ভাৰতীয় অৰ্থনীতি: সত্য আৰু ভ্ৰান্তধাৰণা


Image Description

বৰ্তমান ভাৰতীয় অৰ্থনীতি এনে এক পৰ্য্যায়ত আছে য’ত ইয়াক এক সুস্থিৰ বহনক্ষম স্তৰলৈ ঘূৰাই আনিবলৈ হ’লে কিছু যাদুসদৃশ পৰিঘটনাৰ প্ৰয়োজন হ’ব।

কথাষাৰ তিক্ত যদিও এয়া সত্য৷

এক পাৰম্পৰিক ধাৰণাৰে আমি ভাৰতীয় অৰ্থনীতিক যদি চাবলৈ যাওঁ, তেন্তে আমাৰ এনে ভাব হ’ব যেন ভাৰতীয় অৰ্থনীতিৰ উন্নয়ন এক সন্তুোষজনক স্থিতিত আছে আৰু বিশ্বৰ আন যি কোনো উন্নয়নশীল অৰ্থনীতিতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। শেহতীয়াকৈ আমি আনন্দ লভাৰ তেনে এক কল্পনাপ্ৰসূত ধাৰণা হ’ল যে আমি গ্ৰেট বৃটেইনৰ অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ক অতিক্ৰম কৰি বিশ্বৰ ভিতৰতে পঞ্চম সৰ্ববৃহৎ জিডিপিৰ দেশ হিচাপে পৰিগণিত হৈছোঁ।

আপাত দৃষ্টিত ই এক সুখবৰ। কিন্তু প্ৰকৃতাৰ্থত জিডিপিৰ ক্ষেত্ৰত এই সফলতাক লৈ আত্মতুষ্টি লভাৰ কোনো কাৰণ নাই৷ কিয়নো প্ৰকৃত অৰ্থনৈতিক বিকাশৰ ছবিখন কেৱল সম্পদ সৃষ্টি আৰু বিকাশতে নিহিত নাথাকে, থাকে ৰাষ্ট্ৰত বাস কৰা লোকসকলৰ সামগ্ৰিক বিকাশত।সম্পদৰ প্ৰকৃত মূল্য, মানুহৰ জীৱনধাৰণৰ মানদণ্ড, শিক্ষাৰ ন্যূনতম ব্যয়, স্বাস্থ্যখণ্ডৰ ন্যূনতম ব্যয় আৰু কিছু সঞ্চয়ত প্ৰতিফলিত হ’ব লাগে।

কিন্তু সম্প্ৰতি দেশৰ অৰ্থনৈতিক ব্যৱস্থা সকলো দিশৰ পৰাই সুস্থিৰ আৰু উন্নয়নমূলক বুলি দেশৰ জনতাক প্ৰতিপন্ন কৰোৱাৰ ক্ষেত্ৰত শাসকগোষ্ঠীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু মূল প্ৰসংগটো 'বাহিৰে ৰংচং, ভিতৰে কোৱাভাতুৰীৰ' দৰে। অৰ্থাৎ প্ৰকৃত সত্যৰ এক পৃথক দৃষ্টিভংগী আছে।

দেশত প্ৰতিদিনে খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে, জনমূৰি ঘৰুৱা উৎপাদন সন্তুোষজনক নহয়, নিবনুৱা সমস্যাই নতুন উচ্চতা স্পৰ্শ কৰিছে। যদি সকলোবোৰ ইমান ভাল অৱস্থাতেই আছে তেন্তে উল্লিখিত মৌলিক সমস্যাসমূহৰ সমাধানৰ পথ কিয় নোলায় !

ভাৰতীয় অৰ্থনীতিৰ উত্থান আৰু পতন এক অতি দীঘলীয়া আৰু জটিল বিষয়। এনে চমু প্ৰৱন্ধত ইয়াক সংক্ষিপ্ত কৰা সম্ভৱ নহয়। মই কিছু গুৰুত্বপূৰ্ণ দিশ চমুকৈ উন্মোচন কৰাৰ চেষ্টাহে কৰিম ৷

বহুতৰে জ্ঞাত যে দেশ স্বাধীন হোৱাৰ সময়ছোৱাত ভাৰতীয় টকাৰ মূল্যমান (১টকা) আমেৰিকান ডলাৰৰ মূল্যমানৰ (১ ডলাৰ) সমান আছিল।প্ৰতিটো বছৰ পাৰ হৈ যোৱাৰ লগেলগে ভাৰতীয় মুদ্ৰাৰ মূল্যমান হ্ৰাস হ’বলৈ ধৰিলে আৰু এতিয়া আমি ১ ডলাৰৰ তুলনা প্ৰায় ৮৩ টকা হোৱাৰ পৰ্য্যায়ত উপনীত হৈছোঁহি।

