নতুন পোহৰত নৱবৈষ্ণৱ ধৰ্ম


Image Description

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মত সকলো প্ৰাণীৰে প্ৰতি এক গভীৰ সহানুভূতিশীলতা দেখা যায়। এই কথা সৰ্বজনবিদিত। ‘কুকুৰ, শৃগাল, গদৰ্ভ’ প্ৰভৃতি সকলো জীৱকে সমান চকুৰে চোৱা, সকলোকে ঈশ্বৰৰ অংশ বুলি গণ্য কৰি সেৱাৰ মনোভাৱ গ্ৰহণ কৰাটো এই ধৰ্মৰ প্ৰধান নীতিবোৰৰ মাজত এটা।

দেৱ-দেৱীৰ উপাসনাৰ নামত চলা বলি-বিধান বন্ধ কৰা, মাংস ভক্ষণৰ অৰ্থে প্ৰাণী হত্যা নিষিদ্ধ কৰা ইত্যাদিৰ মাজেৰে নৱবৈষ্ণৱ ধৰ্মৰ এই সহানুভূতিশীলতা অতি শক্তিশালী ৰূপত প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'নিমিনৱসিদ্ধ সংবাদ' পুথিত স্পষ্টভাৱে কোৱা হৈছে:

'নমাৰিবে পশুক এৰিবে মাংস আশা।
দেৱক উদ্দেশি পশু নকৰিবে হিংসা।।'

শংকৰদেৱৰ পাছত মাধৱদেৱ, অনিৰুদ্ধদেৱকে আদি কৰি তেওঁৰ শিষ্য-অনুগামীসকলৰ ৰচনা, চিন্তা-ধাৰণাত এই সহানুভূতিশীলতাই যথেষ্ট প্ৰাধান্য পাইছে। মন কৰিবলগীয়া যে শংকৰ-মাধৱৰ যি প্ৰথম মুখা-মুখি বা মণি-কাঞ্চন সংযোগৰ ঘটনা, সিও প্ৰাণী-হিংসাৰ প্ৰসংগক কেন্দ্ৰ কৰিয়েই ঘটিছিল। চৰিত পুথিসমূহত উল্লেখ আছে যে মাধৱদেৱে মাতৃৰ অসুখৰ সময়ত দেৱীলৈ বুলি পঠা ছাগলী দুটা আগ কৰি থৈছিল। দুৰ্গা পূজাৰ সময়ত মাধৱে ভিনিহীয়েক ৰামদাসক দুটা বগা ছাগলী কিনিবলৈ ধন দিছিল। কিন্তু ৰামদাসে ছাগলী কিনিবলৈ গৈও শংকৰদেৱৰ হাক-বচন শুনি ছাগলী নিকিনি উভতি আহে ("শংকৰৰ বাক্যে নিকিনিলো ছাগলক"), আৰু এই কথাৰ আঁত ধৰিয়েই দুয়োজনা মহাপুৰুষৰ মুখামুখি ঘটে।

চৰিত পুথিসমূহত পোৱা যায় যে শংকৰ-মাধৱৰ এই তৰ্কত মাধৱদেৱে বেদৰ দোহাই দি বলি-বিধানৰ সপক্ষে যুক্তি আগবঢ়াইছিল, আৰু শংকৰদেৱে গীতা, ভাগৱত-পুৰাণ আদিৰ পৰা প্ৰাণী হত্যা আৰু বলি-বিধানৰ বিৰুদ্ধে উদ্ধৃতি দি মাধৱদেৱৰ যুক্তি খণ্ডন কৰিছিল। এইদৰে তিনি পৰ জুৰি চলা তৰ্কৰ অন্তত মাধৱদেৱে যুক্তিত হাৰ মানি শ্ৰীশংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।

