মোডী চৰকাৰ: অচ্ছে দিন'ৰ প্ৰতিশ্ৰুতি আৰু পালন


Image Description

আজিৰ পৰা ৯ বছৰৰ আগতে ২০১৪ বৰ্ষৰ এটি ক্ষণত বিজেপি দলক দেশৰ জনতাই শাসনভাৰৰ দায়িত্ব সঁপিছিল। আৰু সেই শাসনভাৰৰ বাঘজৰী হাতত লৈ প্ৰধান মন্ত্ৰীৰ আসন শুৱনি কৰিছিল এগৰাকী চতুৰ ব্যাৱসায়িক দৃষ্টিভংগীসম্পন্ন ব্যক্তি শ্ৰীনৰেন্দ্ৰ মোডী ডাঙৰীয়াই।

শাসনভাৰলৈ আহিয়েই তেখেতে (অহাৰ পূৰ্বতেও) দেশৰ জনগণক 'অচ্ছে দিন'ৰ সপোন দেখুৱাবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰ শাৰীলৈ উন্নীত কৰাৰ ক্ষেত্ৰত মোডীয়ে দি গৈছিল এটাৰ পিছত এটাকৈ জনকল্যাণকামী প্ৰতিশ্ৰুতি।

অবৈধ নাগৰিকে টালি-টোপোলা বান্ধি ভাৰত ত্যাগৰ প্ৰতিশ্ৰুতি, দৰিদ্ৰতামুক্ত ৰাষ্ট্ৰ গঢ়াৰ প্ৰতিশ্ৰুতি, দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ নাগৰিকৰ বাবে পকীঘৰৰ প্ৰতিশ্ৰুতি, নতুন ভাৰতৰ প্ৰতিশ্ৰুতি, ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশৰ প্ৰতিশ্ৰুতি আৰু কত কি!

পাচে প্ৰকৃতাৰ্থত এই ৯টা বছৰে দেশৰ অৱস্থা আৰু মোদী চৰকাৰৰ প্ৰতিশ্ৰুতিৰ মাজৰ পাৰ্থক্যখিনি ৰাইজে নিশ্চয় বুজি নোপোৱাকৈ থকা নাই।

যোৱা ৩১ তাৰিখে সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে দুয়োখন সদনৰে যুটীয়া বৈঠকত ভাষণ দিয়ে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাষণ প্ৰসংগত তেখেতে মোদী চৰকাৰৰ এই ৯ বছৰীয়া যাত্ৰাকালৰ সফলতাৰ (?) বিৱৰণ দাঙি ধৰি প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰু লগতে এয়াও উল্লেখ কৰে যে অহা ২০৪৭ চনৰ ভিতৰত মোদী চৰকাৰে ভাৰতক দৰিদ্ৰমুক্ত কৰিব।

অৰ্থাৎ ২০১৪ বৰ্ষৰে পৰা মোদী চৰকাৰে বোৱাই অহা প্ৰতিশ্ৰুতিৰ বন্যাই সাকাৰৰূপ পাবলৈ এতিয়া আৰু অনাগত ২৫টা বছৰলৈ অপেক্ষা কৰিব লাগিব! তাৰমানে বিগত ৯টা বছৰে মোডী চৰকাৰে নতুন ভাৰত গঢ়াৰ সপক্ষে দি অহা প্ৰতিশ্ৰুতিসমূহ কেৱল ৰাইজৰ বাবে মোহিনীবাণহে আছিল নেকি!

নিয়মানুসৰি ২০১৪ ৰ পৰা ২০১৯, অৰ্থাৎ এই পাঁচোটা বছৰতে দেশৰ ৰাইজে 'অচ্ছে দিন' দেখি পাব লাগিছিল।অবৈধ নাগৰিকৰ সমস্যা, দৰিদ্ৰতা নিৰ্মূলকৰণ, দেশৰ সবল অৰ্থনীতি নিৰ্মাণ ইত্যাদিৰ আংশিক সফলতাকে অন্ততঃ দেশৰ ৰাইজে প্ৰত্যক্ষ কৰিব লাগিছিল। পাচে ২০১৯ বাদেই, ২০১৭ বৰ্ষতে মোডী চৰকাৰে 'অচ্ছে দিন'ৰ শ্লোগান পাহৰাই ৰাইজৰ মাজলৈ টানি আনিছিল 'নৱ ভাৰত নিৰ্মাণ ২০২২'ৰ দৰে অন্য এটি কৌতুকপূৰ্ণ সপোন, য’ত কৃষকৰ আয় দুগুণ, দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ ইত্যাদি কথাৰে ৰাইজক মোহাৱিষ্ট কৰাৰ প্ৰয়াস কৰিছিল।

