বিদ্বেষমূলক ভাষণ আৰু ভাৰতৰ ন্যায় ব্যৱস্থা


Image Description

(যোৱা সংখ্যাৰ পৰা, শেষাংশ)
বিদ্বেষমূলক ভাষণৰ সংজ্ঞা নিৰূপণৰ প্ৰয়োজন আছে নেকি আৰু নিৰ্বাচনত বিদ্বেষমূলক ভাষণ ৰোধ কৰাৰ স্বাৰ্থত নিৰ্বাচন আয়োগক অধিক ক্ষমতা প্ৰদানৰ পৰামৰ্শ সংসদক দিব পাৰি নেকি- ইয়াক চালিজাৰি চাবলৈ ন্যায়ালয়ে বিষয়টো আইন আয়োগলৈ প্ৰেৰণ কৰিছিল।

এই ক্ষেত্ৰত মত প্ৰকাশৰ স্বাধীনতাক খৰ্ব নকৰাকৈ বিদ্বেষমূলক ভাষণক কেনেদৰে ৰোধ কৰিব পৰা যায়, সেয়া এক জটিল প্ৰশ্ন আছিল । ইয়াৰ পূৰ্বে ‘জাফৰ ইমাম নকভি বনাম ভাৰত চৰকাৰ’ গোচৰত বিদ্বেষমূলক ভাষণৰ বিৰুদ্ধে তেনে ভাষণ প্ৰদান কৰোঁতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদন কৰা হৈছিল।

নিৰ্বাচনী প্ৰচাৰত প্ৰদান কৰা ভাষণ ৰাজহুৱা স্বাৰ্থজড়িত আইনৰ অন্তৰ্ভুক্ত নোহোৱা আৰু ন্যায়লয়ৰ আইন সৃষ্টি কৰাৰ ক্ষমতা নথকা বাবে উক্ত পিআইএল ন্যায়ালয়ে খাৰিজ কৰিছিল।

শৃঙ্খলা ভঙ্গ কৰা, আক্ৰমণ কৰাৰ বাবে উচটনি দিয়া আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা বিঘ্নিত কৰা হেতুকে বিদ্বেষমূলক ভাষণৰ বিৰুদ্ধে সংবিধানৰ ১৯(২) অনুচ্ছেদ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ব্ৰিজ ভূষণ বনাম দিল্লী চৰকাৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি মত প্ৰকাশ কৰিছিল যে ৰাজহুৱা শৃঙ্খলা ৰাজহুৱা নিৰাপত্তাৰ লগত লগত জড়িত বিষয় আৰু দেশৰ নিৰাপত্তাৰ সমানুপাতিক । উচ্চতম ন্যায়ালয়ৰ উক্ত ব্যাখ্যাক আইনী ন্যায্যতা প্ৰদান কৰি সংবিধানৰ প্ৰথম সংশোধনী কৰা হৈছিল।

পৰৱৰ্তী সময়ত ৰাম মোহন লোহিয়া বনাম বিহাৰ চৰকাৰ মোকৰ্দমাত উচ্চতম ন্যায়ালয়ে আইন আৰু শৃঙ্খলা, ৰাজহুৱা শৃঙ্খলা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তাক সুনিৰ্দিষ্টভাৱে চিহ্নিত কৰিছিল।

যুক্তি দিয়া হয় যে মুক্ত বাক্- স্বাধীনতাই গণতন্ত্ৰত বহুমতক উদগনি যোগায়।

জে এছ মিলে তেওঁৰ ‘বিষয় স্বাধীনতা’ শীৰ্ষক লিখাত কৈছিল যে সমগ্ৰ বিশ্বৰ বিপৰীতে এজন মানুহৰো যদি বিৰুদ্ধ মত থাকে তাক নস্যৎ কৰাটো ন্যায়সংগত নহয়। নহ'লে, মানুহজনে যদি ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হয় তেনেহ’লে তেওঁ সমগ্ৰ বিশ্বৰ মতক নস্যাৎ কৰাৰ যুক্তি বিচাৰি পাব।

গণতন্ত্ৰৰ সাৰবস্তু হৈছে বাক্- স্বাধীনতা । মানৱ অধিকাৰৰ অন্তৰ্ভুক্ত কৰা মৌলিক অধিকাৰসমূহৰ ভিতৰত বাক্- স্বাধীনতা অন্যতম । সেয়ে বাক্- স্বাধীনতাৰ ক্ষেত্ৰত মুখৰ হোৱাসকলে ইয়াক সীমিত কৰাৰ ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰে।

