অসমক কিয় ইনাৰ লাইন লাগিব


Image Description

১৮২৬ চনত ইয়াণ্ডাবু সন্ধি দুটা পক্ষৰ মাজত স্বাক্ষৰ হৈছিল৷ এটা পক্ষ আছিল বৃটিছ আৰু আনটো পক্ষ আছিল ব্ৰহ্মদেশ৷ সন্ধি অনুসৰি অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গৈছিল৷ দুয়োপক্ষই সন্ধি কৰোঁতে অসমৰ ৰজাৰ কোনো অনুমতি লোৱা নাছিল৷ গোটেই ঘটনাটো আহোম ৰজাৰ বাবে এক প্ৰকাৰ অপমানসূচক আছিল৷

বৃটিছে দায়িত্বভাৰ লোৱাৰ পৰা এটা সৰ্বনাশীয়া ৰাজনৈতিক চক্ৰান্ত আৰম্ভ হ’ল৷ তেতিয়াৰ পূৰ্ব বঙ্গৰ পৰা অসমলৈ জন প্ৰব্ৰজনক বৃটিছে উৎসাহিত কৰিছিল৷ সেইখিনি সময়ৰ পৰাই অসমৰ খিলঞ্জীয়া মানুহৰ আধিপাত্য লাহে লাহে কিন্তু নিশ্চিতভাৱে নোহোৱা হ’বলৈ ধৰে৷ স্বাধীনতা আন্দোলনৰ সময়তো মুছলমান ৰাজনৈতিক নেতাসকলে এনে প্ৰব্ৰজনক উৎসাহিত কৰিছিল৷ তেওঁলোকৰ লক্ষ্যটো স্পষ্ট আছিল: অসমত মুছলমানলোকৰ সংখ্যা বঢ়োৱা৷

দেশে স্বাধীনতা পোৱাৰ আগতে অসমত চৰকাৰ ভঙা-পতা হৈছিল৷ আৰু ইয়াৰ গুৰিতে আছিল মুছলিম লীগৰ অসমৰ খিলঞ্জীয়াবিৰোধী ৰাজনৈতিক উদ্দেশ্য৷ কংগ্ৰেছ নেতা মইনুল হক চৌধুৰীয়ে মহম্মদ আলী জিন্নাক সোণৰ থালত অসমক উপহাৰ দিব বুলি কথা দিছিল৷ বৃটিছ আৰু মুছলিম লীগৰ উৎসাহত অসমত প্ৰব্ৰজিত মুছলমানৰ সংখ্যা বাঢ়িবলৈ ধৰে৷ মুছলমানধৰ্মীৰ লগতে হিন্দুধৰ্মী লোকৰো প্ৰব্ৰজন হৈছিল৷

অসমৰ জনজাতীয় জনগোষ্ঠী মুছলমান লোকৰ প্ৰব্ৰজনত শংকিত হৈ পৰিছিল৷ প্ৰব্ৰজিত লোকসকলে জনজাতীয় মানুহৰ মাটি গ্ৰাস কৰি ক্ৰমান্বয়ে তেওঁলোকক ভিতৰুৱা অঞ্চললৈ ঠেলি পঠিয়াইছিল৷ ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হৈছিল৷ অস্থিৰতাৰ উমান পাই বৃটিছে কেতবোৰ সীমা নিৰ্দ্ধাৰণ কৰিছিল৷ প্ৰব্ৰজিত লোকক এই সীমা অতিক্ৰম নকৰিবলৈ আইন বান্ধি দিছিল৷ এইখনেই আছিল ১৮৭৩ চনত বান্ধি দিয়া বঙ্গ পূবপ্ৰান্তীয় নিয়ন্ত্ৰণ আইন, চমুকৈ ‘ইনাৰ লাইন ব্যৱস্থা’৷

দেশ স্বাধীন হোৱাৰ সময়ত বৃটিছে অসমক বঙ্গৰ লগত সাঙুৰি দিয়াৰ প্ৰস্তাৱ দিছিল৷ মুছলিম লীগে প্ৰস্তাৱটোত সমৰ্থন জনাইছিল৷ প্ৰস্তাৱটো গৃহীত হ’লে অসম আৰু বঙ্গ চামিল হৈ পাকিস্তানৰ এটা বৃহৎ অংশ হ’লহেঁতেন৷ প্ৰয়াত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমৰ মানুহে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল৷ মহাত্মা গান্ধীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ আৱেগ-অনুভূতি উপলব্ধি কৰি অসমক বঙ্গৰ লগত চামিল হ’বলৈ নিদিলে৷ বৃটিছৰ অভিসন্ধি পূৰণ নহ’ল৷ কিন্তু পূব পাকিস্তানৰ সৃষ্টি হ’ল৷

