উদাৰ শিক্ষা: এটা পৰ্য্যালোচনা


Image Description

আজি কিছুদিনৰ পৰা উদাৰ শিক্ষাৰ কথা সঘনে উচ্চাৰিত হৈ আহিছে৷ যোৱা বছৰ ভাৰত চৰকাৰে অনুমোদন জনোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি মহাবিদ্যালয় পৰ্য্যায়ত শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অনাৰ কথা কোৱা হৈছে৷ স্নাতক পৰ্য্যায়ৰ শিক্ষা সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত সাধাৰণতে কলা, বিজ্ঞান আৰু বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি এতিয়াৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিষয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিএ, বিএছছি আৰু বিকম ডিগ্ৰীৰ সলনি উদাৰ শিক্ষাৰ ডিগ্ৰী [Degree in Liberal Arts] প্ৰদান কৰা হ’ব৷ ইয়াৰ কাৰণ হ’ল, এতিয়াৰ পৰা স্নাতক পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰীয়ে কেৱল কলা, বিজ্ঞান বা বাণিজ্য বিভাগৰ অধ্যয়নতে সীমাবদ্ধ নাথাকি নিজৰ আসক্তি [inclination/interest] আৰু মেধা অনুযায়ী আন যি কোনো বিষয় অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব৷

উদাহৰণ স্বৰূপে, পদাৰ্থবিজ্ঞান মুখ্য হিচাবে অধ্যয়ন কৰা ছাত্ৰ এজনে দৰ্শন, ইতিহাস, জীৱবিজ্ঞান, অৰ্থনীতি, সঙ্গীত, ইত্যাদি আন যি কোনো প্ৰিয় বিষয় বাছি লৈ অধ্যয়ন কৰাৰ সুযোগ পাব৷ এক বহুবিষয়ক পাঠ্যক্ৰম অনুসৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে যি ডিগ্ৰী লাভ কৰিব, ই হ’ব উদাৰ কলা শাখাৰ ডিগ্ৰী৷

ৰাষ্ট্ৰীয় শিক্ষা নীতিত সকলো বিষয়ৰ জ্ঞানকে কলা হিচাবে গণ্য কৰা হৈছে৷ এই সংজ্ঞা অনুসৰি কলা, বিজ্ঞান, বাণিজ্যনিৰ্বিশেষে সকলো বিষয়ৰ জ্ঞানক উদাৰ কলা বা লিবাৰেল আৰ্ট বোলা হৈছে৷ এই যুগান্তকাৰী নীতিৰ পৰিপ্ৰেক্ষিতত উদাৰ শিক্ষাৰ বা লিবাৰেল এডুকেশ্যনৰ বিষয়টোৱে সাম্প্ৰতিক চিন্তা-চৰ্চাত বিশেষ স্থান লাভ কৰিছে৷

এতিয়া প্ৰশ্ন হয়,

উদাৰ শিক্ষা কি?

কি ঐতিহাসিক পটভূমিত উদাৰ শিক্ষাৰ ধাৰণা গা কৰি উঠিছিল?

পৃথিৱীৰ কোন কোন দেশত উদাৰ শিক্ষাৰ অন্তৰ্নিহিত দৰ্শনে শিক্ষা ব্যৱস্থাক গভীৰভাৱে প্ৰভাৱাম্বিত কৰিছে ?

এই চমু আলোচনাত এই দিশসমূহৰ ওপৰত আলোচনা কৰা হৈছে৷

আধুনিক যুগত উদাৰ কলা শিক্ষাৰ আৰম্ভ হৈছিল ইটালীত৷ ১০৮৮ চনত স্থাপিত হোৱা ব’ল’গ্না বিশ্ববিদ্যালয় আৰু সমকালীন অন্যান্য ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত প্ৰকৃত অৰ্থত শিক্ষিত ছাত্ৰই বুৎপত্তি লাভ কৰিব লাগিছিল তিনিটা বিষয়ত - যুক্তি, ব্যাকৰণ আৰু বাকপটুতা৷ এই তিনি বিষয়ক কোৱা হৈছিল 'ত্ৰিভিয়াম'[Trivium]৷ ইয়াৰ পাছতে আন চাৰিটা বিষয় সন্নিবিষ্ট কৰা হৈছিল- জ্যোতিৰ্বিজ্ঞান, গণিত, জ্যামিতি আৰু সংগীত৷ এই চাৰিটা বিষয়ক কোৱা হৈছিল 'কোৱাড্ৰিভিয়াম' [Quadrivium]৷ ত্ৰিভিয়াম আৰু কোৱাড্ৰিভিয়ামক 'আৰ্টছে লিবাৰেলিছ' [artse liberales] নামেৰে উল্লেখ কৰা হয়৷ এয়ে লিবাৰেল আৰ্টৰ আধুনিক ধাৰণাৰ আৰম্ভণি৷

