অসমৰ হাতী অসমলৈ ঘূৰি নাহে কিয়?


Image Description

বেছ কিছুবছৰ পূৰ্বে মাইক পাণ্ডেৰ দ্বাৰা নিৰ্মিত এখন তথ্যচিত্ৰ ‘ৱাইল্ড এনিমেল কেপচাৰ ইন ছাৰাগোছা’ চোৱা মনত পৰে৷ এই তথ্যচিত্ৰখনৰ বাবে পাণ্ডেলৈ আগবঢ়োৱা হৈছিল ‘গ্ৰীণ অস্কাৰ’৷

বন্য হাতীক ধৰিবলৈ আৰু বশ কৰিবলৈ অতি নিষ্ঠুৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। ই তথ্যচিত্ৰখনৰ বিষয়বস্তু আছিল। পাণ্ডেও বিখ্যাত হৈ পৰে।

ইয়াৰ পিছতে পোহনীয়া বা আৱদ্ধ অৱস্থাত থকা হস্তীৰ বাবে ‘গাইডলাইন’ প্ৰস্তুত কৰে দিয়ে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে৷ এইখিনিতে উল্লেখনীয় যে এছীয়া হাতী, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ৰ অন্তৰ্ভুক্ত৷ কিন্তু সংৰক্ষণৰ প্ৰথমসূচীত তালিকাভুক্ত প্ৰাণীটোৱে বৰ্তমানেও ভোগা দুৰ্ভোগে বন্যপ্ৰাণী নিৰাপত্তা আইনখনকে যেন চৰম উপলুঙা কৰিছে৷

ভাৰতৰ আন ৰাজ্য বা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ তুলনাত অসমত হাতী অধিক নিৰাপত্তাহীন আৰু অসুৰক্ষিত বুলি সম্প্ৰতি প্ৰতিপন্ন হৈছে৷ হাতী আৰু মানুহৰ সংঘাতে ৰাজ্যখনত চৰম পৰ্য্যায় পোৱাৰ লগতে এই সংঘাতৰ ফলত বিগত দশকটোৰ পৰা প্ৰতিবছৰে কমেও ৬০-৭০ বনৰীয়া হাতী মৃত্যুমুখত পৰিছে৷

সমান্তৰালকৈ প্ৰতিবছৰে অসমৰ পৰা অবৈধভাৱে বহিঃৰাজ্যলৈ চালান দিয়া হৈছে শতাধিক হস্তী৷ উল্লেখ্য, বিগত দশকটোৰ পূৰ্বেও অসমৰ পৰা চালান দিয়া হাতীৰ সংখ্যা কম নহয়৷ বন্যপ্ৰাণী আইন সম্পূৰ্ণৰূপে উলংঘা কৰি এচামে একাংশ বন বিষয়াৰে মিলি অনিয়মেৰে কেনেকৈ বহিঃৰাজ্যলৈ হাতী চালান দি আহিছিল তাৰ তথ্য প্ৰকাশ কৰিছিল বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ গোটে৷

সেই তথ্য অনুসৰি ২০০৩ চনৰ পৰা ২০০৭ চনলৈ অসমৰ পঞ্জীয়নভুক্ত ৯৫৬টা হাতীৰ ২৫৯টাকৈ বেলেগ ৰাজ্যলৈ সৰবৰাহ কৰা হয়৷ ইয়াৰ পিছৰ বৰ্ষসমূহত, অৰ্থাৎ ২০০৮ চনৰ পৰা ২০১৫ চনলৈ মুঠ ৬১টা হাতী বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হয়৷

অৰ্থাৎ ২০০৩ চনৰ পৰা ২০১৫ চনলৈকে অসমৰ পৰা ৰাজ্যৰ বন বিভাগে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা কৰা ৩২০টা হাতীৰ এটাকো পুনৰ অসমলৈ ঘূৰাই অনা নহ’ল৷ ই সম্পূৰ্ণৰূপে এটা অবৈধ ব্যৱস্থা৷

বহিঃৰাজ্যলৈ অস্থায়ীভাৱে প্ৰেৰণ কৰা প্ৰতিটো হাতীৰ চিহ্ন, নম্বৰ, লিংগ, বয়স আদিৰ তথ্য বন বিভাগৰ হাতত দাখিল কৰাটো বাধ্যতামূলক যদিও অভিযোগমতে এই সৰবৰাহত জড়িত বিভাগীয় বিষয়া-কৰ্মচাৰী একাংশৰ লগতে এচাম অসাধু হাতীৰ ব্যৱসায়ীয়ে পঞ্জীয়নভুক্ত হাতীৰ তথ্য বিকৃত কৰি আহিছে৷

