পপুলিজমৰ তাত্ত্বিক অধ্যয়ন


Image Description

১৯৫০ৰ দশকলৈ পপুলিজম শব্দটো আমেৰিকাৰ পপুলিষ্ট দলৰ বিষয়ে অধ্যয়ন কৰা ইতিহাসবিদৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু ১৯৫৪ চনত প্রকাশিত এখন ৰচনাই পপুলিজম অধ্যয়নৰ এই সীমিত ধাৰণাটোলৈ এটা বৃহৎ পৰিৱর্তন লৈ আহে।

চিকাগো' বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক এডৱার্ড এলবার্ট শ্বিলৰ এই ৰচনাখনত পপুলিজমৰ এটা নতুন পৰিচয় আগবঢ়োৱা হয়। শ্বিলৰ মতে আমেৰিকা যুক্তৰাষ্ট্রৰ সমাজ ব্যৱস্থাত অভিজাত শ্রেণীবিৰোধী যি এটা প্রৱণতা লক্ষ্য কৰা হয়, তাক বুজাবৰ বাবে পপুলিজম নামটো প্রয়োগ কৰিব পাৰি।

শ্বিলৰ এই বিষয়সম্বলিত বহল পৰিসৰৰ ৰচনাখনে অকল আমেৰিকাৰে নহয়, ইংলণ্ড তথা ইউৰোপৰ সমাজতাত্ত্বিকসকলৰ লগতে সমাজ বিজ্ঞানৰ সৈতে জড়িত শৈক্ষিক সমাজৰ বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হয়। ইয়াৰ পাছত এই বিষয়টোৰ বিস্তৃত ৰূপত অধ্যয়ন আৰম্ভ হয় আৰু এই সম্পর্কীয় অনেক গৱেষণামূলক ৰচনা প্রকাশ পাবলৈ আৰম্ভ কৰে।

প্রাপ্ততথ্য অনুসৰি ১৯৬০ৰ দশকটোতে প্রায় ডেৰ শতাধিক এনে ৰচনা প্রকাশ পায়। বিষয়টোৰ জনপ্রিয়তালৈ লক্ষ্য কৰি ১৯৬৭ চনত ‘লণ্ডন স্কুল অব ইকনমিক্স’ত এখন আলোচনা চক্রৰ আয়োজন কৰা হয়। উল্লেখনীয় যে এই আলোচনা চক্রত অংশগ্রহণ কৰাসকল অকল সমাজবিজ্ঞানীয়ে নাছিল, তেওঁলোকৰ ভিতৰত নৃতত্ববিদ, অর্থনীতিবিদ, ইতিহাসবিদ, দার্শনিক আৰু সমাজতত্ববিদো আছিল। ইয়াৰপৰাই বিষয়টোৰ প্রতি থকা শৈক্ষিক আকর্ষণম অনুমান কৰিব পাৰি।

আলোচনা চক্রত এই নৱ-আৱিষ্কৃত বিষয়টোৱে আলোচকসকলৰপৰা বিশেষ গুৰুত্ব লাভ কৰিলে যদিও তেওঁলোকে পপুলিজমৰ এটা পৰিষ্কাৰ আৰু সর্বসন্মত সংজ্ঞা নিৰূপণত সফল নহ’ল। অৱশ্যে আলোচনা চক্রৰখনৰ পৰা একো সুফল লাভ কৰিব পৰা নহ’ল বুলি ক’ব নোৱাৰি।

কাৰণ ইয়াৰ পাছত ‘পপুলিজম অধ্যয়ন’ (populism studies') নামৰ যি এক শৈক্ষিক ক্ষেত্র আৰম্ভ হ’ল সেয়া এই আলোচনা চক্রৰে ফল বুলি অনুমান কৰিব পাৰি। কোৱা হয় যে ভিন্ন ক্ষেত্রৰ পণ্ডিতৰ আকর্ষণৰ বিষয় হ’লেও ১৯৮০ৰ দশকৰপৰা ৰাজনীতি বিজ্ঞানৰ সমাজখনে ইয়াক কেৱল তেওঁলোকৰ নিজৰ ক্ষেত্রৰ বিষয় হিচাবে অন্তর্ভুক্ত কৰি লোৱা আৰম্ভ কৰে।

