বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা ৩
হিন্দু ধৰ্মৰ সংস্কাৰ আন্দোলন, বাঙালী ভদ্ৰলোক শ্ৰেণীৰ আত্মপ্ৰকাশ


Image Description

ইষ্ট ইণ্ডিয়া ক'ম্পেনীয়ে যি সময়ত বঙ্গত শাসনকৰ্তাৰূপে আত্মপ্ৰকাশ কৰিছিল, সেই সময়ছোৱাত হিন্দু ধৰ্মৰ মাজত প্ৰচলিত বেছ কিছু ৰীতি-নীতি তথা কঠোৰ অনুশাসন অমানৱীয় ৰূপত বৰ্তি আছিল । বিশেষকৈ সতীদাহ প্ৰথা, বাল্যবিবাহ আৰু সমাজত বিধৱাৰ স্থানে ইংৰাজৰ সান্নিধ্য লাভ কৰা পশ্চিমীয়া ভাৱাদৰ্শৰে প্ৰভাৱাম্বিত সচেতন বাঙালীক এই প্ৰথাৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিছিল আৰু ইয়াক উৎখাত কৰিবলৈ এই নব্যশিক্ষিত সকল সংল্পবদ্ধ হৈছিল ।

বাঙালী জাতিৰ উন্নতি বা বিকাশৰ কথা চিন্তাৰ অৱকাশ নাছিল । স্বাভাৱিকতে, ভাৰতৰ বৃহত্তৰ হিন্দু সমাজখনৰ সংস্কাৰ সাধনহে নব্যশিক্ষিত বাঙালী বুদ্ধিজীৱীৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ভাৰতৰ তদানীন্তন ইতিহাসে বিচাৰিছিল তেনে এক একনিষ্ঠ সমাজ সংস্কাৰক গোট এটা আৰু ইয়াৰ জন্ম হৈছিল বঙ্গত ।

ইষ্ট ইণ্ডিয়া ক'ম্পেনী শাসনাধীন ভাৰতবৰ্ষৰ ৰাজধানী আছিল কলকাতা । ৰাজা ৰামমোহন ৰায়ৰ হিন্দু ধৰ্মৰ সংস্কাৰ আন্দোলনে সমগ্ৰ ভাৰতৰে হিন্দু ধৰ্মৰ সংস্কাৰ আন্দোলনক নেতৃত্ব দিবলৈ সক্ষম হৈছিল । বঙ্গৰ বাঙালী ভাৰতৰ নেতা হৈ পৰিছিল । সতীদাহ প্ৰথাৰ বিলোপ সাধন হৈছিল আৰু বিধৱা বিবাহে স্বীকৃতি লাভ কৰিছিল । ৰাজা ৰাম মোহন ৰায় আৰু তেওঁৰ অনুগামীসকল ইমানতে ক্ষান্ত হৈছিল।

হিন্দু ধৰ্মৰ বৰ্ণবাদী ব্যৱস্থা উৎখাতৰ প্ৰতি তেওঁলোকে বৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল । ৰাজা ৰাম মোহন ৰায় আৰু অনুগামীসকল জমিদাৰী ব্যৱস্থাৰ বিৰোধী নাছিল । আনহাতে বঙ্গৰ ধৰ্মান্তৰিত মুছলমানসকল জমিদাৰী শাসনত পিষ্ট হৈছিল আৰু উচ্চ বৰ্ণৰ বাবে অচ্যুত আছিল । পূৰ্ব বঙ্গৰ সাধাৰণ কৃষক মুছলমান হোৱাৰ বিপৰীতে জমিদাৰসকলৰ গৰিষ্ঠ সংখ্যক আছিল উচ্চ বৰ্ণৰ হিন্দু ।

১৮২৯-৩৭ চনৰ সময়ছোৱাত প্ৰশাসনিক ভাষা হিচাপে ইংৰাজীয়ে ফাৰ্চীৰ স্থান দখল কৰাত বঙ্গৰ অভিজাত মুছলমানসকল প্ৰশাসনীয় প্ৰভাৱৰপৰাও বিচ্ছিন্ন হৈ পৰে । তেওঁলোকে ফাৰ্চী ভাষাকে খামুচি ধৰি থাকিল । এই অভিজাত মুছলমানসকলৰ মাজত ধাৰণা এটা আছিল যে তেওঁলোক ভাৰতৰ বাহিৰৰ আৰব, ইৰাণ, তুৰস্কৰ পৰা অহা সৎ বংশজাত লোক , সেয়ে তেওঁলোকৰ বক্তৃতাৰ ভাষা আছিল উৰ্দু , ফাৰ্চী আৰু ইংৰাজী । গ্ৰামীন বাংলাৰ বৃহত্তৰ মুছলমান কৃষকসমাজৰ লগত তেওঁলোকৰ বিশেষ কোনো সম্পৰ্ক নাছিল । ১৮৭০ চন পৰ্য্যন্ত এনে অৱস্থা এটাই তেওঁলোকৰ মাজত চলি থাকিল ।

ইষ্ট ইণ্ডিয়াৰ আমোলত চৰকাৰী বিভাগ আৰু আইন-আদালতৰ ভাষা ইংৰাজী হৈ যাব বুলি অনুমান কৰি সকলোতকৈ আগতে উচ্চ বৰ্ণ হিন্দুসকলে ইংৰাজী শিকা আৰম্ভ কৰে । ফলত ভাৰতৰ বহু স্থানত অফিছ-আদালতৰ চাকৰিত বাঙালী ভদ্ৰলোকসকলৰ একেচেতীয়া দখল আহি পৰে ।

