ভাৰতত পপুলিজম আৰু হিন্দুত্ব আন্দোলন ৬


Image Description

১৯৬০ৰ দশক আৰু তাৰ ঠিক পৰৱর্তী সময়ত ইন্দিৰা গান্ধী আৰু চৰণ সিঙে ভাৰতত আৰম্ভ কৰা পপুলিজমত ‘জনতা’ আৰু ‘অভিজাত শ্রেণী’ৰ ব্যাখ্যা পৃথক আছিল যদিও তেওঁলোকে চিনাক্ত কৰা জনতাৰ আৰ্থ-সামাজিক উন্নয়নেই আছিল তাৰ মুখ্য উদ্দেশ্য।

তেওঁলোকে অভিজাত শ্রেণীয়ে নিয়ন্ত্রণ কৰা প্রতিষ্ঠানৰ বিৰুদ্ধে সংগ্রামত অংশ ল’বলৈ জনতাক আহ্বান জনালেও কোনোটো ফৈদতে ধর্ম অথবা জাতিৰ প্রসংগ অনা হোৱা নাছিল; অভিজাত শ্রেণীত যেনেদৰে জাতি-ধর্মনির্বিশেষে সকলো লোকেই আছিল, জনতাৰ মাজতো সেই একেটা চর্তই প্রযোজ্য হৈছিল।

কিন্ত এই দুই পপুলিজমৰ পাছত ভাৰতত যিটো পপুলিজমৰ সূত্রপাত হ’ল তাত ধর্মই এক গুৰুত্বপূর্ণ ভূমিকা ল’বলৈ সাজু হ’ল। পূর্বৰ পপুলিজমত জনতাৰ আর্থ-সামাজিক উন্নয়ন মুখ্য উদ্দেশ্য হোৱাৰ পৰিৱর্তে এই নব্য ধাৰাৰ পপুলিজমত ধর্মাশ্রয়ী এটা ধাৰণা মুখ্য উদ্দেশ্যৰ ৰূপত অৱতীর্ণ হ’ল। এই ধাৰণাটো হৈছে ‘হিন্দুত্ব’।

১৯২০ৰ দশকত বিনায়ক দামোদৰ সাভাৰকৰৰ গ্রন্থ ‘হিন্দুত্ব : হো ইজ এ হিন্দু’ প্রকাশৰ পাছত ‘হিন্দু ৰাষ্ট্রবাদ’ মতাদর্শই গা-কৰি উঠে। উল্লেখযোগ্য যে হিন্দু ৰাষ্ট্রবাদক হিন্দুত্ব আন্দোলন বুলিও জনা যায়। সাভাৰকৰে এই ধাৰণা আগবঢ়ায় যে হিন্দুসকলে এখন ৰাষ্ট্র গঠন কৰে; আৰু, ‘এটা মহান সভ্যতাৰ সর্বজন প্রযোজ্য ঐতিহ্যই হিন্দুসকলক একত্রিত কৰি ৰাখে, সেই ঐতিহ্যই হৈছে আমাৰ সংস্কৃতি।'

(We, Hindus, are all one and a nation, because chiefly of our common blood — Bharati Santati)

সাভাৰকৰে হিন্দু ধর্ম বুজোৱা ‘হিন্দুইজম’ শব্দটো বর্জন কৰিছিল, তেওঁৰ মতে হিন্দুত্বই হৈছে হিন্দু জীৱনশৈলীৰ মূল কথা। তেওঁ কৈছিল, 'যদি বিজাতীয় মূলৰ কিবা শব্দ আছে, তেনেহ’লে সেই শব্দটো হৈছে ‘হিন্দুইজম’, আৰু সেইবাবে আমি অধুনাপ্রচলিত এই শব্দটোৰদ্বাৰা আমাৰ চিন্তা-ভাবনাক বিভ্রান্ত হ’বলৈ দিয়াটো উচিত নহ’ব।'