১৯৮১ চনত ব্রিটিছ ৰাজনীতি তাত্বিক মার্গাৰেট কেনভেনে পপুলিজম বিষয়টোক লৈ এখন বিস্তৃত আৰু প্রভাৱশালী গ্রন্থ ৰচনা কৰে; সামগ্রিকভাৱে পপুলিজমৰ বিভিন্ন নিদর্শন ব্যাখ্যা কৰিবলৈ গৈ কেনভেনে তেওঁৰ গ্রন্থখনত মুঠতে সাত বিধ পপুলিজমৰ ব্যাখ্যা আগবঢ়ায়।

সেইকেইটা হৈছে, কৃষকৰ পপুলিজম, ভূমিহীন কৃষি শ্রমিকৰ পপুলিজম, বুদ্ধিজীৱীৰ পপুলিজম, পপুলিষ্ট একনায়কত্ববাদ, পপুলিষ্ট গণতন্ত্র, প্রতিক্রিয়াবাদী পপুলিজম, আৰু ৰাজনীতিবিদৰ পপুলিজম। (farmers’ populism, peasants’ populism, intellectuals’ populism, populist dictatorship, populist democracy, reactionary populism, and politicians’ populism)।

ইমানখিনিলৈকে আগ বঢ়াৰ পাছত কেনভেনে এই সকলো পপুলিজমৰ এটা সাধাৰণ প্রকৃতি বিচৰাত নিজৰ আপত্তি দর্শাই উল্লেখ কৰে এই সকলো পপুলিজমক এটা মূললৈ নিয়াটো সম্ভৱ নহয়।

তাত্ত্বিক পণ্ডিতসকলৰ দৃষ্টি এইবাৰ বিশ্বৰ ভিন্ন অঞ্চলত উত্থান হোৱা বাস্তৱ পপুলিজমৰ দিশে ধাৱিত হয়। ১৯৯০ৰ দশকৰপৰা পপুলিজমৰ উত্থানত আটাইতকৈ বেছি প্রভাৱিত অঞ্চলটো হৈছে দক্ষিণ আমেৰিকা আৰু ইউৰোপ। ১৯৮০ৰ দশকত দক্ষিণ আমেৰিকাৰ কেইখনমান দেশৰ ৰাজনীতিত সামৰিক শাসনৰ পৰা গণতন্ত্রলৈ হোৱা ৰূপান্তৰৰ সময়ত তাত এবিধ নতুন বিধৰ পপুলিজমৰ উত্থান হোৱাৰ বিষয়টোৱে তাত্বিক পণ্ডিতসকলৰ আলোচনাত স্থান পাবলৈ আৰম্ভ কৰে।

বিশেষকৈ ব্রাজিল, পেৰু, আর্জেণ্টিনাত দেখিবলৈ পোৱা এই পপুলিজমে সৃষ্টি কৰা বিতর্কত পপুলিজম আৰু গণতন্ত্রৰ মাজত থকা পৰস্পৰ বিৰোধী প্রকৃতিৰ বিষয়টোৱেও গুৰুত্ব লাভ কৰে। ২০০০ চনৰপৰা শৈক্ষিক দিশৰ আলোচনাত গণতন্ত্রৰ ওপৰত পপুলিজমৰ প্রভাৱৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিবলৈ লয়। এই ক্ষেত্রত দক্ষিণ আমেৰিকাৰ ইকুৱেড'ৰ, বলিভিয়া, ভেনিজুৱালাত আৰম্ভ হোৱা বামপন্থী উগ্রবাদী সংস্কাৰে বিশেষ অৰিহণা যোগায়, য’ত প্রতিষ্ঠিত অভিজাত শ্রেণীৰ ক্ষমতা হ্রাস কৰি শাসন প্রক্রিয়াত সাধাৰণ জনতাক অন্তর্ভুক্ত কৰাৰ এটা প্রক্রিয়া আৰম্ভ কৰা হয়।

ইউৰোপৰ ক্ষেত্রত ১৯৯০ৰ দশকৰ আৰম্ভণিৰ পৰা পপুলিজমৰ অধ্যয়নত নির্বাচন প্রক্রিয়াত উগ্র সোঁ-পন্থী পপুলিষ্টৰ আধিপত্যৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিবলৈ লয়। প্রথমতে কেইখনমান দেশত সীমাবদ্ধ থকা সৰু সৰু দলবোৰৰ মাজত গা কৰি উঠা এই ধাৰাটো পাছলৈ ইউৰোপৰ প্রায় আটাইবোৰ দেশতে বৃহৎ দলবোৰৰ মাজতো লক্ষ্য কৰা হয়।