আজি যি অৰ্থত উদাৰ শিক্ষাৰ চিন্তা কৰা হৈছে, ইয়াৰ আৰম্ভণি হৈছিল উনৈশ শতিকাত, ঔদ্যোগিক বিপ্লৱৰ পৰৱৰ্তী সময়ছোৱাত৷ ঔদ্যোগিক বিপ্লৱে সমকালীন সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল৷ বিদ্যুৎ, বিদ্যুৎচালিত ইঞ্জিন আৰু যন্ত্ৰ, ৰেলগাড়ী, টেলিগ্ৰাফ, ইত্যাদিৰ উদ্ভাৱন আৰু প্ৰয়োগে কৃষিভিত্তিক গ্ৰাম্য সমাজৰ বিপৰীতে কল-কাৰখানা আৰু বজাৰকেন্দ্ৰিক নগৰ, মহানগৰ গঢ়িছিল৷ ইয়াৰ লগতে ঔপনিৱেশিক শক্তিবোৰে বিভিন্ন দেশত নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিছিল৷ অৰ্থনৈতিক লাভৰ উদ্দেশ্যে বিভিন্ন দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ লুণ্ঠন, শোষণৰ লগতে¸ জনসাধাৰণক নিপীড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ লুণ্ঠন, নিৰ্য্যাতনৰ উপৰিও আফ্ৰিকা আৰু আমেৰিকাত বৃটিছ ঔপনিৱেশিক শক্তিয়ে মানৱাধিকাৰ আৰু ব্যক্তি স্বাধীনতাক ভৰিৰে মোহাৰি আৰম্ভ কৰিছিল বৰ্ণবাদ আৰু নিকৃষ্ট ক্ৰীতদাসৰ বজাৰ৷

সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ এই পৰিৱৰ্তনসমূহে শিক্ষাৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ পেলাইছিল৷ শিক্ষানুষ্ঠানসমূহত কল-কাৰখানা আৰু অফিছ-কাছাৰী চলাবলৈ প্ৰয়োজনীয় বিশেষ কাৰিকৰী শিক্ষা আৰু দক্ষতাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল৷ শিক্ষাৰ্থীৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে চালিত সাধাৰণ শিক্ষাৰ সলনি কাৰিকৰী শিক্ষাই প্ৰাধান্য লাভ কৰিছিল৷ বিষয়ৰ বিশেষীকৰণ [specialisation]ৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল৷ নতুন অৰ্থনৈতিক ব্যৱস্থাত কল-কাৰখানা আৰু বজাৰৰ কাম-কাজৰ বাবে প্ৰয়োজন হৈছিল শ্ৰমিকৰ৷ ইংলেণ্ড আৰু ভাৰতকে ধৰি বৃটিছ ঔপনিৱেশিক শাসনৰ অধীনত থকা বহু দেশত সাধাৰণ শিক্ষাৰ ঠাই লৈছিল কাৰিকৰী শিক্ষাই আৰু বিশেষ বিষয়ৰ [special professional education] শিক্ষা ব্যৱস্থাই৷

