰুজনাৰ জন্মোৎসৱৰদিনটোত মই সকলোকে সেৱা জনাইছোঁ।'

বস্ত্ৰনগৰী শুৱালকুচিতো বিস্তৃত কাৰ্য্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী উদযাপন কৰা হয়। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কেইবাশতিকা ধৰি শুৱালকুচিত এই উপলক্ষে পুৱা ৰাজপথত ঊষা কীৰ্তন আৰু দিনৰ ভাগত ব্ৰজাৱলী ভাষাত অঙ্কীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। ভকত-বৈষ্ণৱ আৰু আয়তীসকলে নাম-কীৰ্তন গাই সমগ্র শুৱালকুচি পৰিভ্ৰমণ কৰি বস্ত্ৰনগৰীখনক দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰে।

ইফালে ১৭ অক্ট'বৰ দেওবাৰে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সামূহিক নাম–প্ৰসঙ্গ, মুকলি সভা, বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হৈছে।