ভাৰতত পপুলিজম


Image Description

(৫)
বিশ্বজুৰি পপুলিজম জনপ্রিয় হোৱাৰ আগতেই ভাৰতত পপুলিজমক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হোৱাৰ উদাহৰণ স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত দেখিবলৈ পোৱা যায়। অৱশ্যে এই কথা ঠিক6 যে যি সময়ত ভাৰতত এই ৰাজনৈতিক অৱস্থা দেখিবলৈ পোৱা হৈছিল, সেই সময়ত ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ লগতে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলেও ইয়াক প্রচলিত ব্যৱস্থাটোৰ অন্তর্গত এক ৰাজনৈতিক কৌশল হিচাবেই গ্রহণ কৰিছিল; ই যে এক পৃথক ৰাজনৈতিক ‘মতবাদ’ হ’ব পাৰে সেই কথা তেতিয়া বুজিব পৰা হোৱা নাছিল।

বর্তমান সময়ত পপুলিজমৰ বিস্তৃত অধ্যয়নৰ পাছত যেতিয়া অধ্যয়নকাৰীৰ বৃহৎসংখ্যকৰে গ্রহণযোগ্য এটা সূত্র পোৱা হ’ল, আৰু সেই সূত্রত ভাৰতত ঘটি যোৱা আৰু ঘটি থকা বিশেষ ৰাজনৈতিক ঘটনাৰাজিৰ ব্যাখ্যা সম্ভৱ হ’ল, তেতিয়াহে সেই ঘটনাৰাজিক পপুলিজমৰ অন্তর্গত কৰি তাক প্রচলিত ৰাজনৈতিক ব্যৱস্থাৰপৰা পৃথক এক সুকীয়া ‘মতবাদ’ত চিনাক্ত কৰিব পৰা হ’ল।

প্রথম অৱস্থাত ভাৰতীয় পপুলিজমক চিনাক্ত কৰিব নোৱৰাৰ কাৰণ নথকা নহয়। ভাৰতীয় সংবিধানে প্রদান কৰা যি গণতান্ত্রিক ব্যৱস্থা, তাত পপুলিজমৰ কোনো স্থান নাছিল। জৱাহৰলাল নেহৰুকে আদি কৰি স্বাধীন ভাৰতৰ প্রথম পর্য্যায়ৰ ৰাজনৈতিক নেতৃবৃন্দই ভাৰতৰ সংসদীয় প্রণালীৰ শাসন ব্যৱস্থাৰ শুভাৰম্ভ কৰি তাত চৰকাৰৰ শক্তি ব্যক্তিবিশেষত কেন্দ্রীভূত হোৱা্ৰ পৰিৱর্তে সংবিধানস্বীকৃত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ ওপৰতহে ন্যস্ত কৰিছিল।

কিন্তু ১৯৬০ৰ দশকত ভাৰতৰ ৰাজনীতিত এটা পৰিৱর্তনৰ ধাৰা লক্ষ্য কৰা হয়। পৰৱর্তী সময়ত ভাৰতৰ প্রধান মন্ত্রী পদত অধিষ্ঠিত হোৱা ইন্দিৰা গান্ধীয়ে সেই দশকত পুৰণিচাম কংগ্রেছ নেতৃত্বৰ বিৰুদ্ধে ঠিয় হ’বলৈ গৈ যি পন্থা অৱলম্বন কৰিলে তাত মূলতঃ দুটা উল্লেখনীয় ৰাজনৈতিক পৰিঘটনাৰ সূচনা হয়।

প্রথমটো হৈছে পূর্বৰ নীতি অনুসৰি সংবিধানপ্রদত্ত আনুষ্ঠানিক ক্ষমতাৰ পৰিৱর্তে ব্যক্তিকেন্দ্রিক ক্ষমতাই প্রাধান্য লাভ কৰিবলৈ আৰম্ভ কৰা আৰু দ্বিতীয়তে, ভাৰতীয় ৰাজনীতিত ‘পপুলিজম’ৰ বীজ ৰোপণ কৰা।

১৯৬৬ চনত ভাৰতৰ প্রধান মন্ত্রীৰ পদত অধিষ্ঠিত ইন্দিৰা গান্ধীয়ে পুৰণি কংগ্রেছ দলটোক ভঙাৰ লগতে তেওঁ প্রতিনিধিত্ব কৰা নতুন কংগ্রেছ দলটোত সংবিধানপ্রদত্ত অনুষ্ঠানৰ ক্ষমতাৰ সলনি সেই ক্ষমতা নিজৰ ওপৰতে আৰোপিত কৰিলে।

