প্ৰাথমিক শিক্ষকৰ মৰগীয়া বানচ আৰু চৰকাৰৰ দায়সৰা কৌশল


Image Description

যোৱা ১ ছেপ্টেম্বৰ তাৰিখে প্ৰাথমিক পৰ্য্যায়ৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে মৰগীয়া বানচ সম্পৰ্কীয় এখন চৰকাৰী নিৰ্দেশনা ওলাল ৷ অৰ্থাৎ সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ৰাজ্যৰ প্ৰায় ৩৭ হাজাৰ ঠিকাভিত্তিক শিক্ষকে যোৱা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ১০% মৰগীয়া বানচ পাব। ইয়াৰোপৰি অহা ৯ এপ্ৰিল ২০২৩ বৰ্ষৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বানচ ৭% কৈ বৃদ্ধি হোৱাৰ কথা অসম চৰকাৰৰ শিক্ষা বিভাগে সদৰি কৰিছে।

কিন্তু প্ৰকৃত ছবিখন ইয়াৰ বিপৰীতহে ৷ চৰকাৰৰ এই ঘোষণা তথা সিদ্ধান্তক লৈ ঠিকাভিত্তিক সদৌ অসম প্ৰাথমিক শিক্ষক সমাজে অসন্তুষ্টি প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত প্ৰাথমিক শিক্ষক সমাজে কৈছে যে সৰ্বশিক্ষাৰ অধীনত ২০১৩ বৰ্ষৰ পৰাই ধাৰাবাহিকভাৱে নিয়মীয়া শিক্ষকৰ দৰেই দৰমহা তথা মৰগীয়া বানচ আদিকে ধৰি আন আন সা-সুবিধা লাভ কৰি আহিছিল যদিও ২০১৯ বৰ্ষৰ পৰাই নিয়মীয়াকৈ মৰগীয়া বানচ লাভ কৰা নাছিল।

পাছৰ পৰ্য্যায়ত চৰকাৰে ৫% মৰগীয়া বানচ বকেয়াবিহীনভাৱে চলিত বৰ্ষৰ ( ২০২২ ) জানুৱাৰি মাহৰ পৰা প্ৰদান কৰিলেও নিয়মীয়া শিক্ষকে লাভ কৰা ৩৪% মৰগীয়া বানচৰ বিপৰীতে প্ৰাথমিক শিক্ষকে মাত্ৰ ১৭% মৰগীয়া বানচহে লাভ কৰি আহিছিল।

পৰৱৰ্তী সময়ত এই ন্যায্যপ্ৰাপ্তিৰ দাবীত প্ৰাথমিক শিক্ষকে সৰ্বশিক্ষা ঘেৰাও আন্দোলন কাৰ্য্যসূচীও হাতত ল’ব লগাত পৰিছিল। ফলত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন জিলাৰ শিক্ষকৰ স'তে আলোচনাত মিলিত হৈ এই সমস্যাৰ সমাধানৰ আশ্বাস দিছিল।

কিন্তু যোৱা ১ ছেপ্টেম্বৰ তাৰিখে চৰকাৰৰ শিক্ষা বিভাগে বৈষম্যমূলকভাৱে যি মৰগীয়া বানচৰ কথা ঘোষণা কৰিলে তাকে লৈ টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকল স্তম্ভিত হৈ পৰিছে। নিয়মানুযায়ী ২০২১ বৰ্ষৰ পৰা পাবলগীয়া ন্যায্য ১১% আৰু ৩%ৰ লগতে ২০২২ ৰ জানুৱাৰি মাহৰ পৰা পাবলগীয়া ৩% কে ধৰি মুঠ ১৭% ( ১১+৩+৩) মৰগীয়া বানচৰ বিপৰীতে এতিয়া ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ১০% আৰু বাকী ৭% অহা বছৰৰ, অৰ্থাৎ ২০২৩ বৰ্ষৰ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব বুলি যি নিৰ্দেশনা প্ৰকাশ পাইছে তাৰ দ্বাৰা নিয়মাৱলী সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ লগতে ৰাজ্যপালৰ নিৰ্দেশনা আৰু সৰ্বশিক্ষা মিছনে ( অসম) স্বাক্ষৰ কৰা চুক্তিপত্ৰ ভংগ কৰিছে।

চৰকাৰী ৰাজকোষ উদং হোৱাৰ স্বাৰ্থতেই হওক বা নিত্য নতুন কেতবোৰ টুলুঙা আঁচনি গঢ়ি হিতাধিকাৰী সৃষ্টিৰ প্ৰৱণতাই হওক, চৰকাৰৰ এনে অদূৰদৰ্শিতাই অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাত জড়িতসকলৰ মানসত যে হতাশাজনক পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া ধুৰুপ।

প্ৰাৰ্থমিক পৰ্য্যায়ৰ শিক্ষকসকলে যি সময়ত নিজৰ সৰ্বস্বখিনি নিয়োগ কৰি শিক্ষাৰ বুনিয়াদী ভেটি সবল কৰাত অহোপুৰুষাৰ্থ কৰি আহিছে, সেই সময়ত আত্মসহায়ক গোটৰ স্বাৱলম্বিতাৰ দিশত কেৱল চৰকাৰী ৰাজকোষৰ কোটি কোটি টকা অপব্যয় কৰি স্কুটি প্ৰদানৰ দৰে চমক সৃষ্টিকাৰী চৰকাৰী কাৰ্য্যই ৰাজ্যৰ প্ৰকৃত সমলবোৰৰ উত্তৰণৰ ক্ষেত্ৰত কুপ্ৰভাৱ পেলাইছে।

শিক্ষকৰ প্ৰতি কৰা অসম চৰকাৰৰ এই ধৰণৰ বৈষম্যমূলক আচৰণে অনাগত দিনত যে শিক্ষকসকলক পুনৰ একো একোজন আন্দোলনকাৰীলৈ ৰূপান্তৰ কৰিব তাত কোনো সন্দেহ নাই ৷

আৰু শিক্ষাৰ বুনিয়াদী পৰ্য্যায়ৰ যুঁজাৰুসকলেই যদি শিক্ষাগৃহ এৰি আহি ন্যায্যপ্ৰাপ্যৰ বাবে পথত আন্দোলন কৰিবলগা হয়, তেন্তে শিক্ষাৰ সেই ভেটি কিমান টনকিয়াল হৈ গঢ়ি উঠিব সেয়া সহজেই অনুমেয়।।