কাৰ্বিসকলৰ মাজত শস্য উৎসৱ ‘হাচা-কেকান’


Image Description

অসমৰ অন্যান্য জনজাতিৰ দৰেই কাৰ্বিসকলো অসমৰ আদিবাসীসকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী৷ অসমৰ পূৰ্বাংশত অৱস্থিত পাহাৰীয়া অংশই হৈছে কাৰ্বিসকলৰ আদিভূমি– কাৰ্বি আংলং৷

পাহাৰীয় জিলা হিচাপে কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বিসকলৰ উপৰিও অন্যান্য জনগোষ্ঠীৰ জীৱনযাত্ৰা স্বাভাৱিকতে অসমৰ বাকীবিলাক জিলাতকৈ সুকীয়া৷ সেয়েহে, কাৰ্বি আংলঙৰ আদিবাসী কাৰ্বিসকলে পালন কৰা উৎসৱ-পাৰ্বন আদিৰ স্বকীয় বৈশিষ্ট্য মন কৰিবলগীয়া৷

অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ পথাৰখনত কাৰ্বিসকলে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে৷

অসমৰ অন্যান্য জনগোষ্ঠীসমূহে পালন কৰাৰ দৰে কাৰ্বিসকলেও কৃষিৰ লগত সংগতি ৰাখি কৃষি উৎসৱ পালন কৰে। যদিও কাৰ্বি আংলঙৰ পাহাৰীয়া অংশতহে প্ৰধানকৈ ঝুম খেতি কৰা হয়, তথাপি জিলাখনৰ অধিকাংশ ধানেই সমতল ক্ষেত্ৰতহে উৎপন্ন হয়৷

ভৈয়ামৰ ৰঙালী বিহু, বৌসাগু, আলি-আই-লৃগাং আদিৰ দৰে বসন্ত কালত কাৰ্বিসকলৰ মাজত কোনো বিশেষ নৃত্য-গীতৰ প্ৰচলন নাই; যদিও পাহাৰৰ বিভিন্ন ধৰণৰ খেতিৰ লগত সংগতি ৰাখি কাৰ্বিসকলে কৃষি উৎসৱ বা বসন্ত উৎসৱ পালন কৰে৷

কাৰ্বি ভাষাত চবক্ [chubok, এবিধ ৰঙা ধান] নামৰ ধান খেতিয়েই পাহাৰৰ প্ৰধান খেতি৷ চমুকৈ ক’বলৈ হ’লে, কাৰ্বিসকলৰ উৎসৱসমূহ বিভিন্ন ঋতুত কৰা ঝুম খেতিৰ ওপৰতে নিৰ্ভৰ কৰে৷ এই শস্যসমূহ জুন মাহৰ যি কোনো সময়তে সিঁচা হয় আৰু এই শস্যসমূহ ডিছেম্বৰ মাহত চপোৱা হয়৷ শস্যসমূহ মুঠি কৰি সাধাৰণতে মানদু [mandu, পামঘৰ] নামৰ পামঘৰৰ সন্মুখত গোটোৱা হয়৷ জানুৱাৰী মাহত শস্য সৰোৱা কাম কৰা হয় আৰু শস্যসমূহ পেলু [pelu, এবিধ বিশেষ কাপোৰ] নামৰ এবিধ বিশেষ কাপোৰেৰে প্ৰস্তুত কৰা মান্ টুঙ [mentung, ধান মেৰিওৱা কাপোৰৰ বেগ] নামৰ মোনাত ভৰাই ঘৰলৈ কঢ়িওৱা হয়৷

শীতৰ শেষৰফালে, অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী মাহত শস্যসমূহ ঝুম খেতিপথাৰৰ পৰা মাৰি, চপাই গাঁৱলৈ কঢ়িওৱাৰ সময়তে মূল কৃষি উৎসৱ পালন কৰা হয়৷ শস্যসমূহ কাটি, চপাই ভঁৰাললৈ কঢ়িওৱা– এই প্ৰতিটো স্তৰৰ আৰম্ভণিতে একো একোটা বিশেষ পূজা পালন কৰা হয়৷

শস্য চপোৱাৰ লগত জড়িত এই উৎসৱ ‘হাচা- কেকান’ [Hacha-Kekan কৃষি উৎসৱৰ নৃত্য] উৎসৱৰূপে পৰিচিত৷ শস্য চপোৱাৰ পিছত কাৰ্বি ডেকা-গাভৰুৱে লগ লাগি ‘হাচা-কেকান’ নামৰ নৃত্য-গীত কৰে৷ দুই বা তিনিগৰাকী গায়ক-গায়িকাই এজনৰ পিছত এজনকৈ গীতসমূহ পৰিৱেশন কৰে আৰু ডেকা-গাভৰুসকলে গীতৰ লগে লগে নৃত্য কৰে৷ এই নৃত্য-গীত সাধাৰণতে পিছদিনা পুৱালৈকে চলে৷ ‘হাচা কেকান’ উৎসৱৰ গীতসমূহ এনে ধৰণৰ:

[ক]

'এ...