চৰিত পুথিসমূহে এই ঘটনাটোক প্ৰদান কৰা গুৰুত্বৰ পৰা নৱবৈষ্ণৱ ধৰ্মত এনে অহিংস নীতিৰ গুৰুত্বও স্পষ্ট হৈ উঠে। শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ এই অধ্যায়ত এহাতে একশৰণ নাম-ধৰ্মৰ মাহাত্ম্য প্ৰকাশ পাইছে, আৰু আনহাতে এই ধৰ্মই সকলো প্ৰাণীৰ প্ৰতি পোষণ কৰা সহানুভূতিশীল মনোভাৱৰ কথাও স্পষ্টকৈ ফুটি উঠিছে। এফালৰ পৰা চাবলৈ গ’লে মাধৱদেৱে শংকৰদেৱৰ আগত পৰাজয় বৰণ কৰি বলি-বিধানৰ পন্থা এৰি ভগৱৎ-প্ৰেমৰ পন্থা গ্ৰহণ কৰা ঘটনাটোৱে অহিংস নীতিৰ আগত প্ৰাণী হিংসাই পৰাজয় বৰণ কৰাৰ এক সুন্দৰ দৃষ্টান্ত দাঙি ধৰে।

চেতন-জীৱৰ প্ৰতি এনে সহানুভূতিশীলতা কেৱল নৱবৈষ্ণৱ ধৰ্মৰেই নহয়, পৃথিৱীৰ প্ৰায়বোৰ মুখ্য ধৰ্মৰেই এক প্ৰধান বৈশিষ্ট্য। এনে অহিংস নীতিক সাৰোগত কৰিয়েই অতীজত গ্ৰীছ দেশৰ বহুতো লোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল বুলি উল্লেখ পোৱা যায়। ভাৰতৰ জৈন ধৰ্মাৱলম্বী লোকসকলৰ নিৰামিষ আহাৰৰ আঁৰতো এই অহিংস নীতিয়েই ক্ৰিয়া কৰে। একেদৰে বৌদ্ধ, হিন্দু আদি ধৰ্মতো এই নীতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

অৱশ্যে প্ৰাণী হিংসাৰ ক্ষেত্ৰত হিন্দু ধৰ্মশাস্ত্ৰসমূহত কেতবোৰ বৈপৰীত্য দেখা যায়। বেদ, মনু-সংহিতাকে আদি কৰি বহুতো ধৰ্মশাস্ত্ৰই বিভিন্ন ধৰণে বলি-বিধানাদি প্ৰথাৰ সমৰ্থন কৰাৰ বিপৰীতে গীতা, ভাগৱত পুৰাণ আদিয়ে প্ৰাণী হিংসা নকৰিবলৈ আৰু সকলো জীৱাত্মাকে পৰমাত্মাৰ অংশ হিচাবে চাবলৈ কয়। ভাগৱত পুৰাণৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত অসমৰ মহাপুৰুষীয়া ধৰ্মতো এই অহিংস নীতিৰ স্পষ্ট প্ৰকাশ ঘটিছে।

বলি-বিধান নিষিদ্ধ কৰি শংকৰদেৱে কেৱল ঈশ্বৰ উপাসনাৰ এক নতুন বাটেই মুকলি কৰা নাছিল, লগতে তেওঁ সাম্প্ৰতিক সমাজত এক বলিষ্ঠ নৈতিক দৃষ্টিভংগীৰো প্ৰৱৰ্তন কৰিছিল, যি মানুহৰ লগতে অন্যান্য জীৱকো সহানুভূতিৰ গণ্ডীৰ ভিতৰত সামৰি লৈছিল। তাৰোপৰি এই ধৰ্মই মানুহক মাথোঁ অন্য প্ৰাণীৰ শাৰীৰিক অনিষ্ট সাধনৰ পৰা বিৰত থকাই নহয়, লগতে কোনো জীৱৰ প্ৰতি মনেৰেও হিংসা আচৰণ নকৰিবলৈ কয়।

যি ভক্তই সকলো প্ৰাণীকে ঈশ্বৰবোধ কৰি শাৰীৰিক, মানসিক সকলো ধৰণৰ হিংসাৰ পৰা বিৰত থাকে, তেওঁকহে শংকৰদেৱে ‘উত্তম ভকত’ বুলি কৈছে:

