পপুলিজম আৰু গণতন্ত্র


Image Description

(৭)
পপুলিজম আৰু গণতন্ত্রৰ মাজৰ সম্পর্ক এটা অতি বিতর্কিত বিষয়। যদিও এই সম্পর্কত পপুলিজমৰ আলোচক পণ্ডিতসকল একমত হ’ব পৰা নাই, তথাপিও এটা কথাত প্রায় সকলোৱে সহমত প্রকাশ কৰে যে পপুলিজমত গণতন্ত্রৰ প্রতি এটা অন্তর্নিহিত বিপদ সদায়ে বিদ্যমান।

এগৰাকী ফৰাচী বুদ্ধিজীৱী পিয়েৰি ৰ'ছানভেল্লঁৰ মতে পপুলিজম হৈছে, ‘প্রতিনিধিত্ব গণতন্ত্রৰ আদর্শ আৰু প্রক্রিয়াৰ বিকৃত বিপর্য্যয়।'

('a perverse inversion of the ideals and procedures of representative democracy.')

অৱশ্যে এই কথা সত্য যে সকলো বিষয়তে দুই-এজনৰ মত সদায় সংখ্যাগৰিষ্ঠ লোকৰ মতৰ বিপৰীতে যোৱাৰ দৰে এই ক্ষেত্রখনো তাৰ ব্যতিক্রম হোৱা নাই। পপুলিজমক গণতন্ত্রৰ বিপদ বুলি গণ্য নকৰা কমসংখ্যক চিন্তাবিদৰ ভিতৰত আর্জেণ্টিনাৰ চিন্তাবিদ আর্নেষ্ট'লেক্ল’ অন্যতম। তেওঁৰ মতে পপুলিজম হৈছে: ‘গণতন্ত্রৰ গণতন্ত্রীকৰণ',('democratization of democracy') কাৰণ, ‘বর্জিত বুলি গণ্য কৰা ক্ষেত্রসমূহৰ যি দাবী তাৰ একত্রিকৰণতো ই অনুমোদন জনায়।'

এই দুই মতবাদৰ মাজত অৱস্থান কৰাসকলে এটা কথা গ্রহণ কৰিবলৈ বাধ্য হয় যে নির্বাচনী শক্তি আৰু পপুলিজমৰ উদ্দেশ্যৰ ওপৰত নির্ভৰ কৰিহে এই সিদ্ধান্তলৈ আহিব পৰা যায় যে ই গণতন্ত্রৰ বাবে বিপদ নে সংশোধক। এই কথা সঁচা যে উদাৰবাদ, ৰাষ্ট্রীয়তাবাদ, সমাজবাদ, আদি অন্য মতবাদবোৰৰো গণতন্ত্রৰ প্রতি যোগাত্মক আৰু ঋণাত্মক প্রভাৱ থাকে। পপুলিজমো তাৰ ব্যতিক্রম নহয়।

এই সম্পর্কে বিশদ আলোচনালৈ যোৱাৰ আগতে আমি পপুলিজম আৰু গণতন্ত্রৰ তাত্ত্বিক দিশটোৰ বিষয়ে অৱগত হ’ব লাগিব। পপুলিজমত উদ্দেশ্য অনুসৰি সলনি হৈ থকা সংজ্ঞাৰ সম্ভাৱনা থকা ‘প্রকৃত জনতা’ আৰু ‘অভিজাত শ্রেণী’ৰ মাজৰ দ্বন্দ্ব আৰু প্রকৃত জনতাৰ আশা - আকাংক্ষাক সাকাৰ কৰিবলৈ ওলাই অহা পপুলিষ্ট নেতাৰ কথা মনত ৰাখি আমি এতিয়া গণতন্ত্রৰ বিষয়ে কিছু কথা আলোচনা কৰা উচিত হ’ব।

আক্ষৰিক অর্থত গণতন্ত্রৰ অর্থ হৈছে জনতাৰ শাসন। আমি জানোঁ, এই ব্যৱস্থাত জনতাই প্রত্যক্ষভাৱে শাসন নকৰে, জনতাই নির্বাচনী প্রক্রিয়াৰে বাছনি কৰা প্রতিনিধিয়ে জনতাৰ হৈ শাসন চলায়। গতিকে মুক্ত আৰু নিকা নির্বাচন ব্যৱস্থা হৈছে গণতন্ত্রৰ মূল সম্পদ।

