ন’ম’ফ'বিয়া: ড্ৰাগছবিহীন আসক্তি


Image Description

২০২০ত সমগ্ৰ বিশ্বৰ প্ৰায় ১৯৬খন দেশলৈ বিয়পি পৰা ক'ভিড-১৯ বা ক'ৰ’না ভাইৰাছৰ সংক্ৰমণত আতংকিত হৈ সকলো স্তব্ধ হৈ পৰিছিল ৷ গতিশীল মানৱজাতিক আজি এটা সামান্য ভাইৰাছে পিঞ্জৰাৱদ্ধ কৰি পেলাইছিল ৷ বৰ্তমানে বিশ্বত ক'ৰ’না সন্ত্ৰাসৰ কিছু শাম কাটিছে৷ কিন্তু তাৰ ওলোটা এখন ছবি ভাৰতৰ ক্ষেত্ৰত দেখা গৈছে৷

ভাৰতত ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ক'ৰ’না সংক্ৰমণৰ লগতে মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ২০২১ত ক'ৰ’নাত আক্ৰান্তৰ মৃত্যুৰ হাৰ ২০২০তকৈ যথেষ্ট বৃদ্ধিয়ে হাঁহাকাৰ সৃষ্টি কৰিছে৷ আজিৰ লিখনিত পাঠক সকললৈ বেলেগ এটা বিষয়ৰ চিন্তাহে আগবঢ়াব বিচাৰিছোঁ৷

ওপৰত ক'ৰ’নাক সামান্য ভাইৰাছ বুলি কৈছোঁ কিয়নো, ক'ৰ’না ভাইৰাছতকৈ অধিক শক্তিশালী ভাইৰাছ হ’ল: ইক'লাই, নিপা, চাৰ্চ, এইছআইভি আদি ৷ আন ভাইৰাছতকৈ ক'ৰ’না ভাইৰাছ কম শক্তিশালী হ’লেও ক'ভিড-১৯ সংক্ৰমণ ইমান তীব্ৰগতিত হয় যে বিশ্বৰ প্ৰায় সকলো দেশেই ইয়াৰ সংক্ৰমণৰ পৰা বাচিবলৈ ল'ক ডাউন ঘোষণা কৰিব লগা হৈছিল৷

দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত হৈ থকা চীনা আৰু আমেৰিকাবাসীয়ে ল'ক ডাউনৰ বাবে ঘৰৰ ভিতৰত শুই-বহি দিনৰ পিছত দিন পাৰ কৰিবলৈ বাধ্য হ’ল৷ ঘৰত বন্দী হৈ থাকি কি কৰি থাকে সকলোৱে এক সমীক্ষামতে সমগ্ৰ বিশ্বতে হোৱাট্‌ছএপ, ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউৱৰ ব্যৱহাৰ ৬০ শতাংশ বৃদ্ধি কৰিলে৷

আচৰিত ধৰণে সমগ্ৰ বিশ্বতে অকল হোৱাট্‌ছএপৰ ব্যৱহাৰ ৪০ শতাংশ, ভিডিঅ’ কলিং ৭০ শতাংশ, ফেছবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ ভিডিঅ’ চোৱাৰ শতাংশ অকল্পনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ কেৱল ইটালীত এই ব্যৱহাৰ ১০০ শতাংশতকৈ বেছি বৃদ্ধি পাইছে৷ বৰ্তমান ক'ৰ’নাতংকই এই তথ্যক গুৰুত্বহীন কৰি তুলিছে৷ আজিৰ তাৰিখত সকলোৰে এটাই চিন্তা, যি কৰে কৰক, মুঠতে ঘৰৰ ভিতৰতে শিশু-বৃদ্ধ-বণিতা সকলো সোমাই থাকক৷

এইখিনিতে আমাৰ ভুল হ’বলৈ গৈ আছে৷ ঘৰতে সোমাই থকা মানে অকল ম’বাইল চাই থকাৰ বাহিৰে অন্য উপায় নাই নেকি? দিনটোৰ প্ৰতিক্ষণত ম’বাইলৰ ব্যৱহাৰে আপোনাক আন এটা ব্যাধিত আক্ৰান্ত কৰিব পাৰে যাৰ নাম হ’ল 'ন’ম’ফ'বিয়া'৷

