ৰাজনীতি


Image Description

ৰাজনীতি বুলিলে সাধাৰণতে ৰজাৰ নীতি বুলিয়ে ধাৰণা এটা মনলৈ আহে । ৰাজতন্ত্ৰত ৰজাই যি নীতি আধাৰত ৰাজ্য পৰিচালনা কৰিছিল সেই নীতি নিয়মকে ৰাজনীতি বুলি কোৱা হৈছিল । ৰাজধৰ্মৰ মূল নীতিটো আছিল প্ৰজাৰ সুখ-শান্তি বিঘ্নিত নোহোৱাকৈ ৰাজ্য পৰিচালনা কৰা । ৰজা প্ৰজাৰ প্ৰতি দায়বদ্ধশীল হোৱাটো আছিল প্ৰথম কথা। সেই ফালৰ পৰা চালে ৰজাই প্ৰজাক শাসন কৰা নাছিল, ৰাজ্য পৰিচালনাহে কৰিছিল।

ৰাজতন্ত্ৰত ৰজা সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী। ইয়াৰ গইনা লৈ একাংশ ৰজাই ৰাজ্য পৰিচালনাৰ নামত প্ৰজাৰ ওপৰত দমন নীতিও প্ৰয়োগ কৰিছিল। তেতিয়া ৰজা হৈ পৰিছিল শাসক আৰু ক্ষমতা প্ৰয়োগৰ শাসক হিচাপে বিবেচিত হৈছিল। ৰাজধৰ্ম পালনৰ নামত যি ৰজাই নীতি নিয়মৰ অপপ্ৰয়োগ কৰিছিল সেই ৰজাৰ শাসন কুশাসন হিচাপে গণ্য হৈছিল ।

ৰাজতন্ত্ৰৰ সেই সুশাসন আৰু কুশাসন আজিৰ সংসদীয় ৰাজনীতিতো বিদ্যমান হৈ আছে।গণতন্ত্ৰ ৰাজতন্ত্ৰৰ এক ৰূপান্তৰ বুলিয়ে ধাৰণা কৰিব পাৰি । সংসদীয় ৰাজনীতিত মূলতঃ দলীয় ৰাজনীতিৰ ধাৰণাতে সীমাবদ্ধ হৈ থাকে যদিও ৰাজনীতিৰ পৰিসৰ কিন্তু বহল। ৰজাই প্ৰয়োগ কৰা নীতিৰ আধাৰত সমাজ বা ঘৰ এখনো পৰিচালিত হ'ব পাৰে। ৰাজনীতিত যেনে ধৰণে সুশাসন আৰু কুশাসন থাকিব পাৰে, তেনে ধৰণে নীতি আৰু কূটনীতিও থাকিব পাৰে। সকলো ক্ষেত্ৰতে কূটনীতি কিন্তু বৰ্জনীয় হ'ব নোৱাৰে। জনকল্যাণৰ বাবে কূটনীতিও কেতিয়াবা গ্ৰহনীয় হৈ পৰে। কূটনীতি ৰাজনীতিৰে এটা অংশ হিচাপে বিবেচিত হৈ আহিছে। মাতৃ এজনে সন্তানৰ ভালৰ বাবে পুখুৰীৰ পাৰলৈ যোৱাত বাধা দিবলৈ তাত ভূত ওলোৱা বুলি ক'ব পাৰে।তেনে ধৰণে গুৰুই শিষ্যক বা শিক্ষকে ছাত্ৰক শিক্ষাদানৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰিব পাৰে।

তদুপৰি সমাজৰ নীতি-নিয়ম অক্ষুণ্ণ ৰাখিবলৈ পাপপূণ্যৰো গইনা লোৱা হয়। ইয়াকো ৰাজনীতি বুলি ধাৰণা কৰে বহুতে। কিন্তু সম্প্ৰতি সংসদীয় ৰাজনীতিত অকল দলীয় ৰাজনীতিয়ে প্ৰাধান্য পায় । এই ধাৰণাটোকে এতিয়া প্ৰায় প্ৰতিজন লোকে চৰ্চা কৰে। ইয়াৰ কাৰণটো হৈছে সম্প্ৰতি ৰাজনীতিৰ লগত প্ৰায়বোৰ লোকে সংষ্পৃক্ত হৈ পৰিছে। ৰাজনীতিক বাদ দি সামাজিক, অৰ্থনৈতিক আনকি সাংস্কৃতিকভাৱে জাতি এটা আগবাঢ়ি যোৱাত পৰোক্ষ বা প্ৰত্যক্ষভাৱে বাধাৰ সন্মুখীন হোৱাৰ ধাৰণা হ'ব ধৰিছে ।

