খাদ্য নিৰাপত্তালৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহবান: থলুৱা শস্য ত্ৰাণকৰ্তা


Image Description

(২ , সমাপ্ত)
ইয়াৰ বিকল্প আৰু পৰিপূৰক হিচাবে ৰবি শস্য বা শীতকালীন শস্যৰ ওপৰত গুৰুত্ব দিব লাগিব৷ চৰকাৰেও অন্ততঃ কাগজে-কলমে ৰবি শস্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব ধৰিছে আৰু এয়া ইতিবাচক কথা।

বিগত পাঁচ দশকৰো অধিক কালত আমাৰ দেশৰ জনসংখ্যা বাঢ়ি প্ৰায় দুগুণৰ কাষ চাপিছে; কিন্তু দাইলৰ উৎপাদন স্থবিৰ হৈ থাকিল আৰু ভৱিষ্যতেও বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই; অৰ্থাৎ দাইলৰ দাম নকৰে বৰঞ্চ বৃদ্ধি পাই থাকিব৷ বিকল্প হ’ল আমাৰ গতানুগতিক খাদ্যাভাসৰ সংশোধন৷ জাপানৰ মানুহে দিনৌ তিনিবাৰ ভাত খায়; কিন্তু কাঁহীত দাইল নাথাকে৷ অৱশ্যে সাগৰীয় মাছ থাকে৷ কিন্তু তাৰ বাবে সিবিলাকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ তথ্য নাই৷

অসমত পৰ্য্যাপ্ত শাক-পাচলি উৎপাদন হোৱাটো ইতিবাচক কথা৷ মৎস্যপালনৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি পোৱাটো আশাব্যঞ্জক কথা৷ অসম তথা উত্তৰ পূব ভাৰতত যিমান বনৰীয়া তথা অগানুগতিক শাক-পাত পোৱা যায়, বিশ্বৰ কম অঞ্চলতহে তেনে প্ৰাচুৰ্য্য দেখা যায়৷ ইবিলাকৰ বেছি ভাগেই পুষ্টিগুণত, বিশেষকৈ প্ৰ'টিনৰ ক্ষেত্ৰত দাইলৰ সমকক্ষ৷

ঢেঁকীয়া, খুতুৰা, পিৰালি পালেং, জিলমিল শাক আদি পুষ্টিগুণত দাইলতকৈ যথেষ্ট উচ্চ ৷ গতিকে শাকৰ জোল, মাজে মাজে শাক মাছৰ জোল দাইলৰ বিকল্প হিচাবে গ্ৰহণ কৰিব নোৱৰাৰ কাৰণ নাই৷ ঢেঁকীয়া, মাগুৰ মাছ, লগতে ঔটেঙাৰ জোল অসমীয়াৰ খাদ্য পৰিচয়৷

'তুৰস্কৰ’ গৱেষকসকলে দেখুৱাইছে যে কচুৰ গ্লাইছেমিক সূচাঙ্ক আলু, চাউল, ঘেঁহু আদিতকৈ যথেষ্ট কম৷ অৰ্থাৎ সাধাৰণ লোকৰ উপৰিও ডায়েবেটিছ ৰোগীৰ বাবেও উপযোগী৷ কচু বতৰৰ প্ৰতিকূল পৰিস্থিতিতো জীয়াই থকাৰ লগতে উৎপাদনশীলো৷ অসমত কচুৰ বহু প্ৰজাতি আৰু সঁচ পোৱা যায়, অৰ্থাৎ জেনেটিক বৈশিষ্ট্যত চহকী আলু খেতি উচন হ’লেও আমি আমাৰ পৰিচিত কচু, কঠালগুটি আদিক বিকল্প হিচাবে ল’ব পাৰোঁ৷

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে কঠালগুটিৰ পুষ্টিগুণ আলুতকৈ তিনি-চাৰিগুণ বেছি। প্ৰ'টিন ১৫ শতাংশ, কাৰ্ব'হাইড্ৰেট ৬৪ শতাংশ, তৈলজাত দ্ৰব্য ৬.৭ শতাংশ, আঁহজাতীয় দ্ৰব্য ২.৪ শতাংশ, খনিজ লোণ ১.৪ শতাংশ।