ন’ম’ফবিয়া নামটো কোনো নতুন নাম নহয়, এই 'ফ'বিয়া' বা ভয়ৰ ওপৰত বহুকেইখন গৱেষণাপত্ৰ ইতিমধ্যে প্ৰকাশিত হৈছে৷ এই ৰোগত আক্ৰান্ত হোৱাসকলৰ ভিডিঅ’ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ ন’ম’ফ'বিয়া হ’ল 'Mobile Phone Phobia' , অৰ্থাৎ, আপোনাৰ লগত ম’বাইল নাথাকিলে অনুভৱ হোৱা ভয়ভাব৷

ক'ৰ’না ভাইৰাছে আক্ৰমণ কৰাৰ আগতে সমগ্ৰ বিশ্বৰ বিশেষকৈ যুৱ-প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ন’ম’ফ'বিয়াৰ নামত বহুতো সজাগতামূলক কৰ্মশালা, আলোচনাচক্ৰৰ কাৰ্য্যসূচী গ্ৰহণ কৰি থকা হৈছিল৷

কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই ম’বাইল ফ’নৰ আসক্তিক একবিংশ শতিকাৰ আটাইতকৈ ভয়াৱহ ড্ৰাগছবিহীন এক আসক্তি বুলি ঘোষণা কৰিছে৷ এই আসক্তি বিশেষকৈ দেখা গৈছে ১৬ৰ পৰা ৩৫ বছৰৰ পুৰুষ মহিলাৰ মাজত৷

বিশেষজ্ঞৰ মতে ন’ম’ফ'বিয়াত আমাৰ সমাজৰ ৮০ শতাংশ কিশোৰ-কিশোৰী আক্ৰান্ত হোৱাটো আটাইতকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷ ন’ম’ফ'বিয়াত আক্ৰান্ত হোৱাসকলে হাতত ম’বাইল নাথাকিলে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে, কিবা এটা দুৰ্ঘটনা হ’ব বুলি নিজৰ মনত ভয়ভাৱে খেলা কৰি থাকে৷ ম’বাইল লগত থকা মানে নিজৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি হোৱাৰ দৰে পৰিৱেশ আজিৰ তাৰিখত সকলোৰে মনত অংকুৰিত হৈ পৰিছে৷

ভাৰতীয় টিভি চেনেলৰ এটা বিজ্ঞাপনত ম’বাইল ফ’নৰ এই আসক্তিক মৃগী বেমাৰৰ লগত তুলনা কৰিছে৷ মাজ-ৰাস্তাত মূৰ ঘূৰাই পৰি যোৱা ছোৱালীজনীৰ হাতত ম’বাইল ফ’নটো লগাই দিয়াৰ লগে লগে তাই থিয় হৈ পুনৰ কথা পাতিবলৈ ধৰে৷

ম’বাইল ফ’নৰ অনুপস্থিতিত মানুহৰ মনবোৰ ভয়াতুৰ, আত্মবিশ্বাসহীন, উৎকণ্ঠা বৃদ্ধি, দৃষ্টিশক্তি দুৰ্বল কৰা, উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা, বিষাদগ্ৰস্ততা, অকলশৰীয়া, আশ্ৰয়হীন আদিৰ দৰে লক্ষণ দেখা পোৱা বাবে এই ৰোগক ন’ম’ফ'বিয়া বুলি চিকিৎসা শাস্ত্ৰত নামকৰণ কৰা হৈছে৷

বেয়া লাগে যেতিয়া অনবৰতে ম’বাইলৰ ভিডিঅ’ চাই থকা সুস্থ-সবল শিশু এগৰাকীয়ে ভালদৰে শুব নোৱাৰি ছট্‌ফটাই থাকে৷ ৰাতিপুৱা শোৱাপাটীৰ পৰা নুঠাকৈয়ে গাৰুৰ তলত থকা ম’বাইল উলিয়াই পুনৰ দিনটোৰ কাৰণে নিজ মন-মস্তিষ্ক ম’বাইলৰ বিভিন্ন ক্ৰিয়াকলাপত ব্যস্ত কৰাত নিমগ্ন হৈ পৰে৷ আজিৰ সময়ত গাখীৰতে ম’হৰ খুটি হোৱাদি ঘৰৰ সকলো সদস্যই ম’বাইল ফ’নৰ ওপৰত জঁপিয়াই পৰিল। ওপৰত দিয়া সমীক্ষাই এই কথাকে প্ৰতিপন্ন কৰে৷

ফ্লেটত বা ভাৰাঘৰত থকাসকলেই হওক, নতুবা গাঁৱত থকাসকলেই হওক,সকলো ম’বাইল টিপাত ব্যস্ত এই সময়ত৷ ড্ৰোণ এখনৰে এখন গাঁৱৰ আৰু টাউনৰ ভিডিঅ’ কৰাৰ সুবিধা কৰা হ’লে কি গাঁও, কি চহৰ, সকলোতে ম’বাইল টিপি থকা মানুহৰ দৃশ্যহে দেখা পোৱা গ’ল হয় সম্ভৱ! বহুতে ক’বলৈ বিচাৰিব ম’বাইলৰ সহায়ত বা-বাতৰি লৈ নাথাকিলে কেনেকৈ হ’ব?

