মাজুলীৰ ছবিখন


Image Description

৭ মাৰ্চ মাজুলীত উপ-নিৰ্বাচনৰ দিন।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শ্ৰীচিত্তৰঞ্জন বসুমতাৰী। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। বিজেপিৰ শ্ৰীভুবন গাম।

চকুত লগা বিষয়বোৰ এনে ধৰণৰ।

বিজেপিয়ে উন্নয়নৰ কথা ক'ব পৰা নাই। ২০১৬ আৰু ২০২১ত চৰকাৰ গঠন কৰা দলটোৱে কি কৰিব পাৰিলে গৌৰৱেৰে ক'ব নোৱৰাটো চৰম ব্যৰ্থতা।

শিক্ষাখণ্ডৰ অৱস্থা দুখলগা। ভবিষ্যত প্ৰজন্মৰ কথা শাসকে নাভাবিলে। স্বাস্থ্যখণ্ডৰ অৱস্থাই জনসাধাৰণৰ বাবে অতি চিন্তাৰ বিষয়। সন্তানসম্ভৱাৰ টোপনি হেৰায়।

শাসক দলে দলংখন ৰাজনৈতিক বিষয় কৰি পেলালে। ছয় বছৰে আগবঢ়া নাই। কাৰিকৰী দিশ ঠিকেই নহ'ল। কিন্ত ঠিকাদাৰজন ঠিক কৰিলে।

মাজুলীক বিশ্ব-ঐতিহ্যৰ বাবে প্ৰস্তুত কৰি তোলা ন'হল। আচলতে কোনো চিন্তা-চৰ্চাই হোৱা নাই। আঁভুৱা ভাৰিছে। শাসনা দলৰ ক'বলৈ একো ইতিবাচক দিশ নাই। সেইবাবেই আশ্ৰয় লৈছে টুলুঙা কথাৰ।

শাসক দলে কি কৰিলে ক'ব পৰা নাই বাবে অজাপই উন্নয়নৰ ৰূপৰেখা মূল বিষয় কৰিলে। মানুহক চিন্তাৰ খোৰাক দিছে। গামৰ মাটিবাৰীৰ দুৰ্নীতি মানুহে বিশ্বাস কৰিবলৈ ল'লে। গামৰ কাগজ এখন পঢ়িবলৈ নোৱৰাৰ অক্ষমতা মানুহৰ মুখে মুখে।

ভোটাৰে দুখন মুখৰ দুখন স্পষ্ট ছবি পাইছে। কোনজনে মাজুলীক স্থিতাৱস্থাত ৰাখিব আৰু কোনজনে আগুৱাই নিব। সিদ্ধান্ত লোৱাৰ সময় নিচেই কাষতে । কোন নিকা আৰু কোনজন দুৰ্নীতিৰ বোজাত আক্ৰান্ত।

সিদ্ধান্ত যেন সহজ আৰু পোনপটীয়া হৈ আছে। সকলোৰে দৃষ্টি মাজুলীবাসীৰ ওপৰত।।