মুক্তি যি দিয়ে সেয়েহে বিদ্যা


Image Description

আজিৰ পৰা প্ৰায় চৈধ্য-পোন্ধৰ বছৰ আগতে মই ইংৰাজী সাহিত্যত মেজৰ লৈ বিএ মহলাত নাম লগাওঁতে বহুতে চকু কপালত তুলি সুধিছিল: ‘কিন্তু তুমি জানো আছামিজ মিডিয়ামৰ নহয়?’

পাছলৈ ইংৰাজীত এমএ কৰি থকা কালত আৰু তাৰো পাছত ইংৰাজী সাহিত্যত গৱেষণা আৰম্ভ কৰাৰ পাছত এই প্ৰশ্নবোৰৰ ধৰণটো কিছু সলনি হ’ল যদিও তাৰ অৰ্থ একেই থাকিল। তেতিয়া মোৰ টেবুলত অসমীয়া কিতাপ-পত্ৰ অথবা লেখা দেখিলে এদিনীয়া মানুহে আচৰিত হৈ প্ৰশ্ন কৰে:

‘কিন্তু তুমিতো ইংৰাজীৰ মানুহ ! তোমাৰ টেবুলত অসমীয়া কিতাপ কিয়?’

অথবা,

‘তুমি অসমীয়াত কেনেকৈ লিখিব পাৰা?’ ইত্যাদি।

কিজানি মই অসমীয়া সাহিত্যৰ ছাত্ৰ হোৱা হ’লেও তেওঁলোকে মোক একেদৰেই প্ৰশ্ন কৰিলে হয়: ‘কিন্তু তুমিতো অসমীয়াৰ মানুহ ! তোমাৰ টেবুলত ইংৰাজী কিতাপ কিয়? ক’ৰ্চত লাগে নেকি? বুজি পোৱা?’

০০০

এনে প্ৰশ্ন আৰু চিন্তাবোৰে আমাৰ মনত গভীৰভাৱে শিপাই থকা সংকীৰ্ণ ধাৰণা কেতবোৰ উদঙাই দিয়ে। এনে এটা ধাৰণা হৈছে যে আমি স্কুলত থাকোঁতে যি ভাষাত শিক্ষা গ্ৰহণ কৰোঁ গোটেই জীৱন সেই ভাষাতে বন্দী হৈ ৰওঁ আৰু আমাৰ নিজৰ ৰাপ-ৰুচি, অহোপুৰুষাৰ্থৰ বলত আমি অন্য কোনো ভাষাত বুৎপত্তি লাভ কৰিব নোৱাৰোঁ।

আনকথাত, এই ধাৰণা মতে আমাৰ মানসিক বিকাশো বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত প্ৰদান কৰা শিক্ষাতে সীমাবদ্ধ।

এনে চিন্তা-ধাৰণাবোৰ আমাৰ শিক্ষা-ব্যৱস্থাটোৰ মান্ধাতাযুগীয়া আৰু বৃত্তিমুখী মানসিকতাৰে ফচল। সৰুৰে পৰা আমাক মাথোঁ সেইবোৰ কথাতহে গুৰুত্ব দিবলৈ শিকোৱা হয় যিবোৰে আমাক এটি লোভনীয় জীৱিকা যোগাৰ কৰাত সহায় কৰিব পাৰে। তেনে জীৱিকাৰ খাটিৰত আমি নিজৰ সকলো বৌদ্ধিক-মানসিক শক্তি, ক্ষমতা, সম্ভাৱনাক জলাঞ্জলি দিবলৈ সাজু। ইয়াৰ আয়োজন আৰম্ভ হয় শৈশৱৰে পৰা, শিশুৰ মাত ফুটা-নুফুটাৰে পৰা।

০০০

ইংৰাজী স্কুলত পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে প্ৰায়েই দৃঢ়তাৰে বিশ্বাস কৰে যে ‘ইংলিশ্ব্ মিডিয়াম’ত শিক্ষা গ্ৰহণ কৰা হেতুকে তেওঁলোকৰ বাবে মাতৃভাষাৰ ওপৰত দৃঢ় খোপনি লাভ কৰা সম্ভৱ নহয়। অৰ্থাৎ, তেওঁলোকৰ বাবে মাতৃভাষাৰ আৰু নিজৰ কৃষ্টি-সংস্কৃতিৰ পৃথিৱীখন জেওৰা দিয়া ফুলনি এখনৰ দৰে — তাক তেওঁলোকে বাহিৰৰপৰা চাবহে পাৰে, কিন্তু ভিতৰলৈ সোমাই তাৰ ফল, ফুল, গছ, লতিকাৰ বৰ্ণ, গন্ধ, সোৱাদ গ্ৰহণ কৰিব নোৱাৰে। এই ফুলনিখনৰ পৰাই তেওঁলোক চিৰকাললৈ স্বনিৰ্বাসিত।