সাধাৰণ শিক্ষাই ছাত্ৰৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ জৰিয়তে জীৱিকা আৰু জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু অৰ্হতাৰ লগতে জীৱনৰ প্ৰমূল্যসমূহৰো জ্ঞান দিছিল৷ কিন্তু কাৰিকৰী আৰু বিশেষ বিষয়ৰ শিক্ষাই শিক্ষাৰ বহল অৰ্থ আৰু মূল উদ্দেশ্যৰ পৰা ফালৰি কাটিছিল৷ এই বিৰাট আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পটভূমিতে জন্ম হৈছিল উদাৰ শিক্ষাৰ ধাৰণা৷ ঔদ্যোগিক বিপ্লৱে উদাৰ শিক্ষাৰ বীজ অংকুৰণৰ বাবে এক তাৎক্ষণিক পটভূমি ৰচনা কৰিছিল যদিও উদাৰ শিক্ষাৰ মূল ভেটি আছিল উদাৰবাদ বা 'লিবাৰেলিজম'৷

১৩শ-১৪শ শতাব্দীত কলা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য্য, ইত্যাদিত হোৱা অভূতপূৰ্ব নতুন ধাৰা আৰু সংস্কৃতিয়ে ইউৰোপত নৱজাগৰণ বা ৰেঁনেছা যুগৰ সূচনা কৰিছিল৷ ইয়াৰ পৰৱৰ্তী কালত ১৫শ শতিকাৰ পৰা ১৯শ শতিকাত ইউৰোপতে বিজ্ঞান, গণিত আৰু দৰ্শন শাস্ত্ৰৰ ক্ষেত্ৰত নতুন চিন্তাৰ জোৱাৰ উঠিছিল৷ এই যুগক জ্ঞানোদয় বা যুক্তিৰ যুগ বুলি কোৱা হয়৷ ৰেঁনেছাৰ পৰৱৰ্তী এই যুগৰ কেইগৰাকীমান চিন্তাৱান দাৰ্শনিকৰ জীৱন দৰ্শন আৰু জীৱন জিজ্ঞাসাই উদাৰবাদৰ ভেটি ৰচনা কৰিছিল৷ জন ল’ক, থমাছ হ’ব্‌ছ, জন ষ্টুৱাৰ্ট মিল, ইমানুৱেল কাণ্ট, আৰু অনেক দাৰ্শনিক চিন্তাবিদৰ চিন্তাতে উদাৰবাদৰ উৎপত্তি হৈছিল৷ পৰৱৰ্তী কালত আদাম স্মিথ, ফ্ৰেডেৰিক হেক, মিল্টন ফ্ৰেডমেন, কাৰ্ল প’পাৰ,আদি চিন্তাবিদৰ ধাৰণাই উদাৰবাদৰ ন ন সংস্কৰণৰ বাট মুকলি কৰিছিল যদিও উদাৰবাদৰ দুই কেন্দ্ৰীয় ভাবধাৰা- ব্যক্তি স্বাধীনতা আৰু সমতা সকলো উদাৰবাদৰ ধাৰণাত নিহিত হৈ আছে৷

উদাৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল এনে এক শিক্ষা, যি শিক্ষাই সৃষ্টি কৰা দেশৰ নাগৰিকে ব্যক্তি স্বাধীনতা আৰু সমতাৰ মাহাত্ম্য হৃদয়ঙ্গম কৰি ন্যায় আৰু সমতাৰ ভেটিত গণতন্ত্ৰৰ কাঠামো গঠন কৰিবলৈ সক্ষম হ’ব৷ ১৯৪৭ চনত ৰচনা কৰা গ্ৰন্থ- ‘Not For Profit : Why Democracy Needs Humanities’ৰ লেখিকা প্ৰখ্যাত আমেৰিকান দাৰ্শনিক মাৰ্থা চি. নুছ্‌বাউনে উদাৰ শিক্ষাৰ সংজ্ঞা এনেদৰে দিছে: ‘উদাৰ শিক্ষা সেই শিক্ষা যি মানুহৰ মনক পুৰণি অভ্যাস, ৰীতি-নীতিৰ বান্ধোনৰ পৰা মুক্ত কৰি এনে ব্যক্তিৰ সৃষ্টি কৰে যি সংবেদনশীলতা আৰু সচেতনতাৰে সৈতে বিশ্ব নাগৰিক হিচাবে কাম কৰিবলৈ সক্ষম হয়৷'