'সমস্তৰে এক আত্মা মানয় মনত।
সেহিজনে জানিবা উত্তম ভাগৱত।।'

(নিমিনৱসিদ্ধ সংবাদ)

'সমস্ত প্ৰাণীক দেখে ঈশ্বৰ কৃষত।
হৰিকো দেখয় যিটো প্ৰাণী সমস্তত।।'
...উত্তম ভকত এহি জানিবা নিশ্চয়।।

(ভক্তি-ৰত্নাকৰ)

শক্তিপূজাৰ পীঠস্থান কামৰূপ তথা অসমত সেই সময়ত এনে এক সৰ্বাংগীন অহিংসাৰ বাণী আছিল তেনেই নতুন কথা।

সাম্প্ৰতিক সময়ত বিদ্যায়তনিক ক্ষেত্ৰখনত মানুহৰ বৌদ্ধিক, সাংস্কৃতিক চিন্তা-ধাৰণাত অন্য জীৱ-জন্তুৰ স্থান, উপস্থাপন আদিৰ বিষয়ে আলোচনা কৰা 'animal studies ’ বিষয়টোৱে এক অভূতপূৰ্ব গুৰুত্ব লাভ কৰিছে। দৰ্শন আৰু ধৰ্মতত্ত্বতো খ্ৰীষ্টান, বৌদ্ধ, ইছলাম আদি ধৰ্মসমূহে জীৱ-জন্তুৰ প্ৰতি কেনে ধৰণৰ দৃষ্টিভংগী পোষণ কৰি আহিছে, বা তাৰ বিবিধ ধৰ্মগ্ৰন্থত পশু-পক্ষী আদিক কিদৰে উপস্থাপন কৰা হৈছে, এনেবোৰ প্ৰশ্ন লৈ যথেষ্ট গৱেষণা হ’ব ধৰিছে।

হিন্দু ধৰ্ম সম্পৰ্কেও এনে কেতবোৰ গৱেষণা দেখা পোৱা গৈছে। জীৱ-নীতিশাস্ত্ৰৰ (বা 'animal ethics'ৰ) দৃষ্টিভংগীৰে কৰা এনে অধ্যয়নবোৰে জীৱ-জন্তুৰ নৈতিক স্বাৰ্থকে মূল বিষয়বস্তু হিচাবে লৈ দৰ্শন, ধৰ্মতত্ত্ব, সাহিত্য-সমালোচনা আদি বিষয়বোৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

এই ক্ষেত্ৰত নৱবৈষ্ণৱ ধৰ্মত জীৱ-জন্তুৰ স্থান সম্পৰ্কে বিতং অধ্যয়ন কৰাৰ যথেষ্ট থল আছে। আমাৰ নিজৰ সীমিত অধ্যয়নৰ পৰা অনুভৱ কৰিছোঁ যে জীৱ-নীতিশাস্ত্ৰ আৰু জীৱ-ধৰ্মতত্ত্বৰ ('animal theology'ৰ) দৃষ্টিৰে চাবলৈ গ’লে নৱবৈষ্ণৱ ধৰ্মত সকলো প্ৰাণীৰ প্ৰতি যি নৈতিকতাবোধ আৰু সহমৰ্মিতাবোধ দেখা যায়, সি পৃথিৱীৰ ধৰ্মসমূহৰ মাজতে অনন্য।

আজি মানুহৰ বিভিন্ন কাম-কাজৰ ফল স্বৰূপে বিশ্বৰ সমগ্ৰ জীৱকুল গভীৰ সংকটলৈ আগবাঢ়ি যোৱাৰ সময়ত নৱবৈষ্ণৱ ধৰ্মৰ এই শিক্ষাসমূহৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। সেয়েহে এতিয়া এই ধৰ্মকো এনে শেহতীয়া তত্ত্বসমূহৰ পোহৰত চালি-জাৰি চোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। আমাৰ বিশ্বাস যে নৱবৈষ্ণৱ ধৰ্মৰ যথোচিত বিশ্লেষণে উপৰোক্ত অধ্যয়নৰ ক্ষেত্ৰসমূহলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।