সাভাৰকৰৰ মতে নিজ মাতৃভূমিৰ প্রতি থকা নিষ্ঠা-ভক্তিয়ে হৈছে হিন্দুৰ সর্বোত্তম পন্থা; যিসকলে হিন্দুস্থানৰ প্রতি নিষ্ঠা-ভক্তি ৰাখে, আৰু ইয়াক নিজৰ পুণ্যভূমি হিচাবে জ্ঞান কৰে, তেওঁলোকেই হিন্দু। এই মতবাদত ইছলাম আৰু খ্রীষ্টধর্মৰ দৰে ভিন্ন ধর্মত দীক্ষিত সংখ্যালঘু ভাৰতীয় লোকসকলে ব্যক্তিগতভাৱে নিজৰ ধৰ্মীয় ৰীতি-নীতি মনাত বাধা নাই, কিন্তু সার্বজনিক ক্ষেত্রত তেওঁলোকে হিন্দু প্রতীকী পৰিচয়ৰ প্রতি আনুগত্য প্রকাশ কৰিব লাগিব।

উল্লেখযোগ্য যে সাভাৰকৰৰ ‘হিন্দুত্ব’ পঢ়ি আৰু পাছত ব্যক্তিগতভাৱে লগ কৰাৰ পাছত তেওঁৰ হিন্দুত্ব মতাদর্শৰদ্বাৰা অত্যন্ত প্রভাৱিত হৈ কেশৱ বলিৰাম হেডগেৱাৰে ১৯২৫ চনত এটা অৰাজনৈতিক সংগঠন হিচাবে ‘ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ’ প্রতিষ্ঠা কৰে। হিন্দু সমাজক সর্বতোপ্রকাৰে শক্তিশালী ৰূপত গঢ়ি তোলাটোৱে ‘ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ’ৰ মুখ্য উদ্দেশ্য বুলি ঘোষণা কৰা হয়।

সময় পাৰ হোৱাৰ লগে লগে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মতাদর্শৰদ্বাৰা অনুপ্রাণিত হৈ অনেক ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ জন্ম হয়, আৰু এই দল-সংগঠনবোৰে নিজকে ‘সংঘ পৰিয়াল’ (সংঘ পৰিৱাৰ) বুলি চিনাকি দিয়ে। নক’লেও হ’ব যে ভাৰতীয় জনতা পার্টি এই সংঘ পৰিয়ালৰ অন্তর্গত এটা ৰাজনৈতিক দল।

এই কথা সহজে অনুমেয় যে ‘হিন্দুত্ব’ৰ প্রেক্ষাপটত পপুলিষ্ট সমীকৰণটো পূর্বতকৈ পৃথক হ’ব, কাৰণ এতিয়া ‘জনতা’ মানে ইন্দিৰা গান্ধীয়ে কোৱা ‘দেশৰ দৰিদ্র জনতা’ (গৰীৱ) অথবা চৰণ সিঙৰ ‘গাঁৱৰ কৃষক শ্রেণী’ নহয়, ইয়াত ‘জনতা’ হৈছে হিন্দুসকল। আৰু, জনতাৰ শত্রু হৈছে পূর্বৰ পপুলিজমৰ ধাৰণাত থকা অভিজাত শ্রেণীৰদ্বাৰা নিয়ন্ত্রিত কোনো আর্থ-সামাজিক প্রতিষ্ঠান নহয়, এই প্রতিষ্ঠান এতিয়া সাংস্কৃতিক অর্থতহে ব্যাখ্যা কৰা হ’ব; ‘ইংৰাজী কোৱা, পশ্চিমীয়া ধ্যান-ধাৰণাৰে প্রভাৱিত-শিপাহীন-অভিজাত শ্রেণীৰদ্বাৰা এই প্রতিষ্ঠান গঠিত, যি প্রতিষ্ঠানে ৰাষ্ট্রৰ প্রকৃত হিন্দু পৰিচয়ৰ বিনিময়ত ধর্ম-নিৰপেক্ষতাক সুৰক্ষা দিবলৈ যত্নপৰ হয়।'