দেশে স্বাধীনতা পোৱাৰ পিছতো আইনখন প্ৰচলিত আছিল৷ স্বাধীনতাৰ পিছত হোৱা প্ৰব্ৰজন অবৈধ আছিল৷ আমাৰ দেশৰ আইন-কানুনৰ অনুমতি লৈ প্ৰব্ৰজন হোৱা নাছিল৷ অসম আৰু তেতিয়াৰ পূব পাকিস্তানৰ মাজত সীমা মুকলি হৈ আছিল [এতিয়াও আছে]৷ কোনো ধৰণৰ প্ৰতিবন্ধকতা নাছিল৷ প্ৰব্ৰজনৰ সোঁত অবধাৰিতভাৱে বৈছিল৷ স্বাধীনতাৰ পিছতো মুছলিম লীগে অবৈধ প্ৰব্ৰজনক উৎসাহিত কৰিছিল৷ এই বিষয়ক কেন্দ্ৰ কৰিয়েই স্বাধীনতাৰ পিছতো অসমত ৰাজনৈতিক সংঘাত হৈছিল আৰু এতিয়াও হৈ আছে৷

অবৈধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া জনসংখ্যাৰ গাঁঠনি সলনি কৰি পেলাইছে৷ বৃটিছে এসময়ত যি কাৰণে ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল সেই যুক্তি আজিও সংগত হৈ আছে৷ বৰঞ্চ এতিয়া মাঁথো জনজাতীয় জনগোষ্ঠীসমূহেই নহয়, গোটেই অসমৰে খিলঞ্জীয়া জনসাধাৰণ ঘনীভূত আৰু বাস্তৱ ৰাজনৈতিক ভাবুকিৰ সন্মুখীন হৈছে৷ এই ফালৰ পৰা বিবেচনা কৰিলে অসমত ইনাৰ লাইন ব্যৱস্থাৰ প্ৰয়োজনীয়তা আগতকৈ বহুগুণে বাঢ়িছে৷

মোডীৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহক আকৌ এবাৰ কুঠাৰাঘাত কৰিছে৷ নাগৰিকত্ব [সংশোধনী] আইনখন গৃহীত কৰাৰ আগতে অসমৰ পৰা ইনাৰ লাইন ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে৷ যি সময়ত ব্যৱস্থাটো অধিক কঠোৰ ৰূপে প্ৰয়োগ কৰিব লাগিছিল, ঠিক সেই সময়তে মোডীয়ে ব্যৱস্থাটো উঠাই লৈ অসমৰ জনজীৱনত ৰাজনৈতিক সংকট গভীৰ কৰি তুলিছে৷ কেইবাটাও কাৰণত অসমত ইনাৰ লাইন ব্যৱস্থাৰ প্ৰচলন অব্যাহত থাকিব লাগিব আৰু অধিক কঠোৰভাৱে এনে ব্যৱস্থা কাৰ্য্যকৰী কৰিব লাগিব৷

অসমে ১৯৭১ চনৰ আগলৈকে অহা সকলো প্ৰব্ৰজিত লোকৰ বোজা গ্ৰহণ কৰিছে৷ ই ইতিমধ্যে অসমৰ খিলঞ্জীয়া জনসংখ্যাৰ ভাৰসাম্য নষ্ট কৰিছে৷ এই ক্ষতি অধিক নহ’বলৈকে অন্তৰ্দেশীয় প্ৰব্ৰজনৰ লগতে বহিঃপ্ৰব্ৰজনত বাধা দিব লাগিব৷ ইনাৰ লাইন ব্যৱস্থা থাকিলে বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীক ন্যায়িকভাৱে বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাথাকিব৷ চিনাক্ত হোৱাৰ লগে লগে বহিষ্কাৰ কৰিব পৰা যাব৷ অৰুণাচল প্ৰদেশত ইনাৰ লাইন ব্যৱস্থা উলংঘা কৰা কোনো লোককে ন্যায়িক প্ৰক্ৰিয়াৰে খেদি পঠিওৱা নহয়৷ পোনে পোনেই ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰা হয়৷

অন্তৰ্দেশীয় প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ বৰ্তমান ৰাজ্যখনৰ বাহিৰৰ পৰা অহা ডাঙৰ ব্যৱসায়ীসকলে অসমত স্থাপন কৰা উদ্যোগসমূহত অসমৰ স্থানীয় মানুহক সাধাৰণতে নিয়োগ নকৰে৷ ইনাৰ লাইন ব্যৱস্থা অনুসৰি বাহিৰৰ ব্যৱসায়ীক চৰ্তসাপেক্ষে ব্যৱসায় কৰিবলৈ বাধ্যবাধকতা আৰোপ কৰিব পৰা যাব৷ তদুপৰি ব্যৱস্থা অনুসৰি কোনো এজন ব্যক্তিয়ে অসমত কিমান দিন থাকিব পাৰিব সেই চৰ্তও আৰোপ কৰিব পৰা যাব৷

