ৰাজনীতিত ধৰ্মৰ সৰ্বাত্মক প্ৰভাৱ


Image Description

ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ সংজ্ঞা এটা দিয়াটো অতিশয় কঠিন৷ আমাৰ নিচিনা দেশবোৰত, য’ত সৰহভাগ মানুহেই নিজৰ অধিকাৰ সম্পৰ্কে তাকৰীয়াকৈ হ’লেও সচেতন নহয়, ৰাজনীতি আৰু ধৰ্ম একাকাৰ হৈ গৈছে– বিশেষকৈ ভোটৰ যুদ্ধত৷ এটা সময় আছিল যেতিয়া ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কৰা হৈছিল অৰ্থনীতিক, মানুহৰ অভাৱ-অনাটন, উন্নয়নৰ হেঙাৰবোৰ, নিয়োগ আৰু বিনিয়োগৰ সাসুবিধাবোৰৰ দৰে অৰ্থনৈতিক কথাবোৰে ৰাজনীতিৰ দিক নিৰ্ণয় কৰিছিল৷ এনে এক অৱস্থাৰ দ্ৰুত পৰিবৰ্তন হ’ল আৰু অৰ্থনৈতিক কথাবোৰক পিচলৈ থেলি ধৰ্ম আৰু জাতপাতৰ বিষয়বোৰ আগুৱাই আহিল৷ বিশেষকৈ যোৱা প্ৰায় এটা দশক ধৰি আমাৰ দেশৰ ৰাজনীতিৰ ধৱজাবাহক হিচাবে কাম কৰিছে হিন্দু-মুছলমানৰ ধৰ্মীয় চিন্তাধাৰাই– যি কেতিয়াও উন্মাদনাৰ পৰ্য্যায়লৈ অৰ্ধনমিত হৈছে৷

প্ৰখ্যাত ইতিহাস চিন্তাবিদ ৰমিলা থাপাৰে স্বীকাৰ কৰিছিল যে ভাৰতবৰ্ষত ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্ক অতিশয় জটিল আৰু এই সম্পৰ্কটোৰ কোনো সহজ ব্যাখ্যা নাই৷ যদিও ধৰ্ম বুলিলে আমি আটাইয়ে এক প্ৰকাৰৰ ব্যক্তিগত অধিকাৰৰ কথা বুজো– নিজ নিজ বিশ্বাসৰ সৈতে যাৰ গভীৰ সম্পৰ্ক– এতিয়া ধৰ্ম ব্যক্তিগত ধ্যানধাৰণা, অভ্যাসৰ বিষয় হৈ থকা নাই৷ ৰাজনীতিয়ে ইয়াক এক অনন্য আৰু সুকীয়া মাত্ৰা প্ৰদান কৰিছে। ধৰ্মীয় বিশ্বাস আৰু আচৰণবোৰ এতিয়া সমজুৱা হৈ পৰিছে আৰু একে ধৰ্মীয় মানুহ বিলাকৰ বাবে ৰাজহুৱা পূজা বা প্ৰাৰ্থনা স্থলী নিৰ্মাণ কৰি ধৰ্মৰ ভিত্তিত মানুহক সংগঠিত কৰি ৰাজনীতি কৰিব খোজাঁ হৈছে৷ যোৱা কেইবছৰত মঠ-মন্দিৰ, মছজিদবোৰ দ্ৰুতগতিৰে ৰাজনৈতিক আখৰাথলীলৈ ৰূপান্তৰিত হৈছে৷

এটা কথা স্বীকাৰ কৰিব লাগিব যে ধৰ্মক সমাজৰ পৰা পৃথক কৰাটো সম্ভৱ নহয় আৰু সেইবাবে ৰাজনীতিও ধৰ্মৰ পৰা আতৰি থাকিব নোৱাৰে৷ কোনো ৰাজনৈকি দলেই সেইবাবে ধৰ্মক একাষৰীয়া কৰি থৈ ৰজনীতি কৰিব নোৱাৰে। কিন্তু এনে কৰোঁতে প্ৰতিটো ধৰ্মতে থকা ভাল কথাখিনি এৰি ধৰ্মক এক মন্ত্ৰ হিচাবে ব্যৱহাৰ কৰা আৰু ধৰ্মক বিভাজনৰ ৰাজনীতিৰ মূল সমল হিচাবে ব্যৱহাৰ কৰাটো কিমানদূৰ উচিত সেইকথাৰ বহল আলোচনাৰ প্ৰয়োজন হৈছে৷ সকলো ধৰ্মৰে সাৰ কথাখিনি হ’ল এক সৎ জীৱন যাপন কৰা, আনৰ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰা, দুৰ্নীতি আদি অধৰ্মৰ পৰা আঁতৰি থাকি দেশ আৰু দহৰ সেৱা কৰা, স্ত্ৰীশক্তি আৰু প্ৰকৃতিৰ বিৰুদ্ধে কোনো অন্যায়ত লিপ্ত নোহোৱা, ইত্যাদি৷ আচৰিত কথা যে যি সময়ত আমাৰ ভাৰত বৰিষত ধৰ্ম ৰাজনীৰি মূল সোপান হৈ পৰিছে, সেই সময়ত আমাৰ ৰাজনৈতিক নেতাসকলৰ কাম-কাজ, আচাৰ-ব্যৱহাৰত ধৰ্মৰ শিক্ষাবিলাক মুঠেই প্ৰতিফলিত হোৱা নাই৷ বৰঞ্চত ওলোটাটোহে আমি দেখিবলৈ পাইছো৷ যিবোৰ কথাৰ বাবে আমাৰ ককা-আজুককাই ‘তই ৰৌ ৰৌ নৰকত মৰিবি’ বুলি শাওপাত দিলেহেঁতেন, সেইবোৰ কথা আমি এতিয়া সহজভাৱে লৈছো আৰু তেনেধৰণৰ কাৰ্য্যত লিপ্ত হৈ নিজৰ সামাজিক-ৰাজনৈতিক প্ৰতিপত্তি বঢ়োৱা অথবা বৈষয়িক ভাবে নিজকে সক্ষম বুলি প্ৰমান কৰি অগাধ সম্পত্তিৰ মালিক হোৱা জনৰ ওচৰলৈ ঢাপলি মেলিছো বিবিধ সাসুবিধাৰ আশাত। এইবোৰ কথা ধৰ্মীয় চিন্তা-চেতনাৰ লগত সামঞ্জস্য নোহোৱা কথা৷

