দিল্লীৰ বাৰ্তা, দিশপুৰ স্তব্ধ
- নিজা প্ৰতিবেদক
- /
- August 21st, 2022

কিছুদিন আগৰ কথা।
অসমৰ মুখ্য মন্ত্ৰী ডঃ শৰ্মাই এখন সভাত গৃহ মন্ত্ৰী শ্বাহক প্ৰধান মন্ত্ৰী পাতিলে। এচামৰ গা উঠিল। ড০ শৰ্মা শ্ৰীশ্বাহৰ আসনত বহিব। গা উঠিবৰে কথা!
এচামে ক'লে জিভাৰ পিছল। কিন্ত্ত জিভাৰ গৰাকী নিমাতে থাকিল । ৰাজনীতিত নীৰৱতাই আৰু বেছি কথা কয়!
কথা গড়গাঁও পালেগৈ। য'ত থাকিব লাগে, জমা হ'ল।
প্ৰফাইলত ৰাষ্ট্ৰীয় পতাকা লগাব দিলে। প্ৰধান মন্ত্ৰীৰ নিৰ্দেশৰ সুৰ। উত্তৰ পূবৰ দুজনমান মুখ্য মন্ত্ৰীয়ে নলগালে। নেডাৰ দায়িত্বত ভঃ শৰ্মা।
ৰাজনীতিত অৰ্থবোৰো সহজে ওলায়। ক'ৰবাত প্ৰকাশ ঘটে। মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাডে বিজেপি অবিহনে নিৰ্বাচন খেলিব। ঘোষণা কৰিলে।
তাতে আকৌ ডঃ শৰ্মাৰ পৰ্বতসম ধন-সম্পত্তি। পুত্ৰ ডজনতকৈ অধিক ক'ম্পেনীৰ সঞ্চালক। পত্নীৰ নামত চৰকাৰী মাটি। 'ৱায়াৰ'ৰ সবিশেষ। অজাপৰো আপত্তি দাখিল। প্ৰধান মন্ত্ৰীৰ ওচৰত।
লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীৰ ঘোষণা। দুৰ্নীতি সহ্য নকৰে। বিৰোধীৰ শেল: প্ৰধান মন্ত্ৰীয়ে নিজৰ দলৰ দুৰ্নীতি সহ্য কৰে।
ৰিজাল্ট ওলাল নেকি বাৰু!
শ্ৰীসৰ্বানন্দ সোণোৱাল উত্তৰ পূবৰ প্ৰতিনিধি হ'ল। সমীকৰণ নতুন হ'ল। ইতিমধ্যেই ফোনৰ নতুন নতুন লাইন বহিল।।