এনে বিকৃত তথ্যৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে বিভিন্ন বনাঞ্চলৰ পৰা ধৰা বনৰীয়া হাতী৷ বিভিন্ন ৰাজ্যৰ মাজেদি লৈ যোৱা হাতীৰ তথ্য পৰীক্ষণৰ সময়ত এই কথাবোৰ ধৰা পৰিছে আৰু অসমৰ মুখ্য প্ৰাণীসংৰক্ষক বহু সময়ত বিব্ৰত হ’ব লগা অৱস্থাও হৈছে। কিন্তু এই অবৈধ বেহা বন্ধ হোৱা নাই। বৰঞ্চ বাঢ়িছে।

ভাৰতবৰ্ষৰ ঐতিহ্যৰ প্ৰতীক হাতী [heritage animal]৷ কিন্তু হাতীক লৈ চলি থকা চোৰাং বজাৰখন বন্ধ কৰাৰ ক্ষেত্ৰত অতি ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে অসমৰ বন মন্ত্ৰীসকলে৷

অসমৰ পৰা হাতী কেৱল বহিঃৰাজ্যলৈকে অবৈধভাৱে সৰবৰাহ কৰাই নহয়, অসম তথা উত্তৰ-পূবৰ হাতী ভাৰতবৰ্ষৰ বিভিন্ন বজাৰত বিক্ৰীও হৈ আহিছে৷ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ পৰা নিয়া হাতী অবৈধভাৱে বিক্ৰী হৈ আহিছে প্ৰতিবছৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা অনুষ্ঠিত বিহাৰৰ সোণপুৰ মেলাত৷

এই তথ্য বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ গোটে প্ৰকাশ কৰিছিল৷ আনকি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকলৈ এই বিষয়ে পত্ৰও লিখা হৈছিল৷ হাতীৰ অবৈধ বজাৰখন বন্ধ কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে ৰাজ্যৰ বনবিভাগ৷

হাতীৰ গৰাকীৰ আৰ্থিক দুৰৱস্থা দেখুৱাই ব্যৱসায়ীয়ে বন বিষয়াৰে মিলি অবৈধভাৱে হাতী সৰবৰাহ কৰি থকা বুলি বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ গোটৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ সেই প্ৰক্ৰিয়া এতিয়াও পুৰাদমে চলি আছে৷

সৌ সিদিনা মাত্ৰ অসম অৰুণাচল সীমাৰ নামছাইৰ পৰা ১৪টাকৈ হাতী গুজৰাটৰ জামনগৰলৈ প্ৰেৰণ কৰা হ’ল৷ এই হাতীকেইটা জামনগৰৰ এটা মন্দিৰলৈ পঠিওৱা বুলি কোৱা হৈছে যদিও দৰাচলতে জামনগৰত স্থাপন হোৱা দেশ তথা সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এখন চিৰিয়াখানালৈহে হাতীকেইটা লৈ যোৱাৰ অভিযোগ উঠিছে৷ ভুৱা তথ্যৰ আধাৰত হাতীবোৰ নিয়া হৈছে। তথ্যসমূহলৈ ভালদৰে লক্ষ্য কৰিলেই সাধাৰণলোকেও গম পাব৷

যোৱা মাৰ্চ মাহৰ পৰা চলিত মাহলৈ ২৫টাকৈ হাতী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে গুজৰাটলৈ৷

প্ৰশ্ন হয়– এটা-দুটা-তিনিটা বছৰ বা অতি হস্ৰকালীন ব্যৱস্থা এটাত অসমৰ পৰা বাহিৰলৈ পঠিওৱা হাতীবোৰ অসমলৈ উভতাই অনা হোৱা নাই কিয়? নে হাতীবোৰ বন বিভাগৰ অনুমতিসাপেক্ষেই অসমৰ বাহিৰত বিক্ৰী কৰা হৈছে? ১৫ বছৰ, ২০ বছৰৰ পূৰ্বেই অসমৰ পৰা সৰবৰাহ কৰা হাতী ঘূৰি নহা মানে– সিহঁতক বিক্ৰী কৰা হৈছে, যিটো সম্পূৰ্ণৰূপে নিষিদ্ধ৷

আইনভংগ কৰাৰ অপৰাধত অপৰাধীক ন্যায়ালয়ৰ কাঠগড়াত থিয় কৰোৱাৰ শক্তি চৰকাৰৰ হ’বনে??