বিদ্যালয় বন্ধ যেতিয়া অনলাইন পঢ়ি আছোঁ বা ভিডিঅ’বোৰ চাই আছোঁ৷ এনেয়ে বন্ধ, গতিকে ইউটিউবত ভিডিঅ’ চাই দিনটো পাৰ কৰি আছোঁ, নহ’লেনো কেনেকৈ ঘৰৰ ভিতৰখনত সোমাই থাকিব পৰা হয়, আপোনালোকৰ যুক্তি সম্পূৰ্ণ শুদ্ধ৷

আজিৰ তাৰিখত আপুনি আৰু মই ম’বাইলবিহীন জীৱন এটা কল্পনাই কৰিব নোৱাৰোঁ৷ কিন্তু ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ম’বাইল চাই থকাৰ যুক্তি ক’ত সেইটোহে মই বুজি নাপাওঁ! পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ বাতৰি চালেই দিনটোৰ সকলো খবৰ পাই থাকিব৷ অনলাইন শিক্ষাৰ নামত ঘৰৰ এটা সুকীয়া কোঠাত দৰ্জা বন্ধ কৰি সোমাই থকাৰ যুক্তি বিচাৰি পোৱা নাযায়।

শিশুৰ ন'ম’ফ'বিয়া ব্যাধিৰ পৰা আঁতৰাই ৰাখিবলৈ পৰিয়ালৰ সদস্যসকলে কিছু ত্যাগ স্বীকাৰ কৰি পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ অনবৰতে অনলাইন ক্লাছত ব্যস্ত থকা শিশুক ক্লাছ বিৰতিত মুকলি আকাশৰ তলত, বাৰীত, ফুলনিত, চাদৰ ওপৰত অলপ সময় পাৰ কৰাৰ ব্যৱস্থা কৰক৷ এনে কৰিলে শিশুৰ মনৰ অৱসাদ নাইকিয়া হোৱাৰ লগতে চকুৰ পৰা ধৰি দেহৰ সমস্ত অংগই এক পৰিবৰ্তন পাব, যাৰ ফলত পিছৰ ক্লাছৰ বাবে মস্তিষ্কৰ কাৰ্যকাৰিতা বাঢ়িব৷ শিশুৰ অনলাইন ক্লাছৰ সময়সূচী অভিভাৱকে মনত ৰখা উচিত, তেনে কৰিলে শিশুৱে অনাবশ্যকভাৱে ম’বাইলৰ লগত লাগি থাকিবলৈ সুবিধা নাপাব৷

ঘৰখনৰ জ্যেষ্ঠজনে ম’বাইল, টিভি আদিত নিজকে ব্যস্ত ৰখাৰ সলনি বিদ্যালয়ত পঢ়ি থকা সন্তানক পাঠ্যপুথিৰ নিজৰ আয়ত্তত থকা বিষয়বোৰ চাই দিলে শিশুৱে বুজি পোৱাত যথেষ্টখিনি সহায়ক হোৱাৰ লগতে শিক্ষালাভৰ অগ্ৰগতিও হব৷

অভিভাৱকসকলে দেশৰ বা-বাতৰিৰ কাৰণে বাতৰি কাকতখন পঢ়ক৷ ফেছবুক আৰু হোৱাট্‌ছএপত শুদ্ধ বাতৰিতকৈ উৰাবাতৰিয়েহে বেছিকৈ খলকনি লগাই থকা দেখা যায়৷ ল'ক ডাউনৰ সময়খিনি মহিলাসকলৰ কাৰণে উত্তম সময়, কাৰণ এইখিনি সময়ত পৰিয়ালৰ সকলো সদস্যই মিলি সুখৰে এসাঁজ খাবলৈ পাইছে৷ স্কুল, টিউচন, অফিছ বুলি কোনো দৌৰা-দৌৰি নাই৷ সদায় অকলে ঠাণ্ডা ভাত খাবলগীয়া হোৱা মাকসকলে একেলগে বহি সকলোৰে লগত এসাঁজ খাবলৈ পাৰিছে৷