ইনাৰ লাইন ব্যৱস্থাৰ ফলত অসমৰ অৰ্থনৈতিক উন্নয়ন ক্ষতিগ্ৰস্ত নহয়৷ উদ্যোগ আদি ব্যৱসায় স্থাপন কৰিবলৈ অসমৰ বাহিৰৰ ব্যৱসায়ী তেতিয়াও আহিব পাৰিব৷ মাঁথো তেনে ব্যৱসায়ৰ সকলো কথা ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব৷ উদ্যোগ স্থাপনৰ বাবে স্থানীয়লোকৰ নিযুক্তি, কেঁচামালৰ ব্যৱহাৰ আৰু সাংস্কৃতিক বৈশিষ্ট্য আদি অক্ষুণ্ণ ৰখাৰ চৰ্ত বান্ধি দিব পৰা যাব৷ নগাভূমিত ইনাৰ লাইন ব্যৱস্থা থকা বাবেই তাত তেলৰ সন্ধান ল’বলৈ আনকি কেন্দ্ৰীয় প্ৰতিস্থানবোৰেও ৰাজ্য চৰকাৰৰ অনুমতি ল’বলগীয়া হয়৷

অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষিভিত্তিক৷ কিন্তু মোডী চৰকাৰৰ অপৰিকল্পিত নীতিয়ে মানুহক পথাৰৰ পৰা আঁতৰাই পঠিয়াইছে৷ খেতিপথাৰৰ পৰা উপাৰ্জন নোহোৱা বাবে মূলধনৰ সঞ্চয় বাৰুকৈয়ে কমিছে৷ আৰু ইয়াৰ পূৰ্ণ সুযোগ লৈছে অসমতে থকা আৰু অসমৰ বাহিৰৰ পৰা অহা ধনী ব্যৱসায়ীয়ে৷ কৃষকে বিপদে-আপদে অতি কমমূল্যত মাটি বিক্ৰী কৰিব লগা হৈছে৷ ইনাৰ লাইন ব্যৱস্থা অব্যাহত থাকিলে মাটি বিক্ৰীৰ ওপৰত অসমৰ স্বাৰ্থৰক্ষা কৰিব পৰাকৈ চৰ্ত আৰোপ কৰিব পৰা যাব৷

অতি উল্লেখযোগ্য যে মোডী চৰকাৰে অৰুণাচল প্ৰদেশ, নগাভূমি, মিজোৰাম আৰু মণিপুৰত ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে৷ আনহাতে অসম, মেঘালয় আৰু ত্ৰিপুৰাত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা নাই৷ ইয়াৰ উদ্দেশ্যটো স্পষ্টভাৱে ওলাই আছে৷ সেইটো হ’ল বাংলাদেশীক প্ৰব্ৰজনৰ বাবে অধিক সুবিধা দিয়া৷ এই তিনিখন ৰাজ্যৰ সীমা বাংলাদেশৰ লগত উমৈহতীয়া সীমা৷ কোনো অংশতে শক্তিশালী পহৰাৰ ব্যৱস্থা নাই৷ এই সন্দৰ্ভতে নাগৰিকত্ব [সংশোধনী] আইনৰ প্ৰসঙ্গটো আহি পৰে৷ বাংলাদেশৰ পৰা হিন্দু প্ৰব্ৰজনকাৰীক উৎসাহিত কৰিবলৈকে তিনিখন ৰাজ্যত ইনাৰ লাইনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা নাই বুলি ভবাৰ সম্পূৰ্ণ অৱকাশ আছে৷ এনে অভিসন্ধি প্ৰতিহত কৰিবলৈকো ইনাৰ লাইন ব্যৱস্থাৰ অতিকৈ প্ৰয়োজন৷

অসম জৈৱ-বৈচিত্ৰ্যৰ ৰাজ্য৷ পৃথিৱীৰ মানচিত্ৰতো অসমৰ সুকীয়া স্থান আছে৷ সদ্যহতে কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ ধবংস কৰি হ’লেও জধে-মধে উদ্যোগ স্থাপন কৰিবলৈ এখন আইন প্ৰণয়ন কৰিবলৈ যো-জা কৰিছে৷ ইয়াৰ জৰিয়তে অসমৰ হাবিয়ে-জংঘলে প্ৰাকৃতিক ভাৰসাম্য ধবংস কৰি যি কোনো উদ্যোগ জনসাধাৰণৰ অনুমতি নোহোৱাকৈ স্থাপন কৰিব পাৰিব৷ প্ৰস্তাৱিত এই আইনখনে অসমৰ জলবায়ু দূৰ ভৱিষ্যতত ভীষণভাৱে সলনি কৰিব৷ প্ৰাকৃতিক পৰিৱেশ অটুট ৰাখিও অসমৰ প্ৰাকৃতিক সম্পদসমূহক অতি পৰিকল্পিতভাৱে জনসাধাৰণৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিবলৈকো ইনাৰ লাইন ব্যৱস্থাৰ অতিকৈ প্ৰয়োজন৷৷