অন্য সোঁপন্থী পপুলিজমৰ দৰে এই মতাদর্শৰ পপুলিজমে এই অভিযোগ আনে যে স্বাধীনতাৰ পাছত সুদীর্ঘ কালৰ বাবে দেশখনক শাসন কৰা কংগ্রেছ চৰকাৰে সংখ্যালঘু মুছলিম জনতাক তুষ্টি কৰি আহিছে। কিন্তু নতুন ধাৰাৰ এইবিধ ভাৰতীয় পপুলিজমো যে তুষ্টিকৰণ দোষৰপৰা মুক্ত নহয়, তাৰ প্রমাণ নথকা নহয়। প্রথম অৱস্থাত এনে পপুলিজমে হিন্দুসকলৰ মাজত থকা বিভিন্ন উচ্চ-নীচৰ জাতিভেদ প্রথাক গুৰুত্ব দিব বিচৰা নাছিল যদিও পাছলৈ ৰাজনৈতিক স্বার্থ পূৰণ কৰাৰ অর্থে সমাজৰ অৱহেলিত শ্রেণীভুক্ত জাতিৰ হিন্দু জনতাক তুষ্টি কৰিবলৈ ই বাধ্য হয়।

সি যি হওক, হিন্দুত্ব পপুলিজমৰ দ্বাৰা পৰিপুষ্টি লাভ কৰা ৰাজনৈতিক দল ‘ভাৰতীয় জনতা পার্টি’ৰ উত্থান মন কৰিবলগীয়া। ভাৰতীয় জনতা পার্টিৰ মূল হৈছে ১৯৫১ চনত স্থাপিত ‘ভাৰতীয় জন সংঘ’ নামৰ এটা ৰাজনৈতিক দল।

ইন্দিৰা গান্ধীৰ শাসনকালত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পাছত ১৯৭৭ চনত যেতিয়া প্রায় সকলো অ-কংগ্রেছী দল লগ হৈ জনতা পার্টি গঠন কৰিছিল, জন সংঘ দলেও জনতা পার্টিৰ সৈতে চামিল হৈ ১৯৭৭ চনৰ লোকসভা নির্বাচনত অংশ লৈছিল। সেই নির্বাচনত জয়লাভ কৰি জনতা পার্টিয়ে কেন্দ্রত চৰকাৰ গঠন কৰিলেও মাথোঁ তিনিবছৰ ক্ষমতাত থকাৰ পাছত ১৯৮০ চনত জনতা চৰকাৰৰ পতন হয় আৰু ১৯৮০ চনৰ নির্বাচনত দলটো শোচনীয় পৰাজয়ৰ সম্মুখীন হ’বলগীয়া হয়।

নির্বাচনত পৰাজয়ৰ পাছত অনুষ্ঠিত জনতা পার্টিৰ ৰাষ্ট্রীয় কার্য্যনির্বাহক সভাই এটা সিদ্ধান্ত গ্রহণ কৰে যে জনতা পার্টিৰ কোনো সদস্যই একে সময়তে পার্টি আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সদস্য হ’ব নোৱাৰিব। এই সিদ্ধান্ত গ্রহণৰ পাছতে ১৯৮০ চনৰ এপ্রিল মাহত পূর্বৰ ভাৰতীয় জন সংঘ দলৰ সদস্যসকল জনতা পার্টিৰপৰা ওলাই আহি অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি প্রতিষ্ঠা কৰে। অৱশ্যে বাজপেয়ীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টিয়ে তাৰ পূর্বৰ দল জন সংঘৰ হিন্দু ৰাষ্ট্রবাদৰ ধাৰণাটো শিথিল কৰি গান্ধীবাদী সমাজবাদক ইয়াৰ মতাদর্শত অন্তর্ভুক্ত কৰে।

কিন্তু দলৰ এই মতাদর্শই বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সমর্থ নহয়। উল্লেখযোগ্য যে আততায়ীৰ হাতত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত অনুষ্ঠিত ১৯৮৪ চনৰ লোক সভা নির্বাচনত ভাৰতীয় জনতা দলে মাথোঁ দুখন আসনতহে বিজয় সাব্যস্ত কৰে।

