মুখ্য বিভেদকাৰী
(‘ডিভাইডাৰ ইন চিফ’)
(প্রকাশ - ‘টাইম’, ২০-৫-২০১৯)


Image Description

৮(৩)
ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হৈছে উত্তৰ প্রদেশ আৰু ইয়াতে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ মুছলিম লোকো আছে। ২০১৭ চনত উত্তৰ প্রদেশৰ ৰাজ্যিক নির্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিয়ে ঘৃণা বিয়পোৱা, গেৰুৱা বসন পিন্ধা এজন পুৰোহিতক ৰাজ্যখন শাসন কৰিবলৈ দিলে। গেৰুৱা হৈছে ভাৰতীয় ৰাষ্ট্রীয়তাবাদৰ ৰং।

যোগী আদিত্যনাথক নির্বাচনী প্রচাৰৰ সময়ত মুখ্য মন্ত্রী হিচাবে প্রক্ষেপ কৰা হোৱা নাছিল। তেওঁক তেতিয়ালৈকে যদিহে জনা গৈছিল সেয়া আছিল কিছুমান নীচ কথাৰ জৰিয়েতেহে, এঠাইত হয়তো এজন হিন্দুক হত্যা কৰিলে ১০০ জন মুছলিমক হত্যা কৰিবলৈ জনসমূহক দিয়া তেওঁৰ উচটনি, আন এঠাইত আকৌ এনে মানুহৰ সংগত তেওঁ মঞ্চত উপবিষ্ট যি মুছলমান মহিলাক কবৰৰপৰা উলিয়াই ধর্ষণ কৰাৰ কথা কয়।

মোডীয়ে শৈক্ষিক বাগানখনৰ ওপৰত ধাৰাৱাহিকভাৱে আক্রমণ কৰা দলক নেতৃত্ব দিয়ে, য’ত অশিক্ষিত আৰু অর্ধশিক্ষিত লোকক সেই বাগানত জুপুৰি সাজিবলৈ উৎসাহ যোগোৱা হয়। ভাৰতত শিক্ষিত লোকসকল অন্ধভাৱে বামপন্থী, কিন্তু ইয়াৰ ৰাজনীতিক সলনি কৰাতকৈ মোডীয়ে অর্হতাৰ ধাৰণাটোকে আক্রমণ কৰিলে।

ভাৰতীয় ঐতিহাসিক গৱেষণা সংস্থা ('ইণ্ডিয়ান কাউন্সিল অব হিষ্টৰিকেল ৰিছাৰ্চ) পৰা বুজন সংখ্যক ৰাজনীতিবিদ আৰু বুদ্ধিজীৱী সৃষ্টি কৰা জৱাহৰলাল নেহৰু ইউনিভার্চিটি (জেএনইউ)লৈকে, ভাৰতৰ শৈক্ষিক অনুষ্ঠানসমূহক ফোঁপোলা কৰি পেলোৱা হ’ল, তাৰ শিক্ষক আৰু প্রশাসকক মৌলিক অর্হতাৰ সলনি ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰাৰ উদ্দেশ্যে নিযুক্তি দিয়া হ’ল।

মোডীয়ে সেইখন ভাৰতক সমালোচনা কৰাটো শুদ্ধই হৈছে, য’ত আধুনিকতা পাশ্চাত্যকৰণৰ সমার্থক হৈ পৰিছে। কাৰণ যিবোৰ ধাৰণা আৰু তত্ত্বৰ সমগ্র বিশ্বতে প্রয়োজনীয়তা আছে তেনে ধাৰণাবোৰ এনে মানুহৰ হাতত জমা আছে যাৰ ইউৰোপ আৰু আমেৰিকাৰ সংস্কৃতিৰ সৈতে পৰিচয় আছে। যিটো মোডীয়ে কৰিব নোৱাৰে বা নকৰে, সেয়া হৈছে তেওঁ ভাৰতক এই কঠোৰ সত্য কথা ক’ব নোৱাৰে যে যদি দেশখন বৃহৎ শক্তি হ’ব খোজে, আৰু মাত্র হিন্দুৰ ধর্মীয় প্রশাসনতে আবদ্ধ হৈ নাথাকে, তেনেহ’লে অন্ধবিশ্বাস আৰু যাদুৰ মাজত নিমজ্জিত মধ্যযুগৰ ভাৰতীয় অতীতক তলত ৰাখিবই লাগিব। নিজে যি সেইটো হৈ থকাটোৱে যথেষ্ট নহয়।

