ৰাষ্ট্ৰপতি নিৰ্বাচনত সাংসদৰ চিন্তনীয় ভোটদান


Image Description

যোৱা সোমবাৰ ১৮ জুলাইত দেশৰ সৰ্বোচ্চ পদ, অৰ্থাৎ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু বৃহস্পতিবাৰ ২১ জুলাইৰ দিনা ভোটগণনা অনুসৰি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শাসকীয় এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হয়।

তেখেতে অতি সহজতে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিন্হাক পৰাজিত কৰি মুঠ বৈধ ভোটৰ ৬৪ শতাংশৰো অধিক ভোট লাভেৰে অভিলেখ সৃষ্টিসহ বিজয় হ’বলৈ সক্ষম হয়।

মুৰ্মুৱে মুঠ ৬,৭৬,৮০৩টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিন্হাই ৩,৮০,১৭৭টা ভোট লাভ কৰে। পাছে এই লেখাৰ প্ৰধান আলোচ্য বিষয়টি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ জড়িত অন্য এটি প্ৰসংগহে।

ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াত মুঠ ৫৩টা ভোট অগ্ৰাহ্য হৈছে, অৰ্থাৎ কেইবাখনো ৰাজ্যৰ জনপ্ৰতিনিধি / সাংসদে ভোটদান শুদ্ধভাৱে কৰিব পৰা নাই!৷

৫৩টা অগ্ৰাহ্য ভোটৰ প্ৰায় ২৮ শতাংশ ভোটেই সাংসদসকলৰ বুলি বাতৰিত প্ৰকাশ পাইছে। তাৰে ভিতৰত দুটা অগ্ৰাহ্য ভোট অসমৰো আছে।

কথাষাৰ প্ৰকৃততে চিন্তনীয়। এটা বা দুটা ভোট অগ্ৰাহ্য হোৱাটো স্বাভাৱিক । কিন্তু দেশৰ সৰ্বোচ্চ পদবীৰ বাবে হোৱা সুউচ্চ নিৰ্বাচন প্ৰক্ৰিয়া নিখুঁতভাৱে সম্পন্ন হোৱাটো নিতান্তই।

যিহেতু ইতিমধ্যেই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া, বিধি তথা আনুষ্ঠানিকতাৰ বিষয়ে নিৰ্বাচনৰ বহু পূৰ্বেই প্ৰচাৰ কৰা হয়, গতিকে এই ক্ষেত্ৰত ভুল হোৱাৰ কোনো অৱকাশ থাকিব নালাগে।

ইয়াৰোপৰি গুৰুত্বপূৰ্ণ কথাটো হ’ল যিসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰক্ৰিয়াটোত অৱতীৰ্ণ হয়, তেখেতলোক একো একোজন জনপ্ৰতিনিধি, লাগিলে সেয়া শাসকীয়পক্ষই হওক বা বিৰোধীয়েই হওক।

গতিকে ভোটদান প্ৰক্ৰিয়াটোত নিখুঁতৰূপে অৱতীৰ্ণ হোৱাটো অতি প্ৰয়োজনীয় তথা দায়িত্বপূৰ্ণ কথা ৷ ইয়াৰ বিপৰীতে যদি একোখন ৰাজ্যৰ বিধান সভাৰ সদস্য পৰ্য্যায়ৰ বা লোক সভাৰ সাংসদ পৰ্যাকয়ৰ জনপ্ৰতিনিধিয়ে এনে অপ্ৰত্যাশিত, অভব্য ভুল কৰে সেয়া প্ৰকৃততে দেশ শাসনৰ বাঘজৰীডালৰ নমনীয়তাৰ ক্ষেত্ৰত সন্দেহৰ সঞ্চাৰ কৰায়।

আশাকৰোঁ দেশৰ সৰ্বোচ্চ নাগৰিকগৰাকীয়ে দেশৰ সামগ্ৰিক উন্নয়ন তথা কোনো ভয় আৰু পক্ষপাত অবিহনে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ হকে কাম কৰি যাব।।