মানৱ বিৱৰ্তনৰ পথৰ সন্ধানত
২০২২ৰ চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা বিজয়ী ছেন্তে পেব’


Image Description

(যোৱা সংখ্যাৰ পিছৰ ছোৱা)
১৯৯০ চনত ছেন্তে পেব’ই জাৰ্মানীৰ মিউজিক বিশ্ববিদ্যালয়ৰ সাধাৰণ জীৱবিজ্ঞান বিভাগত পূৰ্ণ অধ্যাপকৰ পদত নিযুক্তি লাভ কৰে৷ ১৯৯৭ চনত পেব’ক জাৰ্মানীৰ লিপিজিগত অৱস্থিত বিশ্ববিখ্যাত মেক্স প্লাংক ইনষ্টিটিউটত বিৱৰ্তন নৃবিজ্ঞান প্ৰতিষ্ঠানৰ দায়িত্বৰ বাবে মনোনীত কৰি কেন্দ্ৰটিৰ সঞ্চালকৰূপে নিয়োগ কৰে৷

ইয়াতে পেব’ৰ প্ৰাচীন ফৰেনছিক ‌ গৱেষণাই নতুন মাত্ৰা লাভ কৰে৷ আজিৰ মানৱ প্ৰজাতি হ’ম’ ছেপিয়েনছৰ উৎপত্তি হৈছিল আফ্ৰিকাত আজিৰ পৰা প্ৰায় ৩০০,০০০ বছৰৰ আগতে৷ কিন্তু ইয়াৰো আগতে প্ৰায় ৪০০,০০০ বছৰৰ পূৰ্বে আফ্ৰিকাৰ বাহিৰত ইউৰোপ আৰু পশ্চিম এছিয়াত আধুনিক মানৱ প্ৰজাতি হ’ম’ ঝছেপিয়েনছৰ নিকটতম প্ৰজাতি নিয়েণ্ডাৰথেল মানৱৰ আবিৰ্ভাৱ হৈছিল৷

আজিৰ পৰা প্ৰায় ৩০,০০০ বছৰৰ আগলৈকে নিয়েণ্ডাৰথেল মানৱ পৃথিৱীত জীয়াই থকাৰ প্ৰমাণ পোৱা গৈছে৷ ইতিমধ্যে অফ্ৰিকাত প্ৰথমে উৎপত্তি হোৱা আধুনিক মানৱ প্ৰজাতি, হ’ম’ ছেপিয়েন্‌ছে প্ৰথমে মধ্য প্ৰাচ্য আৰু পাছলৈ আন ভূখণ্ডলৈ প্ৰব্ৰজন কৰিছিল৷

বিজ্ঞানীৰ মনত প্ৰশ্ন উদয় হৈছিল– যে এসময়ত পৃথিৱীত আধুনিক মানৱ প্ৰজাতিৰ উপৰিও আন মানৱ প্ৰজাতিও একেলগে আছিলনে? যদি আছিল এই মানৱ প্ৰজাতিবোৰৰ সৈতে– বিশেষকৈ নিয়েণ্ডাৰথেল মানৱৰ সৈতে আধুনিক মানৱ প্ৰজাতিৰ কোনো মিশ্ৰণ হৈছিল নেকি?

১৮৫৬ চনত পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ নিয়েণ্ডাৰথেল উপত্যকাত থকা চূণশিলৰ বাবে জাৰ্মানীৰ নিয়েণ্ডাৰথেল উপত্যকাত থকা চূণশিলৰ কুৱেৰীৰপৰা এক প্ৰাচীন মানুহৰ কংকাল উদ্ধাৰ হয়৷ সেই সময়ত বিৱৰ্তনৰ অধ্যয়নৰ প্ৰধান উপায় আছিল জীৱাশ্ম আৰু প্ৰাচীন মানৱ সভ্যতাৰ আহিলা আৰু ভগ্নাৱেশৰ অনুসন্ধান।

নিয়ণ্ডাৰথেল উপত্যকাৰ প্ৰাচীন নৰকংকালৰ বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰে যে এই নৰকংকাল আজি আধুনিক মানৱ প্ৰজাতিতকৈ একেবাৰে বেলেগ৷ সেই সময়তে চাৰ্লছ ডাৰউইনে তেওঁৰ যুগান্তকাৰী গ্ৰন্থ ' The Origin of Spices' (১৮৫৯)ত জীৱক্ৰমবিৱৰ্তনৰ অধ্যয়নত জীৱাশ্মক এক প্ৰামাণিক সাক্ষ্য হিচাপে গ্ৰহণ কৰাৰ পোষকতা কৰিছিল৷ এই ধৰণৰ অধ্যয়নৰপৰাই নিয়েণ্ডাৰথেল মানৱক আজিৰ মানৱ প্ৰজাতিতকৈ ভিন্ন এক পৃথক মানৱ প্ৰজাতি হিচাপে গণ্য কৰা হৈছিল৷