অটল বিহাৰী বাজপেয়ীৰ শিথিল হিন্দুত্ববাদী ৰাজনৈতিক কৌশলে বিশেষ সুবিধা কৰিব নোৱৰা দেখি দলে এইবাৰ পূর্বৰ হিন্দু ৰাষ্ট্রবাদৰ কঠোৰ মতাদর্শ গ্রহণৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত দলৰ নৱনির্বাচিত সভাপতি লালকৃষ্ণ আদৱানিয়ে ৰাম জনমভূমি আন্দোলনক বিশেষ গুৰুত্ব প্রদান কৰি তাক আগুৱাই নিয়াৰ দায়িত্ব গ্রহণ কৰে। এই আন্দোলনৰ পৰৱৰ্তী সময়ত ১৯৯২ চনত একাংশ আন্দোলনৰ সমর্থনকাৰীয়ে বাবৰি মছজিদ ধ্বংস কৰাৰ পাছত ভাৰতৰ জনতা দেখ দেখকৈ দুটা ভাগত বিভক্ত হয়; এটা ভাগত থাকে হিদু ৰাষ্ট্রবাদৰ উগ্র সমর্থকসকল আৰু আনটো ভাগত থাকে হিন্দু ৰাষ্ট্রবাদবিৰোধী ধর্মীয় সংখ্যালঘুৰ লগতে ভাৰতীয় সংবিধানৰ ধর্ম-নিৰপেক্ষ (ছেকুলাৰ) নীতিক সমর্থন কৰা জাতি-ধর্ম নির্বিশেষে সকলোবিধৰ জনতা।

এই বিভাজনেই আছিল হিন্দুত্বক মুখ্য উদ্দেশ্য হিচাবে লৈ সৃষ্টি হোৱা ভাৰতৰ শেহতীয়া পপুলিজমৰ আনুষ্ঠানিক আৰম্ভণি আৰু অনাগত দিনত এই পপুলিজমৰ আশীর্বাদতে ভাৰতৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল হিচাবে ভাৰতীয় জনতা পার্টিৰ উত্থান সম্ভৱ হৈ উঠে। ভাৰতীয় জনতা পার্টিয়ে লোক সভাৰ নির্বাচনত লাভ কৰা আসনৰ তথ্যই দলটোৰ উত্থানৰ এখন ছবি নিশ্চয় দাঙি ধৰিব পাৰিব।

বছৰ (আসন) ১৯৮৪ (২), ১৯৮৯ (৮৫), ১৯৯১ (১২০), ১৯৯৬ (১৬১), ১৯৯৮ (১৮২), ১৯৯৯ (১৮২), ২০০৪ (১৩৮), ২০০৯ (১১৬), ২০১৪ ( ২৮২) ২০১৯ (৩০৩) ।

ওপৰৰ তথ্যত বিজেপিৰ উত্থানৰ লগতে আৰু এটা গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট হৈ আছে। ২০১৪ চনৰ লোক সভা নির্বাচনৰ আগতে ১৯৯৮ আৰু ১৯৯৯ চনত ভাৰতীয় জনতা পার্টিয়ে অন্য সম-মনোভাৱাপন্ন ৰাজনৈতিক দলৰ সৈতে লগ হৈ কেন্দ্রত ‘নেশ্বনেল ডেমক্রেটিক এলায়েন্স’ৰ চৰকাৰ গঠন কৰিলেও সেই সময়ত হিন্দুত্ব পপুলিজমে পূর্ণ ৰূপ লাভ কৰিবলৈ সমর্থ হোৱা নাছিল।

জোঁটবন্ধনৰ অন্য দলৰ সন্মতিৰ অভাৱৰ লগতে সেই সময়ত দলটোৰ নেতৃত্ব বহন কৰা অটল বিহাৰী বাজপেয়ীকে আদি কৰি অনেকেই এই মতবাদৰ উগ্র সমর্থক নোহোৱাটোও ইয়াৰ অন্যতম এটা কাৰণ হ’ব পাৰে। ২০০৪ আৰ ২০০৯ চনৰ লোক সভা নির্বাচনত ভাৰতীয় জনতা পার্টিৰ আসনৰ সংখ্যা নিম্নগামী হোৱাটোও এই ক্ষেত্রত এটা মন কৰিবলগীয়া কথা।

