পঞ্চল্লিশ বছৰীয়া অসম জাতীয় যুব ছাত্ৰ পৰিষদ


Image Description

(২ খণ্ড , সমাপ্ত)
সেই সময়ত India Today নামৰ ইংৰাজী আলোচনী এখনত ‘জাতীয় ৰক্ষা বাহিনী’ বিষয়ে বেয়াকৈ সমালোচনা হোৱাত পৰিষদে জাতীয় ৰক্ষা বাহিনী বন্ধ কৰিবলৈ বাধ্য হয়৷ কালক্ৰমত পৰিষদৰ কিছু সক্ৰিয় সদস্য দেশ মাতৃৰ বাবে কঠোৰতম পন্থা সশস্ত্ৰ সংগ্ৰামত প্ৰতি আকৰ্ষিত হয়৷

দিল্লীৰ শোষণ, বহিঃৰাজ্যৰ এচামৰ দৌৰাত্মই অসমীয়া যুৱকক হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য কৰালে৷ গঠন হ’ল আলফা। অ.জা.যু.ছা.প.ৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগৰ জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ৰাজীৱ ৰাজকোঁৱৰ আৰু গোলাপ বৰুৱাৰ নেতৃত্বত এচাম সদস্যই আলফাত যোগদান কৰে৷ ৰাজীৱ ৰাজকোঁৱৰে অৰবিন্দ ৰাজখোৱা আৰু গোলাপ বৰুৱাই অনুপ চেতিয়া নামেৰে আলফাত ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব লয়৷

পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ‘জাতীয় বাৰ্তা’ নামেৰে এখন আলোচনী প্ৰতি দুমাহৰ মূৰে মূৰে প্ৰকাশ কৰিছিল৷ অসমৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্নজনৰ লিখনি তাত প্ৰকাশ পাইছিল৷ জাতীয় বাৰ্তাৰ জৰিয়তে অজাযুচাপই অসমৰ বৌদ্ধিক জগতত সোমাবলৈ সক্ষম হৈছিল৷

সংগঠনটোৱে অসমৰ সকলো শ্ৰেণীৰ জনগণক চুই যাব পৰাকৈ বিভিন্ন সাংগঠনিক উপসমিতি গঠন কৰিছিল৷ জাতীয় শ্ৰমিক পৰিষদ, জাতীয় কৃষক পৰিষদ, জাতীয় মহিলা পৰিষদ, বেংক কৰ্মচাৰী সমিতি গঠন কৰি সংগঠনটোৱে প্ৰসাৰতা লাভ কৰিছিল৷

১৯৮৫ চনত অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল৷ অসমত গঠন হ’ল পোন প্ৰথমবাৰৰ বাবে আঞ্চলিকতাবাদী চৰকাৰ৷ অজাযুছাপৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে প্ৰবীন গগৈ আৰু চন্দ্ৰমোহন পাটোৱাৰী নতুন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হ’ল৷ অসমৰ জনগণে বহু আশাৰে বাট চাই ৰ’ল অসম চুক্তি ৰূপায়ণ হ’ব, অসমৰ সমস্যাৰ সমাধান হ’ব৷ কিন্তু অসমৰ সমস্যা সমস্যা হৈয়েই থাকিল৷

জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে নিজা বুলি ভবা চৰকাৰখনক পৰিষদৰ দাবীসমূহৰ বাবে পুনৰালোচনা বিচাৰিলে৷ দিল্লীলৈও দাবী চনদ পঠিয়ালে৷ পৰিষদৰ সদস্যসকলে দিল্লীত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিলে৷ ফল পিছে একো নহ’ল৷ বৰং নতুন সমস্যাৰহে সৃষ্টি হ’ল৷ বৰ অসম জাতি ঠান-বান হ’বলৈ ধৰিলে৷ যুৱ ছাত্ৰ পৰিষদে IMDT আইখন বাতিল কৰিবলৈ দাবী জনাইছিল৷ তেতিয়া অগপ চৰকাৰে আইনখন কিছু সংশোধনহে কৰিলে৷ পৰৱৰ্তী কালত ন্যায়ালয়ৰ সহায়ত আইনখন বাতিল হ’ল৷

পৰিষদে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ১৯৫১ চনৰ পৰা উন্নীত কৰিবলৈ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

এনেদৰে অসমীয়া জাতীয় জীৱনত সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠভাৱে মাত মাতি এক প্ৰতিবাদী ধাৰা অক্ষুণ্ণ ৰাখিছে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে৷ সত্তৰৰ দশকতে গ্ৰহণ কৰা দাবী তিনিটাৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা আজি বৃদ্ধি পাইছে৷

আঞ্চলিকতাবাদী চৰকাৰখনে জাতিৰ মূল সমস্যাবোৰলৈ পিঠি দি সৰ্বভাৰতীয় শাসকগোষ্ঠীৰ দৰে কৰা কাম-কাজৰ ক্ষেত্ৰত পৰিষদৰ প্ৰতিবাদী কণ্ঠই সদায় সকিয়াই দি আছিল৷ এলঅচি কেলেংকাৰী, কৰ্মচাৰীক বেতন দিব নোৱৰা দুৰ্নীতিত পোত যোৱা চৰকাৰখনক অসমৰ জনগণই বিদায় দিলে৷

অসম জাতীয় যুব ছাত্ৰ পৰিষদে সংহতি শিখা কঢ়িয়াই সমগ্ৰ অসমৰ সকলো জনজাতি উপজাতিৰ মাজত সম্প্ৰীতি, কলাকৃষ্টিৰে বান্ধি ৰাখিবলৈ চেষ্টা চলায়৷ অদূৰদৰ্শী, অযোগ্য নেতাৰ কাৰ্য্যকলাপৰ বাবে অসমত পুনৰ সৰ্বভাৰতীয় চৰকাৰ আহিল৷

অসম জাতীয় যুব ছাত্ৰ পৰিষদে ‘গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি’ গঠন কৰি সমূহ ৰাজনৈতিক অৰাজনৈতিক সংগঠনক একলগ কৰি এক জন জাগৰণৰ সৃষ্টি কৰে৷ এই জন জাগৰণে অসমৰ পুনৰ আঞ্চলিকতাবাদী চৰকাৰ গঠনত সহায় কৰিছিল৷ কিন্তু গুপ্তহত্যাৰ দৰে নিকৃষ্ট কামেৰে কলংকিত হোৱা আঞ্চলিকতাবাদী চৰকাখনৰ পুনৰ পতন হ’ল৷

এনেদৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে প্ৰতিবাদৰ ধাৰা অক্ষুণ্ণ ৰাখি আগবাঢ়ি গৈ আছে৷ আজি ১২ মাৰ্চ ২০২৩ চনত পৰিষদৰ পঞ্চল্লিছ বছৰ পূৰ্ণ হ’ল৷ কিন্তু জাতীয় সমস্যাসমূহ সমাধান নহ’ল৷ নতুন সমস্যাৰহে সৃষ্টি হ’ল৷ নতুন প্ৰজন্মই ন চিন্তাৰে দেশ জাতিক ৰক্ষা কৰিবলৈ এই দশকতে সমৰ্থ হ’ব বুলি আশা ৰাখিছো৷।