কিন্তু আগতে উল্লেখ কৰা প্ৰশ্ন, যেনে, এই প্ৰজাতিৰ লগত হ’ম’ ছেপিয়েনছৰ কোনো যৌন সম্পৰ্ক হৈছিল নেকি? ছেন্তে পেব’ই প্ৰথমবাৰৰ বাবে প্ৰাচীন জীৱশ্মাৰ অৱশিষ্ট হাড়ৰ পৰা অৱক্ষয়িত, দূষিত ডিএনএ আহৰণ প্ৰায় অসম্ভৱ বিবেচিত, অভিনৱ পদ্ধতি উদ্ভাৱন কৰে৷ ১৮৫৬ চনত উদ্ধাৰ হোৱা নিয়েণ্ডাৰথেল মানৱৰ সম্পূৰ্ণ আনুবংশিক পদাৰ্থ বা জিন’ম গঠন কৰা জীৱৰাসায়নিক গোট নিউক্লীয়টাইডৰ ক্ৰম [sequence] ছেন্তে পেব’ই নিৰ্ধাৰণ কৰি ২০১০ চনত প্ৰকাশ কৰে৷

ইয়াৰ আগতে ২০০৬ চনত পেব’ই তুষাৰাবৃত্ত ছাইবেৰিয়াৰ ডেনিছ’ভাৰ নামৰ গুহাৰপৰা উদ্ধাৰ কৰা প্ৰাচীন মানৱ শিশুৰ হাতৰ অস্থিৰ ডিএনএ আহৰণ কৰি বিশ্লেষণ কৰে৷

এই গৱেষণাত পেব’ই প্ৰমাণ কৰে যে ছাইবেৰিয়াৰ ডেনিছ’ভাৰ গুহাৰ এই প্ৰাচীন মানৱ প্ৰজাতি আজিৰ আধুনিক মানৱ প্ৰজাতি আৰু নিয়েণ্ডাৰথেল মানৱ প্ৰজাতিতকৈ সম্পূৰ্ণ বেলেগ৷ ই আছিল আন এক মানৱ প্ৰজাতি হ’ম’ ডেনিছ'ভাৰ [Homo Denisovar] ।

পেব’ৰ সিদ্ধান্তৰ গৱেষণাই প্ৰমাণ কৰে যে এসময়ত পৃথিৱীত আধুনিক মানৱ প্ৰজাতিৰ লগতে একাধিক অন্য মানৱ প্ৰজাতিয়েও বাস কৰিছিল৷ তাৎপৰ্য্যপূৰ্ণভাৱে এই বিভিন্ন মানৱ প্ৰজাতিৰ মাজত যৌন সম্পৰ্কও হৈ মানৱ প্ৰজাতিৰ আনুবংশিক পদাৰ্থৰ সংমিশ্ৰণ ঘটিছিল৷

তেওঁ প্ৰমাণ কৰে যে আজিৰ আধুনিক মানৱ প্ৰজাতিৰ জিন’মৰ [মুঠ আনুসংগিক পদাৰ্থ] ১ৰ পৰা ৪ শতাংশ ডিএনএ নিয়েণ্ডাৰথেল প্ৰজাতিৰ জিন’মৰ পৰা অহা৷ এই সংমিশ্ৰণ হৈছিল ইউৰোপ আৰু এছিয়াৰ আধুনিক মানৱ প্ৰজাতিৰ সৈতে৷ আনহাতে দক্ষিণ পূব এছিয়াৰ আধুনিক মানৱ প্ৰজাতিৰ সৈতে সংমিশ্ৰিত হৈছিল হ’ম’ ডেনিছ’ভাৰ প্ৰজাতিৰ ডিএনএ [প্ৰায় ৬ শতাংশ]৷

ছেন্তে পেব’ৰ আৱিষ্কাৰে মানৱৰ বিৱৰ্তনৰ প্ৰচীন ৰহস্যময় পৰিক্ৰমাক এক নিখুঁত জীৱন্ত ৰূপত আগবঢ়োৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে৷ পেব’ই বিজ্ঞানৰ গৱেষণাত পেলিঅ’জিন’মিক্‌ছ্‌ [paleoyenomics] নামৰ নতুন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছে৷

এই নতুন গৱেষণাৰ সহায়ত মানৱ প্ৰজাতিৰ একক বৈশিষ্ট্যসমূহৰ বিষয়ে আণৱিক আনুবংশিক পৰ্য্যায়ত ন ন সম্ভেদ পোৱাৰ বাট মুকলি কৰিছে৷

আধুনিক মানৱ প্ৰজাতিৰ ভাষাৰ জৰিয়তে ভাব প্ৰকাশৰ ক্ষমতা, অতি উচ্চ পৰ্য্যায়ৰ বুদ্ধিমত্তাৰ সহায়ত লাভ কৰা উদ্ভাৱনী শক্তি, মানৱ সমাজ আৰু সংস্কৃতিৰ উদ্ভাৱন আৰু বিৱৰ্তন, আধুনিক মানৱ প্ৰজাতিৰ ৰোগ প্ৰতিৰোধ শক্তি আধুনিক মানৱ প্ৰজাতিৰ বিৱৰ্তনৰ মূলতে থকা এই একক বৈশিষ্ট্যৰ আমাৰ জিনবোৰ কি, ইয়াৰ সম্ভেদ আমি পাবলৈ সক্ষম হৈছোঁ ছেন্তে পেব’ৰ নবেল বঁটা বিজয়ী অনন্য গৱেষণাশৈলীৰ সহায়ত৷।