অসম ভাৰতশ্ৰেষ্ঠ নহ’ব কিয়!


Image Description

(২)
দুটিমান সম্ভাৱনাৰ দিশৰ কথা আমি ফঁহিয়াই চাওঁ ৷ সম্ভাৱনাবোৰ অসমৰ অৰ্থনীতি উলাই কৰিব পৰা বিধৰ নহয় ৷ দেশৰ ভিতৰতেই অসমৰ অৰ্থনীতিৰ এক সুকীয়া মান আছে তথা ই এক বৃহৎ অৰ্থনীতি৷

সুজলা-সুফলা, শস্য-শ্যামলা আমাৰ এই অসমভূমিৰ প্ৰাকৃতিক সম্পদৰ ফালৰপৰা এক অভিজাত স্থান আছিল আৰু এতিয়াও আছে ৷ সমগ্ৰ অসমৰ ২৫ শতাংশ ভৌগোলিক অঞ্চলেই প্ৰকৃত বনাঞ্চলৰাজিয়ে আগুৰি ৰাখিছে ৷ আৰু এই বনাঞ্চলসমূহত অতিকৈ মূল্যৱান উদ্ভিদ,যথা শাল, শিমলু, সৰল, চেগুণ, গমাৰি, সাঁচি, অগৰ, চিচু, বিভিন্ন ঔষধিগুণযুক্ত তৰু-তৃণ ইত্যাদিৰ সমল আছে ৷

নিশ্চিতভাৱে এই সম্পদসমূহৰপৰা ফল, ফুল, ঔষধ, কাঠ, ইন্ধন, সুগন্ধি আদি আহৰণ কৰিব পাৰি ৷ গতিকে, বনজভিত্তিক উদ্যোগৰ সম্ভাৱনা সেয়েহে অসমত অতিকৈ প্ৰচুৰ ৷ কিন্তু দুখৰ বিষয় যে পৰ্য্যাপ্ত মাত্ৰাত অসমত তেনে উদ্যোগ বিৰল ৷

অসমত পোৱা বাঁহগছৰ কথাই সুকীয়া ৷ সমগ্ৰ ভাৰতৰ মুঠ উৎপাদনৰ ১৬ শতাংশ বাঁহ আমাৰ অসমতে উৎপাদন হয়, প্ৰায় ৩৪বিধমান প্ৰজাতিৰ বাঁহেৰে সমৃদ্ধ এই অসমত সেই অনুপাতে বাঁহ উদ্যোগৰ পয়োভৰ নগণ্য ৷ বাঁহৰ ওপৰত নিৰ্ভৰশীল অসমৰ দুয়োটা কাগজকলেই সম্প্ৰতি চৰকাৰৰ আশিসপুষ্ট হৈ বিকল তথা পৰিত্যক্ত হৈ ৰৈছে ৷

চৰকাৰে থলুৱা উদ্যোগ উন্নয়ন আঁচনিৰ অধীনত এনেবোৰ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ লগতে এনে ধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণভিত্তিক পদক্ষেপ গ্ৰহণেহে অসমৰ অৰ্থনৈতিক আন্তঃগাঁথনি টনকিয়াল কৰিব ৷

খনিজাত সম্পদৰ ফালৰপৰাও অসম পিছপৰা নহয় ৷ কয়লা, চূণশিল, গ্ৰেনাইট, বালিচন্দা ইত্যাদি মূল্যৱান খনিজদ্ৰব্যৰ চাহিদা অতিকৈ বেছি ৷ কয়লা উৎপাদনৰ ক্ষেত্ৰত অসমৰ ঔদ্যোগিকজগতখন কিছু টনকিয়াল যদিও অন্যান্য খনিজাত সামগ্ৰী আহৰণ তথা বাণিজ্যিক বিতৰণ সন্দৰ্ভত থাকিবলগীয়া সম্ভাব্য উদ্যোগসমূহ অসমত বিৰল ৷

অৱশ্যে তেল আৰু প্ৰাকৃতিক গেছৰ কথাটো সুকীয়া আৰু সেই বিষয়ে বহলাই উল্লেখ নকৰিলেও হ’ব ৷ গতিকে, চৰকাৰে অন্যান্য খনিজাত সামগ্ৰীসমূহৰ উচিত বাণিজ্যিক বিতৰণ তথা পৰিশোধন আৰু উৎপাদন সংক্ৰান্তীয় কেতবোৰ উপযোগী উদ্যোগৰ কথা চিন্তা কৰিব পাৰে ৷ এনে কৰিলে অসমৰ অৰ্থনীতিত এক যোগাত্মক প্ৰভাৱ পৰাৰেই সম্ভাৱনা অধিক ৷

