জোলোঙাৰ মেকুৰী


Image Description

জোলোঙাৰ মেকুৰী ওলাল।

সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদন দিল্লীলৈ পঠিওৱা হোৱাই নাই। মিছা কথা এটা আৰু কিমান দিন ঢাকি ৰাখিব। অসম চৰকাৰে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়াগৰাকীয়ে প্ৰতিবেদনত চহী কৰা নাছিল। অৰ্থাৎ চহী নকৰিবলৈ কোৱা হৈছিল। বিষয়া চৰকাৰৰ কথামতেহে চলে। অৰ্থাৎ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে। তেতিয়াই জনাই দিছে।

তেতিয়াৰ মুখ্য মন্ত্ৰী সোণোৱাল ঠিকেই জানিছিল। সোণোৱালে নাটক কৰিছিল। পঠিয়াবলৈ সাহসে নহ'ল। এতিয়াৰ মুখ্য মন্ত্ৰী ডঃ শৰ্মায়ো জানে। ড০ শৰ্মাৰ সাহসেও নুকুলায়।

দিল্লীলৈ প্ৰতিবেদন যোৱা নাই। আছুৱে জানে। অৰ্থাৎ প্ৰতিবেদন আনুষ্ঠানিকভাৱে হোৱাই নাই।

প্ৰশ্নটো হ'ল: আছুৱে আলোচনাত বহিছে কিয়? আলোচনাৰ বাবে প্ৰতিবেদনখনেই নাই। কোনো যুক্তিয়ে নাই। সময় নিয়াইছে। জনসাধাৰণ আছুৰ সবল যুক্তিৰ অপেক্ষাত ৰৈ আছে।।