অসমৰ অন্যতম বিদ্যালয়
পাটাছাৰকুছি বিদ্যাপীঠ


Image Description

অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ অন্যতম কাণ্ডাৰী পাটাছাৰকুছি বিদ্যাপীঠ । এইখন শিক্ষানুষ্ঠানৰ ইতিহাস সোণালী আখৰেৰে অংকিত হৈ আছে অসমৰ শিক্ষাজগতৰ গৌৰৱময় অধ্যায় হিচাবে । সেইখন বিদ্যালয়ৰ পৰা কৃতী ছাত্ৰ-ছাত্ৰীৰে আজিও ভৰি আছে দেশ-বিদেশ ।

১৯০৯ চনৰ সিদ্ধান্তমৰ্মে বৰপেটা লোকেল ব’ৰ্ডে ১৯১০ চনৰ ফেব্ৰুৱাৰী মাহৰ এক তাৰিখে চৌখুটীত থকা মাইনৰ স্কুলখন পাটাছাৰকুছিলৈ স্থানান্তৰ কৰে। স্কুলৰ নতুন নাম ‘পাটাছাৰকুছি এমই স্কুল’। প্ৰথম হেড্‌মাষ্টাৰ আছিল টিহু-হালধীবাৰীৰ ভুৱন মোহন গোস্বামী। পিছত হৰেশ্বৰ দেৱচৌধুৰী ইয়াৰ প্ৰধান শিক্ষক হয়। অন্যান্য শিক্ষকসকল আছিল হাজোৰ জানকী দাস, পাঠশালাৰ সন্তোৰাম চৌধুৰী, বাং-চৌধুৰীপাৰাৰ চানাৰাম চৌধুৰী, কমাৰকুছিৰ প্ৰকাশ চন্দ্ৰ বেজবৰুৱা, ভোগপুৰৰ নৰেশ্বৰ শৰ্মা, সাদেৰীৰ কালীচৰণ দত্ত, বেলশৰৰ হৰিশ্চন্দ্ৰ পাটোৱাৰী আৰু কুঁৱাৰাৰ মহীনাথ শৰ্মা।

সেই সময়ত বিদ্যালয়খন বজালী তহচিলৰ দুটি ঘৰত আৰম্ভ কৰা হৈছিল। বৰ্তমান ৬৪ নং পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয় থকা ঠাইতেই আছিল বজালী তহচিলৰ কাৰ্য্যালয়টো। বৰ্তমানে তাতে থকা ডাঙৰ গছ দুজোপা আছিল কাৰ্য্যালয়ৰ গেট। উল্লেখ্য যে তেতিয়া এইখিনি ঠাই কালদিয়াৰ উত্তৰফালে আছিল বুলি জনা যায়।

তেতিয়াৰ দিনত বজালীৰ চৌখুটী, পাটাছাৰকুছি আৰু বৰপেটাৰ চৰকাৰী হাইস্কুলখনৰ বাহিৰে ইংৰাজী শিক্ষাৰ আন কোনো শিক্ষানুষ্ঠান সমগ্ৰ বৰপেটা মহকুমাত নাছিল। পাটাছাৰকুছিত দুটা ব'ৰ্ডিংসহ দ্বিতীয়খন ইংৰাজী পঢ়িব পৰা মাইনৰ স্কুল স্থাপন হোৱাত পাঠশালা, টিহু, সৰুক্ষেত্ৰী আদিৰ লগতে সেই সময়ৰ বজালীৰ উত্তৰ অঞ্চলৰ ছাত্ৰ আহি পাটাছাৰকুছি এমই স্কুলত পঢ়িব লগা হৈছিল। দুয়োটা ব'ৰ্ডিঙত মুঠ আৱাসী ছাত্ৰ ৩০ৰ পৰা ৫০ জনলৈ থাকিব পৰা সুবিধা আছিল। চেঙাত এখন মাইনৰ স্কুল স্থাপন হৈছিল যদিও দুবছৰ চলাৰ পিছত বন্ধ হৈ গৈছিল।

১৯১৬ চনত বৰ্তমান পাটাছাৰকুছি বিদ্যাপীঠৰ মূল ঘৰটো থকা ঠাইতেই মাইনৰ স্কুলৰ বাবে প্ৰথম ‘E’ আকৃতিৰ নতুন ঘৰ এটা সজা হৈছিল। এই ঘৰটো সজা হৈছিল ৰাজহুৱা ধনেৰে। পাটাছাৰকুছি 'ভিলেজ অথ’ৰিটী'ৰ আয়ৰ ধনেৰে পিছত টিনপাত লগোৱা হৈছিল। পৰ্বতীয়া গোসাঁইৰ বিনামূলীয়া ১০ বিঘা মাটিত এই স্কুলঘৰ বন্ধা হৈছিল। ১৯৩৭ চনলৈ বৰপেটা লোকেল ব’ৰ্ডে শিক্ষকৰ বেতন দিছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হলীৰাম ডেকা, পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰতিষ্ঠাতা হৰেন্দ্ৰ নাথ শৰ্মা, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দীননাথ গোস্বামীৰ লগতে তাৰক চন্দ্ৰ শৰ্মা, ৰত্নকান্ত তালুকদাৰ, ৰজনীকান্ত চৌধুৰী, উমাকান্ত চৌধুৰী, ৰামনাথ শৰ্মা, অনন্ত শৰ্মা, ৰঘুনাথ দেৱচৌধুৰী, ধৰ্মনাথ ডেকা, হৰেশ্বৰ দেৱচৌধুৰী, গোপাল দাস (উকীল), মদন মোহন গোস্বামী (উকীল), ডাঃ হোমেশ্বৰ দেৱচৌধুৰী, অকয়াৰ উপেন্দ্ৰ নাথ দাস, ফ’ৰেষ্ট বিষয়া ভাখু কছাৰী, আচান আলী, ভালুকীৰ তাৰক চন্দ্ৰ দাস, ফটিক ডেকা আদি পাটাছাৰকুছি মাইনৰ স্কুলৰ ছাত্ৰ কৃতী আছিল।

পাটাছাৰকুছিত এমই স্কুল স্থাপন হোৱাৰ কিছুকাল পিছৰে পৰাই এমই স্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ দেৱচৌধুৰীক আশ্ৰয় কৰি সুবিধা হ’লে তেওঁকেই প্ৰধান শিক্ষক কৰি পাটাছাৰকুছিত এখন হাইস্কুল এখন পতাৰ চিন্তা-চৰ্চা চলি আছিল। ১৯২৬ চনত চৌখুটীত বজালী হাইস্কুল স্থাপন হৈ ১৯২৭ চনত ই পাঠশালালৈ স্থানান্তৰ হোৱাৰ পিছত পাটাছাৰকুছি এমই স্কুলৰ ছাত্ৰখিনি দূৰণিৰ স্কুলৰ পৰিৱৰ্তে যাতে একেখন স্কুলতেই পঢ়িব পাৰে তাৰেই চিন্তা কৰি পাটাছাৰকুছিতো হাইস্কুল স্থাপনৰ সপোন এটিয়ে বাৰুকৈয়ে গা কৰিলে।

উল্লেখ্য যে তেতিয়াৰ দিনত পাটাছাৰকুছি এমই স্কুলত শিক্ষা সাং কৰাৰ পিছত বজালী হাইস্কুল, বৰপেটা চৰকাৰী হাইস্কুল অথবা কামৰূপৰ অন্যান্য স্কুলত পঢ়াৰ বাহিৰে আন উপায় নাছিল।

(আগলৈ)