শ্রীলংকাৰ প্রসিদ্ধ ইতিহাসবিদ এ কে কুমাৰস্বামীয়ে লিখিছে, 'ইউৰোপৰ দৰে ভাৰততো প্রাচীন সভ্যতাৰ নিদর্শনবোৰ ত্যাগ কৰিব লাগিব – অতীতৰপৰা আমালৈ আহ্বান আহি থাকে আৰু আমি ঘৰ সাজিব লাগিব ভৱিষ্যতত। কিন্তু ক্ষমতাৰ একমাত্র সম্ভৱপৰ ভিত্তি হৈছে বুজি পোৱা, আৱেগিক বিশ্বাসেৰে স্বীকৃতি দিয়া, আৰু আমি আমাৰ পিছফালে এৰি থৈ অহাখিনিক ভাল পোৱা।'

মোডীৰ ভাৰতক অধঃস্তন কৰি ৰখা হতাশাটো হৈছে অতীতক সাবটি ধৰি থকা, আধুনিক বিশ্বৰ বাবে উপযুক্তভাৱে সাজু নোহোৱা, প্রকৃত বিশ্বাসৰ অবিহনে দেশৰ বাবে উচ্ছ্বাসপূর্ণ প্রীতি ৰখা মানুহখিনি।

দেশখনৰ নিজাকৈ কি আছে, আৰু বাহিৰৰপৰা কি আহিছে এয়াই হৈছে ভাৰতৰ বাবে এটা অহৰহ দুশ্চিন্তাৰ উৎস। ভাৰতৰ অভিজাত শ্রেণীটো মহাত্মা গান্ধীৰ ভাষাত ‘নিজ দেশতে বিদেশী’ হোৱাৰ যি প্রক্রিয়া সেয়া সমগ্র দেশতে অতীতত কেতিয়াও পশ্চিমীয়া ৰীতি-নীতি আৰু সংস্কৃতিৰ সৈতে পৰিচয় নোহোৱা সকলো শ্রেণী আৰু গোটতে কম-বেছি পৰিমাণে পুনৰাবৃত্তি হৈ আছে।

দেশখনৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্রীয়তাবাদী যুৱ সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ এজন সদস্যই বাৰানসীত মোক কৈছিল, 'আমাৰ সংস্কৃতি ধ্বংস কৰি থকা হৈছে। আমাৰ পৰিয়ালৰ বহুকেইজন সদস্যই বাণিজ্য বিষয়ত ডিগ্রী লৈছে; কিন্তু মই আমাৰ সংস্কৃতিৰ বেছি কাষত থাকিব বিচাৰোঁ। আমাৰ বিৰুদ্ধে কাম কৰি থকা ভিতৰৰ মানুহৰ অনৈতিক সহযোগ নাথাকিলে আমাৰ দৰে এক মহান সভ্যতাক কেতিয়াও দমাই ৰাখিব পৰা নাযায়। মই ক’ব নোৱাৰোঁ কোন, কিন্তু কোনোবাই আমাক নিয়ন্ত্রণ কৰি আছে, আৰু ‘বিকাশ’ আৰু ‘বিনাশ’ৰ মাজত বানানৰ সামান্য পার্থক্যহে আছে।'

হিন্দু ৰাষ্ট্রীয়তাবাদী এই ডেকাজন ভাৰতীয় নৱ প্রজন্মৰ এটা অংশ, যাক উপনিৱেশিকতাই স্পর্শ কৰা নাই, কিন্তু যি গোলকীয়কৰণ বাদ দিয়া নাই। তেওঁলোকক গুৰুত্বহীন যেন ভবা হয় বুলি তেওঁলোক গভীৰভাৱে সচেতন হৈ থাকে। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ ধর্ম আৰু সংস্কৃতিক লঘু কৰা হৈছে; ‘হিন্দুভীতি’ৰ কল্পনাক লৈ তেওঁলোকে আমোদ পায়, আৰু অৱমাননাৰ সুৰত ‘ছিকলুৱার্ছ’, ‘লিবটার্ডছ’ আৰু ‘নিউ য়ৰ্ক টাইমছ’ৰ কথা কয়। তেওঁলোকে হৃত সংস্কৃতিৰ চেতনাক ৰাজনৈতিক আদর্শলৈ ৰূপান্তৰিত কৰা যেন বোধ হয়।

ইয়ে তেওঁলোকৰ অন্তৰত ‘অন্য’ৰ প্রতি ক্রোধৰ সৃষ্টি কৰে – মুছলিম, নিম্ন জাতি আৰু ভাৰতীয় অভিজাত শ্রেণী বা ‘ভিতৰৰ মানুহ’, যাৰ পিছত বহুকেইটা প্রজন্মৰ পশ্চিমীয়াকৰণৰ প্রভাৱ আছে। যোৱা মাহত অমিত শ্বাহে মুছলিম অনুপ্রৱেশকাৰীক উঁইপোকৰ সৈতে তুলনা কৰিছে, আৰু বিজেপিৰ ট্যুইটাৰ হেণ্ডলত এই ইংগিত দিয়া হৈছে, 'বুদ্ধ, হিন্দু আৰু শিখৰ বাহিৰে সকলো অনুপ্রৱেশকাৰীক দেশৰপৰা বহিষ্কাৰ কৰা হ’ব।' মধ্য ভাৰতৰ নগৰী ভূপালৰ বিজেপি সদস্যগৰাকী হৈছে গেৰুৱা বসন পিন্ধা এগৰাকী মহিলা সাধ্বী।