এতিয়া আহোঁ অসমৰ পৰ্য্যটন উদ্যোগজগতলৈ ৷ কোৱা বাহুল্য মাথোঁ যে অসমৰ পৰ্য্যটন উদ্যোগ কেৱল উত্তৰপূব পৰ্য্যায়তে নহয়, সমগ্ৰ দেশ তথা সমগ্ৰ বিশ্বপৰ্য্যায়তে এক অনন্য মাত্ৰাৰ অধিকাৰী ৷ দৰাচলতে পৰ্য্যটন উদ্যোগক এখন দেশ বা ৰাজ্যৰ উন্নয়নৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয় ৷

দেশ বা ৰাজ্যখনৰ বিকাশ কেৱল কৃষি, বনজসম্পদ বা উদ্যোগখণ্ডৰ লগতে জড়িত নাথাকে, সমান্তৰালকৈ পৰ্য্যটন উদ্যোগৰো এই ক্ষেত্ৰত মহত্তম অৱদান থাকে ৷ প্ৰচুৰ সম্ভাৱনাময় অসমৰ পৰ্য্যটনক্ষেত্ৰখনৰ ক্ষেত্ৰত তুলনামূলকভাৱে দুৰ্বল ব্যৱস্থাপনাৰ হেতু আশা কৰা ধৰণে অসমৰ অৰ্থনৈতিক উৎকৰ্ষ সাধিব পৰা নাই ৷

অসমৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ পৰ্য্যটনথলী এতিয়াও পঁয়ালগা অৱস্থাতেই ৰৈছে ৷ বহুতো পৰ্য্যটনথলী এতিয়াও অনাৱিষ্কৃত অৱস্থাতেই আছে ৷ উদাহৰণ স্বৰূপে, মৰিগাঁৱৰ মায়ং অঞ্চলৰ কেতবোৰ ভিতৰুৱা স্থান, দক্ষিণ কামৰূপৰ মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্তী বকো অঞ্চল আদিত পৰ্য্যটনৰ বাবে বিভিন্ন আকৰ্ষণীয় ঠাই সুপ্ত অৱস্থাত আছে ৷ এইসমূহ ঠাই বিষয়ে এতিয়াও ভালদৰে চৰ্চালৈ অহা নাই ৷

এনেবোৰ ঠাইক পৰ্য্যটনস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা লুকাই আছে ৷ ইয়াৰোপৰি সততে চকুত পৰা অসমৰ বিখ্যাত পৰ্য্যটনথলীসমূহৰ আন্তঃগাঁথনি বৰকৈ সন্তোষজনক নহয় ৷ এইক্ষেত্ৰতো চকু দিয়াৰ প্ৰয়োজনীয়তা আছে ৷ উল্লেখ্য যে ৰাজ্যৰ কেৱল পৰ্য্যটন উদ্যোগটোৰ পৰাই একোটা বিত্তীয় বৰ্ষত অতিক’মেও ৬০০০ কোটিমান টকাৰ ৰাজহ আহে ৷

গতিকে অনুমান কৰি চাব পাৰি ইয়াৰ ভূমিকা কিমান ! তৎসত্ত্বেও ৰাজ্যখনৰ সামগ্ৰিক পৰ্য্যটন উদ্যোগটোৰ যি হাৰত উন্নয়ন হ’ব লাগিছিল তেনে উন্নয়ন দৃষ্টিগোচৰ হোৱা নাই ৷ তাৰোপৰি ক’ভিড্ মহামাৰীত সমগ্ৰ উদ্যোগটোৱেই এক পক্ষাঘাতগ্ৰস্ততাত ভুগিছে ৷ তথাপি ভেকচিন্ আদিৰ উপলব্ধতাই এই মহামাৰীক হয়তো এদিন আঁতৰাই নিব বুলি বিশ্বাস কৰিব পাৰি ৷ তেতিয়া হয়তো পৰ্য্যটনে পুনৰাই ঠন ধৰি উঠিব ৷

পৰ্য্যটন এন এবিধ উদ্যোগ যাৰ প্ৰয়োজনীয়তাক কেতিয়াও নুই কৰিব নোৱাৰি ৷ মানৱজীৱনত অৱসৰ বিনোদন , প্ৰমোদ ভ্ৰমণ, বিভিন্ন ঠাই ফুৰাৰ হেঁপাহ, নেদেখাটো দেখা পোৱাৰ হেঁপাহ, নজনাটো জনাৰ হেঁপাহ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে পৰ্য্যটন উদ্যোগৰ গুৰুত্বও জীয়াই থাকিব ৷ গতিকে এয়া নিশ্চিত যে সুস্থিৰ, দীৰ্ঘম্যাদী পৰিকল্পনাসম্বলিত, সুন্দৰ, সবল আন্তঃগাঁথনি জড়িত পৰ্য্যটন উদ্যোগে ৰাজ্যৰ তথা দেশৰ অৰ্থনীতিত অৱধাৰিতভাৱেই বুজন অৰ্থত অৰিহণা যোগাই থাকিব ৷

