হিন্দী সম্প্ৰসাৰণবাদ


Image Description

ভাৰতৰ গৃহমন্ত্ৰীগৰাকী আন এগৰাকী হিটলাৰ । তেওঁৰ কথাই যেন আইন । হঠাৎ যোৱাকালি কৈ দিলে উত্তৰ পূৰ্বাঞ্চলৰ স্কুলবিলাকত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰিব লাগে।

হয়তো তেওঁ এই কাম হোৱাটো বিচাৰিছে গোটেই ভাৰততে, কিন্ত দক্ষিণ ভাৰতত ইয়াক সৰ্বশক্তিৰে বিৰোধিতা কৰা হ'ব বুলি শ্ৰীঅমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে জানে বাবেই সেইকণ মৰসাহ কৰা নাই ।

হিন্দী সম্প্ৰসাৰণবাদীসকলে বহু বছৰ ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আপেক্ষিকভাৱে সৰু সৰু ৰাজ্যবোৰ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহক হিন্দীৰ কবললৈ আনিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে আৰু বহু পৰিমাণে সফলো হৈছে । সংঘ পৰিবাৰ আৰু এই পৰিবাৰৰ পোনপটীয়া পৰিচালনাত গঢ়ি উঠা আটাইবোৰ শিক্ষানুষ্ঠান তথা শৈক্ষিক সংগঠনে এই এটা উদ্দেশ্য আগত ৰাখিয়েই কাম কৰি আছে, আৰু আমি জানি-শুনি এই হিন্দী সম্প্ৰসাৰণবাদীৰ হাথিয়াৰ হৈছোঁ ।

এইসকলৰ ষড়যন্ত্ৰৰ ফলতে অৰুণাচলৰ পৰা অসমীয়া ভাষাৰ নিৰ্বাসন হল । অসমীয়া ভাষা আৰু অসমীয়াৰ বিৰুদ্ধে পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো এক অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰা হৈছে ।

হিন্দীৰ অধীনলৈ এইবাৰ আনিব খোজা হৈছে সমগ্ৰ অসমক । সাংবিধানিক সুৰক্ষা দিব ক'ত, যিখিনি আছে তাকো কাঢ়ি নিহে খোজা হৈছে । আৰু অমিত শ্বাহৰ দলৰ অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত এনে কিছুমান ব্যৱস্থা কাৰ্য্যকৰী কৰিবলৈ ওলাইছে, মিবোৰে স্কুলীয়া শিক্ষাৰ পৰা অসমীয়াক উৎখাত কৰি হিন্দীক মূল আসনত বহুৱাবলৈ অগ্ৰসৰ হৈছে । জিলাই জিলাই তথাকথিত আদৰ্শ কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্যনো কি?

শ্বাহে বিচাৰিছে আমি কথা পাতোঁতেও হিন্দীত পাতিব লাগে । আমিতো বহুত উদাৰ । খাঁচ অসমীয়া এলেকাত অনাঅসমীয়া পৰিয়াল বছৰৰ পিছত বছৰ বসবাস কৰিছে, কিন্ত এটা অসমীয়া শব্দ শিকাৰ প্ৰয়োজন বোধ কৰা নাই । আৰু আমিও এনেকুৱা উদাৰ, ভুলে-শুদ্ধই আমি তেওঁৰ লগত তেওঁৰ ভাষাতে কথা পাতিছোঁ ।

এতিয়া আমি এই উদাৰতাৰ অদ্ভুত আবৰণৰ পৰা ওলাই আহিব লাগিব । ৰিক্সাৱালা, ঠেলাৱালাৰ পৰা আৰম্ভ কৰি চুবুৰীৰ অনাঅসমীয়া ভদ্ৰলোক অথবা কাৰ্য্যালয়ৰ অনাঅসমীয়া মুৰব্বীৰ লগত অসমীয়াতে কথা পাতক । তেওঁৰ ৰাজ্যলৈ যেতিয়া যাব, তেতিয়া তেওঁৰ ভাষাত কথা পাতিবলৈ যত্ন কৰিব । অসমত অসমীয়াই হ'ব ভাব আদান-প্ৰদান একমাত্ৰ মাধ্যম । বেচি উদাৰ হওঁতে হওঁতে সকলোবোৰ হেৰুৱাব লগা হৈছোঁ ।

অমিত শ্বাহৰ সৰ্বনাশী ঘোষণাৰ বিৰুদ্ধে আমি এনেকৈয়ে সাজু হ'ব লাগিব । সাহিত্য সভা আৰু জাতীয় সংগঠনসমূহৰ ভূমিকা কি হয়, তাৰ প্ৰতিও আটাইয়ে লক্ষ্য ৰাখিছে । এইসকল শিক্ষক সংঘৰ সদস্য নহৈ নোৱাৰিব ।

শ্বাহে ফেডাৰেল গাঁঠনিতো আঘাত কৰিছে। উত্তৰ পূবৰ সকলো ৰাজ্য চৰকাৰক আওকাণ কৰিছে। ই শুভ লক্ষণ নহয়। ক্ষমতাই মূৰত ধৰিছে।