বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা
(৯টা ধাৰাবাহিক খণ্ডত প্ৰতি দেওবাৰে প্ৰকাশ হ’বলগীয়া এই লিখনিটোৰ এয়া প্ৰথম খণ্ড।)


Image Description

প্ৰস্তাৱনা

(১)

বিদেশী ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ শাসনকে ধৰি বৃটিছ সাম্ৰাজ্যবাদে প্ৰায় ১২০ বছৰ কাল অসম ভূখণ্ড শাসন কৰিছিল । এই উপনিবেশীয় শাসনৰ কালছোৱাক বৃটিছ ভাৰতৰ পৰা নতুনকৈ সংলগ্ন অসম ভূখণ্ডলৈ প্ৰব্ৰজনক উৎসাহিত কৰাৰ ইতিহাস বুলি ক'লে ভুল কোৱা নহ’ব ।

ঔপনিৱেশিক সময়ছোৱাত প্ৰব্ৰজনৰ চাৰিটা মূলধাৰা লক্ষ্য কৰা গৈছে । এই চাৰিটা ধাৰাত অসমলৈ প্ৰব্ৰজন কৰা জনগোষ্ঠীকেইটা হৈছে যথাক্ৰমে আদিবাসী চাহ জনগোষ্ঠী, বঙ্গমূলীয় মুছলমান জনগোষ্ঠী, চুবুৰীয়া নেপালৰ নেপালী জনগোষ্ঠী, আৰু উত্তৰ ভাৰতীয় হিন্দীভাষী জনগোষ্ঠী । উক্ত চাৰিটা বিভিন্ন বৃত্তিধাৰী প্ৰব্ৰজনকাৰী জনগোষ্ঠীৰ ভিতৰত বঙ্গমূলীয়সকল অসমত বিশেষভাৱে চৰ্চিত জনগোষ্ঠী ।

ক'ম্পেনীৰ শাসনৰ একেবাৰে আৰম্ভণিৰ ধাৰা হিচাবে নহ’লেও ক'ম্পেনীৰ শাসনৰ অঙ্গ হিচাপে বঙ্গৰ প্ৰশাসন আৰু শিক্ষা ব্যৱস্থাৰ অভিজ্ঞতাসম্পন্ন শিক্ষিত মধ্যবিত্ত শ্ৰেণী এটাৰো অসমলৈ আগমন ঘটে । এওঁলোক জনগোষ্ঠী হিচাবে বাঙালী হিন্দু সম্প্ৰদায়ৰ । ৰাজহ, বিশেষকৈ ভূমি ৰাজহ সংগ্ৰহ, আধুনিক প্ৰশাসন, বাণিজ্যিক কৃষিৰ প্ৰৱৰ্তন, চাহ বাগান স্থাপন, খনিজ সম্পদসমূহৰ উদ্ঘাটন(লুণ্ঠন!), আধুনিক পৰিবহণ, অধিক খাদ্য উৎপাদন ইত্যাদি ধনতান্ত্ৰিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বৃটিছে ওপৰোক্ত প্ৰব্ৰজনসমূহ সংঘটিত কৰিছিল, সেয়া বিজ্ঞানসন্মতভাৱে ইতিহাস অধ্যয়ন কৰিলে সহজে বুজি পায়।

বিগত চল্লিছ বছৰৰ ওপৰকাল ধৰি অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱন বঙ্গমূলীয় অসমীয়া মুছলমানক কেন্দ্ৰ কৰি মুখ্যতঃ আৱৰ্তিত হৈ আহিছে । প্ৰথমতে বিদেশী বহিৰাগত, পাছত দিছপুৰৰ গাদী দখল কৰি মুখ্য মন্ত্ৰী হোৱাৰ ভীতি আৰু শেহতীয়াকৈ পূৰ্বৰ বাঙালী মূললৈ উভতি গৈ অসমত বাঙালী সংখ্যাগৰিষ্ঠতা সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ অংশীদাৰ হোৱাৰ অভিযোগ । প্ৰথমটো অভিযোগৰ দ্বাৰা অসমীয়া জনসাধাৰণৰ মাজত জনগোষ্ঠীটোৰ প্ৰতি বিদ্বেষ সৃষ্টি, দ্বিতীয় অভিযোগৰ দ্বাৰা অসমীয়া হিন্দুসমাজক ভীতিগ্ৰস্ত কৰি জাতিটোক ধৰ্মীয় মেৰুকৰণৰ দিশলৈ লৈ যোৱা আৰু শেহতীয়া অভিযোগৰ লক্ষ্য হৈছে অসমীয়া জাতীয়তাবাদী আৰু গণতান্ত্ৰিক শক্তিখিনিৰ মাজত বঙ্গমূলীয় মুছলমানৰ বিৰুদ্ধে সন্দেহৰ ভাব সৃষ্টি কৰি তেওঁলোকক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰি তোলা ।

