বহিৰাগত-বিদেশীক অসমৰ মাটি:
পৰিকল্পনা ৰাজ্য চৰকাৰৰ


Image Description

আইন সংশোধন: বিনা অনুমতি বিদেশীয়েও কিনিব থলুৱাৰ মাটি

ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিধ্বংসী সিদ্ধান্ত লৈছে। খিলঞ্জীয়া জনসাধাৰণৰ মাটি বহিৰাগত তথা বিদেশীয়ে কিনিব পাৰিব। চৰকাৰৰ কোনো অনুমতিৰ প্ৰয়োজন নাথাকিব।

ইমান দিনে অসমৰ এজন ব্যক্তিৰ মাটি আন এজনে কিনিলে আইন অনুসৰি জিলা উপায়ুক্তৰ অনুমতি ল'ব লাগিছিল৷ কিন্তু অসম চৰকাৰে অলপতে আইন সংশোধন কৰি উক্ত অনুমতি লোৱা ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছে৷ এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে যি কোনো ব্যক্তিয়ে কোনো ধৰণৰ প্ৰশাসনীয় নিৰীক্ষণ অবিহনে মাটি-বাৰী ক্ৰয় কৰাৰ সুবিধা পাব৷

ফলত অসমৰ মাটি বহিৰাগত তথা বিদেশী বা বহিৰাগত ব্যক্তিয়ে অনায়াসে ক্ৰয় কৰিব৷ তাৰ পৰিণতি স্বৰূপে থলুৱা লোকৰ হাতৰ পৰা ভূমিৰ দখল আৰু অধিকাৰ ক্ৰমশঃ হেৰাই যাব৷

আজি এখন সংবাদ মেলত অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰীলুৰিণজ্যোতি গগৈয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

দলৰ উপ-সভাপতি তথা অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে কয় যে অসমখন এখন অতি সৰু ৰাজ্য৷ মাটিকালিৰ ফালৰ পৰা অসমখন ৰাজস্থানৰ চাৰিভাগৰ এভাগ, মধ্য প্ৰদেশৰ প্ৰায় তিনি ভাগৰ এভাগ৷ অৰুণাচল প্ৰদেশতকৈয়ো অসমখন যথেষ্ঠ সৰু ৰাজ্য৷

কিন্তু ১৯০১ চনৰ পৰা ২০০১ চনলৈ ভাৰতবৰ্ষৰ জনসংখ্যা বাঢ়িছে পাঁচগুণ৷ কিন্তু অসমৰ জনসংখ্যা বাঢ়িছে প্ৰায় দহগুণ৷ তদুপৰি, বিগত পাঁচ দশকত ব্ৰহ্মপুত্ৰ আৰু অন্য নৈৰ গৰাখহনীয়াই অসমৰ ৬ লাখ হেক্টৰ, অৰ্থাৎ প্ৰায় ৪৫ লাখ বিঘা মাটি খহাই নিয়াৰ ফলত কেইবা লাখ লোক গৃহহীন হৈছে৷

গতিকে দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত মাটিৰ গুৰুত্ব আৰু প্ৰয়োজন অধিক৷ কিন্তু দীৰ্ঘকালৰ পৰা বহিৰাগত লোকে বিভিন্ন প্ৰয়োজনত অসমৰ মাটি নিজৰ দখললৈ নিয়াৰ ফলত থলুৱা লোকসকলকৰ দখলত থকা মাটিৰ পৰিমাণ কমি কমি আহিছে৷

সেয়ে স্থানীয় জাতি-জনগোষ্ঠীৰ লোকসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ইয়াৰ মাটি সংৰক্ষিত কৰি ৰখা প্ৰয়োজন৷ পিছে ৰাজ্য চৰকাৰখনে এই বিষয়টোত মুঠেই গুৰুত্ব দিয়া নাই৷ বৰং বহিৰাগত শক্তিসমূহে মাটি কুক্ষিগত কৰাৰ যি চক্ৰান্ত দীৰ্ঘদিন ধৰি চলাই আহিছে, তাৰ প্ৰতিহে সমৰ্থন-সহযোগিতা আগবঢ়াই আহিছে৷

শ্ৰী দাসে কয় যে ঔদ্যোগিকৰণৰ প্ৰয়োজনত বহিৰাগত লোকে অসমৰ মাটি ক্ৰয় কৰাত বাধা থাকিব নালাগে৷ কিন্তু সেই কামটোত স্থানীয় লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ’ব লাগিব৷ পিচে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে আইন সংশোধনেৰে বহিৰাগত আৰু বিদেশী লোকৰ লগতে ভূ-মাফিয়া আদি শ্ৰেণীৰ লোকক অসৎ পন্থাৰে মাটি হস্তগত কৰাৰ পথ সহজ কৰি দিলে৷

শ্ৰী দাসে কয় যে মাটি কিনা-বেচা কৰাৰ বাবে আইন অনুসৰি উপায়ুক্তৰ অনুমতি এই কাৰণে লাগে যে সেই নিৰ্দিষ্ট মাটিখিনি কাৰ নামত আছে, কাৰ দখলত আছে, মাটিখিনিত কিবা বিতৰ্ক বা খেলিমেলি আছে নে নাই, সেয়া অনুসন্ধান কৰি উপায়ুক্তই অনুমতি দিব৷

এই ব্যৱস্থাটো সমগ্ৰ দেশজুৰি ‘পঞ্জীয়ন আইন’ অনুসৰি একে নিয়মেৰে চলে৷ কিন্তু অসম চৰকাৰে অসমৰ ক্ষেত্ৰত পঞ্জীয়ন আইনৰ সংশ্লিষ্ট ধাৰা সংশোধনেৰে উপায়ুক্তৰ উক্ত ক্ষমতা কৰ্তন কৰাৰ লগে লগে দুৰ্বলৰ মাটি সবলজনে জালিয়াতি বা অনিয়মেৰে নিজৰ নামত নামজাৰি কৰি দুৰ্বলীজনক বল প্ৰয়োগেৰে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ একেদৰে অবৈধ বিদেশী লোকেও অনায়াসে মাটি ক্ৰয় কৰিব পাৰিব৷

ভূমিসম্পৰ্কীয় কমিটী গঠন

দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে অসমবাসী ৰাইজৰ ভূমিসম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজক প্ৰয়োজন হোৱা দিহা প্ৰদান কৰিবলৈ দলে চন্দ্ৰকান্ত দাসৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে৷

অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব তথা ৰাজ্যৰ ভূমিবিষয়ক এগৰাকী বিশেষজ্ঞ ব্যক্তি শ্ৰীদাসৰ লগতে সমিতিখনৰ আন দুগৰাকী সদস্য হ’ব দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব ডিম্বেশ্বৰ কলিতা আৰু দলৰ কেন্দ্ৰীয় সম্পাদক তথা অইল ইণ্ডিয়া লিমিটেডৰ প্ৰাক্তন মহাপ্ৰৱন্ধক অমৃত খাটনিয়াৰক ৷

যিসকল লোকৰ ভূমিসম্পৰ্কীয় সমস্যা আছে, তেওঁলোকে প্ত্ৰযোগে দলৰ উক্ত সমিতিখনক জনালে সমিতিখনে আইন তথা অন্যান্য বিধি অনুসৰি সমস্যাটো কেনেদৰে সমাধান হ’ব পাৰে, তাৰ দিহা-পৰামৰ্শ আগবঢ়াব৷

আজিৰ সংবাদ মেলখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু কাৰ্য্যনিৰ্বাহক সদস্য তথা মুখপাত্ৰ শিশিৰ দেৱ কলিতাও উপস্থিত আছিল৷।