কেতিয়াবা ভাব হয় ধৰ্মৰ আজিৰ সংজ্ঞা যেন সম্পূৰ্ণ বেলেগ হৈ গৈছে৷ এইকথাও ক’ব নোৱাৰি যে সকলো ধৰ্মৰে অন্তৰ্ভাগত বিমূৰ্তভাৱে সযতনে ধৰি ৰখা সংৰক্ষণশীলতা বাঢ়িছে৷ আচলতে সংৰক্ষণশীলতাৰ প্ৰাচীৰবোৰ আতৰি গৈছে৷ কিন্তু ৰাজনীতিৰ পথাৰখনত কৃত্ৰিম এক সংৰক্ষণশীলতা গঢ়ি উঠিছে৷ কথাটো এনেকুৱা– হিন্দুৱে মুছলমানৰ ঘৰত ভাত এসাজ খোৱা অথবা মুছলমানে হিন্দুৰ সৰস্বতী পূঁজাত অংশ গ্ৰহণ কৰাত এতিয়া কোনো হকাবাধা নাই, কিন্তু তেওঁ হিন্দু বা মুছলমান, সেইবাবে তেওঁক ভোট দিবা বা নিদিবা– এনে এক ৰাজনৈতিক সংৰক্ষণশীতা গঢ়িবলৈ বিচৰা হৈছে আৰু আমি তাকেই ধৰ্ম বুলি গ্ৰহণ কৰিছোঁ৷

ধৰ্ম বুলিলে আমি কিছুমান বিশ্বাস আৰু অভ্যাসৰ এক সমষ্টি বুলি সাধাৰণতে জানো, ধৰ্মীয় আচৰণ বুলিলে পৰোপকাৰৰ কথা স্বাভাৱিকতে মনলৈ আহে, আৰ্তজনক সহায় কাৰ, গছ-গছনি, পশু-পক্ষীৰ প্ৰতি দয়াৰ আচৰণ, এক নিৰ্ভেজান, সৎ জীৱন ধাৰণৰ মৌলিক ধাৰণা ধৰ্মই আনি দিয়ে৷ এতিয়া ৰাজনৈতিক ধৰ্মপ্ৰচাৰক সকলৰ হাতত আটাইবোৰ কথা ওলটপালট হৈ গৈছে৷

এইবোৰ কথা গভীৰভাৱে আলোচনা কৰাৰ প্ৰয়োজন হৈছে৷ ধৰ্মক কেৱল ভোট আহৰণৰ সঁজুলি হ’বলৈ দিয়া উচিত নহয়৷ জাতীয় চিন্তা আৰু জাতীয়তাবাদৰ ধ্যান ধাৰণাৰ পৰাও ধৰ্মৰ বিচ্ছেদ কৰাটো সম্ভৱ নহয়৷ আমাৰ, বিশেষকৈ অসমৰ জনসাধাৰণৰ জাতীয় চেতনাৰ সৈতে ধৰ্মৰ এক নিবীড় সম্পৰ্ক আছে৷ এই সম্পৰ্কৰ অধিক বিশ্লেষণ আৰু প্ৰয়োগীকৰণৰ কৌশল উদ্ভাৱনৰ বিষয়টোৱে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ৰাজনীতি সামাজিক ব্যৱস্থাটোৰ সৈতে জড়িত আৰু সামাজিক কথাবোৰ নিয়ন্ত্ৰণ কৰে ধৰ্মই৷ সেইবাবে ধৰ্মক জাতীয়তাবাদী ৰাজনীতিৰ লগত কেনেকৈ সাঙোৰা হয়– এই কথাটোৱে আমাৰ আটাইৰে দৃষ্টি আকৰ্ষণ কৰা উচিত৷