গণতন্ত্রৰ মুখ্য তথা সর্বোচ্চ ক্ষমতা নিহিত হৈ থকা জনতাই এই নীতি নির্ধাৰণ কৰে যে গৰিষ্ঠসংখ্যকে যাক নির্বাচিত কৰিব সেইজনেই হ’ব জনতাৰ শাসক। সেইবাবে গণতন্ত্রক গণ-সার্বভৌমত্ব আৰু গৰিষ্ঠসংখ্যকৰ শাসনৰ সংযোজন বুলি ক’ব পৰা যায়। এই গণতন্ত্র প্রত্যক্ষ অথবা পৰোক্ষ, উদাৰ অথবা অনুদাৰ হ’ব পাৰে।

গণতন্ত্র বুলি ক’লে আমি যাক বুজি পাওঁ, সেয়া হৈছে প্রকৃততে ‘উদাৰ’ গণতন্ত্র (liberal democracy)। গণতন্ত্র আৰু উদাৰ গণতন্ত্রৰ মাজত পার্থক্য নথকা নহয়। উদাৰ গণতন্ত্রত গণ-সার্বভৌমত্ব আৰু গৰিষ্ঠসংখ্যকৰ শাসনৰ উপৰি তাত কেইটামান স্বতন্ত্র অনুষ্ঠানৰ ব্যৱস্থাও থাকে।

সেই স্বতন্ত্র অনুষ্ঠানসমূহৰ মুখ্য উদ্দেশ্য হৈছে গৰিষ্ঠসংখ্যকৰ শাসনৰ নামত যাতে কোনো জনতাৰ ওপৰত অত্যাচাৰ - উৎপীড়ন নহয় তাৰ প্রতি সতর্ক দৃষ্টি ৰাখি তাৰ প্রতিকাৰৰ ব্যৱস্থা কৰা। মুখ্যতঃ জনসাধাৰণৰ মৌলিক অধিকাৰ, যেনে, বাক-স্বাধীনতা আৰু সংখ্যালঘু জনতাৰ অধিকাৰ, আদি সুৰক্ষিত কৰি ৰখাৰ গুৰু দায়িত্ব এই অনুষ্ঠানেই বহন কৰে।

যিহেতু জনসাধাৰণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ যি কোনো এটা অনুষ্ঠান বা ব্যৱস্থাই সকলোৰে বাবে পৰ্য্যাপ্ত হ’ব বুলি আশা কৰিব নোৱাৰি, সেইবাবে তেনে অনুষ্ঠানৰ সংখ্যা একাধিক হ’ব পাৰে। ইয়াৰ উদাহৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্র আৰু ভাৰতৰ দৰে উদাৰ গণতন্ত্র, য’ত জনসাধাৰণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্বসম্বলিত এখন শক্তিশালী লিখিত সংবিধানৰ লগতে সর্বোচ্চ ন্যায়ালয়ো আছে।

অৱশ্যে ইয়াৰ ব্যতিক্রমো নথকা নহয়; উচ্চ পর্য্যায়ৰ উদাৰ গণতন্ত্র হৈয়ো ইংলণ্ডৰ শাসন ব্যৱস্থাত এই দুয়োটা অনুষ্ঠান নাই। সি যি হওক, এই পার্থক্য সত্বেও উদাৰ গণতন্ত্রত জনসাধাৰণৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰি ৰখাটো এটা অপৰিহার্য্য চর্ত।

গণতন্ত্র আৰু উদাৰ গণতন্ত্রৰ বিষয়ে এইখিনি কথা জনাৰ পাছত এতিয়া এই দুয়োবিধ গণতন্ত্রৰ ওপৰত পপুলিজমৰ কেনে প্রভাৱ পৰিব পাৰে সেই বিষয়ে আলোচনা কৰিব পৰা যায়।

চমুকৈ আমি ক’ব পাৰোঁ যে পপুলিজম গণতান্ত্রিক হ’লেও উদাৰ গণতন্ত্রৰ সৈতে ইয়াৰ বিৰোধ বিশেষভাৱে লক্ষ্যণীয়। এই বিৰোধিতাৰ প্রমাণ সাম্প্রতিক সময়ত পপুলিজমৰ যি কার্য্যপ্রণালী তাৰপৰাই লাভ কৰা হয়। পপুলিজমে এই মত দৃঢ়তাৰে প্রতিষ্ঠা কৰিবলৈ যত্ন কৰে যে ‘প্রকৃত জনতাৰ আকাংক্ষা’ক একোৱে বাধা দিব নোৱাৰে, আৰু এই মতবাদত বহুত্ববাদ ধাৰণাৰ কোনো স্থান নাই।