ল’প্ৰিচ বাছান হেই জংকে

অ’কপ্ৰু ডাম নাং নে কাৰণে

জিৰ্ ল’ খাৰু চক্ পাংজে...৷'

অৰ্থাৎ, বিষ দি মাছ মাৰিবলৈ যাবলৈ ৰাতিতে উঠাই ডাঙৰ দাদাই [গাঁওবুঢ়া] মোক আমনি কৰে৷

[খ]

'হিং চং ৱছক টালিৰাং কেকান আ হান চ ল’ নাং৷'

অৰ্থাৎ, সম্পৰ্ষি মণ্ডলে পশ্চিমলৈ গতি কৰিছে৷ ৰাতিপুবাৰ হ’ল৷ এতিয়া নৃত্যানুষ্ঠানৰ ভোজ খাব লাগে৷

এনেদৰে নৃত্য-গীতৰ লগে লগে ৰন্ধা-বঢ়াৰ কামো চলি থাকে আৰু ৰন্ধনৰ সামগ্ৰীসমূহ নাচনীসকলে নিজেই ভঁৰালৰপৰা ৰন্ধনশাললৈ আনে৷ অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলো ব্যক্তিয়েই নৃত্য-গীতৰ অন্তত আহাৰ গ্ৰহণ কৰে৷ আকৌ পৃথিৱীৰ বিভিন্ন জনজাতিসকলৰ অনুৰূপে কাৰ্বিসকলেও নৈবেদ্য হিচাপে হৰ্ লাং [মদ] ব্যৱহাৰ কৰে৷ জনজাতিসকলৰ ই এক অন্যতম জাতিগত বৈশিষ্ট্য৷ ‘হাচা কেকান’ উৎসৱতো হৰ্ লাঙৰ ব্যৱহাৰ বাধ্যতামূলক৷

কাৰ্বিসকলৰ অন্যান্য উৎসৱসমূহ সাধাৰণতে জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে পালন কৰা হয়৷ যেনে:

[১] চ’জুন্ ড্ [Chojund],

[২] চ’মাংকান [Chomangken], [৩] ৰংকেৰ [Rongker], ইত্যাদি৷

চ’জুনড’ক কাম-মে [Kam-me] বুলিও কোৱা হয়৷ যাৰ সাধাৰণ অৰ্থ সৎ কাৰ্য্য ৷ খোৱা আৰু পিয়াই হৈছে চ’জুন্ ড্ ৰ সাহিত্যগত অৰ্থ৷ ইয়াক ভৈয়ামৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি৷ চ’জুন্ ড্ এটি সামূহিক উৎসৱ৷

চ’মাংকান উৎসৱ মৃতকৰ স্মৃতিত পালন কৰা পৰিয়ালৰ উৎসৱ৷ এই উৎসৱত গাঁৱৰ সকলো মানুহে অংশগ্ৰহণ কৰাৰ উপৰিও কাৰ্বি আংলঙৰ বিভিন্ন ঠাইৰ পৰা অহা লোকৰ লগতে মৃতকৰ পৰিয়ালৰ মিতিৰ-কুটুমেও অংশ গ্ৰহণ কৰে৷ চ’মাংকানক ‘কাম-ন’ [Kamno] বুলিও কোৱা হয়৷ কাম-ন’ৰ সাহিত্যগত অৰ্থ অসৎ কাৰ্য্য।

ৰংকেৰ নামৰ সামূহিক উৎসৱটি ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ যি কোনো সময়ত পালন কৰা হয়৷ গাঁৱলৈ কোনো ধৰণৰ অশুভ শক্তি যাতে নাহে, সেই উদ্দেশ্যে এই উৎসৱৰ সময়ত ভগৱানক উদ্দেশ্যে কৰি প্ৰাৰ্থনা কৰা হয়৷

কাৰ্বিসকলৰ পুৰণি ৰাজধানী ৰংহাংৰংবঙ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুতো উৎসৱ পালন কৰা হয়৷ ৰংহাংৰংবঙৰ কাবি ৰেচ’ (Recho), অৰ্থাৎ কাৰ্বিসকলৰ ৰজা আৰু কাথাৰপ’ (Katharpo)সকলৰ দ্বাৰা পালন কৰা হয়৷ কাথাৰপ’ হৈছে কাৰ্বিসকলৰ মূল পুৰোহিত৷

জানুৱাৰী মাহত, অৰ্থাৎ ভোগালী বিহুৰ সময়ত আৰনামকিটি (Arnamkiti) নামৰ উৎসৱটি ৰংহাংৰংঙত পালন কৰা হয়৷ অতীজতে ভগৱানে দিয়া আশীৰ্বাদৰ বাবে ভগৱানক ধন্যবাদ দিয়াৰ উদ্দেশ্যে এই উৎসৱ ৰংহাংৰংবঙত পালন কৰা হয়৷ ‘আৰ্ নাম্ শব্দৰ অৰ্থ হৈছে বিদায়৷

শস্য চপোৱাৰ সময়ত বিশেষকৈ এপ্ৰিল মাহত ৰংহাংৰংবঙত ৱল’কেটেৰ (Voloketer) উৎসৱ পালন কৰা হয়৷ কেতিয়াবা মাৰ্চ মাহত পুৰোহিত [কাথাৰপ’]জনে পৃথিৱীত বৰষুণ দিবলৈ পৃথিৱীৰ সকলো মানুহৰ হৈ ভগৱানক প্ৰাৰ্থনা কৰে৷ ই এক গুৰুত্বপূৰ্ণ উৎসৱ৷ এই উৎসৱৰ সময়ত কাথাৰপ’জনে এটি গীতেৰে ভগৱানক প্ৰৰ্থনা কৰে৷ অন্য কাৰ্বিলোকৰ বাবে এই গীত পৰিৱেশন কৰাটো নিষিদ্ধ৷

কাৰ্বিসকলে এইদৰে পৰম্পৰাগতভাৱে কৃষি উৎসৱ বা বসন্ত উৎসৱ পালন কৰি প্ৰকৃতিৰ নিয়মৰ অধীনত জীৱন নিৰ্বাহ কৰি আহিছে৷।