অসম লোকসেৱা আয়োগৰ বিতৰ্কৰ ওৰ কেতিয়া!


Image Description

ৰাজ্যৰ নিযুক্তিৰ সৰ্বোচ্চ সংস্থাটোৰ বিতৰ্ক যেন এতিয়া তেনেই সহজলভ্য ৷ কি নিযুক্তি প্ৰক্ৰিয়া, কি বাছনি প্ৰক্ৰিয়া, কি সচিব নিযুক্তি- সকলো পৰ্য্যায়তে যেন সংস্থাটোৱে দিনে দিনে এক অহেতুক, অনাকাংক্ষিত পৰিস্থিতিৰ মাজেৰে মৰ্য্যাদা লঘুকৰণৰ দিশে আগুৱাই আছে৷

এয়া জানো গ্ৰহণযোগ্য হ’ব পাৰে!

শেহতীয়াকৈ প্ৰকাশিত বাতৰি এটাৰ মৰ্মে অসম লোক সেৱা আয়োগে সহকাৰী অধ্যাপকৰ বাছনি প্ৰক্ৰিয়াক লৈ পুনৰ এক বিতৰ্কত সোমাই পৰিছে ৷ সেইমৰ্মে আয়োগে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চমুকৈ এনআইটিৰ এমটেক ডিগ্ৰীধাৰী প্ৰাৰ্থীক সহকাৰী অধ্যাপকৰ পদবীৰ বাবে অৰ্হতাহীন বুলি ঘোষণা কৰিছে ৷ আৰু যোগ্যতা থকা সত্ত্বেও একাংশ প্ৰাৰ্থীক প্ৰাপ্তমৰ্য্যাদাৰ পৰা বঞ্চিত কৰিছে।

আয়োগে তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰৰ এনআইটিৰ এমটেক ডিগ্ৰীধাৰী ৪১ গৰাকী প্ৰাৰ্থীক যোগ্যতাহীন বুলি ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰাৰ্থীসকল সৰৱ হৈ উঠিছে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাবে সহকাৰী অধ্যাপকৰ ৬৬ টা পদৰ বাবে ২০১৭ বৰ্ষতে অসম লোকসেৱা আয়োগে এক বিজ্ঞাপন জাৰি কৰিছিল। সেই উদ্দেশ্যে ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত ৯টা পৃথক কাৰিকৰী বিষয়ত প্ৰাৰ্থীসকলৰ যোগ্যতা নিৰূপণৰ বাবে এক লিখিত পৰীক্ষা আয়োগে অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাজত পৰৱৰ্তী পৰ্য্যায়ত ২০২১ বৰ্ষৰ ৩ জানুৱাৰী তাৰিখে ভাষাভিত্তিক এক লিখিত পৰীক্ষাও অনুষ্ঠিত কৰিছিল।

পাছত এই পৰীক্ষাৰ ফলাফলৰ ভিত্তিত সৰ্বমুঠ ৩৫৪ গৰাকী প্ৰাৰ্থীক আয়োগে চূড়ান্ত সাক্ষাৎকাৰৰ বাবে বাছনি কৰিছিল। ২০২১ বৰ্ষৰ নৱেম্বৰ মাহত এই সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল। পাচে সেই বৰ্ষৰে ১২ নৱেম্বৰত চূড়ান্ত সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত নোহোৱা ১৯ গৰাকী প্ৰাৰ্থীয়ে এখন লেখ আৱেদন দাখিল কৰিছিল।

উক্ত দিনা সেই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সহকাৰী অধ্যাপক পদৰ প্ৰাৰ্থীসকলৰ অৰ্হতা পুনৰীক্ষণ কৰিবলৈ অসম লোক সেৱা আয়োগক নিৰ্দেশ দিছিল। শেহতীয়াকৈ আয়োগে পূৰ্বে সাক্ষাৎকাৰৰ বাবে বাছনি কৰা ৪১গৰাকী প্ৰাৰ্থীৰ বিভিন্ন কাৰণত প্ৰাৰ্থিত্ব বাতিল কৰি মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনায় ।