টাউনেই হওক বা গাঁও, আমি সকলোৱে ম’বাইলৰ লগত লাগি থকাতকৈ কিছুমান বেলেগ কামো কৰিব পাৰোঁ৷ যেনে, শিশুক লুডু, কেৰম, দবা, কড়ি আদি খেল খেলিবলৈ শিকাব পাৰোঁ৷ শিকোৱা কথাটো এই কাৰণে ক’লোঁ যে আজিৰ তাৰিখত বহু শিশুয়ে কড়িৰ গুটি পৰ্য্যন্ত চিনি নাপায়৷ দবা, লুডু মই ম’বাইলত খেলিবলৈ কোৱা নাই, সকলোৱে বাহিৰৰ বাৰাণ্ডাত বহি মুকলিকৈ লগত বহুৱাই খেলক৷ সেই তাহানিৰ বহাগ বিহুৰ দিনা ঘৰৰ সকলো সদস্যই কড়ি খেলাৰ দৰে৷ ককা, আইতাক লগত লৈ ৰাতিৰ আকাশখন চাওকচোন৷ কৰ্মব্যস্ততাৰ মাজত আৰু বা কেতিয়া সময় পায় আকাশখন চাবলৈ! ৰাতিৰ আকাশৰ জোনবাইটো, বৰ্তমান ইয়াৰ কাষতে থকা শুক্ৰ গ্ৰহটো, কালপুৰুষ, লুব্ধক তৰাটো চাওকচোন৷ ক'ৰ’না আতংকই ভাৰাক্ৰান্ত কৰি থকা মনবোৰ আকাশৰ বিশালতাই ফৰকাল কৰি পেলাব৷

ম’বাইলৰ প্ৰতি বেছিকৈ আসক্তিত ভোগা কিশোৰ-কিশোৰীক পিতৃ-মাতৃয়ে ঘৰৰ কামত সহায় কৰিবলৈ লগত ৰাখি শিকাওক৷ এনেয়েতো আপুনি পঢ়া ক্ষতি হয় বুলি পানী এগিলাচো লৈ খাব নিদিয়ে৷ গাঁৱৰ ঘৰত থকা পুখুৰীত শিশুসকলক লগত লৈ বৰশী মাৰিবলৈ শিকাওক, শিশুৰ ধৈৰ্য্য গুণ বৃদ্ধি পাব৷ এই ধৈৰ্য্য গুণৰ অভাৱৰ বাবে আজিৰ শিশুৱে আত্মহত্যাৰ পথ বাছি লয় সৰু সৰু কথাৰ বাবে৷

আগতে হাজিৰা লগাই চাফা কৰা বাৰীখনত সন্তানক লগত লৈ দা-কোৰ মাৰি চাফা কৰক৷ ককাক-আইতাকে শিশুক লগত লৈ তেওঁলোকৰ সময়ৰ সোণোৱালী কাহিনী যেন লগা কথাবোৰ ক’বলৈ এয়াই উত্তম সময়৷ এই বাস্তৱিক কাহিনীতে সোমাই আছে আমাৰ অসমীয়া সমাজখনৰ বহুতো হেৰাই যোৱাৰ উপক্ৰম ঘটা ৰীতি-নীতিসমূহ৷

চাকৰিয়াল পুৰুষ'মহিলাসকলে ম’বাইল থওক, আপোনালোকে নিজৰ ভালপোৱা বিষয়বোৰ এবাৰ ভাবি চাওকচোন৷ সময়ৰ নাটনিৰ লগতে ম’বাইলৰ আসক্তিৰ বাবে কবিতা, গল্প, উপন্যাস আদি পঢ়াৰ লগতে ঊণ গুঠা, তাঁতশাল, এম্ব্ৰডায়ৰী আদি কৰিবলৈ পাহৰি যোৱাৰ দৰে হ’ল৷ যাৰ বাবে আপোনাৰ দেহ মেদবহুলতা, কলেষ্টেৰ’ল, উচ্চ ৰক্তচাপ, মধুমেহ, হীন্যমন্যতা, নিদ্ৰাহীনতাৰে আক্ৰান্ত হৈ পৰিছে৷

শেষত, ক'ৰ’নাৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ ঘৰতে থাকক, কিন্তু ন’ম’ফ'বিয়াৰ দৰে ৰোগৰ পৰা নিজৰ সন্তানৰ লগতে নিজেও আক্ৰান্ত হোৱাৰ পৰা আঁতৰি থাকিবলৈ ব্যৱস্থা লওক৷ ।

সহকাৰী শিক্ষক, চেঙমাৰী উচ্চ মাধ্যমিক বিদ্যালয়, বিশ্বনাথ