বিটিটি (BTT) আৰু বিকল্প অৰ্থনীতি


Image Description

(২)
যোৱা সংখ্যাত বিটিটি ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ আগৰ পটভূমি আপোনালোকৰ আগত ব্যাখ্যা কৰিছিলোঁ। এইবাৰৰ সংখ্যাত বিটিটি আচলতেনো কি আৰু ইয়াক কি ধৰণে প্ৰচলন কৰিব পাৰি তাৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ।

আগতে উল্লেখ কৰা ধৰণে যদিহে বিমুদ্ৰাকৰণৰ সময়ত দুহেজাৰটকীয়া নোটখনৰ পৰিৱৰ্তে কেৱল যদি এশটকীয়া নোটখনেই সৰ্বোচ্চ প্ৰচলিত নোট হ’লহেঁতেন, তেন্তে আপুনি বা মই জেপত বা পইচাৰ মোনাত এক লাখ টকা লৈ ফুৰিলোঁহেঁতেন জানোঁ? বা সেয়া সম্ভৱ হ’লহেঁতেন জানো?

দৰাচলতে আমাৰ দেশৰ কৰ সংগ্ৰহ কৰাৰ যি প্ৰক্ৰিয়া, সেইটো যথেষ্ট আসোঁৱাহপূৰ্ণ। বিটিটি ব্যৱস্থাটো প্ৰৱৰ্তন কৰিলে এই কৰ সংগ্ৰহৰ গোটেই আসোঁৱাহযুক্ত প্ৰক্ৰিয়াৰ পৰা আমি মুক্ত হ’ম।

আগতে উল্লেখ কৰাৰ ধৰণে বিটিটি হৈছে Banking Transcation Tax। ইয়াৰ অর্থ হৈছে আমি বেংকৰ জৰিয়তে কৰা লেনদেনৰ ওপৰত আৰোপিত এটা কৰ। যেতিয়া আমাৰ নগদ লেনদেনৰ সীমা বিছ হাজাৰ (২০,০০০) টকা কৰি দিয়া হ'ব, তেতিয়া আমি সকলোবোৰ লেনদেন বেংকৰ মাধ্যমত কৰিব লাগিব।

সম্ভাৱ্য এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ ফলত কোনো ব্যক্তিয়ে কুঅভিপ্ৰায়েৰে দুৰ্নীতি কৰি টকা ল’ব নোৱৰাৰ লগতে সমাজত অৰ্থনৈতিক শ্ৰেণী বিভাজন ই বাধা দিব।

তদুপৰি আমাক সদায় কষ্ট দি থকা আসোঁৱাহপূৰ্ণ কৰ ব্যৱস্থাৰ পৰাও আমি সকলোবোৰ মুক্ত হোৱাৰ পথ প্ৰশস্ত হ’ব ।

আমাৰ দেশত প্ৰত্যক্ষ কৰৰ দ্বাৰা ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ প্ৰায় ১৬ লাখ কোটি টকা সংগ্ৰহ কৰা হৈছিল। অৱশ্যে ইয়াৰ পৰা আমি ঘূৰাই পাব লগা, অৰ্থাৎ অতিৰিক্তভাৱে সংগ্ৰহ কৰা কৰখিনি বাদ দিব লাগিব। অৱশ্যে ঘূৰাই দিয়াৰ সঠিক তথ্যটো পোৱা নাযায় যদিও ইয়াৰ পৰিমাণ মোটামুটি ১০ৰ পৰা ১৫% হয়।

ঠিক তেনেদৰে পণ্য আৰু সেৱা কৰৰ দ্বাৰা মুঠ ১২ লাখ কোটি মান টকা সংগ্ৰহ কৰা হৈছে। মুঠতে ২০২১-২২ বৰ্ষত প্ৰায় ২৭ লাখ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছিল। সংখ্যাগতভাৱে এইটো বহুত এটা ডাঙৰ হিচাপ। কিন্তু এই টকাখিনি সংগ্ৰহ কৰাৰ আঁৰত সৰ্বসাধাৰণ ৰাইজে বহুখিনি দুখ-কষ্ট সহিবলগীয়া হয় ।

বিশেষকৈ সৰু সৰু ব্যৱসায় বা চাকৰি কৰা ব্যক্তিৰ কষ্টৰ উপাৰ্জন কৰ-কাটল দিওঁতেই গোটেই জীৱন অতিবাহিত হয়।