ইয়াৰ পাছৰ পর্য্যায়ত হিন্দুত্বকেন্দ্রিক পপুলিজমক পূর্ণৰূপ দিবৰ কাৰণে জনতা, অভিজাত শ্রেণী, প্রতিষ্ঠান বিৰোধী আন্দোলনৰ লগতে পপুলিজমৰ উপৰঞ্চি উপাদানৰ যোগান ধৰিবলৈ ইয়াৰ মুখ্য পৃষ্ঠপোষকসকল যত্নপৰ হয়। তাৰ ভিতৰত মুখ্য হৈছে জনতাক আকর্ষণ কৰিব পৰা গুণৰ এজন নেতা, যি জনতাৰ আশা-আকাংক্ষাক নিজেই ব্যাখ্যা কৰি নিজে তাক পূর্ণ কৰিব বুলি জনতাক আশ্বস্ত কৰিব পাৰে।

উল্লেখনীয় যে আমেৰিকাৰ টেক্সাছ ইউনিভাৰছিটিৰ 'চৰকাৰ' বিষয়ৰ অধ্যাপক কুর্ট ৱেইলেণ্ডে আগবঢ়োৱা এটা সংজ্ঞাত পপুলিষ্ট দল বা পপুলিষ্ট সামাজিক আন্দোলনৰ ঠাইত নেতাজনৰ সন্মোহনৰ ওপৰতে অধিক গুৰুত্ব প্রদান কৰা হৈছে।

চিলিৰ ৰাজনীতি বিজ্ঞানী পিয়েৰি অষ্টিগায়ে পপুলিজম সম্পর্কে আগবঢ়োৱা ধাৰণাত এই কথাও কোৱা হৈছে যে পপুলিষ্ট নেতাই জনতাই ভাল পোৱা ধৰণে আচৰণ কৰে আৰু কথা কয়, আৰু শক্তিশালী ব্যক্তিবাদী নেতৃত্বত জোৰ দিয়ে।

পপুলিজমৰ অনুকূলে থকা এই সকলো গুণেৰে বিভূষিত গুজৰাটৰ মুখ্য মন্ত্রী শ্রীযুত নৰেন্দ্র দামোদৰদাস মোডীয়ে ২০১৪ চনৰ লোক সভা নির্বাচনৰ আগে আগে ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্রীয় পর্য্যায়ৰ মুখ্য নেতাৰ ৰূপত ভাৰতৰ ৰাজনৈতিক মঞ্চত উপস্থিত হয়।

ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰা দল আৰু আনুষ্ঠানিক শক্তিক একাষৰীয়া কৰি ভাৰতীয় জনতা পার্টিয়ে ব্যক্তিবাদী ধাৰাক গ্রহণ কৰে আৰু নিৰ্বাচনৰ পূর্বে ‘এইবাৰ মোডী চৰকাৰ’কে ধৰি মোডীৰ নাম জড়িত হৈ থকা অনেক শ্ল'গানৰ সৃষ্টি কৰে।

পপুলিজমৰ এই সকলো কৌশল অথলে নাযায়, আৰু সেই নির্বাচনত ভাৰতীয় জনতা পার্টিয়ে ২৮২খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাবে পৰিগণিত হৈ ভাৰতত হিন্দুত্ব পপুলিজমৰ বিজয়গাঁথা ৰচনা কৰে।

নৰেন্দ্র মোদীৰ নেতৃত্বতে ২০১৯ চনৰ লোকসভা নির্বাচনত ভাৰতীয় জনতা পার্টিৰ আসনৰ সংখ্যা হয় ৩০৩ খন। সাম্প্রতিক সময়ৰ ভাৰতৰ ৰাজনীতিত হিন্দুত্ব পপুলিজমৰ শক্তি তথা সামর্থ্যত দেশে-বিদেশে কাৰো সন্দেহ নাথাকিল।।