মই অসমক কিয় ভালপাওঁ


Image Description

অসমখনক মই কিয় ভাল পাওঁ – প্ৰশ্নটোৱে সঁচাকৈয়ে মোক ভবাই তুলিলে৷

যাতায়তৰ দুৰৱস্থা, স্বাস্থ্য, শিক্ষাখণ্ড আদিকে ধৰি প্ৰায় সকলো বিভাগৰে পঁয়ালগা অৱস্থা, নিয়োগৰ অভাৱত যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে হাবাথুৰি খোৱা, বানপানী, দুৰ্নীতি, হত্যা, সন্ত্ৰাস আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অসমকখনক ভালপোৱাৰ কি কাৰণ থাকিব পাৰে?

তথাপিতো অসমখনক মনে-প্ৰাণে ভাল পাওঁ৷ যিদৰে নিজৰ জন্মদাত্ৰী মাতৃক কিয় প্ৰাণভৰি ভালপাওঁ, – তাৰ কোনো কাৰণ নাথাকে, সেইদৰে মোৰ মাতৃভূমি অসমক ভাল পোৱাৰ কাৰণ বিচৰাৰ আৱশ্যক আছে জানো?

য’ত মোৰ পূৰ্বপুৰুষসকলে জন্মগ্ৰহণ কৰিছে, য’ৰ বায়ু পানীৰে মই ডাঙৰ দীঘল হৈছোঁ, যিখনৰ লগত মোৰ আৱেগিক সম্পৰ্ক আছে, সেয়াই মোৰ জন্মভূমি, মোৰ অতি আদৰৰ অসমী আই৷

প্ৰতিটো বস্তু– যিটো আমি দেখোঁ, যিটো আমি খাওঁ– সেয়া মোৰ দেশখনেই দিছে৷ এই দেশৰ মাটিতে খেলা-ধূলা কৰি আনন্দ উপভোগ কৰিছোঁ৷ সৰুতেই পঢ়াশালিত পঢ়িছিলোঁ, ‘জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী৷’ তেতিয়াই শিকিছিলোঁ নিজৰ জন্মভূমিক ভাল পাব লাগে বুলি৷

সেই ভালপোৱাই পিছলৈ অন্তৰৰ ভিতৰলৈ শিপাইছিল৷ মোৰ দেউতাৰ সহকৰ্মীসকল বাংলাভাষী, মিছিং, ইছলামধৰ্মী, খ্ৰীষ্টানধৰ্মী লোক আছিল৷ তেওঁলোকৰ সন্তানসকলৰ লগতে খেলা-ধূলা কৰি ডাঙৰ দীঘল হোৱা বাবেই সমন্বয় কি নুবুজিলেও একেলগে ভেদাভেদ নোহোৱাকৈ মিলি-জুলি ডাঙৰ হৈছিলোঁ৷

ডাঙৰ হৈ বুজি পালোঁ মোৰ জন্মভূমিয়ে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে জাতি-জনজাতি সকলোকে আঁকোৱালি লৈ সমন্বয়, সংহতিৰ দেশ হিচাপে গঢ় লৈ উঠিছে৷ তেনে এখন দেশত মই জন্মগ্ৰহণ কৰি সুখ অনুভৱ কৰিছিলোঁ৷

যেতিয়া প্ৰাপ্তবয়স্ক হ’লোঁ তেতিয়া অনুভৱ কৰিলোঁ এই সমন্বয়ত ফাঁট মেলাত ৰাজনীতিয়ে মুখ্য ভূমিকা লৈ মানুহৰ মনবোৰত সন্দেহ, ঘৃণাৰ বীজ সুমুৱাই দিলে৷

তথাপি সৰু সৰু সহজ-সৰল মানুহবোৰৰ মাজত থকা মিলা -প্ৰীতিয়ে মোক মোৰ দেশখনক ভাল পাই থাকিবলৈ প্ৰেৰণা যোগালে৷ শংকৰ, মাধৱ, আজান ফকীৰে গঢ়ি যোৱা মিলনৰ এনাজৰীৰে হিন্দু-মুছলমান নিৰ্বিশেষে সকলো জাতি-উপজাতিক একেডাল ডোলেৰে বান্ধ খুৱাই ৰাখি গঢ়ি তোলা সুন্দৰ সামাজিক পৰিবেশৰ বাবে অসমক ভালপাওঁ৷

মোৰ মাতৃভূমিৰ চিৰবিনন্দীয়া সেউজ পৰিৱেশ সুজলা পাহাৰ সুফলা পথাৰ, নদ-নদী, জান-জুৰি, ফল-ফুলৰ শোভাই মোক সদায়ে আকৃষ্ট কৰি আহিছে৷

মিলনৰ বাণী বিলোৱা বিশাল লুইতখনক প্ৰাণ ভৰি ভালপাওঁ৷ আমাৰ সুখৰ-দুখৰ লগৰীয়া লুইতখনিয়ে কোন অনাদিৰে পৰা নিৰৱেই বৈ ইয়াতেই গঢ়ি তুলিছে মহামিলনৰ তীৰ্থ ।

ভালপাওঁ ৰূপহী অসমীৰ বাৰে ৰহণীয়া সংস্কৃতি৷ পাহাৰ-ভৈয়ামৰ নানা জাতি-উপজাতিৰ সংস্কৃতি কৃষ্টিক সামৰি আমাৰ সংস্কৃতি হৈ পৰিছে এক অতুলনীয় সংস্কৃতি৷

ভালপাওঁ জাতি-জনজাতিৰ বাৰেৰহণীয়া সাজ-পোছাক, নৃত্য গীত, খাদ্যভাব৷

শৌৰ্য্য-বীৰ্য্যৰে প্ৰতীক বৰ্মন, কোচ, কছাৰী, চুতীয়া, আহোম ৰাজবংশৰ ৰাজত্বকালৰ গৌৰৱময় অধ্যায়বোৰৰ বাবে মই গৌৰৱান্বিত৷

মোৰ নিজৰ জন্মভূমিৰ প্ৰতি থকা প্ৰেমৰ বাবেই হয়তো অসমৰ বাহিৰৰ ৰাজ্য অথবা বিদেশৰ মাটিত ভৰি থৈও সেইবোৰ ঠাইৰ প্ৰাচুৰ্য্য দেখিলেও কিন্তু মোৰ চকুৰ আগত ভাঁহি উঠে মোৰ জন্মভূমিৰ ছবি৷

অসমী আইৰ কোলালৈ ঘূৰি আহিবলৈ মনটো উদ্বাউল হৈ পৰে৷ বাৰে বাৰে মনলৈ অহা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ এটি কলিৰে সামৰিছোঁ:

‘দুখীয়া হ’লেও নিচলা হ’লেও
আই মোৰ মৰমৰ
আইতকৈনো বাৰু
আছেনে আপোন
আছেনে কোনোবা বৰ?’