কচু, কঠালগুটি আদি ‘দুখীয়াৰ খাদ্য’ বুলি একাংশ লোকৰ উপহাস কৰাৰ প্ৰৱণতা একাষৰীয়া কৰাৰ সময় হ’ল, কৃষি প্ৰযুক্তিৰ সমান্তৰালকৈ মানসিকতা সলনি কৰিব লাগিব৷

বহু পলমকৈ হ’লেও ভাৰতকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশে জলবায়ু পৰিৱৰ্তনৰ ফলত খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা ভাবুকিৰ প্ৰতি সচেতন হৈছে৷ এই ক্ষেত্ৰত নীতি নিৰ্ধাৰণ, কৌশল নিৰ্ধাৰণ আদিৰ বাবে অভিজ্ঞ গৱেষক বিজ্ঞানী, প্ৰগতিশীল কৃষক, আদিক দায়িত্ব দিব লাগে৷

চিন্তনীয় কথা যে আমাৰ দেশত একাংশ শাসকীয় ৰাজনীতিবিদে নিজে বিশেষজ্ঞৰ দৰে আচৰণ কৰে আৰু দায়িত্ব লয়৷ অৱশ্যে একাংশ চৰকাৰী কৃষি বিষয়া, চৰকাৰী বিশেষজ্ঞ আদিৰে চৰকাৰৰ ভূল-ভ্ৰান্তি চকু মুদি সমৰ্থন কৰে ব্যক্তিগত স্বাৰ্থ আঁচনিৰ বাবে।

উদাহৰণ ৰাষ্ট্ৰীয় মিলেট মিছন৷ উত্তৰ পশ্চিম ভাৰতৰ দাক্ষিণাত্যৰ মালভূমি আদি প্ৰধান অঞ্চলত বহু কৃষকে পুৰুষানুক্ৰমে মিলেটৰ খেতি কৰি আহিছে৷ মিলেট খৰাং পৰিস্থিতি সহনশীল, পুষ্টিগুণো উন্নত ৷ কিন্তু অসমৰ সেমেকা জলবায়ুৰ পৰিবেশ ইয়াৰ বাবে উপযুক্ত নহয়৷ যিদৰে বাদাম আদি তৈলজাত শস্যৰ বাবে অসমৰ জলবায়ু উপযুক্ত নহ৷ মচুৰ, ৰহৰ আদি চাউলৰ খেতি অসমত ভাল নহয় বুলি আমাৰ কৃষক ৰাইজে জানেই৷ গতিকে পৰিস্থিতিৰ জোৰা মাৰিবলৈ চালানী শস্য, চালানী প্ৰযুক্তিৰ প্ৰয়োজন নাই৷

অগ্ৰাধিকাৰ দিব লাগিব থলুৱা শস্যক; তুলনামূলকভাৱে অখ্যাত কিন্তু পুষ্টিগুণত অতি উন্নত স্থানীয় খাদ্য প্ৰজাতিক৷

উদাহৰণ– মিলেটৰ সমকক্ষ বিকল্প আমাৰ আহুধান উদ্যমী কৃষক বন্ধুক সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আৰু বিশেষকৈ উৎসাহ যোগোৱাটো আমাৰ প্ৰাথমিক দায়িত্ব৷ বানপানীয়ে বালিময় কৰি ধানখেতিৰ অনুপযোগী কৰি তোলা ভূমিত তৰমুজৰ খেতি কৰি বহু কৃষক সফল হৈছে৷

ধেমাজী জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ মাটিমৰা মথাউৰিয়ে বানপানী প্ৰতিৰোধ কৰিলেও, বানপানীৰ অভাৱত ঢকুৱাখানা অঞ্চলৰ বহু ঠাইত বাওধানৰ খেতি কৰিব নোৱাৰা হৈছে৷ কিন্তু কৃষকসকলে বাওতলীত সৰিয়হৰ খেতি কৰি জীৱিকাৰ বিকল্প পাইছে৷ ক্ষীপ্ৰতাৰে বিকল্পৰ সন্ধান কৰিব পৰাটো প্ৰতিকূল পৰিস্থিতিত জীয়াই থকাৰ প্ৰধান উপায়।৷