ইয়াৰ ফলতে পৰিচয়ৰ সংকট আৰু দেশ এখনৰ ভূমিপুত্রৰ বিষয়টোৱে ৰাজনৈতিক দলবোৰৰ মাজত গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা আনকি গ্রীন পার্টিৰ দৰে বহু-সংস্কৃতিক সমর্থন জনোৱা দলবোৰো সাৰি যাব নোৱাৰে।

উল্লেখযোগ্য যে ঊনবিংশ শতিকাৰ পপুলিষ্ট দলৰপৰা একবিংশ শতিকাৰ ড'নাল্ড ট্রাম্পলৈকে সামৰি আমেৰিকাৰ ৰাজনীতিত পপুলিজমে সময়ে সময়ে এটা গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি থাকিলেও এই বিষয়ে বিস্তৃত অধ্যয়ন পর্য্যাপ্ত নহয় বুলি তাত্বিক পণ্ডিতসকলে মত প্রকাশ কৰে।

এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা উচিত হ’ব। ঊনবিংশ শতিকাৰ মাজভাগত আৰম্ভ হোৱা পপুলিজম বিষয়ক আলোচনা সময় পাৰ হোৱাৰ লগে লগে বিশ্বৰ ভিন্ন অঞ্চললৈ প্রসাৰিত হয় আৰু এই বিষয়ক বিভিন্ন গৱেষণামূলক ৰচনা প্রকাশ দ্রুত গতিত বাঢ়ি যাবলৈ আৰম্ভ কৰে।

মন কৰিবলগীয়া যে ১৯৫০-১৯৬০ চনৰ এই সম্পর্কীয় প্রায় ডেৰশ ৰচনাৰ বিপৰীতে ১৯৯০-২০০০ চনৰ ভিতৰত তেনে ৰচনাৰ সংখ্যা আছিল প্রায় ডেৰ হাজাৰ। সময়ৰ লগে লগে ইয়াৰ সংখ্যা বাঢ়ি গ’ল। প্রাপ্ততথ্য অনুসৰি ২০০০-২০১৫ চনৰ সময়ছোৱাত পপুলিজম বিষয়টোত প্রতি বছৰে গড়ে প্রায় এশখন উল্লেখযোগ্য ৰচনা তথা কিতাপ প্রকাশ পালে; ২০১৬, ২০১৭ আৰু ২০১৮ চনত এই সংখ্যা আছিল ক্রমে ২৬৬, ৪৮৮ আৰু ৬১৫।

এই তথ্যই সাম্প্রতিক সময়ৰ বিশ্বৰ ৰাজনীতিত পপুলিজমৰ বাস্তৱিক গুৰুত্বক নিঃসংকোচে প্রমাণ কৰে বুলি নিশ্চয় ক’ব পৰা যায়। লগতে ই এই কথাও নিশ্চয় প্রমাণ কৰে যে ৰাজনীতিৰ ক্ষেত্রখনত আপেক্ষিকভাৱে কম বয়সীয়া এই তত্বক উপেক্ষা কৰাটোও এতিয়া সম্ভৱ নহয়।

যি হওক, আৰম্ভণি সময়ৰ এই ৰচনাবোৰৰ বিশ্লেষণাত্মক অধ্যয়নত পপুলিজমৰ সর্বজন স্বীকৃত এটা সংজ্ঞা নিৰূপণৰ প্রচেষ্টা অব্যাহত আছিল যদিও সেই ক্ষেত্রত বিশেষ সফলতা লাভ কৰিব পৰা হোৱা নাছিল।

তথাপিও এই অধ্যয়নৰপৰা পপুলিজম সম্পর্কীয় এটা সাধাৰণ ধাৰণা উন্মোচিত হোৱা বুলি ক’ব পৰা যায়। সেয়া হৈছে, এখন সমাজৰ ‘জনগণ’ ('the people') আৰু সেইখন সমাজৰে ‘অভিজাত শ্রেণী’ ('the elite') - এই দুটা ভাগৰ মাজত থকা এক বিশেষ সম্পর্ক আৰু ভিন্ন ৰূপত উন্মোচিত তাৰ প্রতিক্রিয়া।।