বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৬


Image Description

ফজলুল হকৰ প্ৰজা কৃষক পাৰ্টিক সমৰ্থনৰ অস্বীকাৰ কংগ্ৰছৰ, মুছলিম লীগৰ উত্থান বাঙালী মুছলমান ৰাজনৈতিক নেতাৰ অভাৱত কলকাতাৰ অ-বাঙালী মুছলমানসকলে বঙ্গৰ মুছলমান নেতৃত্বৰ স্থান দখল কৰিলে । বঙ্গত মুছলিম লীগে স্থান উলিয়াই ল'বলৈ সক্ষম হ’ল । বাঙালী মুছলমান কৃষক নেতা ফজলুল হকে কৃষকৰ স্বাৰ্থত কৃষক প্ৰজা পাৰ্টি গঠন কৰি শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। পূৰ্ব বঙ্গৰ মুছলমান কৃষকৰ বাহিৰেও অবিভক্ত বঙ্গৰ হিন্দু কৃষকৰ সমৰ্থনো লাভ কৰিছিল ।

ফজলুল হক আশুতোষ মুখাৰ্জীৰ খুবেই ঘনিষ্ঠ আছিল । ফজলুল হক আৰু আশুতোষ মুখাৰ্জী উভয়কে বঙ্গৰ বাঘ বুলি জনাজাত আছিল । আশুতোষ মুখাৰ্জী আছিল জন সংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ পিতৃ (শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ১৯৪১-৪২ চনত ফজলুল হকৰ প্ৰগতিশীল মৰ্চা চৰকাৰৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল)।

মহম্মদ আলি জিন্নাই মুছলিম লীগৰ কেন্দ্ৰীয় কমিটীলৈ ফজলুল হকক মনোনীত কৰিছিল, আৰু প্ৰজা কৃষক পাৰ্টি ভঙ্গ কৰিবলৈ অনুৰোধ জনাইছিল । কিন্তু হকে প্ৰজা কৃষক পাৰ্টি ভঙ্গ কৰিবলৈ মান্তি নহ’ল এই যুক্তিত যে প্ৰজা কৃষক পাৰ্টি অকল মুছলমান কৃষকৰ সংগঠন নাছিল, যথেষ্ট সংখ্যক হিন্দু কৃষকো তেওঁৰ লগত আছিল ।

প্ৰথমতে প্ৰজা কৃষক পাৰ্টিৰ লগত কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ৰে সৈতে বিৰোধাত্মক সম্পৰ্ক আছিল। ১৯৩৬ চনত ফজলুল হকে পটুৱাখালি সমষ্টিত মুছলিম লীগৰ খ্বাজা নাজিমুদ্দিনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি জয়ী হয় । খ্বাজা নাজিমুদ্দিন আছিল ঢাকাৰ নৱাবৰ ভাগিনীয়েক আৰু নৱাবৰ বিশেষ আশীষধন্য । ঢাকাৰ নৱাব সেই সময়ত পশ্চিমীয়া মুছলমানৰ আভিজাত্যৰ প্ৰতীক ।

১৯৩৫ চনত কংগ্ৰেছৰ সমৰ্থনত ফজলুল হক কলকতাৰ মেয়ৰ নিৰ্বাচিত হৈছিল । ১৯৩৬-৩৭ চনত নিৰ্বাচনত হকৰ কৃষক প্ৰজা পাৰ্টীয়ে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ ব্যৰ্থ হোৱাত ফজলুল হকে মন্ত্ৰীসভা গঠনৰ বাবে কংগ্ৰেছৰ লগত কথা পাতে, কিন্তু কগ্ৰেছৰ পৰা বিশেষ সঁহাৰি নোপোৱাত মুছলিম লীগৰ লগত সংযুক্ত চৰকাৰ গঠন কৰিবলৈ বাধ্য হয় ।

নিৰ্বাচনত কৃষক প্ৰজা পাৰ্টিৰ মুখ্য বিষয় আছিল জমিদাৰী ব্যৱস্থাৰ উচ্ছেদ সাধন । আনহাতে জমিদাৰী প্ৰথাৰ দৃঢ় সমৰ্থক আছিল স্বয়ং বৃটিছ চৰকাৰ আৰু মুছলিম লীগৰ প্ৰধান নেতাসকল। ফজলুল হকে জমিদাৰী ব্যৱস্থাৰ বিলোপ সাধনত পদে পদে বাধাপ্ৰাপ্ত হয় আৰু ইয়াক কাৰ্য্যকৰী কৰাত ব্যৰ্থ হোৱাৰ বাবে দলৰ মৌলিক সংস্কাৰকামীসকল অসন্তুষ্ট হৈ পৰে । জোঁটবন্ধনৰ ফলত মন্ত্ৰীসভাতো বৃটিছ আৰু জমিদাৰীতন্ত্ৰৰ প্ৰতি আনুগত্যশীলসকলৰ প্ৰৱেশে মৌলিক সংস্কাৰকামীসকলক অসন্তুষ্ট কৰি তোলে । ইয়ে কৃষক প্ৰজা পাৰ্টিক দুৰ্বল কৰে আৰু একে সময়তে মুছলিম লীগে নিজৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ সুযোগ পায় ।