সন্ত্রাসবাদীৰ আক্রমণৰদ্বাৰা এটা মছজিদৰ কাষত ছজনকৈ মানুহক হত্যাৰ মূল মানুহ হিচাবে এই সাধ্বীগৰাকীক সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে ভূপাল হৈছে চহকী মুছলিম ইতিহাসেৰে সমৃদ্ধ এখন নগৰী যাৰ মুছলিম জনসংখ্যা মুঠ জনসংখ্যাৰ পঁচিছ শতাংশতকৈ অধিক। বর্তমান জামিনত মুকলি হৈ থকা সাধ্বী প্রজ্ঞা ঠাকুৰৰ সদস্যপদে এই কথাকে সোঁৱৰায় যে চৰম ৰাষ্ট্রীয়তাবাদৰ ভূত আৰু অপৰাধ পৃথক কৰিব নোৱৰাকৈ এক হৈ পৰিছে।

মোডীৰ ভাৰতখন এনে ঠাই যেন লাগে য’ত আগতে ঘটি থকা ঘটনাক্রম নোহোৱা হৈ গ’ল, অথচ মন কৰিবলগীয়া নতুন একো নাহিল। মোডী জিকিল, হয়তো আকৌ জিকিব, কিন্তু তাৰ ফল কি হ’ব? তেওঁৰ ব্রেণ্ডৰ পপুলিজমে নিশ্চয়কৈ ভাৰতীয় সমাজৰ বিশ্বসনীয় সমালোচক হিচাবে ক্রিয়া কৰিছে, তাৰ ভিতৰত কংগ্রেছ দলতকৈ ভাল প্রতীক একো নাই। তেওঁলোকে ৰাজবংশীয় পৰম্পৰাৰে অন্য এজন নেহৰু-গান্ধী পৰিয়ালৰ সদস্যতকৈ বেছি একো আগবঢ়াব নোৱাৰে।

ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে ৰাহুলৰ বায়েক প্রিয়ংকা গান্ধীক ৰাহুলক সহায় কৰিবলৈ পঠোৱাতকৈ অন্য বিশেষ ৰাজনৈতিক পৰিকল্পনা নাই। এয়া ডেমক্রেট দলে হিলাৰী ক্লিণ্টনক পুনৰ ২০২০ চনত নিজৰ সদস্য হিচাবে নির্বাচন কৰা আৰু লগতে চেলছিক উপ-ৰাষ্ট্রপতি পদৰ বাবে প্রলোভন দিয়াৰ দৰে কথা।

ইমান দুর্বল বিৰোধী দলটোৰ বাবে মোডী নিশ্চয় খুব ভাগ্যৱান বুলি বিবেচিত হ’ব। জোৰা-টাপলি মৰা দলেৰে কংগ্রেছৰ নেতৃত্বত গঠন হোৱা গোটবন্ধনটোৰ মোডীক পৰাজিত কৰাৰ বাহিৰে অন্য কোনো কর্মসূচী নাই। তথাপিও মোডীৰ সন্দেহ হয়, কাৰণ তেওঁ জানে যে ২০১৪ চনৰ প্রতিশ্রুতি তেওঁ পালন কৰিব পৰা নাই।

সেই কাৰণেই তেওঁ ভিতৰৰ শত্রুৰ সন্ধান কৰিবলগীয়া অৱস্থা হৈছে। অন্য পপুলিষ্টসকলৰ দৰে তেৱোঁ হোৱাইট হাউছত বহি ‘সিহঁতৰ’ চুলটানী ব্যৱস্থাৰ বিৰুদ্ধে নিজৰ অসন্তুষ্টি ট্যুইটাৰত প্রকাশ কৰি আছে। আৰু, এতিয়া ভাৰতে নিজৰ সীমিত পছন্দৰ প্রতীক স্বৰূপে নিজ ইচ্ছাতে মোডীক দ্বিতীয়বাৰৰ বাবে নির্বাচিত কৰিবলৈ যেতিয়া সাজু হৈছে, তেওঁৰ নিজা বিফলতাৰ বাবে বিশ্বক কি শাস্তি দিয়ে সেই কথা ভাবি ত্রষ্টমান হৈ থকাৰ বাহিৰে অন্য উপায় নাই।।

অনুবাদ – ৰিপুঞ্জয় শইকীয়া