এই কথা মানিবই লাগিব যে বছৰে বছৰে আমেৰিকান ডলাৰৰ স্বীকৃতি বাঢ়ি গৈ থাকিল আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি গ্ৰহণযোগ্য মুদ্ৰা হিচাপে পৰিগণিত হ’ল আৰু এই ক্ষেত্ৰত ভাৰতীয় মুদ্ৰাৰ বাবে আমেৰিকান ডলাৰৰ সৈতে মোকাবিলা কৰা কঠিন হৈ পৰিল ।কিন্তু মুখ্যতঃ ভাৰত এখন আমদানি নিৰ্ভৰশীল দেশ। এই ক্ষেত্ৰত ভাৰতীয় টকাই ১ মাৰ্কিন ডলাৰৰ মূল্যমান ৮৩ টকা স্পৰ্শ কৰাৰ আগতে আমি বা আমাৰ দেশৰ চৰকাৰে কিছুমান প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।

কাৰণ বৰ্তমানৰ শাসন ব্যৱস্থাই এই ক্ষেত্ৰত কেৱল আমাৰ দেশৰ অৰ্থনৈতিক কাৰ্য্যকলাপবোৰই নহয়, আন আনুষংগিক বিভাগসমূহৰ তত্বাৱধানৰ বাবেও বহুতো প্ৰতিষ্ঠান - অনুষ্ঠানৰ সৃষ্টি কৰিছে। নীতি আয়োগ হ’ল তেনে এক প্ৰভাৱশালী প্ৰতিষ্ঠান। কিন্তু ব্যক্তিগতভাৱে মই নীতি আয়োগ মোৰ বাবে এক চৰম হতাশা বুলি ক’ম।

মুঠতে আয়োগে যাৱতীয় সকলো প্ৰসংগ সংবাদ মাধ্যমৰ আগত চমু চমুকৈ হ’লেও সদৰি কৰাটো বিচাৰিম, লাগিলে সেয়া পুনঃউৎপাদনশীল হাৰৰ (repo rate ) বিষয়ে হওক, ক’ভিড-১৯ টিকাকৰণৰ স্থিতিৰ বিষয়েই হওক , সেয়া ৫জি স্পেকট্ৰামৰ বিষয়েই হওক নতুবা বেচৰকাৰী সংস্থাৰ পঞ্জীয়নৰ সন্দৰ্ভতেই হওক।

অৰ্থাৎ প্ৰসংগ যিয়েই নহওক, নীতি আয়োগৰ হস্তক্ষেপ তাত থাকিব আৰু সকলোবোৰ তথ্য নখদৰ্পণত ৰ’ব। কাৰণ 'NITI - National Institution For Transforming India', এই নামটোৱেই দেশৰ প্ৰগতিশীল চিন্তাধাৰাসম্পন্ন সংস্থাৰূপে তাৎপৰ্য্য বহন কৰিছে ৷

আমি যদি নীতি আয়োগৰ বহু বছৰ ধৰা কাৰ্য্যকলাপবোৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰোঁ তেন্তে আমি গম পাম যে প্ৰকৃততে এই অভিজাত সংস্থাটোৱে দেশৰ উন্নয়নমূলক কি কি সাধিলে!

ক’ভিড কালত জনসাধাৰণে 'কৰিবলগীয়া'আৰু 'নকৰিবলগীয়া'বোৰতে গুৰুত্ব দি লাগি থকাৰ পৰিৱৰ্তে সংস্থাটোৱে আমাৰ মুদ্ৰাৰ অৱমূল্যায়ন বন্ধ কৰিবলৈ কিছু প্ৰতিৰোধমূলক ব্যৱস্থাৰ পোষকতা কৰিব পাৰিলেহেঁতেন ৷ কিন্তু সংস্থাটোৱে তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাটো পৰিলক্ষিত নহ’ল।

দেশৰ এনে সৰ্বোচ্চ সংস্থা একোটাই যেতিয়া ক’ভিড-১৯ দৰে ব্যাধিৰ ওপৰত পৰামৰ্শ আগবঢ়াবলৈ শিশুৰোগ বিশেষজ্ঞক দায়িত্বভাৰ দিয়ে, তাতোকৈ আৰু আমোদজনক তথা হাস্যকৰ কথা কি হ’ব পাৰে !

আমি সকলোৱে জানো যে মহামাৰী একোটাৰ প্ৰতিৰোধী ব্যৱস্থাৰ ক্ষেত্ৰত মহামাৰী বিশেষজ্ঞসকলহে উপযুক্ত সমল ৷ কিন্তু নীতি আয়োগৰ দৰে সংস্থাক বুজাব কোনে! উন্নত জীৱিকাৰ বাবে দেশৰ জনতাক নিয়োজিত কৰাৰ ক্ষেত্ৰত একোটা সুস্থ-সবল পৰিকল্পনা, নক্সা প্ৰস্তুত কৰা ধৰণৰ নীতিগত পদক্ষেপ গ্ৰহণ কৰা, তেওঁলোকক চাকৰি প্ৰদান কৰা, উন্নত ব্যাৱসায়িক সুযোগ সৃষ্টি কৰা আদি ব্যৱস্থাৰ পোষকতা কৰাৰ বিপৰীতে তথাকথিত সংস্থাটোৱে অপ্ৰাসংগিক কাৰ্য্যিৱলীতহে নিজকে নিয়োগ কৰিছে, যাৰ বাবে তেওঁলোক আনকি উপযুক্তভাৱে সবল নহয়।

কিমধিকমিতি !!

(ক্ৰমশঃ)