গতিকে, এই উদ্যোগ অকলেই যে অসমৰ উন্নয়নৰ এক সবল কাৰক হ’ব পাৰে সেয়া ধুৰুপ ৷ চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ হৃদপিণ্ডস্বৰূপ বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ সমগ্ৰ দেশৰ চাহ উৎপাদনৰ আধাতকৈয়ো বেছি ( প্ৰায় ৫৫ শতাংশ ) চাহপাত অসমতে উৎপাদন হয় ৷ গতিকে চাহৰ ওপৰতো আনুষংগিক অন্য বহু উদ্যোগ গঢ় লৈ উঠা পূৰ্ণ সুযোগ আৰু সম্ভাৱনা অসমত আছে ৷

চাহৰ স্থানীয় বজাৰৰ চাহিদাও অত্যন্ত বেছি ৷ চাহপাতৰ বিভিন্ন প্ৰকাৰ যেনে, তাৎক্ষণিক চাহ, সেউজ চাহ, ফিকা চাহ ইত্যাদিৰ চাহিদা আমাৰ বজাৰত প্ৰচুৰ ৷ কিন্তু তুলনাত্মকভাৱে তাৰ বিপণনৰ হাৰ তেনেই ক’ম ৷ গতিকে এই ক্ষেত্ৰত বিপণন বৃদ্ধিৰ তথা সম্প্ৰসাৰণৰ প্ৰচুৰ সম্ভাৱনা তথা সুযোগ সৃষ্টি হৈছে ৷

ইয়াৰে আনুষংগিক উদ্যোগ হিচাপে টী পেকেজিং উদ্যোগ গঢ়ি তোলাৰ থল আছে ৷ যিহেতু অসমৰ চাহপাত বিশ্ববিখ্যাত আৰু এক সুকীয়া পৰিচয় আছে, গতিকে চৰকাৰে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিলে আৰু থলুৱাই গুৰুত্ব দিলে বৃহৎ পুঁজিপতিয়ে যুগ যুগ ধৰি অসমত কৰি অহা চাহ ব্যৱসায়ৰ লাভাংশ বহিঃৰাজ্যলৈ নগৈ অসমৰ উন্নয়নতেই অৰিহণা যোগাব।

ইয়াৰোপৰি কণী, মিঠাতেল ( সৰিয়হৰ খেতি ), মাছ ইত্যাদি উৎপাদনৰ বাবে অসমত বিশেষ ব্যৱস্থা নাই, অৰ্থাৎ এইবোৰৰ ক্ষেত্ৰতো সম্ভাৱনাৰ অভাৱ নাই ৷

ৰাজ্যখনৰ নিবনুৱা সমস্যা যিহেতু এক বৃহৎ সমস্যা , স্বনিয়োজনৰ বাতাবৰণ সৃষ্টি হোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ওপৰিউল্লেখ্য সম্ভাৱনাৰাজিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ, দপ্তৰসমূহে বিভিন্ন সজাগতামূলক পদক্ষেপ হাতত ল’ব পাৰে ৷

অৱশ্যে গুৱাহাটীস্থ ভাৰতীয় উদ্যোগী প্ৰতিষ্ঠানৰ দৰে অনুষ্ঠানে থলুৱা উদ্যোক্তা সৃষ্টি, উৎপাদন, বিপণন, দক্ষতা উন্নয়ন আদিৰ ক্ষেত্ৰত কেতবোৰ আঁচনিমূলক শিক্ষণ, প্ৰশিক্ষণ আদি আগবঢ়োৱাৰ পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰে যদিও সেয়া সকলো স্তৰৰ নিবনুৱাচামক সামৰি ল’ব পৰাকৈ পৰ্যাপ্ত নহয় ৷

তেনেস্থলত আৰু বহল পৰিসৰত কাৰ্য্যকৰী হ’ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ থল আছে ৷ পুৰ্ণোদ্যমে তেনে কাৰ্য্যকাৰিতাৰ ফলত ৰাজ্যৰ স্বনিয়োজনৰ পথ আৰু অধিক সুচল হোৱাৰ তথা নিবনুৱা সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও যতি পৰাৰ সম্ভাৱনা আছে।