কিছু ব্যক্তি আৰু সমাজৰ অংশ এটাই বৈষম্যমূলক, শত্ৰুতামূলক আৰু আক্ৰমণাত্মক আচৰণক গণতান্ত্ৰিক ব্যৱস্থাই ৰোধ কৰিবলৈ অক্ষম বুলিও এটা অভিযোগ কৰে। আন্তঃৰাষ্ট্ৰীয় নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ দলিল ১৯৬৬ত সকলো ধৰণৰ জাতিগত বৈষম্যৰ বিলোপ কৰাৰ বিধান গ্ৰহণ কৰা হৈছিল।

ইণ্টাৰনেট ব্যৱস্থা সুলভ হোৱাৰ পিছত বিদ্বেষমূলক ভাষণ তাৎক্ষণিকভাৱে সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ সুযোগ সৃষ্টি হোৱাত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।বিষয়টি মানৱ অধিকাৰ কাউন্সিলে গুৰুত্বসহকাৰে গ্ৰহণ কৰি নিম্নোক্ত বিষয়সমূহ ৰোধ কৰিবলৈ চিহ্নিত কৰিছে:

• শিশু পৰ্ণগ্ৰাফী

• বিদ্বেষমূলক ভাষণ

• মানহানি

• গণহত্যাৰ বাবে প্ৰত্যক্ষ আৰু ৰাজহুৱা উচটনি

• বৈষম্য, শত্ৰুতা আৰু হিংসা সৃষ্টিকাৰী জাতীয়, জাতিগত বা ধৰ্মীয় ঘৃণা

বিভিন্ন দেশৰ বিদ্বেষমূলক ভাষণসমূহ বিশ্লেষণ কৰিলে এটা কথা ওলাই পৰে যে বিদ্বেষমূলক ভাষণৰ সংজ্ঞা নথকা বাবে ইয়াক ব্যতিক্ৰম আৰু নিম্নতম আদালতৰ বিষয় বুলি বিবেচনা কৰা হয়।

বহুত্ববাদ, সহনশীলতা, শান্তি আৰু বৈষম্যহীনতাক মৰ্য্যাদাপূৰ্ণ মূল্যবোধ বুলি ইউৰোপীয় বাক্- স্বাধীনতাত বিবেচনা কৰা হয় । ধৰ্মীয় অসহনশীলতা, ঋণাত্মক চিন্তা, সমকামী বিদ্বেষক মানৱ অধিকাৰৰ ইউৰোপীয় আদালতৰ পৰিসীমাৰ পৰা বাহিৰত ৰাখিছে আৰু বহু-সংস্কৃতিসম্পন্ন সমাজত দায়িত্বশীল মত প্ৰকাশত গুৰুত্ব প্ৰদান কৰিছে।

কোনো এটা ভাষণ বিদ্বেষমূলক হয় নে নহয় তাক নিৰূপণ কৰাৰ বাবে তিনিটা পৰীক্ষা পদ্ধতি ইউৰোপীয় আদালতে গ্ৰহণ কৰিছে । তিনিওটা পৰীক্ষা মানৱ অধিকাৰৰ ইউৰোপীয় আদালতৰ অন্তৰ্গত বিচাৰ কৰা হয়। দ্ৰুত মত প্ৰচাৰত ইণ্টাৰনেটৰ ভূমিকা স্বীকাৰ কৰি লগতে ইয়াকো কোৱা হৈছে যে ইণ্টাৰনেটৰ জৰিয়তে আইনবিৰোধী বিদ্বেষমূলক বক্তব্যসমূহেও দ্ৰুত প্ৰচাৰ লাভ কৰে।

ইউৰোপীয় আদালতে ইণ্টাৰনেটৰ দুই পৰস্পৰ বিৰোধী প্ৰৱণতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব আৰোপ কৰিছে । ৰাজহুৱা ভাষণ বা মত প্ৰকাশৰ ক্ষেত্ৰত বিষয়বস্তু আৰু প্ৰাসঙ্গিকতা বিচাৰ কৰা প্ৰয়োজন।