এনেবোৰ প্ৰেক্ষাপটত শ্ৰমিকজনৰ পৰা নেতালৈকে আনকি ভোটাধিকাৰ লাভ নকৰা ১৮ বছৰ বয়সৰ তলৰ যুৱক -যুৱতীয়েও ৰাজনৈতিক চৰ্চা কৰে বা চৰ্চা কৰিবলৈ বাধ্য হোৱাৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্তৰৰ দশকত ৰাজনীতিয়ে সাধাৰণ লোকৰ মন মগজুত ইমানখিনি প্ৰভাৱ পেলাব পৰা নাছিল। বিশেষকৈ গৃহিণীসকলৰ ইয়াৰ ধাৰণা স্পষ্ট নাছিল। সাধাৰণ লোক কৰ্মৰ ওপৰত বিশ্বাসী আছিল বাবে এই বিষয়টোৰ ওপৰত ভূ ল'বলৈ ইচ্ছা বা ইয়াৰ পৰা কিবা অনুগ্ৰহ প্ৰাপ্তিৰ কথা মনলৈ অনা নাছিল। মাত্ৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়ে ৰাজনৈতিক দায়িত্ব পালন কৰিছিল।সেই সময়ছোৱাত নেতাসকলেও ৰাজনীতিক সমাজ সেৱাৰ মাধ্যম হিচাপে জ্ঞান কৰি জনসাধাৰণৰ প্ৰতি দায়বদ্ধশীল হৈ আছিল।

অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছৰ পৰা অসমত ৰাজনীতিয়ে সাধাৰণ লোককো প্ৰভাৱান্বিত কৰিবলৈ লয় । দ্ৰুতহাৰত বৃদ্ধি পায় নেতা-পালিনেতাৰ সংখ্যা। অপ্ৰিয় হ'লেও ক'ব লাগিব যে শেহতীয়াভাৱে ৰাজনীতিকৰ সমাজ সেৱাৰ লক্ষ্য ক্ৰমান্বয়ে গৌণ হৈ জীৱন জীৱিকাৰ উপায় হ'বলৈ ধৰিছে। একাংশ লোকে অন্য পেশা বাদ দি ৰাজনীতিকে মুল বৃত্তি হিচাপে গ্ৰহণ কৰি পৰিয়াল ভৰণ-পোষণ দিবলৈ উঠি-পৰি লাগিছে । এচামৰ বাবে জীৱিকাৰ সহজ উপায়টোৱে ৰাজনীতি হৈ পৰিছে ।এনেবোৰ ধাৰণাৰ বাবে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে।

এতিয়া ৰাজনীতি ক্ষমতা সৰ্বোচ্চ হৈ পৰিছে। ক্ষমতা সৰ্বোচ্চ আজিৰ ৰাজনীতিয়ে সৰ্বসাধাৰণ লোকৰ দিন হাজিৰা কৰাজনকো প্ৰভাৱান্বিত কৰিছে। বহুতৰে ধাৰণা হৈ পৰিছে যে ৰাজনৈতিক অনুগ্ৰহ অবিহনে জীৱন জীৱিকা অসম্ভৱ। ক্ষমতাশালী একাংশ নেতাই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে এই ধাৰণা বিয়পাইছে বুলি ক'লে ভুল কৰা নহ'ব। সম্প্ৰতি সামাজিক ব্যৱস্থাৰ পৰা তৃণমূল পৰ্য্যায়ৰ বহুখিনি ক্ষমতা মন্ত্ৰী-বিধায়কৰ হস্তগত হৈছে । এই সন্দৰ্ভত শিক্ষা বিভাগটোৰ প্ৰসংগ উনুকিয়াব পাৰি।সত্তৰৰ দশকৰ শেষলৈকে শিক্ষানুষ্ঠান পৰিচালনা কমিটীৰ শিক্ষক নিযুক্তিকে ধৰি ভালেমান বিষয়ত সিদ্ধান্ত ল'ব পৰা ক্ষমতা আছিল। এতিয়া নিযুক্তিয়ে নহয় সাধাৰণ এটা বিষয়তো ৰাজনৈতিকভাৱেহে সিদ্ধান্ত গ্ৰহণ কৰা হয়। যদিও শিক্ষা বিভাগটো স্বচ্ছ আৰু নিকা কৰি ৰখা বুলি কোৱা হয়, বাস্তৱ ক্ষেত্ৰত কিন্তু সকলো সিদ্ধান্ত ৰাজনৈতিকভাৱে হয়।