চাবলৈ গ’লে অসমত ইমানেই সম্ভাৱনা আছে যে নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ দৰে সমস্যা হ’বই নালাগিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অদূৰদৰ্শী চিন্তা, আঁচনি ৰূপায়ণত হেমাহি, কৰ্মবিমুখ প্ৰৱণতাবৃদ্ধিত অনুঘটকৰ ভূমিকা পালন কৰা অবিবেচকী হিতাধিকাৰীৰ সৃষ্টি, যোগ্যতাভিত্তিক বাচনি প্ৰক্ৰিয়া পালন কৰাতকৈ স্বজনতোষণ , উৎকোচ গ্ৰহণ জাতীয় দুৰ্নীতি প্ৰৱণ মানসিকতা আদিৰ বাবে সমস্যাসমূহৰ পূৰ্ণ সমাধান নোলায়গৈ ৷

যিয়েই নহওক, যোগাত্মক চিন্তাধাৰাৰে বিবেচনা কৰি চালে অসমক সম্ভাৱনাৰ ভাণ্ডাৰ বুলি ক’লেও ভুল কোৱা নহ’ব। কিন্তু, ক্ষণস্থায়ী চিন্তা , স্বাৰ্থান্বেষী মানসিকতা , ক্ষমতাৰ প্ৰতি লিপ্সা ইত্যাদিৰ গৰাহত পৰি অসম যে এক প্ৰকাৰৰ মানৱসৃষ্ট সমস্যাৰো ভঁৰাল তাতো কোনো সন্দেহ নাই ৷

ৰাজ্যখনে সমুখীন হৈ অহা অগণন সমস্যাৰ ফলত ৰাজ্যখন কোঙা হৈ পৰিছে ৷ আমি দেখি শুনিও একো কৰিব পৰা নাই ৷ কিন্তু, এই কোঙা অৱস্থাৰ অৱসান ঘটাৰ লগতে ৰাজ্যবাসীৰ , আপোনাৰ , মোৰ এই চিৰপ্ৰত্যাশিত সপোনক প্ৰতিষ্ঠা কৰিবই লাগিব ৷ গতিকে ৰাজ্যখনক পুনৰোদ্ধাৰ কৰাৰ বিকল্প কেৱল আমাৰ হাততেই আছে ৷

সেয়া লাগিলে চৰকাৰৰ ৰূপতেই হওক, নানান উন্নতিকামী দল-সংগঠনেই হওক অথবা স্বাভিমানী, জাতীয় চেতনাৰে উদ্ধুদ্ধ , স্বদেশপ্ৰেমী প্ৰতিজন অসমীয়াই হওক ৷ ৰাজ্যখনৰ সৰ্বস্ব ভাঙোনমুখী যাত্ৰাক ব্যাহত কৰি উত্তৰণমুখী যাত্ৰালৈ পৰিৱৰ্তিত কৰাৰ গুৰু দায়িত্ব প্ৰতিজন অসমীয়াৰেই আছে ৷

কেৱল ক্ষুদ্ৰ স্বাৰ্থজড়িত স্বাৰ্থান্বেষী প্ৰচেষ্টাত দৃষ্টিনিৱদ্ধ নাৰাখি স্বদেশ-স্বজাতিৰ বৃহত্তৰ স্বাৰ্থৰ হকে কাম কৰাটোৱেই অসমী আইৰ প্ৰতি মংগলকামনা হ’ব ৷ সম্প্ৰতি ক’ভিডসৃষ্ট দুৰ্যোগ পৰিৱেশে উল্লেখ কৰি অহা সমস্যাসমূহ আৰু তাৰ সমাধানৰ ক্ষেত্ৰত পুনৰবিবেচনা কৰি চোৱাৰ সুবৰ্ণ সুযোগ দিছে ৷

ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত সততে চকুত পৰা পূৰ্ণ মীমাংসাহীন বা আংশিকভাৱে মীমাংসা ঘটা সমস্যাবোৰক গুৰুত্ব দি ব্যক্তি বা দলীয়স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ এক সামগ্ৰিক উত্তৰণমুখী ৰাজনৈতিক সহমতৰ ভিত্তিত সৃষ্টি হ’ব পৰা এক সুস্থ পৰম্পৰাৰহে সময়ে এতিয়া আহ্বান জনাইছে ৷

শেষত ইয়াকেই কওঁ, চৰকাৰকে আদি কৰি একত্ৰ জনসাধাৰণ, বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, জাতীয় সংগঠন, গণ মাধ্যম , ন্যায়পালিকা , নৱপ্ৰজন্ম আদি সকলোৰে মাজত সহযোগিতা আৰু পাৰস্পৰিক সমন্বয়ৰ সাঁকো গঢ়ি তোলাৰ লগতে সকলোৱে স্বদেশৰ হকে জীয়াই থকাৰ দৃঢ়সংকল্পৰে পৰিপুষ্ট হ’লেহে আমি অসমক ভাৰতৰ ভিতৰতেই শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম ৷

সমাপ্ত

ভ্ৰাম্যভাষ : ৯৮৫৪৫৩৯০৬১