মন্তব্যৰ ধৰণ, প্ৰকাশিত মতৰ বিচৰণৰ দ্ৰুততা আৰু প্ৰভাৱ, যাক লক্ষ্য কৰি মত বা মন্তব্য প্ৰকাশ কৰা হৈছে তাৰ সামাজিক মৰ্য্যাদা, মন্তব্যৰ ফলত হোৱা ক্ষতি ইত্যাদি দিশ বিষয়বস্তু আৰু প্ৰাসঙ্গিকতা নিৰ্ণয়ত বিচাৰ কৰা প্ৰয়োজন।

প্ৰকাশিত মত বা ভাষণ এটা ভাল নে বেয়া সেয়া নিৰূপণৰ ক্ষমতা আমেৰিকাত চৰকাৰক প্ৰদান কৰা হোৱা নাই । আমেৰিকাত মত প্ৰকাশ বা ভাষণক কেবাটাও ভাগত বিভক্ত কৰা হৈছে; উদাহৰণ স্বৰূপে দুৰ্ব্যৱহাৰমূলক শব্দ, অশ্লীলতা, ধৰ্মবিৰোধী আৰু কুৎসাৰটনামূলক ইত্যাদি আৰু সেইমতে ভাল নে বেয়া নিৰূপণ কৰা হয়।

সংবিধানৰ সকলো অধিকাৰৰ লগতে দায়িত্বশীলতা জড়িত হৈ আছে । ধ্বংসাত্মক আৰু পশ্চাদমুখী মত বা ভাষণ ৰোধ কৰাৰ স্বাৰ্থত বাক্-স্বাধীনতাক সীমিত অধিকাৰলৈ পৰিণত কৰিবলগীয়া হয় । অবাধ বাক্- স্বাধীনতাৰ আলমত আমেৰিকাত বিদ্বেষমূলক ভাষণকো যথেষ্ট সুৰক্ষা প্ৰদান কৰা হয়।

আনহাতে, কানাডা, জাৰ্মানী আৰু ইংলেণ্ডকে ধৰি পশ্চিমীয়া দেশবোৰত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ পৰম্পৰাত বাক্- স্বাধীনতা নিয়মৰ অধীন।

বিদ্বেষমূলক ভাষণ বা মত প্ৰকাশে বাক্-স্বাধীনতালৈ জটিল প্ৰত্যাহবান সৃষ্টি কৰে ।বিদ্বেষমূলক মত প্ৰকাশ বা ভাষণ ৰোধ কৰাৰ বাবে ইউৰোপীয় আৰু আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন গণতান্ত্ৰিক ব্যৱস্থাত থকা সমলসমূহৰ সহায়ত ভাৰতীয় প্ৰেক্ষাপটত সংজ্ঞা নিৰূপণ আৰু আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

ৰাষ্ট্ৰীয় আইন আয়োগে ওপৰোক্ত সকলো দিশ বিবেচনা কৰি প্ৰচলিত আইনসমূহ সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰিছে ।

উচ্চতম ন্যায়ালয়েও এই মতত অটল হৈ আছে যে আইনৰ শাসনত যেতিয়াই সম্পূৰ্ণ শূন্যতা সৃষ্টি হয়, অৰ্থাৎ যি কোনো কাৰণতেই নহওক কিয়, কাৰ্য্যপালিকাই মৌলিক মানৱ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত আইন সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰাৰ সময়ত সাংবিধানিক দায়িত্ব পালনৰ স্বাৰ্থত ন্যায়পালিকাই সদায় হস্তক্ষেপ কৰিবলগীয়া হয়, সমস্যা সমাধানৰ বাবে পথ প্ৰদৰ্শন কৰিবলগীয়া হয় ।

আয়োগে বিদ্বেষমূলক ভাষণ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় পেনেল ক'ৰ্ডৰ ১৮৬০ আৰু ক'ড অৱ ক্ৰিমিনেল প্ৰছিডিউৰ ১৯৭৩ সংশোধন কৰিবলৈ আৰু উচটনিমূলক ভাষণ বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় সংযোজনীৰ পৰামৰ্শ আগবঢ়াইছে ।

এই সকলো স্বত্বেও জনসাধাৰণক সচেতন আৰু শিক্ষিত কৰাৰ ওপৰতে অধিক নিৰ্ভৰ কৰিব লাগিব ।

(ৰাষ্ট্ৰীয় আইন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ বি এচ চৌহানে ২৩ মাৰ্চ ২০১৭ত ভাৰত চৰকাৰক দাখিল কৰা প্ৰতিবেদনৰ আলম লৈ প্ৰস্তুত কৰা।)