গ্ৰহ-বিচাৰ আৰু জনমত


Image Description

সৌৰজগতখনত সূৰ্য্যৰ চাৰিওফালে আঠোটা গ্ৰহ ঘূৰি আছে৷ ইয়াৰে এটা হ’ল আমাৰ সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীখন৷ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ উপগ্ৰহটো ঘূৰি আছে৷ পৃথিৱীৰ দৰে আন গ্ৰহৰো উপগ্ৰহ আছে৷

আকাশখন সদায় মানুহৰ কৌতূহলৰ বিষয় হৈ আহিছে৷ যুগে যুগে বহু শতিকাধৰি মানুহে খালি চকুৰে গ্ৰহ-উপগ্ৰহৰ বিষয়ে সন্ধান লৈ আহিছে৷ অশেষ পৰিশ্ৰমৰ ফলত অযুত তথ্য সংগৃহীত হৈছিল৷

ষোল্ল শতিকাত গেলিলিঅ’ৰ দূৰবীণে আকাশখন মানুহৰ বাবে অধিক পৰিষ্কাৰ কৰি তুলিলে৷ ক’পাৰনিকাছে আৱিষ্কাৰ কৰিলে যে গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে অনবৰতে ঘূৰে৷ ক’পাৰনিকাছৰ পিছতে কেপলাৰ বোলা নভোবিজ্ঞানীজনে বিচাৰি পালে যে গ্ৰহবোৰৰ গতি আৰু গ্ৰহবোৰে এপাক মাৰিবলৈ লোৱা সময়ৰ মাজত সম্পৰ্ক আছে৷

আজিৰ বিজ্ঞানে সূৰ্য্যটো ৰাতিপুৱা কেতিয়া ওলাব আৰু সন্ধিয়া কেতিয়া ডুব যাব সেয়া নিখুঁতভাৱে জানে৷ লগতে নিখুঁতভাৱে জানে মাহটোৰ বিভিন্ন সময়ত চন্দ্ৰ উপগ্ৰহটোৰ বিভিন্ন স্থিতি আৰু দশাবোৰ৷ এতিয়া আৰু সূৰ্য্য, পৃথৱী আৰু চন্দ্ৰৰ স্থান আৰু সময়বোৰ গণনা কৰি থকাৰ প্ৰয়োজন নাই৷ মাউছ টিপিলেই সকলোৰে সম্ভেদ পোৱা যায়৷

মানুহে লগতে এইটোও সদায়ে প্ৰশ্ন কৰি আহিছে সূৰ্য্যকে ধৰি গ্ৰহ-উপগ্ৰহবোৰৰ মানুহৰ ওপৰত কিবা প্ৰভাৱ আছে নেকি? আকাশীয় বস্তুবোৰ ইমান দূৰে দূৰে থাকে যে সেইবোৰৰ মানুহৰ ওপৰত সামান্যতমো প্ৰভাৱ নপৰে৷ আনকি সূৰ্য্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত মানুহৰ ওপৰত প্ৰভাৱ পৰে বুলি ভুল ধাৰণা চলি আহিছে৷ বিজ্ঞানীৰ অকণো সন্দেহ নাই যে সৌৰজগতৰ গ্ৰহ-উপগ্ৰহৰ মানুহৰ কাম-কাজৰ লগত কোনো সম্পৰ্ক নাই৷

সেইদৰে একোখন ঠাইৰ বহু মানুহৰ ওপৰত কোনো সমূহীয়া প্ৰভাৱ পৰে বুলিও বিজ্ঞানে বিশ্বাস নকৰে৷ উদাহৰণ স্বৰূপে, নিৰ্বাচনৰ সময়ত জনমত কোনফালে যাব সেয়া গ্ৰহ-নক্ষত্ৰৰ স্থান আৰু গতিয়ে তিলমানো ক’ব নোৱাৰে৷ চৰকাৰ পাতে আৰু ভাঙে জনমতে৷ গণতান্ত্ৰিক ব্যৱস্থাটোত জনমতেই একমাত্ৰ নিৰ্ধাৰক৷ ইয়াৰ ওপৰত গ্ৰহ-বিচাৰৰ সম্পৰ্ক যুক্তিহীন কথা৷ বিজ্ঞান যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত৷ নিৰ্দিষ্ট নিয়মৰ ওপৰত প্ৰতিষ্ঠিত৷৷