এই গোটেই ব্যৱস্থাৰ অৱসান ঘটোৱাৰ একমাত্ৰ উপায়টোৱেই হৈছে বিটিটি প্ৰৱৰ্তন কৰা। তেতিয়া সৰ্বসাধাৰণে,অৰ্থাৎ আমি সকলো লেনদেন বেংকৰ মাধ্যমত কৰিব পাৰিম। সেই লেনদেনৰ ওপৰত যদি আমি প্ৰথম অৱস্থাত ন্যূনতম ৫% কৰ দিওঁ তেন্তে আমাৰ দেশৰ মুঠ কৰৰ সংগ্ৰহ বৰ্তমানৰ ২৭ লাখ কোটি টকাতকৈয়ো বেছি হ'ব।

বিটিটি কিদৰে এটি বিকল্প অৰ্থনীতি হিচাপে আমি আকোঁৱালি ল'ব পাৰো, সেই সন্দৰ্ভত থোৰতে কেইটামান তথ্য আগবঢ়ালোঁ:

(১) NPCIএ (National Payment Corporation of India) প্ৰকাশ কৰা এটা তথ্য অনুসৰি কেৱল চলিত ২০২২ বৰ্ষৰ মে’ মাহত হোৱা UPI (Unified Payment Interface) লেনদেনৰ সংখ্যা হ’ল ৫৯৫ কোটি যাৰ মুঠ মূল্য ১০.৪১ লাখ কোটি টকা। চেক, ড্ৰাফট, বা অন্য লেনদেনৰ হিচাব ইয়াতে লোৱা হোৱা নাই।

এই সমস্ত লেনদেনৰ ওপৰত প্ৰথম অৱস্থাত যদি মাত্ৰ ৫% কৰ লগাই দিয়া হয়, তেন্তে বেলেগকৈ আৰু একো কৰ লোৱাৰ প্ৰয়োজন নাই। পৰৱৰ্তী সময়ত এই কৰৰ পৰিমাণ হ্ৰাস কৰিব পাৰি।

(২) ফ'ন পে নামেৰে থকা এটা প্ৰতিষ্ঠানে চলোৱা এটা সমীক্ষা মতে বৰ্তমান ভাৰতবর্ষৰ ডিজিটেল লেনদেন প্ৰায় ৩ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ, যিটো আমাৰ দেশৰ মুঠ অৰ্থনীতিৰ পৰিসৰৰ সমান।

২০২৬লৈ ডিজিটেল লেনদেনৰ পৰিসৰ ১০ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ হ’ব বুলি সমীক্ষাটোত প্ৰকাশ পাইছে। ২০২৬লৈ ৩জনৰ ভিতৰত ২জন ব্যক্তিয়ে ডিজিটেল লেনদেন কৰিব বুলি এটা পূৰ্বানুমান কৰা হৈছে।

এতিয়া আপোনাকলোকে নিজেই অনুমান কৰক আমি এটা আসোঁৱাহপূৰ্ণ কৰ ব্যৱস্থাৰ মাজত থকা উচিত নে এটা নিকা,স্বচ্ছ আৰু প্ৰণালীবদ্ধ কৰ ব্যৱস্থা আঁকোৱালি লোৱা উচিত।

টকা-পইচাৰ হিচাবটো বাদ দিলেও বিটিটিৰ অন্য কেবাটাও সুপ্ৰভাৱ আছে। আগতে কোৱাৰ দৰে সমাজখনক কেঁকোৰাৰ দৰে চেপি থকা দুৰ্নীতি নাইকিয়া হ'ব। সন্ত্ৰাসবাদ নোহোৱা হ'ব। কিয়নো যেতিয়া ডিজিটেল মাধ্যমত লেনদেন হ’ব, চৰকাৰে গোটেই লেনদেনবোৰ নিজৰ নজৰত ৰাখিব পাৰিব।

আমি যেতিয়া সকলো লেনদেন কৰিবলৈ বেংক ব্যৱহাৰ কৰিম তেতিয়া মানুহৰ নগদ পইচা জমা কৰাৰ প্ৰৱণতা হ্ৰাস পাব। ফলত ইয়াৰ সুপ্ৰভাৱ মানুহৰ ব্যক্তিগত জীৱনত আৰু সামাজিক জীৱনতো পৰিব। সামাজিক বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ই এক যুগান্তকাৰী পদক্ষেপ হিচাবে পৰিগণিত হ'ব।।