প্ৰত্যাহ্বানৰ এইটো ৫০তম সংখ্যা
- নিজা প্ৰতিবেদক
- /
- July 3rd, 2022

সম্পাদনা গোষ্ঠীয়ে সকলো দিশৰ ওপৰত গুৰুত্ব দি আহিছে। তথাপিও অন্যান্য ক্ষেত্ৰ সামৰিবলৈ বাকী আছে।
শৈক্ষিকভাৱে সমৃদ্ধ লিখকৰ অৰিহণা এক উল্লেখযোগ্য দিশ হিচাবে আমি পাঠকৰ সমাদৰ পাইছোঁ।
একে সময়তে নৱ প্ৰজন্মৰ লেখনিয়েও সাপ্তাহিক কাকতখনক নতুনত্ব প্ৰদান কৰিছে। নতুন প্ৰজন্ম আমাৰ আশাৰ থলী বাবেই নতুন নতুন কলমৰ আৱিস্কাৰ আমাৰ লক্ষ্য।
অসমৰ সম্পদ আৰু সমস্যা দুয়োটা বিষয়তে গুৰুত্ব দিয়া আমাৰ নীতিৰ আধাৰতে 'প্ৰত্যাহ্বান' পৰিচালিত হৈছে।
১০০ বছৰ অতিক্ৰম কৰা কলেজ, বিদ্যালয়বোৰ নিঃসন্দেহে আমাৰ ৰাজ্যৰ ঐতিহ্য। প্ৰথম পৰ্য্যায়ত এনে বিদ্যালয় সৰ্বাংসুন্দৰ কৰি গঢ়ি তোলাটো জাতীয় দায়িত্ব বুলি আমি বিবেচনা কৰোঁ। তালিকাখন আমি সম্পূৰ্ণ কৰিম।
তেনেদৰেই পুৰণি সামাজিক অনুষ্ঠানবোৰ সমাজৰ একোটা খুটিৰ দৰে। প্ৰয়োজন অনুসৰি এনে অনুষ্ঠানক আৰু শক্তিশালী ৰূপত গঢ়ি তোলাটোও জাতীয় দায়িত্ব বুলি আমি বিবেচনা কৰোঁ।
বাচকবনীয়া আমাৰ উদ্ধৃতিবোৰ সময়-উপযোগী কৰিবলৈ আমাৰ চেষ্টা অব্যাহত থাকিব।
সপ্তাহটোৰ 'টাইম কেপচুল' উল্লেখযোগ্য ঘটনাৱলীৰ এক প্ৰকাৰৰ সাৰাংশ বুলি আমি মতামত পাওঁ।
আমি সকলো বস্তুনিষ্ঠ, যুক্তিসন্মত আৰু সমাজ, ৰাজ্য আৰু দেশৰ গণতান্ত্ৰিক চেতনাবোধ টনকিয়াল কৰিবলৈ দায়বদ্ধ হৈ ৰ'ম।
সম্পাদনা গোষ্ঠী।।