গতিকে ‘প্রকৃত জনতাৰ আকাংক্ষা’ৰ পথত বাধা হ’ব বিচৰা স্বতন্ত্র অনুষ্ঠানসমূহৰো ইয়াত স্থান নাই যাক মূলতঃ সংখ্যলঘু জনতাৰ অধিকাৰ আৰু মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে প্রতিষ্ঠা কৰা হয়।

গণ-সার্বভৌমত্বৰ ওপৰত থাকি কাম কৰিব বিচৰা সংবিধান, সর্বোচ্চ ন্যায়ালয়, আদি স্বতন্ত্র অনুষ্ঠানসমূহ সেইবাবে সদায় পপুপিজম তথা পপুলিষ্টৰ আক্রমণৰ সম্মুখীন হয়। উদাৰ গণতন্ত্রত স্বতন্ত্র ভূমিকা পালন কৰিবলগীয়া ন্যায়পালিকা আৰু গণতন্ত্রৰ চতুর্থ স্তম্ভ হিচাবে পৰিচিত সংবাদ মাধ্যমৰ প্রতি পপুলিজমৰ আচৰণো মন কৰিবলগীয়া হয়; এই দুয়োটা অনুষ্ঠানকে পপুলিজমৰ মতৰ অধীনস্থ কৰাটো হৈছে প্রথম লক্ষ্য।

এই প্রচেষ্টাত ব্যর্থ হ’লে বিভিন্ন কৌশল অৱলম্বন কৰি এই কাম সমাধা কৰিবলৈ যত্ন কৰা হয়। ১৯৯৯ চনৰপৰা ২০১১ চনৰ ভিতৰত প্রায় দহ বছৰৰ বাবে ইটালীৰ প্রধান মন্ত্রী পদত থাকি কার্য্যনির্বাহ কৰা বিশ্বৰ আগশাৰীৰ পপুলিষ্ট নেতা ছিলভিঅ’ বের্লুস্কনিৰ এষাৰ কথা এই প্রসংগত উল্লেখ কৰিব পাৰি। ন্যায়পালিকাই ‘কমিউনিষ্ট’ৰ হকে কাম কৰা বুলি অভিযোগ কৰি তেওঁ কৈছিল, 'চৰকাৰে নিজৰ কাম কৰি যাব, আৰু সংসদে প্রয়োজনীয় সংশোধনৰদ্বাৰা এই কথা নিশ্চিত কৰিব যে দেশৰ জনতাই নির্বাচিত কৰা প্রতিনিধিক যাতে বিচাৰপতি এজনে কোনো ধৰণে অন্যায় কৰিব নোৱাৰে।'

শব্দৰ ইফাল-সিফাল হ’লেও পপুলিষ্ট নেতাৰ এনে ধৰণৰ দাম্ভিক মন্তব্য আমাৰো একেবাৰে অপৰিচিত নহয় বুলি নিশ্চয় এতিয়া আমি ক’ব পৰা হৈছোঁ।

এই কথাত আচৰিত হ’বলগীয়া একো নাই যে শাসনত থকা পপুলিষ্টে চৰকাৰী সংবাদ মাধ্যমক তেওঁলোকৰ মুখপাত্র হিচাবে ব্যৱহাৰ কৰে আৰু যিবোৰ বেচৰকাৰী মাধ্যমে তেওঁলোকৰ মতৰ বিৰোধিতা কৰে তেওঁলোকৰ ওপৰত বিভিন্ন আতিশয্য প্রয়োগ কৰি তাক বন্ধ কৰাৰ ষড়যন্ত্র কৰে।

তাত্বিকভাৱে পপুলিজমে গণতন্ত্রৰ মূল উপাদান মুক্ত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ ক্ষেত্রত নঞার্থক ভূমিকা পালন কৰে। কাৰণ পপুলিজমৰ বিৰোধিতা কৰা সকলক জনতাৰো শত্রু হিচাবে প্রক্ষেপ কৰাত চৰকাৰী প্রশাসনযন্ত্র আৰু প্রচাৰ মাধ্যমে এনেদৰে কাম কৰিবলৈ লাগে যে বিৰোধী শক্তিক প্রায় নিঃশেষ কৰি পেলোৱাৰ উপক্রম হয়।

