খেয়ালী প্ৰকৃতি আৰু ন'বেল বঁটা


Image Description

মহাপুৰুষ শংকৰদেৱ আজিৰ পৃথিৱীৰ বাসিন্দা হোৱাহেঁতেন আৰু যদি মহাপুৰুষে ২০২১ চনত শৰৎ বৰ্ণনা কবিতাটো লিখিলেহেতেঁন...সেই একেই শৰৎ বৰ্ণনা আমি পালোহেঁতেননে?

শিল্প বিপ্লৱৰ সময়ৰ পৰা মানুহ যন্ত্ৰনিৰ্ভৰ হল। দ্ৰূত বিকাশ উন্নয়ন হল। কিন্তু বহনক্ষম বিকাশ ধাৰণাটো বহুত পলমকৈ মানুহৰ মনলৈ আহিল। পলম হোৱা বাবে পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হ'বলৈ ধৰিলে। প্ৰকৃতি খেয়ালী হল। এচাম ভৱিষ্যতদ্ৰষ্টা মানুহে আমাক কথাবোৰ আঙুলিয়াই দিলে।

উন্নয়নৰ স্বাৰ্থত আমি তাক আওকাণ কৰি থাকিবলৈ যত্ন কৰিলোঁ। কিন্তু প্ৰকৃতি খেয়ালীৰ পৰা এতিয়া ৰুষ্ট হ'ল। ৰুষ্ট প্ৰকৃতিক গোলকীয় উষ্ণতা বৃদ্ধি আপ্ত বাদ্যখণ্ডৰে বুজাব ধৰিছোঁ ।

কিন্তু কিয় এইবাৰ শৰৎ কালত গ্ৰীষ্মৰ উত্তাপে অসমক দহিছে? অসমৰ নাৰিকল গছেবোৰে কিয় ফল নিদিয়া হ'ল। কাৰ্বি পাহাৰত যে অলপতে প্ৰায় বিছটা হাতী বজ্ৰপাতত নিধন হ'ল তাৰ লগত গোলকীয় উষ্ণতা বৃদ্ধিৰ কিবা সম্পৰ্ক আছে নেকি? অহা বছৰলৈ আৰু কি প্ৰাকৃতিক দুৰ্ঘটনা ঘটিব?

বিজ্ঞানসকলে এই সকলোবোৰ প্ৰশ্ন অৰ্ধশতিকা আগৰ পৰাই মনলৈ আনিছে। উত্তৰ বিচাৰিছে। তেনেকুৱা প্ৰশ্ন মনলৈ অনা আৰু উত্তৰ বিচৰা বিজ্ঞানী তিনিগৰাকী হ'ল- দুহেজাৰ একৈছ বৰ্ষৰ ন'বেল বঁটাৰে সন্মানীত নব্বৈ বছৰীয়া চুক'ৰ' নানাবে, আঠানব্বৈ বছৰীয়া ক্ল'উছ হেছেলমেন আৰু সত্তৰ বছৰীয়া জিঅ'ৰজিঅ' পেৰিছি। তিনিজন পদাৰ্থবিজ্ঞানীৰ গৱেষণাৰ বিষয় আমাৰ দৃষ্টিত পদাৰ্থবিজ্ঞান যেন নালাগে।

ষাঠিৰ দশকত মানুহে দেখুৱাইছিল যে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে আৰু এই বৃদ্ধিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰিছে। সত্তৰৰ দশকত ক্ল'উছ হেলেছমেনে কাৰ্বন ডাই'অক্সাইডৰ বৃদ্ধিয়ে জলবায়ু আৰু বতৰৰ ওপৰত পেলোৱা প্ৰভাৱ বিশ্লেষণ কৰি দেখুৱাইছে। বিশ্বাসযোগ্যভাৱে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিজনে ভৱিষ্যত বাণী কৰিছিল। আশীৰ দশকত জঅ'ৰজিঅ' পেৰিছিয়ে প্ৰকৃতিৰ ভৌতিক প্ৰণালীৰ বিশৃংখলতা আৰু তাৰতম্য গাণিতিক সূত্ৰেৰে বান্ধিব যত্ন কৰিছে।

এই তিনিজন বিজ্ঞানীৰ গৱেষণাই গোলকীয় উষ্ণতাৰ স্বৰূপ, প্ৰতিফল আৰু ভৱিষ্যতৰ দুৰ্ভাৱনা সঠিকভাৱে প্ৰতিষ্ঠিত কৰিছে। এই গৱেষণাসমূহৰ আঁত ধৰিয়ে নতুন প্ৰজন্মৰ বিজ্ঞানী, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিশ্বৰ ৰাজনৈতিক মুৰব্বীসকলে প্ৰতিকাৰমূলক ব্যৱস্থাৰ সন্ধান কৰিছে। ন'বেল সমিতিয়ে ঘোষোণা কৰিছে এই তিনিজনৰ গৱেষণা-কৰ্ম বিজ্ঞানৰ ইতিহাসৰ যুগান্তকাৰী ঘটনা।

পদাৰ্থবিজ্ঞানৰ এইবাৰৰ ন'বেল বঁটাই গোলকীয় উষ্ণতা বৃদ্ধিক পৰম মাত্ৰা প্ৰদান কৰিলে। ৰাষ্ট্ৰসংঘৰ পৰিবেশসম্পৰ্কীয় সংস্থাৰ লগতে অসংখ্য অন্যান্য সংস্থা আৰু বিশ্বৰ ৰাজনৈতিক নেতৃত্বই দুগুণ দায়িত্ববোধেৰে এতিয়া কাম কৰিব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধিক কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ফলপ্ৰসূ উপায় উদ্ভাৱন কৰিব লাগিব।

ন'বেল বঁটাৰে সন্মানিত জৰ্জিঅ' পেৰিছে আমাক কৈছে- এতিয়া আমি তৰিৎ গতিত কাম কৰিব লাগিব।।