এই সকলোখিনিৰ মূলতে আছে অসমীয়া জাতিক ধৰ্মীয় মেৰুকৰণৰ মাজেৰে অসমত এটা নিৰ্দিষ্ট ধৰ্মীয়-সামাজিক, ৰাজনৈতিক আদৰ্শৰ শক্তিশালী ভিত্তি গঢ়ি তোলা । উগ্ৰ সাম্প্ৰদায়িক শক্তিক প্ৰয়োজন এটা দুৰ্বল সংখ্যালঘু পক্ষ, যাক সংখ্যাগুৰুৰ সন্মুখত ভয়ঙ্কৰ দৈত্য ৰূপে থিয় কৰাব পৰা যায় । হিটলাৰৰ জাৰ্মানীত ইহুদীসকল আছিল এনে লক্ষ্যবস্তু । পাকিস্তান বাংলাদেশত হিন্দুসকলৰো একে ধৰণৰ অভিজ্ঞতা । ভাৰতত মুছলমানসকল বৰ্তমান এই অৱস্থাত উপনীত হৈছে । এয়াই হৈছে সংখ্যাগৰিষ্ঠতাবাদ (Majoritarianism) ।

২০২১ বৰ্ষটো অসমৰ বাবে বৰ গুৰুত্বপূৰ্ণ । এই বছৰতে অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। সংসদীয় নিৰ্বাচনবোৰ বৰ্তমান সময়ত আহুকলীয়া হৈ পৰিছে । জাতি-ভাষা-ধৰ্মৰ লগত সাঙুৰি ৰাজনৈতিক বিষয়বোৰক সংবেদনশীল কৰিবলৈ আৰম্ভ কৰাৰ বাবে এইবোৰৰ বিষবাষ্প সমাজত নিৰ্বাচনৰ পাছতো থাকি যায়। বিগত প্ৰায় বিছ বছৰৰ অসমৰ সমাজ জীৱনৰ বিভিন্ন সংঘাতবোৰ লক্ষ্য কৰিলে স্পষ্ট লক্ষ্য কৰা যায় যে অসমীয়া জাতি গঠন পৰ্ব অসমাপ্ত হৈ আছে আৰু বৰ্তমান ইয়াক অত্যন্ত জটিলতাৰ মাজলৈ ঠেলি পঠিওৱা হৈছে ।

কোনো কালে অনুভৱ নকৰা ধৰ্মীয় সাম্প্ৰদায়িক প্ৰশ্ন অসমীয়া জাতীয় সত্তাৰ লগত একাকাৰ কৰি ৰাজনীতিৰ জুইত হাত সেকিবলৈ লোৱাৰ পৰাই এই নতুন জটিলতাৰ সৃষ্টি হৈছে । ২০২১ৰ নিৰ্বাচনটো ই স্পষ্ট ৰূপত প্ৰকট হৈছে । অসমত সংখ্যাগৰিষ্ঠতাবাদৰ বলি হ’বলগীয়া হৈছে বঙ্গমূলীয় অসমীয়া মুছলমানসকল ।

আনহাতে, ২০২০ত কভিড ১৯ নোহোৱা হ’লে লোক গণনাৰ প্ৰাৰম্ভিক কাম সেই বছৰৰে এপ্ৰিলৰ পৰা আৰম্ভ হ’ল হয় আৰু বৰ্তমান বছৰত, অৰ্থাৎ ২০২১ত লোক গণনাৰ কাম পূৰ্ণ গতিত চলি থাকিল হয় । লোক গণনাৰ কাম আৰম্ভ হোৱাৰ লগে লগে অসমত অসমীয়াৰ ভাষিক সংখ্যাগৰিষ্ঠতাৰ বিষয়টো এইবাৰ অত্যন্ত সংবেদনশীল ৰূপত উত্থাপিত হোৱাৰ আশঙ্কা কৰা হৈছে । নাগৰিকত্ব পঞ্জীয়ন অদ্যাৱধীকৰণৰ সময়ৰ পৰা অসমীয়া জাতিৰ ধৰ্মীয় আৰু ভাষিক সংখ্যাগৰিষ্ঠতা ৰক্ষাৰ বিষয়টো বিভিন্নভাৱে উত্থাপিত হৈ আহিছে। ইয়াৰ পাছত নাগৰিকত্ব সংশোধনী আইনখনক কেন্দ্ৰ কৰি অসমৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আৰু ইয়াৰ উত্তেজনা এতিয়ালৈকে প্ৰশমিত হোৱা নাই ।