আমেৰিকা আৰু ইয়াৰ পিছত জাপানৰ শিক্ষা ব্যৱস্থাত উদাৰ শিক্ষাৰ ওপৰত আৰম্ভণিৰে পৰা গুৰুত্ব দি অহা হৈছে৷ ১৬৩৬ চনতে স্থাপিত আমেৰিকাৰ প্ৰথমখন মহাবিদ্যালয় [হাৰ্ভাৰ্ড কলেজ] উদাৰ শিক্ষাৰ দৰ্শনৰ দ্বাৰা পৰিচালিত হৈছিল৷ আমেৰিকাৰ য়েল মহাবিদ্যালয়ে [এতিয়াৰ য়েল বিশ্ববিদ্যালয়] গঠন কৰা এক কমিটিয়ে ১৮২৮ চনত দাখিল কৰা এক প্ৰতিবেদনত উদাৰ শিক্ষাৰ সপক্ষে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল [Yale report,১৮২৮]৷

উদাৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক স্বতন্ত্ৰভাৱে জগত আৰু জীৱন পৰ্য্যৱেক্ষণ কৰাৰ সুযোগ দিয়ে৷ নিস্পৃহ আৰু বস্তুনিষ্ঠতাৰে জটিল প্ৰশ্ন আৰু সমালোচনা কৰাৰ মানসিকতা গঢ় দিয়ে৷ এইখিনিতে উল্লেখযোগ্য যে নতুন জ্ঞানৰ আৱিষ্কাৰ, উদ্ভাৱনৰ বাবেও গভীৰ পৰ্য্যৱেক্ষণ, জটিল প্ৰশ্নৰ অৱতাৰণা আৰু সৃষ্টিশীল চিন্তাৰ প্ৰয়োজন৷ গৱেষণাৰ মূলতে আছে এই দৃষ্টিভঙ্গী৷

দৰাচলতে জাৰ্মান শিক্ষাবিদ, ৰাজনীতিবিদ আৰু দাৰ্শনিক উইল্‌হেল্ম্‌ ভন্‌ হাম্‌ব'ল্টে এই দৃষ্টিভঙ্গীৰে ১৮০২ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ত গৱেষণাৰ ধাৰা আৰম্ভ কৰাৰ উদ্দেশ্যে জামাৰ্নীত বাৰ্লিন বিশ্ববিদ্যালয় স্থাপন কৰে৷ ইয়াৰ আগতে বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰ আছিল ইতিমধ্যে উপলব্ধ জ্ঞানৰ বিতৰণ কেন্দ্ৰ মাথোন৷ গৱেষণাৰ জৰিয়তে নতুন জ্ঞানৰ উন্মেষ ঘটোৱাৰ অৱকাশ বিশ্ববিদ্যালয়সমূহত নাছিল৷ কেৱল পাঠদান কৰি জ্ঞানপুষ্ট কৰাৰ চেষ্টা চলিছিল৷

জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰে শিক্ষিত বহু আমেৰিকান ছাত্ৰই গৱেষণাৰ লগত পৰিচিত হৈছিল৷ এওঁলোকেই পিছত আমেৰিকালৈ উভটি গৈ প্ৰথমে ১৮৭৫ চনত জন হপ্‌কিন্স্‌ বিশ্ববিদ্যালয় আৰু ইয়াৰ কিছু বছৰ পাছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷

কুৰি শতিকাত উদাৰবাদে এক বজাৰকেন্দ্ৰিক ধাৰণাৰ সৃষ্টি কৰে৷ ইয়েই হৈছে বহু সমালোচিত নব্য-উদাৰবাদ৷ ইয়াৰ ফল স্বৰূপে উদাৰ শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থালৈ পৰিৱৰ্তন আহিছে৷ আজি গোলকীকৰণৰ যুগত জটিলতা, ক্ষীপ্ৰ পৰিৱৰ্তন আৰু বিবিধতাই নতুন পৰিৱেশ, নতুন সমস্যাৰ সৃষ্টি কৰিছে৷ এই পৰিস্থিতি আৰু সমস্যাৰ সৈতে মুখামুখি হৈ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ’লে শিক্ষাৰ্থীয়ে সহনশীলতা, স্বকীয় চিন্তা, আৰু বিশ্লেষণ কৰাৰ ক্ষমতাৰ লগতে যি কোনো সমস্যাৰ সৃষ্টিশীল আৰু উদ্ভাৱনামূলক সমাধান উলিওৱাৰ দক্ষতা আহৰণ কৰিব পাৰিব লাগিব৷

