মাজুলীয়ে নতুনত্ব বিচৰাৰ সময়


Image Description

মা মানে লক্ষী। জুলী মানে ভঁৰাল।

মাজুলী সত্ৰ নগৰী।

সত্ৰ এক অভিনৱ অনুষ্ঠান। মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি।

সুঠাম দেহৰ আৰু অসমীয়া মনৰ

সাস্কৃতিক মানুহ সৃষ্টিৰ কৰ্মশালা।

সত্ৰবোৰ জাতিৰ পথপ্ৰদৰ্শক হওক। সেইয়া আছিল শংকৰদেৱৰ সপোন। সত্ৰৰ বাবে শংকৰদেৱে সকলো আঁচনি যুগুতাই থৈছে। শংকৰদেৱৰ সপোন উজলি উঠক। মাজুলীক নতুনত্ব দিবলৈ আগ ভাগ লওক। আমাৰ কামনা।

বানপানী মাজুলীৰ চকুলো।

খহনীয়াই মাজুলীক বিধ্বস্ত কৰিলে। ৰক্ষা কৰিব পাৰি। কিন্ত কৰা হোৱা নাই। সৰ্বানন্দ সোণোৱালে এবাৰো মাত নামাতিলে।

নতুন প্ৰজন্মই সংকল্প লওক। মাজুলীক নতুনকৈ গঢ়িবলৈ। অপৰিস্কাৰ মনৰ প্ৰতিনিধিয়ে মাজুলীক আধুনিক ৰূপ দিব নোৱাৰে।

দুৰ্নীতিয়ে বিজেপিক ছানি ধৰিছে। চান্দাৰ বিশাল ভঁৰাল গঢ়িছে। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চান্দা তুলিছে। আনৰ মাটি টানি-আজুৰি লৈছে। চৰকাৰী মাটি পৰিয়ালৰ নামত লৈছে।

নৱ-প্ৰজন্মই জানো প্ৰশ্ৰয় দিব?

মাজুলীক নতুনকৈ সাংস্কৃতিক নগৰী হিচাবে গঢ়িবৰ হ'ল। সকলোতে নতুনত্বৰ চাপ পেলাবৰ হ'ল। ৰাজহুৱা ভগা-চিগা ছবিখন সলাবৰ সময় আহিল।

দলংখনৰ পাচোঁটা বছৰে কাৰিকৰী আঁচনিখনেই নহ'ল। মুখ্য মন্ত্ৰী হৈয়ো কৰাব নোৱাৰিলে। ভাবিবলগীয়া। ভোট পোৱাৰ পাছত সকলো পাহৰিলে।

বিজেপিৰ মানুহে 'জয় আই অসম' ক'ব নোৱৰা হ'ল। নাগপুৰে ডিঙিত সোপা দিলে। মাজুলীবাসীয়ে ভাবিবৰ হ'ল।

মাজুলীক 'জয় আই অসম'ৰ প্ৰতিনিধিৰ প্ৰয়োজন ।

মাজুলীবাসীয়ে ভাবিবৰ হ'ল।

সুযোগ পাঁচ বছৰত এবাৰহে আহে।

নিকা মানুহ মাজুলীৰ প্ৰতিনিধি হওক।।