তেনে ধৰণে অন্যান্য বিভাগবোৰতো ৰাজনৈতিক হস্তক্ষেপ অবিহনে কোনো কামে কাৰ্য্যত ৰূপ নাপায়।কৃষকজনে চৰকাৰী প্ৰাপ্যখিনিৰ বাবে, দৰিদ্ৰ গৃহহীনজনে চৰকাৰী আবাস যোজনাৰ ঘৰটোৰ বাবে, খোৱাপানী টুপিৰ বাবে, এটা দমকলৰ বাবে মুঠতে সকলোতে ৰাজনৈতিক অৰিহণাৰ প্ৰয়োজন হৈ পৰিছে। সম্প্ৰতি হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিয়ে দেশৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পেলাইছে।আজি একবিংশ শতিকাত জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ পৰিৱৰ্তে এই ধৰণৰ ৰাজনীতিয়ে একাংশ লোকৰ কৰ্মদক্ষতা হ্ৰাস কৰি পৰনিৰ্ভৰশীল কৰি তুলিছে। ইয়াৰ পৰিণতিত ৰাজনৈতিক চৰ্চা বজাৰে-সমাৰে আনকি পাগঘৰ পৰ্য্যন্ত চলিবলৈ ধৰিছে। অতি সম্প্ৰতি শিল্পী-সাহিত্যিক এই ক্ষেত্ৰতখনত সোমাই পৰা পৰিলক্ষিত হৈছে। চৰকাৰী অনুগ্ৰহ লাভৰ আকাংক্ষাত এচাম শিল্পী-সাহিত্যিক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজনীতিত জড়িত হৈ পৰিছে। অৱশ্যে দলীয় ৰাজনীতিত শিল্পী-সাহিত্যিক সোমাই পৰাটো দোষণীয় হ'ব নোৱাৰে।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ভূপেন হাজৰিকা আদিও দলীয় ৰাজনৈতিত জড়িত হৈছিল। কিন্তু তেওঁলোকৰ দৃষ্টিভংগীক সৰ্বসাধাৰণে সমৰ্থন কৰাৰ বিপৰীতে আজি কিন্তু শিল্পী সাহিত্যিক একাংশ সমালোচিত হ'ব লগাটো দুৰ্ভাগ্যজনক।

এফালে কা'ৰ বিৰোধিতা কৰি সৰ্বসাধাৰণকো ৰাজপথলৈ উলিয়াই আনি, আনফালে কা' সমৰ্থনকাৰী দলত চামিল হয়। একমাত্ৰ চৰকাৰী অনুগ্ৰহ তথা জীৱন জীৱিকাৰ সহজ বাটৰ সন্ধানৰ বাবে সুন্দৰৰ আৰাধনাৰ মন্দিৰত প্ৰৱেশ কৰিবলৈ নৌপাওঁতেই পথভ্ৰষ্ট হৈ ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ ওচৰত শৰণাপন্ন হয়।ই দৃষ্টিকটু হৈ ধৰা দিছে সচেতন মহলত।

সম্প্ৰতি ৰাজনীতিয়ে ইমানে প্ৰভাৱ বিস্তাৰ কৰিবলৈ লৈছে যে সমাজৰ সকলো শ্ৰেণীৰ লোকে ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল হৈ শৰণাপন্ন হ'বলৈ বাধ্য হৈ পৰিছে। সেইবাবে চক বজাৰ, বিবাহ সভাহে কেৱল ৰাজনীতিৰ কথা এবাৰ হ'লেও আলোচনা হয়।

এই প্ৰসংগত মাইক্ৰ'ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলাসকলৰ কথা উল্লেখ কৰিব পাৰি। ৰাজনৈতিক অনুগ্ৰহে এই সকল মহিলাক ইমানে আশান্বিত কৰিছে যে আন্দোলন হ'লেও ঋণ মাফ বিচাৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই পৰিস্থিতিয়ে দেশ এখনৰ ভৱিষ্যত অৰ্থনীতিত কি প্ৰভাৱ পেলাব পাৰে চিন্তনীয়। নিজৰ কৰ্ম আৰু দায়িত্ব পাহৰি অৰ্থনৈতিক উন্নয়ণত বাধা জন্মোৱা কোনো ৰাজনৈতিক অনুগ্ৰহ প্ৰাপ্তিৰ আশা কৰা আৰু প্ৰদান কৰা উচিত নে? ৰাজনীতিৰ আজিৰ এই পৰ্য্যায়ৰ পৰা যদি মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰা নহয় তেতিয়া হ'লে ভৱিষ্যতে জনসাধাৰণে কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব এবাৰ চিন্তা কৰা উচিত। মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হ'লেহে সঁচা অৰ্থত ৰাজনীতি হৈ পৰিব সুচাৰুৰূপে ৰাজ্য পৰিচালনা কৰা ৰজাৰ নীতি ।

ম'বাইল ৯১০১২৭৮৮৯০