কিন্তু কাৰ্য্যক্ষেত্ৰত প্ৰকৃত ছবিখনৰ স'তে প্ৰতিগৰাকী সচেতন নাগৰিক আজি পৰিচিত। তথাপি প্ৰচাৰ আৰু বিজ্ঞাপনৰ ৰাজনীতি চৰকাৰে কৰি গ’ল।মানুহৰ মনস্তাত্বিক দিশ এটা হ’ল যে যি কোনো বিষয়বস্তু এটাৰ গুণগত মানক প্ৰচাৰৰ দ্বাৰা বা বিজ্ঞাপনৰ দ্বাৰা বহুতো উচ্চ মানৰ বুলি বাৰে বাৰে পুনৰাবৃত্তি কৰি দেখুৱাই থাকিলে তাক সদাশয় ৰাইজে স্বীকৃতি দিয়ে।মোডী চৰকাৰে বিগত ৯টা বছৰে শাসনৰ নামত তাকে কৰি আহিছে।

ঢোল পিতাৰ প্ৰবৃত্তিক আকোঁৱালি লৈ ৰাইজক আভুৱাভাৰি আহিছে। প্ৰকৃত উন্নয়নৰ ছবিখন ঢাকিবলৈ কেৱল আৰু কেৱল বৃহৎ বৃহৎ প্ৰচাৰ-বিজ্ঞাপনৰ আশ্ৰয় লৈছে ৷ যদি উন্নয়ন হৈছে কেৱল ১০%, তাকে ঢাক-ঢোল বজাই ১০০% বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আহিছে। আৰু এচাম ৰাইজো সেই জালত পৰি অন্ধ হৈ পৰিছে ৷ যি কি নহওক, নৱ ভাৰত নিৰ্মাণৰ সপোন ২০২২ত দিঠক নহ’ল, সেয়া সলনি হৈ পুনৰাই ২০২৪ লৈ শ্লোগানবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ হ’ল।

এতিয়া পুনৰ মোডীয়ে দেশৰ ৰাষ্ট্ৰপতিজনাৰ মাধ্যমেৰে ২০৪৭ বৰ্ষলৈ দেশৰ দৰিদ্ৰতা সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ নতুন মাইলৰ খুঁটা পুতিছে ৷ ৰাইজে বাটকুৰি আৰু কিমান বাব, প্ৰশ্ন সেয়াহে ৷ নিজেই খেলুৱৈ হৈ নিজেই গ'লপ'ষ্ট সলনি কৰি কৰি দেশ শাসনৰ নামত সমগ্ৰ দেশৰ অৰ্থনীতি ধ্বংস কৰি এইখন চৰকাৰে দেশখনক কেৱল অনিশ্চিত ভৱিষ্যতৰ দিশেই ঠেলি দিয়া নাই, দেশৰ সাধাৰণ ৰাইজৰ প্ৰতিও চৰম প্ৰতাৰণা কৰি আহিছে৷ তাৰ মাজতে এচাম সুবিধাবাদীয়ে অন্ধভক্তিৰ ৰসত বুৰ যাব ধৰিছে।

মুঠতে পালন হওক নহওক, মোডী চৰকাৰে প্ৰতিশ্ৰুতিৰ যে কেৱল বন্যাহে বোৱাইছে সেয়া ধুৰুপ। সঁচা অৰ্থত ভালদিনলৈ বা অমৃতকাললৈ বুলি বাট চাই ৰ’লোঁ, যদিহে ২০৪৭লৈ অদেখাজনে জীয়াই ৰাখে।৷