একে সময়তে তেওঁ ভাৰতৰ জনসাধাৰণক দুটা ভাগত বিভক্ত কৰিলে; এটা ভাগত থাকিল ভাৰতৰ গৰিষ্ঠসংখ্যক দৰিদ্র জনসাধাৰণ আৰু তাৰ বিপৰীত ভাগত ৰ’ল, গান্ধীৰ মতে, দৰিদ্র জনসাধাৰণৰ উন্নতিৰ পথত হেঙাৰ হৈ ঠিয় হোৱা আৰু পুৰণি ধ্যান-ধাৰণাক ৰক্ষণাৱেক্ষণ দিয়া তথাকথিত অভিজাত শাসকশ্রেণী।

দৰিদ্র জনসাধাৰণৰ উন্নতিৰ হকে বিভিন্ন সামাজিক আৰু অর্থনৈতিক ব্যৱস্থাক মুখ্য নীতি হিচাবে লৈ ‘গৰীৱী হটাও’ শ্ল'গানেৰে ইন্দিৰা গান্দীয়ে ১৯৭১ চনৰ সাধাৰণ নির্বাচনত বিপুল ভোটত বিজয় সাব্যস্ত কৰি ভাৰতীয় ৰাজনীতিত পপুলিজমকো এক গ্রহণযোগ্য কৌশল হিচাবে প্রতিষ্ঠা কৰিলে।

ইন্দিৰা গান্ধীৰ পপুলিজমত ‘নীতিৱান’ দৰিদ্র জনতাৰ বিপৰীতে ‘নীতিভ্রষ্ট’ অভিজাত শ্রেণীত থাকিল পুৰণি চাম কংগ্রেছৰ সমর্থক কংগ্রেছ (অ’), জনসংঘ আৰু স্বতন্ত্র পার্টিৰ সন্মিলিত দল আৰু তেওঁ নিজে হ’ল দৰিদ্র জনতাৰ ত্রাণকর্ত্রীস্বৰূপ।

গতিকে ইয়াত সাংবিধানিক অনুষ্ঠান-প্রতিষ্ঠানৰ ক্ষমতাৰ কথা নাই। তেওঁ নিজেই সকলো ক্ষমতাৰ গৰাকী। এই অৱস্থাত মুড্ডেৰ পপুলিজমৰ সূত্র সম্পূর্ণৰূপে খাপ খাই পৰা দেখিবলৈ পালোহঁক। লগতে পপুলিষ্টসকলে তেওঁলোকৰ স্বভাৱসিদ্ধ বাক-পটুতাৰে ক্ষমতা দখলৰ আগতে জনসাধাৰণক প্রদান কৰা বিভিন্ন প্রতিশ্রুতিও যে সাৰশূন্য আৰু গণতন্ত্রৰ ছত্রছায়াত থাকি একনায়কত্ববাদী ধ্যান-ধাৰণাক প্রোৎসাহন দিয়াটো তেওঁলোকৰ অন্যতম মূল লক্ষ্য, সেই কথাৰ প্রমাণ পাবলৈ ভাৰতৰ জনসাধাৰণে বেছি দিন বাট চাবলগীয়া নহ’ল।

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা, আৰু ইন্দিৰা গান্ধীৰ ৰাজনৈতিক কার্য্যকলাপক বিৰোধিতা কৰা লোকক কাৰাবন্দী কৰি বিভিন্ন শাস্তি প্রদান, ব্যক্তি-স্বাধীনতাৰ বিলোপকৰণ, আদিয়ে সেই সময়ছোৱাক ভাৰতীয় ৰাজনীতিৰ ক’লা অধ্যায় হিচাবে চিহ্নিত কৰি আহিছে।

ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰা তথাকথিত সমাজবাদী ধাৰাৰ পপুলিজমৰ সময়তে উত্তৰ ভাৰতত কৃষিৰ সৈতে জড়িত অন্য এক পপুলিজমৰো সূত্রপাত হয়। বিশিষ্ট ৰাজনীতিবিদ চৰণ সিং আছিল এইবিধ পপুলিজমৰ মুখ্য প্রবক্তা।

