জ্ঞানৰ সাধক - ড⁰ বাণীকান্ত কাকতি


Image Description

ডঃ বাণীকান্ত কাকতি আছিল 'অসমীয়া সাহিত্যৰ এটি বৈজ্ঞানিক মন'। তেওঁ অসমীয়া সাহিত্যৰ ওপৰত আধুনিক সমালোচনাৰ আলোকপাত কৰিছিল। এগৰাকী আধুনিক সমালোচক হ'বলৈ তেওঁৰ কোনোটো মানসিক গুণৰে অভাৱ নাছিল।

সৰুৰে পৰাই তেওঁ ভাষা-সাহিত্যৰ সৌন্দৰ্য্যৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। প্ৰতিটো কথাৰে তেওঁ গুৰিলৈকে দৃষ্টি দিছিল আৰু সেইবোৰৰ মৌলিক গুণবোৰ পলকতে চালি-জাৰি উলিয়াব পাৰিছিল। ইংৰাজীৰ দৰে পৃথিৱীৰ শ্ৰেষ্ঠ এটি সাহিত্যৰো মৌলিক সৃষ্টি আৰু সমালোচনাৰ ধাৰাৰ লগত তেওঁৰ গভীৰ পৰিচয় আছিল।

পুৰণি গ্ৰীক আদি ইউৰোপীয় সাহিত্যৰ লগতো তেওঁৰ নিবিড় চিনাকি আছিল ৷ সংস্কৃতৰ ৰস-সাহিত্যৰ প্ৰতিও তেওঁৰ ধাউতি আছিল প্ৰৱল । বৈদিক সাহিত্যৰ পৰা কালিদাস-ভৱভূতিলৈকে তেওঁ সংস্কৃত সাহিত্যৰ ৰস গ্ৰহণ কৰিছিল।

তদুপৰি তেওঁ আছিল ইংৰাজী সাহিত্য আৰু তুলনামূলক ভাষা-বিজ্ঞানৰ এগৰাকী অগাধ পণ্ডিত ৷ কিন্তু তেওঁ সেইবোৰ বিষয়ৰ বহল যশস্যাৰ ক্ষেত্ৰ এৰি দি অসমীয়া সাহিত্য আৰু ভাষাৰ অনুশীলনতহে তেওঁৰ জ্ঞান প্রয়োগ কৰিছিল।

ভাষা-তত্ত্বৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী পণ্ডিত আছিল তেওঁ । অসমীয়া ভাষাৰ গঠন-প্ৰণালীৰ বিষয়ে তেওঁ বৈজ্ঞানিক পদ্ধতিৰে আৰু গভীৰভাৱে অধ্যয়ন কৰিছিল ৷ কাকতিৰ উচ্চ স্তৰৰ গৱেষণাৰ ফলতে অসমীয়া ভাষাৰ ঐতিহ্য বৈজ্ঞানিক ভিত্তিত প্রতিষ্ঠিত হৈছিল। কাকতিদেৱে ইংৰাজীত লিখা 'অসমীয়া ভাষাৰ গঠন আৰু বিকাশ' গ্ৰন্থ গঢ়ি পশ্চিমৰ পণ্ডিতে তবধ মানিছিল। 'গুৱাহাটীৰ দৰে জগতৰ আওহতীয়া ঠাইত' এনে অসম্ভৱ কিদৰেনো সম্ভৱ হৈছিল, তাকে ভাবি বিচুৰ্তি খাইছিল।

ল'ৰাকালিত তেওঁ এবাৰ ক'লাজ্বৰত আক্ৰান্ত হৈছিল । মৃত্যুৰ বিভীষিকা চকুৰ আগত দেখি তেওঁ কৈছিল, 'মই পণ্ডিত হ'লোঁহেঁতেন, পণ্ডিত হোৱাই আছিল মোৰ জীৱনৰ ধাউতি।' পৰৱৰ্তী সময়ত তেওঁ সঁচাকৈয়ে পণ্ডিত হ'ল। ভাষা-তত্ত্বত তেওঁ প্ৰগাঢ় পাণ্ডিত্য অৰ্জন কৰিলে । কিন্তু ভাৰত-তত্ত্ব বা প্ৰাচ্য-তত্ত্বৰ দিশতো তেওঁ দৃষ্টি নিক্ষেপ কৰিছিল।এই ক্ষেত্ৰখনত তেওঁ অৱশ্যে পলমকৈ প্ৰৱেশ কৰিলে।