এই প্ৰাৰ্থীসকলৰ মাজৰে বহুসংখ্যক প্ৰাৰ্থীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে ৰাজ্যৰ, দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ পৰা বিভিন্ন প্ৰযুক্তিবিদ্যাবিষয়ক পাঠ্যক্ৰমত স্নাতকোত্তৰ উপাধি লাভ কৰিছে। কিন্তু তেওঁলোকৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেৱল নামকৰণৰ বাবেই অসম লোক সেৱা আয়োগে তেওঁলোকক অৰ্হতাহীন বুলি গণ্য কৰি প্ৰাৰ্থিত্ব বাতিলকৰণৰ দৰে আজৱ কাণ্ড সংঘটিত কৰিছে।

আয়োগে উল্লিখিত শিক্ষানুষ্ঠানসমূহে প্ৰদান কৰি অহা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহ বিশ্লেষণাত্মক দৃষ্টিৰে চালি-জাৰি নাচাই কেৱল ২০১৭ বৰ্ষত 'অল ইণ্ডিয়া কাউন্সিল ফৰ্ টেকনিকেল এডুকেচন', চমুকৈ এআইচিটিইয়ে প্ৰকাশ কৰা জাননী এখনৰ লগত উক্ত এমটেক পাঠ্যক্ৰমৰ নামকৰণ অমিল হোৱাৰ অজুহাতত এই পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ প্ৰাৰ্থিত্ব বাতিল কৰিছে।

নাক ('নেচনেল এছেছমেন্ট এণ্ড এক্ৰেডিটিচন কাউন্সি')ৰ দ্বাৰা এ+ গ্ৰেডপ্ৰাপ্ত আৰু 'নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক', চমুকৈ এনআইআৰএফ্-ৰ সমীক্ষাত কেইবাবাৰো দেশৰ শীৰ্ষতম এশখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু এনআইটি, শিলচৰৰ দৰে দেশৰ ভিতৰতে অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে প্ৰদান কৰি অহা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰাৰ্থীক অসম লোক সেৱা আয়োগে এইদৰে অৰ্হতাহীন গণ্য কৰাটো বৰ পৰিতাপৰ কথা

গুৰুত্বপূৰ্ণ যে এআইচিটিইয়ে পৰৱৰ্তীকালত কেইবাখনো ৰাজহুৱা জাননীৰ জৰিয়তে ২০১৭ বৰ্ষত তেওঁলোকৰ দ্বাৰা প্ৰকাশিত জাননীখনত অন্তৰ্ভুক্ত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ বিভিন্ন পাঠ্যক্ৰমৰ তালিকাখন কোনো চূড়ান্ত তালিকা নহয় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে সংগতিপূৰ্ণ বিষয়সমূহৰ সম্পৰ্কে কেৱল আভাসহে দিবলৈ বিচৰা হৈছে বুলি স্পষ্টকৈ সদৰী কৰিছে ৷

আৰু কৈছে যে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানত, সময়ৰ লগে লগে প্ৰযুক্তিৰ ন ন পৰিৱৰ্তনসাপেক্ষে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান সময়ত প্ৰসিদ্ধি লাভ কৰা আৰু উক্ত তালিকাত অন্তৰ্ভুক্ত নথকা বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীৰো প্ৰাৰ্থিত্ব বিশেষ গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগে।

এআইচিটিইৰ অনুমোদনপ্ৰাপ্ত পাঠ্যক্ৰম হোৱা সত্ত্বেও আয়োগে সেইসকল প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল কৰি কেৱল সংস্থাটো বিতৰ্কৰ আওতাতেই সোমাই পৰা নহয়, ৰাজ্যৰ উচ্চ শিক্ষাজগতখনৰ ভৱিষ্যতৰ ক্ষেত্ৰতো এক প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।।