বঙ্গৰ জমিদাৰীতন্ত্ৰত জমিদাৰ আৰু ৰায়তসকলৰ পৰস্পৰবিৰোধী অৰ্থনৈতিক স্বাৰ্থৰ সমান্তৰালকৈ দুটা শ্ৰেণীৰ ধৰ্মও পৃথক হোৱাই বঙ্গৰ ৰাজনীতিক অন্যপথে পৰিচালিত কৰিছিল । জমিদাৰতন্ত্ৰই বঙ্গত সাম্প্ৰদায়িকতা স্থায়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু দেশ বিভাজনৰ জৰিয়তে ইয়াৰ এটা পৰ্য্যায়ৰ কৰুণ সমাপ্তি ঘটিছিল । জাতি আৰু ধৰ্ম একাকাৰ হৈ পৰিছিল । এয়া আছিল নতুন বাঙালীৰ মধ্যবিত্তীয় ভদ্ৰলোকৰ শ্ৰেণীচেতনাত গঢ় লোৱা জাতীয় চেতনা য’ত উপেক্ষিত হৈছিল বৃহত্তৰ কৃষক সমাজৰ মৰ্মবেদনা, যি কৃষকসমাজৰ গৰিষ্ঠ অংশ আছিল ধৰ্মান্তৰিত মুছলমান ।

বাঙালী মুছলমান শিক্ষা-দীক্ষাত যথেষ্ট পিছপৰি থকা বাবে বাঙালী ভাষা, বিশেষকৈ বাঙালী সাহিত্য শিক্ষা-দীক্ষাত আগবঢ়া বাঙালী ‘ভদ্ৰলোক’ৰ সম্পত্তিত পৰিণত হৈ পৰিছিল । অবিভক্ত বঙ্গত উচ্চ বৰ্ণৰ ব্ৰাহ্মণ, বৈদ্য আৰু কায়স্থক ভদ্ৰলোক বোলা হয় । তেওঁলোকে কৃষিকৰ্ম কৰিব নালাগে, কায়িক পৰিশ্ৰমক নীচ কাম বুলি ভাবে ।

এই ‘ভদ্ৰলোক’সকলে আনসকলক ‘ছোটলোক’ বুলি আখ্যা দিয়ে । মুজফফৰ আহমেদে লিখিছে , 'আমি যখন ১৯১৩ সালে কলকাতায় পড়তে এসেসি তখনও পশ্চিমবঙ্গেৰ ছেলেৰা আমাদেৰ ‘বাঙাল’ নামে ডাকত ।' এই ‘ভদ্ৰলোক’ শ্ৰেণীটোৱে পূৰ্ববঙ্গীয়ক বাঙালী বুলি স্বীকৃতি দিবলৈকো ইতঃস্তত কৰিছিল । আৰু এঠাইত আহমেদে লিখিছে , 'দৰিদ্ৰ কৃষকদেৰ দেখলেইতো বাঙালী ভদ্ৰলোকেৰ ছেলেদেৰ মুখ থেকে ‘তুই’ কথা বা’ৰ হয়ে আসে।'

সুনীল গঙ্গোপধ্যায়েও তেওঁৰ 'পূৰ্ব-পশ্চিম'ত দেখুৱাইছে বাঙালী মাতৃয়ে এজন ধুনীয়া মুছলমান লৰাক দেখি কৈছিল , 'ওমা, ঐ ছেলেটা মুছলমান বুঝি ? আমি তো ভেৱেছিলুম ও বাঙালী ।' ভদ্ৰলোকসকল শিক্ষিত হোৱাটো বাঞ্চনীয় । তেওঁলোকে সুদত টকা খটুৱায় । নিজে খেতি নকৰিলেও কৃষিভূমিৰ পৰা প্ৰচুৰ আয় কৰে ।

বাঙালী ভদ্ৰলোকসকল যেতিয়ালৈকে বৃটিছ বিৰোধী হৈ পৰিছিল, তেতিয়াও তেওঁলোক ধৰ্মীয় অনুৰাগৰ পৰা মুক্ত হ’ব পৰা নাছিল । বিশাল কৃষক সমাজৰ পৰা বিচ্ছিন্ন এই শ্ৰেণীটোৰ প্ৰথম প্ৰজন্মৰ ‘বিপ্লবী’সকলে সন্ত্ৰাসবাদৰ পথ গ্ৰহণ কৰি তেওঁলোকৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ পৰা মুছলমানক আঁতৰাই ৰাখিছিল । খুব চমুকৈ এই ইতিহাস মুজফফৰ আহমেদে এনেদৰে লিখিছে, 'বৰ্তমান শতাব্দীৰ (বিংশ শতিকা) প্ৰথম ও দ্বিতীয় দশকে সন্ত্ৰাসবাদী বিপ্লৱেৰ প্ৰথম পৰ্যায় শেষ হয় । এই দুই দশকে বিপ্লৱীৰা পৰম ধাৰ্মিক ছিলেন । তাঁৰা “কালীমাতা”ৰ নিকট শপথ গ্ৰহণ কৰতেন, প্ৰেৰণা লাভ কৰতেন গীতাও বঙ্কিম চট্টোপধ্যায়েৰ নিকট হতে, আৰ যোগভ্যাস কৰতেন । যোগ যে তাদেৰ ব্যায়ামেৰ অঙ্গ ছিল তা নয় ।'

(পৰৱৰ্তী অংশত –বঙ্গৰ মুছলমানৰ ক্ৰমাগত অপসাৰণ)