কংগ্রেছ দলত নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা চৰণ সিঙে ১৯৬৭ চনত কংগ্রেছ দল ত্যাগ কৰি ভাৰতীয় ক্রান্তি দল নামৰ ৰাজনৈতিক দলটো প্রতিষ্ঠা কৰে আৰু ১৯৭৪ চনত তেওঁ গঠন কৰে ভাৰতীয় লোকদল। ১৯৭৯ চনত কিছু দিনৰ বাবে তেওঁ ভাৰতৰ প্রধান মন্ত্রীৰ পদতো অধিষ্ঠিত হৈছিল।

চৰণ সিঙে তেওঁৰ ৰাজনৈতিক দল ভাৰতীয় লোক দলৰ মুখ্য লক্ষ্য কৃষকৰ স্বার্থক অগ্রাধিকাৰ দিয়া বুলি ঘোষণা কৰিছিল। তেওঁৰ মতবাদত জনসাধাৰণক মূলতঃ দুটা ভাগত ভগোৱা হয়: এটা ভাগত আছে গ্রামাঞ্চলৰ শোষিত নিস্পেষিত কৃষক সমাজ আৰু আনটো ভাগত আছে কৃষকক বিভিন্ন ধৰণে শোষণ কৰি অহা শাসকশ্রেণীৰ লগতে ব্যৱসায়ী, সুদখোৰ মহাজন আৰু কৃষিকার্য্যৰ সৈতে কোনো সম্পর্ক নৰখা নগৰীয়া সমাজৰ লোকসকল।

চৰণ সিঙে নগৰীয়া অঞ্চলৰ উদ্যোগীকৰণৰ ঠাইত কৃষিৰ উন্নয়নক অগ্রাধিকাৰ দিয়াটো বিচাৰিছিল আৰু গ্ৰাম্যাঞ্চলত অর্থনৈতিক উন্নয়ন ক্ষিপ্রভাৱে ৰূপায়ণৰ অর্থে চৰকাৰী প্রশাসন ব্যৱস্থাটোত কৃষকৰ সন্তানকহে মকৰল কৰা উচিত বুলি মত প্রকাশ কৰিছিল।

প্রচলিত ব্যৱস্থাটোক প্রত্যহ্বান জনোৱা এই মতবাদৰ প্রতি সাধাৰণ কৃষক সমাজ আকর্ষিত হ’লেও এটা কথা পোহৰলৈ আহিছিল যে সামাজিক আৰু অর্থনৈতিকভাৱে প্রতিপত্তিশীল কৃষক শ্রেণীৰ হাততে দলটোৰ নিয়ন্ত্রণ কেন্দ্রীভূত হৈ আছিল। ন’কলেও হ’ব যে সমাজৰ উচ্চবর্গৰ অন্তর্গত জমিদাৰ শ্রেণীৰ লোকসকলে নিজকে কৃষক হিচাবে পৰিচয় দিলেও এই কথাত কাৰো দ্বিমত নাই যে গ্রাম্যাঞ্চলৰ বৃহৎসংখ্যক ক্ষুদ্র তথা ভূমিহীন কৃষক তেওঁলোকৰ হাততে বেছিকৈ নিপীড়িত হৈছিল।

প্রথম অৱস্থাত চৰণ সিঙৰ এই মতবাদে তেওঁ প্রতিষ্ঠা কৰা দলটোক ভাৰতীয় ৰাজনীতিত উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাবে চিহ্নিত কৰিলেও খুব কম সময়ৰ ভিতৰতে কথা আৰু কামৰ মাজত থকা পার্থক্যৰ ফলত ইয়াৰ গুৰুত্ব প্রায় নোহোৱা হৈ পৰে।

ইন্দিৰা গান্ধী আৰু চৰণ সিঙৰ পপুলিজমত ‘জনসাধাৰণ’ৰ যি ব্যাখ্যা, সেই ব্যাখ্যাত থকা পার্থক্য মন কৰিবলগীয়া; প্রথমটোত দেশৰ গাঁও আৰু নগৰৰ সকলো দৰিদ্র জনসাধাৰণ অন্তর্ভুক্ত হোৱাৰ বিপৰীতে দ্বিতীয়টোত জনসাধাৰণ বুলি কওঁতে কেৱল গাঁৱৰ কৃষকসমাজকহে সামৰি লোৱা হৈছে। ঠিক সেইদৰে জনসাধাৰণৰ বিপৰীত মেৰুত অৱস্থান কৰা অভিজাত শ্রেণীটোৰ ক্ষেত্রতো উল্লেখযোগ্য পার্থক্য মন কৰা হয়।