শক্তিশালী বিৰোধী অবিহনে গণতন্ত্রই যে ফলপ্রসূভাৱে কাম কৰিব নোৱাৰে সেই কথা পুনৰ দোহৰাৰ প্রয়োজন নাই। অৱশ্যে এই প্রসংগত এটা কথা উল্লেখ কৰিব লাগিব যে নির্বাচনত জনতাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্রত পপুপিলিজমে এক যোগাত্মক ভূমিকা পালন কৰে। কাৰণ, দেশৰ সংখ্যাগৰিষ্ঠ যি নাগৰিক শ্রেণীক পপুলিজমে ‘প্রকৃত জনতা’ হিচাবে চিনাক্ত কৰে, তেওঁলোকক বিভিন্ন প্রচাৰ মাধ্যমৰ জৰিয়তে উদ্বুদ্ধ কৰি তেওঁলোকৰ আকাংক্ষাৰ বিপৰীতে ঠিয় হোৱা ‘অভিজাত শক্তি’ক নির্বাচনত বিপুল ভোটত পৰাজিত কৰিবলৈ শক্তিশালী প্রচাৰ চলোৱা হয়।

এই কামত পপুলিজমৰ অন্য এক শক্তিশালী উপাদান নির্দিষ্ট গুণবিশিষ্ট ‘নেতা’ এজনৰ হতুৱাই শাসনলৈ আহিলে পূৰণ কৰবিলগীয়া বিভিন্ন প্রতিশ্রুতিও আগবঢ়োৱা হয়। এই সকলোবোৰ মিলি জনতাই যদি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিশেষ আগ্রহ প্রকাশ কৰে, তাত আচৰিত হ’বলগীয়া একো নাই।

শেষত এই সিদ্ধান্তলৈ নিশ্চয় আহিব পাৰি যে জনতাই বাচি দিয়া চৰকাৰ এখনে অনির্বাচিত কোনো অনুষ্ঠানৰ ওচৰতে সেও নামানে বুলি বিশ্বাস কৰা পপুলিজমে গণতন্ত্রক এক প্রকাৰ ‘চৰমপন্থী গণতান্ত্রিক শাসন ব্যৱস্থা’ অথবা ‘অনুদাৰ’ গণতন্ত্রলৈ পর্য্যবেশিত কৰাৰ সম্পূর্ণ সম্ভাৱনা থাকে। এই সম্ভাৱনাই এনে শংকাকো বহন কৰে যে পপুলিজমৰ প্রভাৱত উদাৰ গণতন্ত্র লাহে লাহে একক জাতিতন্ত্রৰ (ethnocracy) দিশে আগবাঢ়ি যায়, য’ত সংখ্যাগৰিষ্ঠ এটা জাতিৰ স্বার্থ সুৰক্ষিত কৰাৰ নামত সংখ্যালঘু অন্য জাতিৰ স্বার্থ সুৰক্ষাৰ বিষয়টো অবিচার্য্য যেন হৈ পৰে।

আৰু, এই কাৰণতে পপুলিজম হৈ পৰিব পাৰে উদাৰ গণতন্ত্রৰ মূল উদ্দেশ্যত এক মোক্ষম আঘাত।

পপুলিজমে গণতন্ত্রক কেনেদৰে এক স্বৈৰতন্ত্রলৈ লৈ যাব পাৰে, তাৰ প্রমাণ হৈছে তুৰস্ক। সেই ঐতিহাসিক অভিজ্ঞতাৰ এক বিশদ বিৱৰণ তুৰস্কৰ সাংবাদিক তথা লেখিকা ইচি টেমেলকুৰানৰ ২০১৯ চনৰ বিখ্যাত গ্রন্থ ‘হাউ টু লুজ এ কান্ট্রি : দ্য ছেভেন ষ্টেপছ ফ্রম ডেমক্রেচি টু ডিক্টেটৰশ্বিপ’ত লাভ কৰা যায়। পপুলিজমৰ প্রসংগত গ্রন্থখনৰ বিষয়বস্তু সম্পর্কে এটা আলোচনা নিশ্চয় প্রয়োজন হ’ব।।