তেজস্বিতা বৰুৱাৰ অপমৃত্যু, চৰকাৰী চিকিৎসাখণ্ড আৰু কিছু চিন্তা


Image Description

তেজস্বিতা বৰুৱাৰ অপমৃত্যুৰ কথা বহলাই পুনৰ মনবোৰ গধুৰ নকৰোঁ ৷ কথা হ’ল- প্ৰয়াত শিশুশিল্পীগৰাকীক হয়তো বচাব পৰা গ’লহেঁতেন ৷ কিন্তু তেনে নহ’ল। শ্বাস-প্ৰশ্বাসত কষ্ট পাই তেজস্বিতা হঠাৎ অসুস্থ হৈ পৰে।

সংজ্ঞাহীন হৈ পৰা তেজস্বিতাক ততালিকে চৰকাৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। তেওঁৰ সংজ্ঞা ঘূৰি নাহিল ৷ হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজস্বিতাৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

প্ৰতিভাৱান শিশুগৰাকীৰ গাঁৱৰ ৰাইজে তথা পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি প্ৰায় ডেৰ ঘন্টা জুৰি হাস্পতালতে অজ্ঞান হৈ থকা ছোৱালীজনীক অক্সিজেন যোগান, আইচিইউত ভৰ্তি নকৰাকৈয়েই যাৱতীয় বেজী, চেলাইন আদি দিয়েই চিকিৎসালয়ৰ কৰ্তৃপক্ষই দায়িত্ব সামৰে।

চিকিৎসাখণ্ডৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি দাবী কৰা ৰাজ্য চৰকাৰখনে প্ৰকৃততে তেনে এক পৰিৱেশ দিবলৈ সক্ষম হৈছেনে সেয়া এনেবোৰ অপ্ৰত্যাশিত দুৰ্ঘটনাই সন্দেহৰ সৃষ্টি নকৰেনে?

ৰাজনীতিকে মুখ্য কৰি সকলো দৃষ্টিকোণৰ পৰা মাজুলী এখন অতিকৈ চৰ্চিত ঠাই। সেই হিচাপে অন্ততঃ চিকিৎসাখণ্ডকে সামৰি মাজুলীৰ সামগ্ৰিক উন্নয়নৰ ছবিখন তুলনামূলকভাৱে পৃথক হ’ব লাগিছিল।আমি নিজেও মাজুলীলৈ গৈ তাৰ উন্নয়নৰ আভাস পাইছোঁ। কিন্তু প্ৰকৃত ছবিখন সুকীয়া।

শিশুটি সংজ্ঞাহীন হৈ পৰাৰ দৰে ইমান গুৰুতৰ বিষয় হোৱা সত্ত্বেও কিয় ডেৰ ঘন্টা জুৰি তেওঁ কেৱল যাৱতীয় চেলাইন, বেজী আদিৰ চিকিৎসাতে সীমাবদ্ধ ৰ’ব লগা হ’ল সেয়া চিন্তনীয় কথা।

তৎকালীনভাৱে কিয় অক্সিজেন যোগান ধৰাত চিকিৎসালয় কৰ্তৃপক্ষ বিফল হ’ল, সেয়া এক লাখটকীয়া প্ৰশ্ন। অসমৰ চৰ্তুদিশে ন ন চিকিৎসালয় গঢ়ি উঠিছে আৰু উঠিব বুলি চৰকাৰে বাৰে বাৰে নিজৰ আপাত সফলতা জাহিৰ কৰে।সেয়া ভাল কথা।

চৰকাৰী চিকিৎসালয়ৰ সংখ্যা বাঢ়িব লাগে, তাক সকলোৱে সমৰ্থন জনাব।অসমতে থাকি বিশ্বমানৰ চিকিৎসা ৰাইজে নিশ্চিতৰূপে আশা কৰে।কিন্তু এই ধৰণৰ দুখ লগা, হৃদয় বিদাৰক ঘটনাই চৰকাৰৰ সেই চিকিৎসাখণ্ডৰ উন্নয়নৰ দাবীত সন্দেহৰ সৃষ্টি কৰিছে।

ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সামৰ্থ্য ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকৰে নাথাকে।সেইসকলে চৰকাৰী চিকিৎসালয়ৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় ৷ তেনেস্থলত সকলোৱে পোনপ্ৰথমে নিজৰ স্থানীয় অসামৰিক চিকিৎসালয়কে লক্ষ্য কৰি কৰাটো স্বাভাৱিক।

চৰকাৰে, চিকিৎসা দপ্তৰে কেৱল আত্মসন্তুষ্টিৰ পৰিসৰতে সীমাবদ্ধ নাথাকি প্ৰতিখন জিলা পৰ্য্যায়ৰ চিকিৎসালয়কে একোখন উন্নত মানৰ, সবল আন্তঃগাঁথনিযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ অহোপুৰুষাৰ্থ কৰক আৰু পুনৰায় এনে অপ্ৰত্যাশিত ঘটনাত আন কোনো ফুলকুমলীয়া প্ৰতিভাৰ আকৰ অকালতে নিচিহ্ন হৈ নাযাওক, তাকে কামনা কৰোঁ।

তেজস্বিতাৰ আত্মাই চিৰশান্তি লাভ কৰক।।