ইন্দিৰা গান্ধীয়ে স্থিতাৱস্থা বাহাল ৰাখিব খোজা ৰাজনৈতিক দলৰ নেতৃবৃন্দকে অকল এই অভিজাত শ্রেণীত সামৰি লোৱা নাই। নিজকে জনসাধাৰণৰ অবিসম্বাদী নেত্রী হিচাবে পৰিচয় দি তেওঁৰ বিৰোধিতা কৰা লোককো এই শ্রেণীত তেওঁ অন্তর্ভুক্ত কৰিছ্।

গতিকে ব্যক্তিগতভাৱে নিজকে প্রক্ষেপ কৰাৰ এক প্রৱণতাও এই ব্যাখ্যাত পৰোক্ষভাৱে জড়িত হৈ আছে। ১৯৭১ চনৰ নির্বাচনৰ পূর্বে ইন্দিৰা গান্ধীয়ে তেওঁৰ নির্বাচনী সভাবোৰত এটা কথা বাৰম্বাৰ কৈছিল, 'তেওঁলোকে কয়, ‘ইন্দিৰা হটাও’, কিন্তু মই কওঁ, ‘গৰীৱী হটাও’।'

ইয়াৰপৰা এই কথা পৰিষ্কাৰ হয় যে ‘গৰীৱী হটাও’ শ্ল'গানৰ সৈতে ইন্দিৰা গান্ধীয়ে নিজৰ নামটো জড়িত কৰাটো কাকতালীয় সংযোগ নাছিল। আনহাতে চৰণ সিঙে নগৰীয়া অভিজাত শ্রেণীক গ্রাম্য ভাৰতৰ বিপৰীতে ৰাখি নিজকে জনসাধাৰণৰ মুখপাত্র বুলি ঘোষণা কৰিছিল।

চৰণ সিঙৰ মতবাদৰ মুখ্য উদ্দেশ্য আছিল ক্ষমতাৰ বাঘজৰী নগৰকেন্দ্রিক অভিজাত শ্রেণীৰ পৰা আনি গ্রাম্য ভাৰতৰ কৃষকৰ হাতত অর্পণ কৰা। তেনে কৰিব পাৰিলেই ভাৰতৰ গ্রামাঞ্চলত বাস কৰা ৮০ শতাংশ লোকক ন্যায় প্রদান কৰিব পৰা হ’ব বুলি তেওঁ উল্লেখ কৰিছিল।

মন কৰিবলগীয়া কথাটো হ’ল যে চৰণ সিঙে নিজকে গ্রাম্য ভাৰতৰ জনসাধাৰণৰ মুখপাত্র বুলি ক’লেও ইন্দিৰা গান্ধীৰ দৰে নিজৰ নামটো তেওঁ শ্লোগানৰ ৰূপত প্রক্ষেপ কৰা নাছিল।

'জনসাধাৰণ’ৰ এই দুই ব্যাখ্যাত পার্থক্য থাকিলেও সিহঁতৰ মাজত এটা গুৰুত্বপূর্ণ বিষয়ত মিল আছিল। সেয়া হৈছে ভাৰতীয় সমাজ ব্যৱস্থাত অতিকৈ শক্তিশালী আৰু সংবেদনশীল উপাদান, ধর্ম আৰু জাতিৰ বিষয়ে তাত কোনো উল্লেখ নাছিল।

দেশৰ দুখীয়া জনসাধৰণ আৰু গ্রামাঞ্চলৰ কৃষকৰ কথা কওঁতে জাতি-ধর্ম নির্বিশেষে সেই দুই শ্রেণীৰ সকলো লোককে সামৰি লোৱাটো প্রথম দৃষ্টিত ধৰা নপৰিলেও সেয়া যে এক উল্লেখযোগ্য বিষয় আছিল তাক স্বীকাৰ কৰিবই লাগিব। কাৰণ ই হৈছে, এই দুই পপুলিজমৰ ভাৰতীয় সংবিধানৰ ধর্মনিৰপেক্ষতা নীতিৰ প্রতি থকা আনুগত্যৰে এক নিদর্শন। কিন্তু ভাৰতীয় পপুলিজমৰ এই ধর্মনিৰপেক্ষ বৈশিষ্ট্য সদায় টিকি নাথাকিল।।