একেটা মুদ্ৰাৰ সিপিঠিত আছে মাতৃভাষাৰ মাধ্যমত অধ্যয়ন কৰা ল’ৰা-ছোৱালীহঁত। তেওঁলোকে ভাবে যে অসমীয়া, বড়ো, বঙালী, হিন্দী আদি ভাৰতীয়া ভাষাৰ মাধ্যমত পঢ়া-শুনা কৰা হেতুকেই তেওঁলোকৰ বাবে ইংৰাজী বা অন্য বিদেশী ভাষাৰ দুৱাৰ চিৰকাললৈ বন্ধ। নিজৰ ইংৰাজী ভাষাজ্ঞানৰ সীমাবদ্ধতাৰ বাবে তেওঁলোকে প্ৰধানকৈ স্কুলীয়া পৰ্য্যায়ৰ শিক্ষাকে জগৰীয়া কৰে (“কাৰণ মই আছামিজ মিডিয়ামৰ”)।

অৰ্থাৎ, ইংৰাজীয়েই হওক বা মাতৃভাষাই হওক, উভয় মাধ্যমতে পঢ়া-শুনা কৰা এক বৃহৎসংখ্যক ল’ৰা-ছোৱালী একেটা মানসিক পোতাশালৰে বন্দী। এই পোতাশালৰ বাহিৰৰ বহল আৰু উজ্জ্বল পৃথিৱীখনৰ বিষয়ে তেওঁলোক মাথোঁ অজ্ঞাতেই নহয়, নিস্পৃহও।

০০০

বৰ্তমান চৰকাৰী স্কুলত প্ৰাথমিক পৰ্য্যায়ৰ পৰা ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ সমৰ্থনত যিবোৰ যুক্তি আগবঢ়োৱা হৈছে সেই যুক্তিবোৰো একেটা মানসিকতাৰে ফল। সিবোৰৰ সাৰমৰ্ম একেটাই— ইংৰাজী ভাষা-সংস্কৃতিত ভেঁজা নিদিলে ভাৰতীয় শিশু আৰু শিক্ষা-ব্যৱস্থাই পোনকৈ থিয় দিয়াটো সম্ভৱ নহয়।

এই ধাৰণা এক তেনেই ঠেক আৰু পোতাশলীয়া ধাৰণা। সি জাতি হিচাপে আমাৰ আত্মহীনতাৰে লক্ষণ।

পিচে যি শিক্ষাই সমাজৰ এক বৃহৎসংখ্যক মানুহৰ মনত এনে ভয় আৰু শংকাৰ জন্ম দিয়ে সেয়া কেতিয়াও প্ৰকৃত শিক্ষা নহয়। বিষ্ণুপুৰাণত কোৱাৰ দৰে ‘সা বিদ্যা য়া বিমুক্তয়ে’— অৰ্থাৎ, মুক্তি যি দিয়ে সেয়াহে বিদ্যা। এই মুক্তি হৈছে অজ্ঞানতাৰ পৰা মুক্তি, এনে মানসিক পোতাশালৰ পৰা মুক্তি।

এই মুক্তি লাভ কৰিবলৈ আমাক প্ৰয়োজন হ’ব এক ব্যাপক আৰু প্ৰৱল প্ৰচেষ্টাৰ, ব্যক্তিগত আৰু সামাজিক উভয় পৰ্য্যায়তে।

সমাজৰ বৌদ্ধিক মহলে এই ক্ষেত্ৰত আগভাগ ল’ব লাগিব। লগতে তেওঁলোকে নিজকে বহুতো জটিল আৰু অপ্ৰিয় প্ৰশ্ন কৰিব লাগিব। এই পোতাশালৰপৰা মুক্তি লাভ কৰিলেহে আমি জীৱনৰ বহল দিগন্ত দেখিবলৈ পাম।।