বিৰোধীৰ ঐক্যৰ প্ৰচেষ্টা


Image Description

বিৰোধীৰ সৰহসংখ্যক দলে ঐক্যবদ্ধভাৱে বিজেপিক প্ৰত্যাহ্বান জনাব বিচাৰে। সময়ৰ আহ্বান সকলোৱে বুজিছে। বিশাল দেশখনত ই টান কাম।

কিন্ত্ত ই হৈ উঠিব পাৰে। শাসকৰ ধ্বংসাত্মক চিন্তাই বিৰোধীৰ পথ সম্ভৱপৰ কৰিব। আঞ্চলিক দলবোৰক বিজেপিয়ে নিঃশেষ কৰাৰ পৰিকল্পনা ঘোষণাৰ পিছতে পৰিস্থিতি আৰু সলনি হ'ল।

ই মুখ্য মন্ত্ৰী নীতিশ কুমাৰক নিজৰ সন্মান ৰক্ষা কৰাৰ শেষ সুযোগটো আনি দিলে। বিৰোধীৰ মাজত আলোচনা খৰকৈ চলিছে। ঐক্যৰ প্ৰয়োজনৰ কাৰণবোৰ সাধাৰণ মানুহেও জানে। সকলো সিদ্ধান্তৰ অপেক্ষাত আছে।

সকলোৰে চকু এইবাৰ বিজেডিৰ গুৰিয়াল ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কৰ ওপৰত। দেশৰ মূল্যবোধ বিপদত। দেশৰ সংবিধান সংকটত। মুখ্য মন্ত্ৰী পাটনায়কৰো উপলদ্ধি আন বিৰোধীৰ দৰেই হ' ব।

বিৰোধীৰ নেতাসকলৰ পৰস্পৰৰ প্ৰতি সন্মানৰ অভাৱ নহ'লে ঐক্য সম্ভৱপৰ হৈ উঠিব। প্ৰশান্ত কিশোৰে মুখ্য মন্ত্ৰী কুমাৰক সঘনে সমালোচনা কৰিবলৈ লৈছে।

মন কৰিবলগীয়া যে কোনো বিৰোধী দলে নিৰ্বাচনসম্পৰ্কীয় কামৰ পিছত কিশোৰক দলীয় দায়িত্ব দিব বিচৰা নাই। ঐক্যৰ সন্ধানত গৰিষ্ঠসংখ্যকৰ মতামতে বাট পোনাব লাগিব।।