এনে ধৰণৰ উত্তেজনামূলক পৰিৱেশৰ মাজতেই ‘ছলো পাল্টাই’ শ্ল'গানৰ উদ্ভৱ আৰু মিঞা কবিতাৰ প্ৰসঙ্গ উত্থাপিত হয়। সেই সময়তে এক সুযোগসন্ধানী চক্ৰই উক্ত দুয়োটা প্ৰসঙ্গ টানি ২০২১ৰ লোক গণনাত অসমৰ বংগমূলীয় অসমীয়া মুছলমানসকলে অসমীয়া জাতিসত্তা ত্যাগ কৰিব আৰু পূৰ্বৰ বাঙালী জাতিসত্তালৈ উভতি যাব বুলি তেওঁলোকৰ বিৰুদ্ধে এক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছিল । ২০২১ৰ লোক গণনা আৰম্ভ কৰি শেষ কৰিব পাৰিলেহে এই আশঙ্কাবোৰৰ ছয়-নিছয় প্ৰতীয়মান হ’ব ।

‘চলো পাল্টাই’ৰ বৰ্তমানে নিৰুদ্দিষ্ট প্ৰবক্তা কেইগৰাকীৰ আহ্বানমৰ্মে বঙ্গমূলীয় অসমীয়া মুছলমানসকলে সঁচাকৈয়ে যদি তেওঁলোকৰ পূৰ্বৰ বাঙালী পৰিচয়লৈ উভতি যায়, তেনেহ’লে অসমত অসমীয়া ভাষাই অৰ্জন কৰা সংখ্যাগৰিষ্ঠ জাতিৰ মৰ্য্যাদা হেৰুৱাব লগিব আৰু বঙালী ভাষাই সংখ্যাগৰিষ্ঠতা লাভ কৰিব, সেয়া ধুৰূপ । ‘ছলো পাল্টাই’ৰ আহবানক অসমৰ বাঙালী সমাজে ইতিপূৰ্বে সম্পূৰ্ণৰূপে নাকচ কৰি অসমৰ সামগ্ৰিক জনজীৱনলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰিছে ।

একেদৰে মিঞা কবিতাৰ প্ৰসঙ্গই সৃষ্টি কৰা জুইৰ ধোঁৱা স্বয়ংক্ৰিয়ভাৱে নিৰ্বাপিত হৈছে । সামাজিক মাধ্যমত উপভাষা বা নিজস্ব দোৱানত সাহিত্য চৰ্চা কৰা বা মনৰ ভাব ব্যক্ত কৰা বৰ্তমানে দৈনন্দিন অভিজ্ঞতাত পৰিণত হৈছে ।

একাংশ সংকীৰ্ণ মনৰ লোকে আশঙ্কা প্ৰকাশ কৰিছে যে বঙ্গমূলীয় মুছলমানে অসমীয়া পৰিচয় ত্যাগ কৰাৰ সম্ভাৱনাই অধিক । এই ক্ষেত্ৰত তেওঁলোকৰ মনত যুক্তিতকৈ নিজৰ নিকট অতীতৰ কৃতকৰ্মই সৃষ্টি কৰিব পৰা পৰিণতিৰ আশঙ্কাইহে প্ৰৱলৰূপে ক্ৰিয়া কৰিছে । আচলতে তেওঁলোকৰ আশঙ্কাখিনি বিগত চল্লিছ বছৰে বঙ্গমূলীয় অসমীয়া মুছলমানৰ প্ৰতি প্ৰদৰ্শন কৰি অহা আচৰণৰ ফলত সৃষ্টি হোৱা আশঙ্কা বা অপৰাধবোধৰ প্ৰতিফলনহে বুলি ক'ব পাৰি । সম্পূৰ্ণ স্বতঃস্ফূৰ্তভাৱে অসমীয়া জাতিত আত্মবিলীন হোৱাৰ পিছতো জাতীয়তাবাদৰ মুখাপিন্ধা একাংশ ধৰ্মান্ধৰ আচৰণে সঁচাকৈয়ে অসমীয়া জাতিৰ বাবে সংকট সৃষ্টি কৰিছে ।

সঁচাকৈয়ে বঙ্গমূলীয় অসমীয়া মুছলমানসকল তেওঁলোকে বহু পূৰ্বে এৰি থৈ অহা জাতীয় পৰিচয় সত্তালৈ উভতি যাব নেকি ? বা উভতি যোৱাটো সম্ভৱনে ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি উভতি যাব বিচাৰিছোঁ বিগত দুশ বা তিনিশ বছৰৰ অবিভক্ত বঙ্গৰ ইতিহাসলৈ ।

(পৰৱৰ্তী অংশত: বঙ্গমূলীয় মুছলমানৰ জাতীয় চেতনা: ইতিহাসৰ বঙ্গ অধ্যায়)