ইয়াৰ লগতে তেওঁলোকে এক বিশ্বনাগৰিকত্বৰ মনোভাৱো গঢ়ি তুলিব লাগিব৷ এই নতুন পৰিপ্ৰেক্ষিতত আমেৰিকা, জাপানৰ বাহিৰেও আন বহু দেশৰ শিক্ষাত এই ধৰণৰ উদ্দেশ্য আৰু চিন্তাৰে উদাৰ শিক্ষাক এক নতুন ৰূপত গ্ৰহণ কৰা হৈছে৷ উদাৰ শিক্ষাৰ এক কেন্দ্ৰীয় বা মূল দিশ:

ছাত্ৰ-ছাত্ৰীয়ে স্বতন্ত্ৰভাৱে পৰ্য্যৱেক্ষণ কৰা আৰু জটিল প্ৰশ্নৰ অৱতাৰণা কৰাৰ ক্ষমতা আৰু এক বিশ্ব দৃষ্টি [world view] গঢ়াৰ দক্ষতা লাভ কৰে৷ এই চিন্তা কিন্তু বহু প্ৰাচীন৷ কাৰণ, খৃ.পূ. ৪৭৭তে ছক্ৰেটিছে কৈছিল -- ‘এক অপৰিচিত জীৱন জীয়াই থকাৰ অৰ্থ নাই৷’ ['An unexamined life is not worth living for a human being'].

প্ৰশ্নৰ অৱতাৰণাৰে, নিৰ্মোহ, গভীৰ আত্মসমালোচনাৰ জৰিয়তেহে জীৱন জগতৰ এনে পৰীক্ষণ সম্ভৱ৷ ১৬৩৭ চনতে ফৰাছী দাৰ্শনিক ৰেনে ডেকাৰ্টিছে বিখ্যাত দাৰ্শনিক উক্তি ‘I think, therefore I am’, অৰ্থাৎ ‘মই চিন্তা কৰোঁ, সেয়ে মই জীয়াই আছোঁ৷’- আগবঢ়াইছিল৷ অৰ্থাৎ জীৱন জিজ্ঞাসাৰ মূলতে আছে মানুহৰ চিন্তাশক্তি, যি শক্তিৰ সহায়ত মানুহে জীৱন জগত পৰ্য্যৱেক্ষণ কৰি জটিল প্ৰশ্নৰ অৱতাৰণা কৰে৷ উদাৰ শিক্ষাৰ অন্তৰ্নিহিত দৰ্শনো ইয়েই৷

আমাৰ দেশতো ৰবীন্দ্ৰনাথ ঠাকুৰে উদাৰ শিক্ষাৰ ভেটিতে এশ বছৰ আগেয়েই ১৯২১ চনত বিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু বজাৰকেন্দ্ৰিক নব্য-উদাৰবাদৰ ঢৌৱে প্ৰকৃত উদাৰ শিক্ষাৰ দৰ্শন আৰু ধাৰণা বিকৃত কৰিছে৷ ১৯৯৪ চনত বিল ৰিডিং নামৰ এজন কানাডাৰ চিন্তাবিদে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘TheUniversities in Ruins ’ ত এই বিষয়ে বিস্তৰ আলোচনা কৰিছে ৷

উদাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে Martha C Nussbaumএ তেওঁৰ গ্ৰন্থ ‘Not For Profit: Why Democracy Needs Humanities’ত মন্তব্য কৰিছে:

‘Thirsty for national profit, nations and their system of education, are heedlessly discarding skills that are needed to keep democracies alive. If this trend continues, nations all over the world will soon be producing generations of useful machines, rather than complete citizens who can think for themselves, criticize traditions and understand the significance of another person’s suffering and achievement. The future of the world democracies hangs in the balance.’

উদাৰ শিক্ষা সাম্প্ৰতিক যি প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে, তাত ছক্ৰেটিছ, জন ডিউছ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মাৰ্থা চি. নুছবাউনৰ দৰ্শন কিমান দূৰলৈকে প্ৰতিফলিত হ’ব, তাত সন্দেহৰ অৱকাশ আছে৷৷।