চুহৰাৱৰ্দীৰ নেতৃত্বত মুছলিম লীগ পূৰ্ব বঙ্গত শক্তিশালী হৈ উঠে । ১৯৪৩ চনত মুছলমানৰ জোতদাৰসকলে কৃষক প্ৰজা পাৰ্টি ত্যাগ কৰি ব্যাপকভাৱে মুছলিম লীগত যোগদান কৰে। ইয়াৰ বিপৰীতে সংখ্যাত কম হ’লেও কৃষক স্বাৰ্থৰ প্ৰতি দায়বদ্ধসকলে কমিউনিষ্ট পাৰ্টিত যোগদান কৰে ।ফজলুল হকে নিজেও দল সহ মুছলিম লীগত যোগদান কৰিলে । ইয়াৰ ফলত বঙ্গত অৰ্থনৈতিক শ্ৰেণীবোৰ স্পষ্ট হৈ পৰাৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱে হিন্দু-মুছলমানৰ বিভাজন সম্পূৰ্ণ হ’ল ।

ফলত বঙ্গৰ মুছলমানৰ মাজত বাঙালী জাতীয় সত্তা শিপোৱাত বাধাৰ সৃষ্টি হ’ল । ১৯২০ৰ পৰাই বঙ্গত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠিছিল । শেষত জিন্নাৰ নিৰ্দেশত 'পোনপটীয়া সংঘৰ্ষ'ৰ দৰে ইতিহাসৰ অন্যতম জঘন্য সাম্প্ৰদায়িক মৰা-কটা কলকাতাত সম্ভৱ হৈ উঠিল ।

ইয়াৰ মাজতে এক ক্ষীণ প্ৰচেষ্টাই গজালি মেলিছিল, ভাৰত আৰু পাকিস্থানৰ সীমাৰ বাহিৰত এখন ঐক্যবদ্ধ বাঙালী দেশ গঢ়াৰ । বঙ্গৰ মুছলমান নেতৃত্বই পাকিস্তানৰ দাবী ত্যাগ কৰি ঐক্যবদ্ধ বাঙালী দেশৰ বাবে সন্মতিও প্ৰকাশ কৰিছিল । বৃটিছ প্ৰধান মন্ত্ৰী ক্লিমেণ্ট ৰিচাৰ্ড এটলীয়ে এই দিশত প্ৰস্তুতিও আৰম্ভ কৰিছিল । কিন্তু এইবাৰ বাধা আহিছিল শ্যামা প্ৰসাদ মুখাৰ্জীকে ধৰি আন বহুকেইজন উচ্চবৰ্ণৰ নেতাৰ পৰা ।

অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে অনিশ্চয়তাৰ সৃষ্টি কৰিব পৰা এই প্ৰচেষ্টাৰ কলিতে নাশ ঘটিছিল । ধৰ্মৰ নামত দেশ বিভাজনৰ সম্পূৰ্ণ হৈছিল । দেশ বিভাজনৰ পাছতহে পূব পাকিস্থানত বঙ্গৰ মুছলমানৰ মাজত বাঙালী জাতীয়তাবাদী চেতনা গঢ়ি উঠে । পশ্চিম পাকিস্থানৰ উৰ্দুভাষী মুছলমানসকলে ৰাষ্ট্ৰ ব্যৱস্থাৰ সকলোতে কৰ্তৃত্ব স্থাপন কৰাত পূব পাকিস্থানৰ বাঙালীৰ মাজত গঢ়ি উঠা মধ্য বিত্ত আৰু উচ্চ মধ্য বিত্ত সমজখনৰ মাজত বিদ্ৰোহ সৃষ্টি হয় । ইয়াৰ ফলত বাংলাদেশ গঢ়ি উঠা ইতিহাস সকলোৱে জনা কথা ।

(পৰৱৰ্তী অংশত –বাঙালী জাতিৰ পৰা অসমীয়াই ল'ব পৰা শিক্ষা: দ্বিবিভক্ত বাঙালীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জাতি গঢ়াৰ ঐতিহাসিক সুযোগ হেৰুৱাইছিল।)