কাকতিদেৱৰ ভাষা-তত্ত্ব অধ্যয়নৰ গুৰু আছিল ড⁰ সুনীতিকুমাৰ চট্টোপাধ্যায়। গুৰুৰ সৈতে সাক্ষাতৰ বাবে তেওঁ কলকাতালৈ বাটকুৰি বাই যাবলগীয়া হৈছিল । অধ্যৱসায়ৰ তথা গৱেষণাৰ জৰিয়তে তেওঁ নির্মোহ পাণ্ডিত্য লাভ কৰিছিল। আলোচ্য বিষয়ৰ প্রতি কাকতিদেৱৰ প্ৰেম আছিল অতিশয় প্রগাঢ় । সেয়েহে তেওঁ আলোচ্য বিষয়ৰ বৈজ্ঞানিক বিশ্লেষণ কৰিবলৈ সক্ষম হৈছিল।

শিক্ষক হিচাপেও কাকতিদেৱ আছিল অনন্য । বিশ্ববিদ্যালয়ৰ শ্ৰেণীত তেওঁৰ ব্যাখ্যাই ভাষা-তত্ত্বৰ জটিল কথাবোৰো হেনো পানী যেন কৰি দিছিল । কবিতাও তেওঁৰ হেনো বৰ প্রিয় বিষয় আছিল। বিশেষকৈ ৰোমান্টিক কবিতা পঢ়াবলৈ ল'লে শিক্ষাৰ্থীয়ে বিস্ময়-বিমুগ্ধ দৃষ্টিৰে তেওঁলৈ চাই থাকিবলগীয়া হৈছিল।

কাকতিদেৱৰ সাহিত্য-সমালোচনাৰ প্ৰবন্ধবোৰৰ ভিতৰত 'সাহিত্যত কৰুণৰস' প্ৰৱন্ধটো প্রথম বুলি জনা যায় । ১৯১৬ চনৰ ১৫ ডিছেম্বৰত গুৱাহাটীত বহা অসমীয়া ছাত্ৰ সন্মিলনৰ অধিৱেশনত এই প্ৰৱন্ধটো পাঠ কৰা হৈছিল । 'আলোচনী' পত্ৰিকাৰ অষ্টম বছৰৰ চতুর্থ সংখ্যাত এই প্ৰৱন্ধটো প্ৰকাশ পাইছিল। কলেজীয়া ছাত্ৰ ৰূপেই তেওঁ ‘সাহিত্যত কৰুণৰস' লিখিছিল । কাকতিদেৱে এই প্ৰৱন্ধটোত তিনিবিধ কৰুণ ৰসৰ বৰ্ণনা কৰিছিল। ইয়াৰে দুবিধ কৰুণৰসৰ উদাহৰণ তেওঁ পছিমীয়া সাহিত্যৰ পৰা দিছিল।

'ৰামায়ণৰ বালকাণ্ডৰ লগতে ভৱভূতিৰ উত্তৰৰাম-চৰিত্ৰতো তেওঁ তাৰ প্রকৃষ্ট পটন্তৰ বিচাৰি পাইছিল।'

কাকতিদেৱে পুৰণি অসমীয়া পুথিসমূহলৈ আধুনিক সাহিত্য সমালোচকৰ দুষ্টিৰে চাইছিল। সিবোৰৰ সাহিত্যিক বা কাব্যিক সৌন্দৰ্য্যও তেওঁ নিৰূপণ কৰিছিল। তদুপৰি সিবোৰৰ 'ভাষাগত আৰু সামাজিক মূল্যাংকনো' কৰিছিল।

কাকতিদেৱৰ এই আলোচনাসমূহ আছিল অসমীয়া সাহিত্যৰ একপ্ৰকাৰ দিকদৰ্শক সমালোচনা। অসমীয়া সাহিত্যৰ আলোচনা কৰোঁতে কাকতিদেৱে বিশ্ব সাহিত্যৰ বিভিন্ন গ্ৰন্থৰ প্ৰসংগৰো অৱতাৰণা কৰিছিল । ইয়ে যেন অসমীয়া সাহিত্যক এক বিশাল পৰিব্যাপ্তিৰ ফালে আগুৱাই নিছিল।

জ্ঞানৰ সাধক ড⁰ বাণীকান্ত কাকতিদেৱৰ বহুমুখী সাধনা আৰু অৱদানৰ কথা কৈ থাকিলে অন্ত নপৰে । এই টোকাটোত তেওঁৰ বহুমুখী অৱদানৰ দুই-এটি দিশৰ মাথোঁ উল্লেখ কৰি তেওঁক  স্মৰণ কৰা হ'ল।।