পৰিকল্পনাবিহীন বাজেট


Image Description

কেইবাবছৰো বিজেপি দলৰ ৰাজ্য চৰকাৰখনে বাজেট উত্থাপন কৰি আহিছে। বাজেটবোৰত একেটা ধাৰা চলি আহিছে।

প্ৰথম চকুত পৰা দিশটো হ'ল যে বাজেটত কোনো পৰিকল্পনা ফুটি নুঠে।।

দ্বিতীয়তে, দীঘলীয়া সময়ৰ সমস্যাবোৰৰ নোহোৱা কৰি পেলালে। যেনে, অসম চুক্তিৰ ৰূপায়ণ ঢাকি পেলালে। যেনে, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা যেন অন্ত পৰিল। আৰু উদাহৰণ দিব পাৰি। অসমত পানী আছে, কিন্তু জলসিঞ্চনৰ ব্যৱস্থা নাই।

তৃতীয়তে, নিৰ্মাণত টকা থাকে। পিছখিনিৰ বাবে মন-কাণ নাথাকে। যেনে, চিকিৎসালয়ৰ নিৰ্মাণ খৰকৈ হয়। কিন্তু, তাত নাৰ্চ নাথাকে, চিকিৎসক নাথাকে, সঁজুলি নাথাকে, আইছিইউ নাথাকে, ইত্যাদি, ইত্যাদি। পৰিদৰ্শনৰ সময়ত জোৰা-টাপলি মাৰে।

একে কথা কলেজ স্থাপনৰ বেলিকা। ১০০+ বছৰীয়া স্কুলবোৰৰ সজাবলৈ কোনো চিন্তাই নাই। গুণোৎসৱ পিছৰখিনিৰ বাবে চিন্তাও নাই, টকাও নাই। ইচ্ছাৰ অভাৱ।

হিতাধিকাৰীৰ বাবে টকা আছে। তাৰে ভোট কিনা হয়। কিন্তু, উপাৰ্জনকাৰী গঢ়িবলৈ ইচ্ছাৰ নাই, বুদ্ধিৰ অভাৱ। নিবনুৱাক মিছা আশা দিয়ে। নিবনুৱা ত্ৰিছ লাখ হ'লে এক লাখক চাকৰি দিয়াৰ ঢোল বজায়।

পথাৰৰ ধান কিনিবলৈ টকা পৰ্য্যাপ্ত নধৰে। পৰিয়ালবোৰক উৎপাদনকাৰী বুলি উৎসাহিত নকৰে, হিতাধিকাৰী বুলি অৱহেলা কৰে। হিতাধিকাৰীক দয়াৰ পাত্ৰ বুলি গণ্য কৰে বিজেপি দলে।

এনে বাজেটে উন্নয়ন নিশ্চিত নকৰে। অৰ্থনৈতিক অধোগতি নিশ্চিত কৰে।।